প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম

প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম,[1] আদিম বৌদ্ধ ধৰ্ম[2][3] বা মূল বৌদ্ধ ধৰ্ম[4][5] হ'ল বৌদ্ধ ধৰ্মৰ সেই ৰূপ যি এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ত বিভক্ত হোৱাৰ পূৰ্বে অস্তিত্বত থকা বুলি ভবা হয়।[6]


বৌদ্ধ ধৰ্ম


ইতিহাস

বৌদ্ধ ধৰ্মৰ সন্মিলন

মুখ্য চৰিত্ৰবোৰ

গৌতম বুদ্ধ
শিষ্যগণ

বিশ্বাস আৰু অনুশীলন

চতুৰাৰ্থ সত্য
অষ্টাঙ্গিক মাৰ্গ
প্ৰতীত্যসমুৎপাদ
সংসাৰপৰিনিৰ্বাণ
স্কন্ধ
কৰ্মজন্মান্তৰ

ধৰ্মচৰ্চা আৰু বোধিলাভ

দেশানুসাৰে বৌদ্ধধৰ্ম আৰু অঞ্চলসমূহ

বৌদ্ধধৰ্মৰ শাখাসমূহ

থেৰবাদমহাযান
বজ্ৰযান

ধৰ্মগ্ৰন্থ

ত্ৰিপিটকজাতক

অন্যান্য বিষয়সমূহ

তুলনামূলক পাঠ
সাংস্কৃতিক উপাদান

গ্ৰেক'-বৌদ্ধ ধৰণৰ মূৰ্তিত বুদ্ধত্ব লাভৰ পূৰ্বে সিদ্ধাৰ্থ গৌতমে কৰা কঠোৰ উপবাস। খ্ৰীষ্টওপূৰ্ব ৩০০ৰ পৰা ১০০ৰ গান্ধাৰৰ মূৰ্তি, বৰ্তমানে পাকিস্তানলাহোৰ সংগ্ৰহালয়।

এই ৰূপৰ বাণী আৰু শিক্ষা এনে আদিম বৌদ্ধ লেখসমূহৰ সহায়ত অনুমান আৰু পুনৰ্নিৰ্মাণ কৰা হয়, যি নিজেই সাম্প্ৰদায়িক।[quote 1][quote 2][quote 2]

বৌদ্ধ ধৰ্মৰ এই ৰূপৰ কেইবাটাও নাম ব্যৱহাৰত আছে:

  • প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম[1]
  • আদিম বৌদ্ধ ধৰ্ম[3][2]
  • মূল বৌদ্ধ ধৰ্ম[4][note 1]
  • বুদ্ধৰ নিজৰ বৌদ্ধ ধৰ্ম[note 1][note 2]
  • ধৰ্মানুশাসনৰ পূৰ্বৰ বৌদ্ধ ধৰ্ম[7]

আদি।

কোনো কোনো বিশেষজ্ঞই এই অৱস্থাৰ পাছৰ পুৰণি বৌদ্ধ ধৰ্মৰ পৰম্পৰাসমূহক সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম আখ্যা দিয়ে।[2][3]

 
গৌতম বুদ্ধ জীৱিত থাকোতে ভাৰতসিন্ধু-গংগা অঞ্চলত ১৬ শক্তিশালী মহাজনপদ আছিল। তদুপৰি, অনেক সৰু সৰু ৰাজ্য আছিল।

প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্মই বৌদ্ধ ধৰ্মৰ আতাইতকৈ পুৰণি ৰূপ সূচায়: যি গৌতম বুদ্ধই নিজেই বিশ্বাস কৰিছিল আৰু যাৰ মতে কৰ্ম কৰিছিল। ই সম্ভৱতঃ বুদ্ধৰ পৰিনিৰ্বাণৰ এশ বছৰ পাছলৈকে অস্তিত্বত আছিল।[8] তাৰ পাছতেই সংঘৰ প্ৰথম নথিভুক্ত বিভাজন ঘটিছিল।[8]

