প্ৰদ্যুত বৰা
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
প্ৰদ্যুত বৰা (ইংৰাজী: Prodyut Bora; জন্ম ১০ এপ্ৰিল, ১৯৭৪) এজন ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজকৰ্মী। তেওঁ ২০১৫ চনলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য আছিল।[2] তেওঁ ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত বিজেপিদলৰ শীৰ্ষ নেতৃত্বৰ লগতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ আনে যে দল অনুশাসন হীন ভাবে চলি আছে আৰু সেয়ে বি জে পি পদত্যাগ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] সেই বছৰৰে মাৰ্চ মাহত তেওঁ “লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টী” নামেৰে এটা ৰাজনৈতিক দল গঠন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
প্ৰদ্যুত বৰা | |
---|---|
জন্ম | ১০ এপ্ৰিল, ১৯৭৪ (৫০ বছৰ) যোৰহাট, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টী (২০০৪-২০১৫) লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টী (২০১৫-বৰ্তমান)[1] |
পিতৃ-মাতৃ | লক্ষ্মী কান্ত বৰা লক্ষ্মী প্ৰভা বৰা |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰক১৯৭৪ চনৰ ১০ এপ্ৰিল তাৰিখে অসমৰ যোৰহাট জিলাত প্ৰদ্যুত বৰাৰ জন্ম হয়। তেওঁৰ মাতৃ লক্ষ্মী প্ৰভা বৰা এগৰাকী স্কুল শিক্ষয়েত্ৰী আৰু পিতৃ লক্ষ্মী কান্ত বৰা এগৰাকী চৰকাৰী হিচাপৰক্ষক আছিল।
যোৰহাটৰ কাৰ্মেল স্কুল আৰু উত্তৰ লখিমপুৰৰ চেইণ্ট মেৰীজ স্কুলৰ পৰা বৰাই প্ৰাথমিক শিক্ষা সাং কৰি ডেহৰাডুনৰ ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটেৰী কলেজ, নয়ডাৰ দিল্লী পাব্লিক স্কুল আৰু দিল্লীৰ চেইণ্ট ষ্টিফেন কলেজত অধ্যয়ন কৰিছিল। দিল্লীৰ পৰা তেওঁ ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদত যোগদান কৰে। ২০১২ চনত বৰাই লণ্ডন স্কুল অফ ইক'নমিক্সৰ পৰা চেভেনিং গুৰুকুল জলপানি (ইংৰাজী: Chevening Gurukul Scholarship) আৰু ২০১৩ চনত য়েল বিশ্ববিদ্যালয়ৰ পৰা য়েল ৱৰ্ল্ড ফেল' লাভ কৰে।
ৰাজনৈতিক জীৱন
সম্পাদনা কৰক২০০৪ চনত বৰাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি ৰাজনৈতিক জীৱনৰ পাতনি মেলে।
ৰাজ্যিক মুখ্য সম্পাদক (২০১০-২০১২)
সম্পাদনা কৰক২০১০ চনৰ জানুৱাৰী মাহত বৰাই ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাৰ ৰাজ্যিক মুখ্য সম্পাদকৰ পদ গ্ৰহণ কৰে। তেখেতে ২০১১ চনৰ অসম বিধানসভাৰ ইলেকচনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্ব্ব্বিতা আগবঢ়াই আৰু পৰাজিত হয়।
ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য(২০১৩-২০১৫)
সম্পাদনা কৰক২০১৩ চনৰ এপ্ৰিল মাহত বৰাই বি.জে.পি.ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতিৰ সদস্যত আছিল। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত বৰাই এই সদস্য পদ ত্যাগ কৰে।
উল্লেখযোগ্য বঁটা/কৃতিত্ব
সম্পাদনা কৰক- ২০১৩ চনত য়েল বিশ্ববিদ্যালয়ৰ পৰা য়েল ৱৰ্ল্ড ফেল'
- ২০১২ চনত যুক্তৰাজ্যৰ বিদেশ আৰু কমনৱেলথ কাৰ্যালয়ৰ পৰা চেভেনিং গুৰুকুল জলপানি
- ২০১০ চনত এছিয়া ছ'চাইটিৰ দ্বাৰা আয়োজিত এছিয়াৰ ২১ গৰাকী যুৱ নেতাৰ বাবে মনোনীত
- ২০১০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইটালী পৰিষদে ইটালীৰ গেনৱা চহৰত আয়োজিত যুৱ নেতাৰ কণফাৰেন্সলৈ আমন্ত্ৰণ
- ২০০৮ চনত চিআইঅ' আলোচনীৰ ভাৰতৰ শ্ৰেষ্ঠ ১০০ গৰাকী চিআইঅ' তালিকাত নিৰ্বাচিত
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "BJP leader Prodyut Bora quits party, blames PM Modi for his functioning style". The Indian Express Thursday, May 28, 2020. Samudra Gupta Kashyap. February 19, 2015 9:51:09 am. https://indianexpress.com/article/india/politics/bjp-national-executive-member-quits-says-narendra-modi-damaged-democratic-tradition-amit-shah-arrogant/.
- ↑ Kashyap, Samudra Gupta (19 February 2015). "BJP leader Prodyut Bora quits party, blames PM Modi for his functioning style". The Indian Express. https://indianexpress.com/article/india/politics/bjp-national-executive-member-quits-says-narendra-modi-damaged-democratic-tradition-amit-shah-arrogant/। আহৰণ কৰা হৈছে: 5 October 2018.