নীলোৎপল বৰুৱা
নীলোৎপল বৰুৱা (ইংৰাজী: Nilutpal Baruah) এজন গল্পকাৰ, উপন্যাসিক, নাট সমালোচক, গীতিকাৰ, কবি আৰু তথ্য চিত্ৰ নিৰ্মাতা। 'গান্ধী ফাগ্লা', 'শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা' হৈছে তেওঁ লিখা দুখন গ্ৰন্থ। 'শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা' শীৰ্ষক গ্ৰন্থখনৰ বাবে তেওঁ ২০২০ বৰ্ষত অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল।[1]
নীলোৎপল বৰুৱা | |
---|---|
জন্ম | ২০ জানুৱাৰী, ১৯৮২ ধলাইবিল, শোণিতপুৰ |
পেচা | গল্পকাৰ, উপন্যাসিক, নাট সমালোচক, কবি আৰু তথ্যচিত্ৰ নিৰ্মাতা |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | ইংৰাজী স্নাতক |
সময় | ১৯৯৯-বৰ্তমান |
উল্লেখনীয় কৰ্মৰাজি | শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা গান্ধী ফাগ্লা পানীজাহাজত এজন জীৱন শিল্পী (তথ্যচিত্ৰ) |
উল্লেখযোগ্য বঁটা | অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা (২০২০ চন), মায়া প্ৰকাশনৰ 'মামনি ৰয়ছম গোস্বামী সোঁৱৰণী সাহিত্য বঁটা' |
দাম্পত্যসংগী | দেৱাশ্ৰী শৰ্মা |
পিতৃ-মাতৃ | পিতৃ - স্বৰ্গীয় বিৰিঞ্চি কুমাৰ বৰুৱা, মাতৃ - শ্ৰীমতী জিলি বৰুৱা |
জন্ম আৰু শিক্ষা
সম্পাদনা কৰকনীলোৎপল বৰুৱাৰ শোণিতপুৰ জিলাৰ ধলাইবিল অঞ্চলত ১৯৮২ চনৰ ২০ জানুৱাৰী তাৰিখে জন্ম হয়। পিতৃ অসম আন্দোলনৰ সংগ্ৰামী নেতা স্বৰ্গীয় বিৰিঞ্চি কুমাৰ বৰুৱা আৰু মাতৃ শ্ৰীমতী জিলি বৰুৱা।[2] নীলোৎপল বৰুৱাই ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভকৰে। সম্প্ৰতি তেওঁ এজন শিক্ষক হিচাপে কৰ্মৰত।
সাহিত্যিক জীৱন
সম্পাদনা কৰকনীলোৎপল বৰুৱাই সাহিত্যৰ জগতখনলৈ ভূমুকি মাৰিছিল ১৯৯৯ চনত প্ৰকাশিত 'বন্ধ্যা প্ৰহৰৰ কবিতা' শীৰ্ষক কবিতাৰ সংকলনখনৰ যোগেদি। এই কবিতা সংকলনখনৰ পাতনি লিখিছিল কবি সনন্ত তাঁতিয়ে। সমান্তৰালভাৱে তেওঁ সাদিন অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, অসমীয়া খবৰ আদি বিভিন্ন কাকত-আলোচনীত কবিতা আৰু নাটকৰ সমালোচনা নিয়মীয়াভাৱে লিখিবলৈ আৰম্ভ কৰে। সেই সময়চোৱাতে তেওঁ অসমৰ এখন মাহেকীয়া আলোচনী মায়াৰ প্ৰথম পৃষ্ঠাৰ কবিতাৰ শিতানটোৰ নিয়মীয়া কবি হিচাপে প্ৰায় দুবছৰ কবিতাৰ চৰ্চা কৰিছিল।