তত্ত্বগত স্থিৰতাৰ দাবীৰ বিপৰীতে, মূল বৌদ্ধ ধৰ্ম খুব সম্ভৱ এটি গতিশীল আন্দোলন আছিল।[9] ই সম্ভৱতঃ আন আন শ্ৰমণিক চিন্তাধাৰাকো নিজত মিলাই লৈছিল।[10][10] বৈদিক আৰু জৈন ধাৰণা তথা প্ৰথায়ো সম্ভৱতঃ বৌদ্ধ ধৰ্মত প্ৰভাৱ বিস্তাৰ কৰিছিল।[11][11][11][12]

গড়িষ্ঠসংখ্যক গৱেষকৰ মতে বৌদ্ধ ধৰ্মৰ প্ৰথম বিভাজন ঘটিছিল দ্বিতীয় আৰু তৃতীয় বৌদ্ধ পৰিষদৰ মাজৰ সময়ত।[13] এই বিভাজনৰ পাছৰ প্ৰথম সম্প্ৰদায় স্থৱিৰ নিকায় আৰু মহাসাংঘিক[note 3] অৱশেষত বৌদ্ধ ধৰ্মৰ ১৮ পৃথক সম্প্ৰদায় হ'ল।[14] পাছলৈ মহাযান সম্প্ৰদায়সমূহে হয়টো অনেক এনে ধাৰণাক সংৰক্ষিত কৰি ৰাখিলে যি "গতানুগতিক" থেৰবাদে ত্যাগ কৰিছিল,[15] যেনে ত্ৰিকায়, বিজ্ঞানৰ ধাৰাবাহিকতাৰ ধাৰণা আৰু সন্তৰ আৰাধনাৰ দৰে ভক্তিমূলক কাৰ্য।[7][16][note 4]

প্ৰাক-বৌদ্ধ ধৰ্মৰ শ্ৰমণ আন্দোলনৰ সৈতে সম্পৰ্ক

সম্পাদনা কৰক

প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম এটি শ্ৰমণিক আন্দোলন আছিল।[17][18] গৌতম বুদ্ধৰ সময় আছিল ভাৰতচহৰীকৰণৰ সময়। এই কালত অনেক শ্ৰমণৰ উদয় হৈছিল, যি আছিল বেদৰ শ্ৰেষ্ঠত্ব আৰু বামুণীয়া ৰীতি-নীতিক প্ৰশ্ন কৰা যাযাবৰী দাৰ্শনিক[19] তেওঁলোকৰ উদ্দেশ্য আছিল সংসাৰৰ পৰা মুক্তি লাভ কৰা।[17][20] এনে কৰিবলৈ তেওঁলোকে বৈৰাজ্ঞ আৰু নৈতিক কাৰ্য আদিক গুৰুত্ব দিছিল।[19] শ্ৰমণ আন্দোলনৰ পৰাই যোগ আৰু হিন্দু ধৰ্মৰ[21] অনেক সম্প্ৰদায়, যেনে অজীৱিকা, অজ্ঞান আৰু চাৰ্বাকৰ বিকাশ হৈছিল। জৈন ধৰ্মৰ উৎসও শ্ৰমণ আন্দোলন। সংসাৰ আৰু মোক্ষৰ ধাৰণাৰো শ্ৰমণ আন্দোলনৰ সৈতে সম্পৰ্ক আছে।[22][note 5] এই শাৰণাসমূহ পাছলৈ ভাৰতৰ প্ৰায় সকলো ধৰ্মই গ্ৰহণ কৰিলে। তৎস্বত্ত্বেও, আস্তিক হিন্দু দৰ্শনসমূহে এই আন্দোলনৰ বিৰোধ কৰিছিল, আৰু এনে সম্প্ৰদায়সমূহক নাস্তিক আখ্যা দিছিল: নাস্তিক হ'ল তেওঁ যি বেদৰ শ্ৰেষ্ঠত্ব স্বীকাৰ নকৰে।

