পুলাপাকা সুশীলা (ইংৰাজী: Pulapaka Susheela ; জন্ম: ১৩ নৱেম্বৰ ১৯৩৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী; যাৰ জনপ্ৰিয় নাম পি. সুশীলা। বিভিন্ন ভাৰতীয় ভাষাত অভিলেখ সংখ্যক গীত পৰিবেশন কৰাৰ বাবে তেওঁক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ লগতে এছিয়া বুক অৱ ৰেকৰ্ডছৰ পৰাও স্বীকৃতি দিয়া হৈছে।[1] ইয়াৰ উপৰিও তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু বহুতো ৰাজ্যিক বঁটা লাভ কৰিছে।[2] সুশীলাক দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত নাৰীবাদক পৰিভাষিত[4] কৰা কণ্ঠশিল্পী হিচাপে বহুলভাৱে প্ৰশংসা কৰা হয়। দক্ষিণ ভাৰতীয় ভাষাত বিশিষ্ট মধুৰ কণ্ঠেৰে পৰিবেশিত ৪০,০০০ৰো অধিক চলচ্চিত্ৰীয় গীতৰ[3] বাবে তেওঁ বাবে সুপৰিচিত।[4]

পি. সুশীলা

২০১৪ চনত সুশীলা
জন্ম পুলাপাকা সুশীলা
১৩ নৱেম্বৰ, ১৯৩৫ (৮৯ বছৰ)
বিজিয়ানগৰম (বৰ্তমান অন্ধ্ৰপ্ৰদেশত)
অন্য নাম গানা কোকিলা
গানা সৰস্বতী
মেল'ডী কুইন
গন্ধৰ্ব গায়কী
শিক্ষানুষ্ঠান অন্ধ্ৰ বিশ্ববিদ্যালয়
পেচা
  • কণ্ঠশিল্পী
  • সংগীতজ্ঞ
সক্ৰিয় হৈ থকা সময় ১৯৪০-বৰ্তমানলৈ
জনা যায়
দাম্পত্যসঙ্গী মোহন ৰাও (বি. ১৯৫৭; মৃ. ১৯৯০)
সন্তান
সাংগীতিক কেৰিয়াৰ
বাদ্যযন্ত্ৰ কণ্ঠ, বীনা
ৱেবছাইট
psusheela.org

তামিল ছবি উয়াৰন্ধা মণিধনপাল পোলাভে শীৰ্ষক[5] গীতটোত ১৯৬৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ১৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[6] এই বঁটা লাভ কৰা তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী। তেওঁক এনে এগৰাকী সমৃদ্ধ কণ্ঠশিল্পী হিচাপেও গণ্য কৰা হয়, যাৰ শব্দৰ উচ্চাৰণ তেওঁ গোৱা যিকোনো ভাষাতে অতি স্পষ্ট আৰু নিখুঁত।[7] ছয় দশকৰো অধিক সময়ৰ কৰ্মজীৱনত তেলেগু, তামিল, কানাড়া, মালয়ালম, হিন্দী, বাংলা, উড়িয়া, সংস্কৃত, তুলু আৰু বদাগাকে ধৰি বিভিন্ন ভাৰতীয় ভাষাত প্ৰায় ৭১,৮৩৫টা গীত বাণীবদ্ধ কৰিছে। তেওঁ সিংহলী ছবিৰ বাবেও গীত গাইছে। সুশীলাৰ মাতৃভাষা তেলেগু যদিও সাৱলীলভাৱে তামিল ক’ব পাৰে; লগতে অলপ হিন্দী, মালয়ালম আৰু কানাড়া ভাষাও ক’ব পাৰে।

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

অন্ধ্ৰপ্ৰদেশৰ বিজিয়ানগৰম আগশাৰীৰ অধিবক্তা পুলাপাকা মুকুন্দ ৰাওৰ কন্যা আছিল সুশীলা। ডাঃ মোহন ৰাওৰ সৈতে তেওঁৰ বিবাহ হৈছিল; ১৯৯০ চনত স্বামীৰ মৃত্যু হৈছিল। তেওঁলোকৰ জয়কৃষ্ণ নামৰ এজন পুত্ৰ আছে। পিছলৈ বোৱাৰী হোৱা তেওঁৰ ভতিজী সন্ধ্যা জয়কৃষ্ণৰ ইৰুভাৰএ আৰ ৰহমানৰ সৈতে অভিষেক হৈছিল। আৰু তেওঁৰ দুগৰাকী নাতিনীয়েক আছে। তাৰ ভিতৰত এগৰাকী হৈছে শুবাশ্ৰী আৰু তেওঁ সংগীত পৰিচালক থামান এছৰ মুখ্য গীটাৰবাদক।

বঁটা আৰু সন্মান

সম্পাদনা কৰক

অসামৰিক আৰু ৰাজ্যিক সন্মান

সম্পাদনা কৰক

১৯৯১: কলাইমামনি (তামিলনাডু চৰকাৰ)
২০০৪: ৰঘূপতি ভেংকয়া বঁটা (অন্ধ্ৰপ্ৰদেশ চৰকাৰ)
২০০৪: গানা সৰস্বতী (কৰ্ণাটক চৰকাৰ)
২০০৮: পদ্মভূষণ
২০১৯: জে জয়ললিতা বিশেষ কলাইমণি বঁটা (তামিলনাডু চৰকাৰ)

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

সম্পাদনা কৰক

তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ মুঠ পাঁচটা বঁটা লাভ কৰিছে।
১৯৬৯: উয়াৰান্ধা মণিথান (তামিল)
১৯৭১: সৱালে সমলি (তামিল)
১৯৭৮: সিৰি সিৰি মুব্বা (তেলেগু)
১৯৮২: মেঘসন্দেশম (তেলেগু)
১৯৮৩: এম.এল.এ. এডু কোন্দালু (তেলেগু)


বাহ্যিক সংযোগ

সম্পাদনা কৰক