২০০৯ চনত নীলোৎপল বৰুৱাই 'অসমীয়া নাট্যচিন্তা' নামৰ এখন পষেকীয়া কাকতৰ সম্পাদনা কৰে।[3] এই পষেকীয়া কাকতখন আছিল অসমৰ প্ৰথমখন নাটক আৰু লোক-সংস্কৃতি বিষয়ক পষেকীয়া বাতৰি কাকত।[উদ্ধৃতিৰ প্ৰয়োজন] কাকতখনৰ মুখ্য সম্পাদক আছিল পংকজ জ্যোতি ভূঞা আৰু প্ৰকাশক আছিল ৰতন লহকৰ।
২০১৯ চনত নীলোৎপল বৰুৱাই 'শুক্ৰাচাৰ্য ৰাভা, যাত্ৰা আৰু মাত্ৰা' শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰে। গ্ৰন্থখনৰ প্ৰকাশক বাদুংদুপ্পা প্ৰকাশন। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ জীৱনৰ ওপৰত ভিত্তি কৰি নীলোৎপল বৰুৱাই এই গ্ৰন্থখন ৰচনা কৰিছিল। এই গ্ৰন্থখনৰ বাবে তেওঁ ২০২১ চনত অসম সাহিত্য সভাৰ সন্মানীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাও লাভ কৰিছিল।[2] ২০২১ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ Art and Aesthetic বিভাগৰ মুৰব্বী অধ্যাপক এইচ.এছ. শিৱপ্ৰকাশৰ পৌৰাহিত্যত এদল অনুবাদকে এই গ্ৰন্থখনক 'Sal Soul and Sukracharjya' শীৰ্ষকেৰে ইংৰাজীলৈ অনুবাদ কৰে আৰু পশ্চিমবংগৰ Beyond Greenroom Publicationয়ে এই গ্ৰন্থখন দেশজুৰি বিতৰণ কৰাৰ দায়িত্ব লৈছিল।[4]
২০২২ চনত নীলোৎপল বৰুৱাই ব্ৰিটিছ কাউন্সিলৰ দ্বাৰা অসমৰ দহজন গল্পকাৰক লৈ আয়োজন কৰা কৰ্মশালাত অংশগ্ৰহণ কৰে। সেই কৰ্মশালাতে লেখকৰ 'জোতা' শীৰ্ষক গল্পটো ৰশ্মি বৰুৱাই ইংৰাজীলৈ 'Boots' নামেৰে অনুবাদ কৰে আৰু সেই অনুবাদটো লণ্ডনৰ পৰা প্ৰকাশিত 'World without Boarders' শীৰ্ষক জাৰ্ণেলত প্ৰকাশৰ বাবে নিৰ্বাচিত কৰা হয়।[5]
২০২২ বৰ্ষত নীলোৎপল বৰুৱাই তেওঁৰ প্ৰথম গল্প সংকলন 'গান্ধী ফাগ্লা'ৰ প্ৰকাশ কৰে।[6] প্ৰকাশ পোৱাৰ পাছতেই সংকলনখনে পাঠক আৰু সমালোচকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। একাধিক বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি 'গান্ধী ফাগ্লা' গল্প সংকলনখন ২০২২ বৰ্ষৰ আটাইতকৈ সমাদৃত গল্প সংকলন হিচাপে পৰিগণিত হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
সাহিত্যকৰ্মৰ সমালোচনাত্মক মূল্যায়ন
সম্পাদনা কৰকঅসমৰ মহীৰূহ নাটকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ জীৱনৰ আধাৰত নীলোৎপল বৰুৱাই ৰচনা কৰা গ্ৰন্থ শুক্ৰাচাৰ্য ৰাভা, যাত্ৰা আৰু মাত্ৰা গ্ৰন্থখন জাতীয় সাহিত্যলৈ লেখকৰ এক উল্লেখযোগ্য অৱদান। অৱশ্যে এইখন গ্ৰন্থক শুক্ৰাচাৰ্য ৰাভাৰ গতানুগতিক জীৱনী বুলি কোৱাতকৈ তেওঁৰ চিন্তাৰ নিৰ্মিতিৰ খতিয়ান বুলিহে কোৱাটো উচিত হ'ব। লেখক নীলোৎপল বৰুৱাই নিজেই উল্লেখ কৰিছে, "গ্ৰন্থখন শুক্ৰাচাৰ্য ৰাভাৰ জীৱনী গ্ৰন্থ নহয়। ইয়াত তেখেতৰ চিন্তাপ্ৰক্ৰিয়াটোকহে লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে।" [7] ড° হীৰেন গোহাঁইয়ে গ্ৰন্থখনৰ আলোচনা কৰি উল্লেখ কৰিছে, "কিতাপখন পঢ়ি আশ্বস্ত হ'লোঁ নব্যউদাৰ অৰ্থনীতিৰ মৰুময় বতাহে সকলো নবীন সৃজনীপ্ৰতিভাকে দহি মাৰিব পৰা নাই।" [8] লুকীমণি বৰুৱা ভূঞাই গ্ৰন্থখনৰ আলোচনা কৰি উল্লেখ কৰিছে এইদৰে, "শুক্ৰাচাৰ্য ৰাভাঃ যাত্ৰা আৰু মাত্ৰা গ্ৰন্থখন ৰচনা কৰা হৈছে প্ৰথম পুৰুষত। লেখকে জনোৱা মতে, প্ৰথম অৱস্থাত অৰ্থাৎ গ্ৰন্থখন পৰিকল্পনাৰ সময়ত শুক্ৰাচাৰ্য ৰাভাৰ লগত কৰা আলোচনামৰ্মে তৃতীয় পুৰুষত ৰচনা কৰাৰ কথা আছিল। কিন্তু তেওঁৰ আকস্মিক মৃত্যুৰ পাছত বৰ্ণনাশৈলী সলনি কৰি কথনটো প্ৰথম পুৰুষলৈ অনা হ'ল। এয়া লেখকৰ সবল পদক্ষেপ বুলি ক'ব পাৰি।" [7] এই গ্ৰন্থখনৰ ভাষা উপন্যাস শৈলীৰ আৰু গ্ৰন্থখনৰ মূল উদ্দেশ্য হৈছে শুক্ৰাচাৰ্য ৰাভাৰ থিয়েটাৰী দৰ্শনক সকলোৰে মাজলৈ লৈ যোৱা। অতুল মজুমদাৰে মন্তব্য কৰিছে, "আৱাহন, আয়োজন, আৰোহণ নামৰ তিনিটা ঘাই অধ্যায়ত বিভক্ত গ্ৰন্থখনত শুক্ৰাচাৰ্যৰ জীৱন পৰিক্ৰমা (নাট্য) উপন্যাস লেখন পদ্ধতিৰে আগবঢ়াই নিয়া হৈছে যদিও লেখকে নাট্য গুণাকৰগৰাকীৰ থিয়েটাৰী জীৱন-দৰ্শনৰ উত্তৰণ প্ৰাথমিক স্তৰৰপৰা পৰিকল্পিতভাৱে আগবঢ়াই নিছে।" [9]
ক'ভিদ মহামাৰীৰ সময়চোৱাৰ পৰাই নীলোৎপল বৰুৱাই গল্প লিখিবলৈ আৰম্ভ কৰিছিল। সেই গল্পসমূহক পাঠকে আদৰি লোৱাৰ পাছত নীলোৎপল বৰুৱাই অন্যযুগ আলোচনীৰ বাবে প্ৰায় নিয়মীয়াকৈ গল্প লিখিবলৈ আৰম্ভ কৰে। তেওঁ গল্পসমূহত যথেষ্ট নতুন সম্পৰীক্ষা কৰে আৰু এই নতুন সম্পৰীক্ষাসমূহে তেওঁৰ গল্পক জনপ্ৰিয় কৰি তোলে। এইসম্পৰ্কে নিকু দুৱৰাই উল্লেখ কৰিছে, "ভাষাৰ ভাঙোন যিদৰে হৈছে, ঠিক একেদৰে কিন্তু সংগতিহীনতা (Metafiction?)ৰ আওঁতালৈও অহা নাই। এইক্ষেত্ৰত গল্পটোৰ প্ৰতিটো শাৰীতেই এক সুবিন্যস্ত গাঁথনি আৰু যোগসূত্ৰ দেখা যায়।" [10] নীলোৎপল বৰুৱাৰ গল্পৰ শৈলীটোৰ সম্পৰ্কে পৰী হিলৈদাৰীয়ে অতি তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰিছে এইদৰে, "চুটি চুটি বাক্যগাঁথনি, বাক্যবোৰৰ মাজত থকা দীঘলীয়া ব্যৱধান, এটা প্ৰসংগৰ দৃশ্যধৰ্মী বৰ্ণনাৰ পৰা তাৰ পাছৰ বৰ্ণনাই