সংসাৰ আৰু কৰ্মৰ ধাৰণা লাহে লাহে ভাৰতীয় ধৰ্মসমূহত সোমাই পৰিল। একক অস্তিত্ব যাৰ অন্তত কৰ্মৰ ভিত্তিত সকলোকে ন্যায় প্ৰদান কৰা হয় আছিল প্ৰাৰম্ভিক ধাৰণা, যি পাছলৈ হ'লগৈ কেইবাটাও অস্তিত্ব য'ত বাৰে বাৰে এনে হৈ থাকে। তাৰ লগতে উদয় হ'ল এই সংসাৰ চক্ৰৰ পৰা মুক্তিৰ চেষ্টা।[23] এই মুক্তিয়েই আছিল শ্ৰমণ আন্দোলনৰ উদ্দেশ্য।[17] স্বৰ্গ প্ৰৱেশৰ বৈদিক ৰীতি-নীতিয়েও সম্ভৱতঃ ইয়াৰ বিকাশত ভূমিকা পালন কৰিছিল: এই ৰীতি-নীতিয়ে যে অনন্ত মুক্তি প্ৰদান নকৰে, সেই ধাৰণাই অন্য পথৰ সন্ধান কৰিবলৈ শ্ৰমণসকলক প্ৰেৰিত কৰিছিল।[17]

  1. 1.0 1.1 A.K Warder: "...a reconstruction of the original Buddhism presupposed by the traditions of the different schools known to us."[4] উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "Warder" defined multiple times with different content
  2. This kernel of doctrine is presumably common Buddhism of the period "before the schisms of the fourth and third centuries BC. It may be substantially the Buddhism of the Buddha himself."[4]
  3. Collin Cox: "Virtually all later sources agree that the first schism within the early Buddhist community occurred with the separation of the Mahasamghika school, or "those of the great community," from the remaining monks referred to as Sthaviras, or the "elders."".[13]
  4. See also Atthakavagga and Parayanavagga
  5. Flood & Olivelle: "The second half of the first millennium BCE was the period that created many of the ideological and institutional elements that characterize later Indian religions. The renouncer tradition played a central role during this formative period of Indian religious history [...] Some of the fundamental values and beliefs that we generally associate with Indian religions in general and Hinduism in particular were in part the creation of the renouncer tradition. These include the two pillars of Indian theologies: samsara - the belief that life in this world is one of suffering and subject to repeated deaths and births (rebirth); moksa/nirvana - the goal of human existence."[22]
  1. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Hurvitz নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. 2.0 2.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Jong নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 Hurvitz 1976.
  2. 2.0 2.1 2.2 Nakamura 1989.
  3. 3.0 3.1 3.2 Hirakawa 1990.
  4. 4.0 4.1 4.2 4.3 4.4 Warder 1999.
  5. Mizuno Kogen 1982, পৃষ্ঠা. 16.
  6. Sujato 2012, পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].
  7. 7.0 7.1 Lindtner 1997.
  8. 8.0 8.1 Mun-keat 2000, পৃষ্ঠা. ix.
  9. Warder 2000, পৃষ্ঠা. 262.
  10. 10.0 10.1 Vetter 1988, পৃষ্ঠা. 101–106.
  11. 11.0 11.1 11.2 Bronkhorst 1993.
  12. Wynne 2007.
  13. 13.0 13.1 Cox 2004, পৃষ্ঠা. 502.
  14. Warder 1999, পৃষ্ঠা. 5.
  15. Potter 1996, পৃষ্ঠা. 31-32.
  16. Lindtner 1999.
  17. 17.0 17.1 17.2 17.3 Samuel 2010, পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].
  18. Nilakanta Sastri 1988, পৃষ্ঠা. 300.
  19. 19.0 19.1 Warder 2004, পৃষ্ঠা. 32-33.
  20. Norman 1997, পৃষ্ঠা. 28.
  21. Samuel 2008, পৃষ্ঠা. 8.
  22. 22.0 22.1 Flood & Olivelle 2003, পৃষ্ঠা. 273-274.
  23. Norman 1997, পৃষ্ঠা. 28-29.