পূৰ্ণকান্ত বুঢ়াগোহাঞি

পূৰ্ণকান্ত বুঢ়াগোহাঞি (ইংৰাজী: Purna Kanta Buragohain; ১৮৯০- ১৯৫৮) তাই আহোম জাতিৰ আদি বুৰঞ্জীৰ এজন নীৰৱ সাধক আছিল । ১৯৩৩ চনৰ পৰা ১৯৪২ চনলৈকে সুদীৰ্ঘ ন বছৰ কাল ম্যানমাৰ, থাইলেণ্ড আৰু চীন দেশত থাকি বিভিন্ন অঞ্চল ভ্ৰমণ কৰি তাই জাতিৰ আদি বাসস্থান, শাসন নীতি, ৰাজ্য বিস্তাৰ, ধৰ্ম আৰু কৃষ্টি সম্পৰ্কে অধ্যয়ন কৰিছিল । বহুদিন ধৰি বিদেশত থকা বাবে তেওঁ "ফকীৰ" আৰু পিছলৈ "বাবাজী গোঁহাই" নামেৰে পৰিচিত হৈছিল ।[1]

পূৰ্ণকান্ত বুঢ়াগোহাঞি
জন্ম ১৮৯০, ১০ ফেব্ৰুৱাৰী
পীড়াকটা গোঁহাই গাঁও, যোৰহাট
মৃত্যু ১৯৫৮, ৩১ মাৰ্চ
ধেমেচী, ডিব্ৰুগড়
পেচা প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
সময় ১৮৯০-১৯৫৮
উল্লেখনীয় কৰ্মৰাজি পাত্‌কাইৰ সিপাৰে ন বছৰ (গ্ৰন্থ)

চমু জীৱনী

সম্পাদনা কৰক

পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ ১৮৯০ চনৰ ১০ ফেব্ৰুৱাৰীত যোৰহাটত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম সোৰোপা বুঢ়াগোহাঞি আছিল । তেখেতৰ বিশেষ আনুষ্ঠানিক শিক্ষা নাছিল যদিও ইংৰাজী আৰু বঙালী ভাষাও সুন্দৰকৈ কব আৰু লিখিব পাৰিছিল । তাই শ্ব্যান ভাষাতো তেখেতৰ যথেষ্ট ব্যুৎপত্তি আছিল । ১৯৩০ চনত তেওঁ যোৰহাটৰ পৰা ডিব্ৰুগড় জিলামৰাণৰ ভিতৰুৱা অঞ্চলত নিগাজিকৈ থাকিবলৈ লয় । ১৯৩৩ চনৰ ১ এপ্ৰিলৰ দিনা তেখেতে যোৰহাট হৈ মণিপুৰেদি বৰ্মালৈ গমন কৰে । তাত তেওঁ ন বছৰ কাল থাকি বৰ্মা, শ্ব্যান আৰু চীন দেশয়ুন্নান প্ৰদেশ ভ্ৰমণ কৰি তাই জাতিৰ বিষয়ে বহুতো মূল্যবান তথ্য সংগ্ৰহ কৰে । ১৯৪৬ চনত তেওঁ "অহমৰ আদি বুৰঞ্জী" নামৰ পুথিখন প্ৰকাশ কৰে । ১৯৫৮ চনৰ ৩১ মাৰ্চত পূৰ্ণকান্ত বুঢ়াগোহাঞিদেৱৰ দেহাৱসান ঘটে । ১৯৫৯ চনৰ সদৌ অসম সাহিত্য সভাৰ নগাওঁ অধিবেশনত তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰা হৈছিল ।[2]

সাহিত্যিক অৱদান

সম্পাদনা কৰক
প্ৰবন্ধ
  • অহমৰ আদি বুৰঞ্জী
  • সচিত্ৰ ব্ৰহ্মদেশ ভ্ৰমণ
  • বৰ্মদেশ অভিমুখে ডিমাপুৰত
  • ইন্দাগাই হ্ৰদঃ হ্ৰদৰ পূজা
  • পুনৰ বৰ্মদেশ বুলি মণিপুৰ অভিমুখে
  • মান্দালয়ত অসমীয়া গাঁও
  • দক্ষিণ শ্ব্যান দেশঃ তাই শ্ব্যানৰ প্ৰাণকেন্দ্ৰ তোংজিত
  • তাই জাতিৰ ৰাজনীতি আৰু ধৰ্মনীতি
  • ভগনীয়াৰ দিন পঞ্জীকা

বুঢ়াগোহাঞিয়ে ম্যানমাৰত কটোৱা ন বছৰৰ অভিজ্ঞতাৰে লিখা পাত্‌কাইৰ সিপাৰে ন বছৰ গ্ৰন্থখন ১৯৯৩ চনত প্ৰকাশ পায়। এইখনে তেওঁক অসমীয়া সাহিত্যত অনন্য পৰিচিতি প্ৰদান কৰে।[3]

  • পূৰ্ণকান্ত বুঢ়াগোহাঞিদেৱ আহোম সভাৰ সক্ৰিয় সভ্য আছিল ।[4]
  • তেখেত ডিব্ৰুগড় জৰ্জকৰ্টৰ জুৰিৰ সভ্য আছিল ।[5]


তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
  2. গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
  3. গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
  4. গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ২৩
  5. গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ২৩