মানি চলা স্থানগত দূৰত্বই নীলোৎপল বৰুৱাৰ গল্পবোৰক দিয়া গাঁথনিকেন্দ্ৰিক বিশেষত্ব কেৱল কৌশলগত নহয়, কিয়নো উক্ত ব্যৱধান আৰু দূৰত্ববোৰে আমাৰ মন-মগজুকো খুব সতৰ্কতাৰে বৰ্ণনাৰ সাঁকোডালত আগবাঢ়ি যাবলৈ সকীয়াই দিয়ে। সেই ব্যৱধানবোৰত আমি গল্পটোৰ Sub text/ অধিপাঠৰ সৈতে মুখামুখি হোৱাৰ সুবিধা লাভ কৰোঁ।" [11]
নীলোৎপল বৰুৱাৰ গল্প আৰু সংকলন গান্ধী ফাগ্লাৰ সম্পৰ্কে ড° গীতাশ্ৰী তামোলীৰ মতামতো উল্লেখযোগ্যঃ "নীলোৎপল বৰুৱাৰ কাহিনীৰ প্ৰবেশ-প্ৰস্থানৰ ৰূপৰেখা এনে সুস্পষ্ট নহয়। তলাতল ঘৰৰ দৰে বাট, দুৱাৰৰ পাছত দুৱাৰ, মেলা দুৱাৰ আৰু জাপ দুৱাৰো।" [12] কল্পজ্যোতি ৰায়ে গান্ধী ফাগ্লাৰ সম্পৰ্কে সাতসৰী (আলোচনী)ত মন্তব্য কৰিছে এইদৰে, "কেবাটাও কাৰণত প্ৰথম সংকলনটোৰ যোগেদিয়েই গল্পকাৰ বৰুৱা এই সময়ৰ এগৰাকী অতি সম্ভাৱনাময় গল্পকাৰ হিচাপে চিহ্নিত হ'বৰ যোগ্য। এক, বিস্তৃত অধ্যয়নৰ মাজেদি গল্পৰ মাজত ফুটি উঠা বিষয়বস্তুৰ বিশাল ব্যাপ্তি। তাৰ ভিতৰত প্ৰথমতেই আহি পৰে ৰাজনীতি-সমাজনীতিৰ কেতবোৰ প্ৰসংগৰ সাহিত্যিক উপস্থাপন। সমান্তৰালভাৱে অৰ্থনীতি, ধৰ্ম, সংস্কৃতি, পাৰ্থিৱ কেতবোৰ বিষয়বস্তুৰ মাজেৰে তেওঁ গতি কৰে বিষয়ৰ পৰা বিষয়ান্তৰলৈ। দুই, বিষয়ৰ ব্যাপ্তিয়ে তেওঁৰ গল্পক প্ৰদান কৰিছে এক অনন্য গভীৰতা আৰু মননশীলতা। তিনি, গল্পকথনৰ মাজেৰে তেওঁ পঢ়ুৱৈক এনেকুৱা এটা যাত্ৰাৰ অভিন্ন সহযাত্ৰী হ'বলৈ বাধ্য কৰাইছে, ভাষা য'ত এখন বিলাসী বাহন আৰু গল্পকাৰ তাৰ অভিজ্ঞ চালক।" [13]
অনান্য বৰঙণি
সম্পাদনা কৰকনীলোৎপল বৰুৱাই সাতখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য দুখন তথ্যচিত্ৰ হৈছে আদ্য শৰ্মাৰ জীৱনভিত্তিক তথ্যচিত্ৰ পানীজাহাজত এজন জীৱন শিল্পী আৰু ধৰণী বৰ্মনৰ জীৱনভিত্তিক তথ্যচিত্ৰ কিম্বদন্তীৰ গোলাম কাদেৰ। সেইদৰে গীতিকাৰ হিচাপেও নীলোৎপল বৰুৱাই তিনিকুৰিৰ অধিক গীত ৰচনা কৰিছে। এই গীতসমূহ নৱপ্ৰজন্মৰ উদীয়মান সংগীত শিল্পীসকলৰ কণ্ঠত প্ৰকাশ কৰা হৈছিল।[14]
বঁটা আৰু সন্মান
সম্পাদনা কৰকনীলোৎপল বৰুৱাই লাভ কৰা বিভিন্ন বঁটাৰ তালিকা তলত উল্লেখ কৰা হৈছেঃ
- ২০১২ চনত ইন্দ্ৰপ্ৰস্থত প্ৰিয়দৰ্শিনী শীৰ্ষক উপন্যাসৰ পাণ্ডুলিপিৰ বাবে মায়া প্ৰকাশনৰ মামনি ৰয়ছম গোস্বামী সোঁৱৰণী সাহিত্য বঁটা লাভ কৰে।[3]
- ২০২০ চনত শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা শীৰ্ষক গ্ৰন্থখনৰ বাবে অসম সাহিত্য সভাৰ সন্মানীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে।[1]
- ২০২১ চনত শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা গ্ৰন্থৰ বাবে অসম সাহিত্য চৰ্চা কেন্দ্ৰৰ সন্মানীয় সাহিত্য বঁটা ২০২১ লাভ কৰে।[15]
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 ষ্টাফ ৰিপৰ্টাৰ (২০২০, ২৪ জানুৱাৰী). অসম সাহিত্য সভাৰ এলানি বঁটা ঘোষণা অনুভৱ তুলসী. ড° অপূৰ্ব শইকীয়ালৈ অসম কেশৰী বঁটা, নিয়মীয়া বাৰ্তা, পৃষ্ঠাঃ ১৭
- ↑ 2.0 2.1 কলিতা, মিংকু (২০২৩). শকুন্তলাৰ সৌন্দৰ্যৰে সৌন্দৰ্যশালী এখন স্মৃতিগ্ৰন্থ 'টুপীয়া', নতুন স্বদেশ, ২৬ মে, ২০২৩, পৃষ্ঠাঃ ৫
- ↑ 3.0 3.1 https://wordswithoutborders.org/contributors/view/nilutpal-baruah/
- ↑ https://alkazifoundation.org/alkazi-theatre-archives-204/
- ↑ https://wordswithoutborders.org/read/article/2023-01/boots-nilutpal-baruah-rashmi-baruah/
- ↑ https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/story-collection-of-nilutpal-baruah-gandhi-fagla-released/assam20221204183420137137817
- ↑ 7.0 7.1 ভূঞা, লুকীমণি বৰুৱা (২০১৯). শুক্ৰাচাৰ্যঃ নাটকীয় সম্পৰীক্ষাৰ পৰা জীৱন-বীক্ষণলৈ, সাতসৰী, জুন, ২০১৯, পৃষ্ঠাঃ ১২০
- ↑ গোহাঁই, হীৰেন (২০১৯). এজন আধুনিক ঋষি আৰু অন্যান্য লেখক, আমাৰ অসম, ২০১৯
- ↑ মজুমদাৰ, অতুল (২০১৯). শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা, দৈনিক অসম, জানুৱাৰী ২৫, ২০১৯
- ↑ দুৱৰা, নিকু (২০২১). ভোগকচু ভকেবুলাৰীঃ এক আলোচনা, অন্যযুগ, অগষ্ট, ২০২১, URL: https://www.anyayug.com/p/pathakar-sora-august-2021.html
- ↑ হিলৈদাৰী, পৰী (২০২২). নতুন গল্পকাৰৰ গল্প, সাতসৰী, এপ্ৰিল, ২০২২, পৃষ্ঠাঃ ৫৫-৫৬
- ↑ https://m.facebook.com/story.php?story_fbid=133573572916688&id=100087921382833&mibextid=Nif5oz
- ↑ ৰায়, কল্পজ্যোতি (২০২৩). বিষয়বস্তু, ব্যাপ্তি আৰু গল্পপঠনৰ অনন্য অভিজ্ঞতা, সাতসৰী, জানুৱাৰী, ২০২৩, পৃষ্ঠাঃ ৪২
- ↑ https://www.jiosaavn.com/artist/nilutpal-baruah-songs/vqxDhfi1Jqs_
- ↑ https://www.dainandinbartagroup.in/sahitya-puraskar-to-jamugurihat-writer-nilotpal-baruah-in-the-book-shukraacharya-rava-yatra-and-maatya/