বশিষ্ঠ (সংস্কৃত: वसीष्ठ) হৈছে এগৰাকী প্ৰখ্যাত আৰু প্ৰাচীনতম বৈদিক ঋষি।[3][4] তেওঁ সপ্তৰ্ষি অৰ্থাৎ ভাৰতীয় সভ্যতাৰ সাতগৰাকী মহান ঋষিৰ অন্যতম। বশিষ্ঠক ঋকবেদৰ সপ্তম মণ্ডলৰ মূল ৰচয়িতা হিচাপে কৃতিত্ব প্ৰদান কৰা হয়।[5] ঋকবেদৰ ১০.১৬৭.৪ নং শ্লোকত বশিষ্ঠ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে উল্লেখ আছে। [note 1] অন্যান্য ঋকবৈদিক মণ্ডল আৰু বৈদিক সাহিত্যতো তেওঁলোকৰ উল্লেখ পোৱা যায়।[8][9][10] বশিষ্ঠৰ ধ্যান-ধাৰণাসমূহ প্ৰভাৱশালী আছিল আৰু আদি শংকৰে তেওঁক হিন্দু দৰ্শনৰ বেদান্ত গুৰুকুলৰ প্ৰথমগৰাকী ঋষি বুলি অভিহিত কৰিছে। [11]

বশিষ্ঠ
Vasishtha.jpg
শিৰোনাম সপ্তৰ্ষি
ব্যক্তিগত
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসংগী অৰুন্ধতী
সন্তান
  • শক্তি মহৰ্ষি, চিত্ৰকেতু, সুৰচিছ, বিৰাজছ, মিত্ৰ, উল্বন, বসুভদ্ৰায়ন আৰু দ্যুমৎ[1]
  • অষ্মক[2]

যোগ বশিষ্ঠ, বশিষ্ঠ সংহিতা, অগ্নি পুৰাণৰ কোনো কোনো সংস্কৰণ[12] আৰু বিষ্ণু পুৰাণ ৰচনাৰ কৃতিত্বও তেওঁকেই দিয়া হৈছে। ইচ্ছাপূৰণ কৰা গাইগৰু কামধেনু আৰু নন্দিনীৰ মালিকীস্বত্বকে আদি কৰি বহুসংখ্যক কাহিনীৰো বিষয়বস্তুৰ ৰূপত বশিষ্ঠক উপস্থাপন কৰা হৈছে। ঋষি বিশ্বামিত্ৰৰ সৈতে হোৱা এক মতানৈক্যৰ কাহিনীৰো তেওঁ নায়ক।[4][13][14] ৰামায়ণত বশিষ্ঠ হৈছে ৰঘূবংশৰ কুলগুৰু তথা ৰাম আৰু তেওঁৰ ভ্ৰাতৃসকলৰ শিক্ষাগুৰু।

সাহিত্যিক সূত্ৰসমূহসম্পাদনা কৰক

বশিষ্ঠ হিন্দু পৰম্পৰাৰ এক শ্ৰদ্ধাৰ ঋষি। প্ৰাচীন আৰু মধ্যযুগত ৰচনা কৰা অসংখ্য গ্ৰন্থ তেওঁৰ নামেৰে শ্ৰদ্ধাৰে নামকৰণ কৰা হৈছে। [15] তেওঁৰ নামেৰে নামকৰণ কৰা বা তেওঁৰ বাবে উৎসৰ্গিত কিছুমান গ্ৰন্থ:

  • বশিষ্ঠ সংহিতা হৈছে মধ্যযুগীয় যোগ পাঠ্য।[16] একেটা নামেৰে এক আগমাও আছে।
  • বশিষ্ঠ ধৰ্মসূত্ৰ হৈছে আন এক প্ৰাচীন পাঠ্য আৰু আধুনিক যুগতো বৰ্তি থকা ধৰ্ম-সম্পৰ্কীয় গ্ৰন্থসমূহৰ ভিতৰত অন্যতম। এই ধৰ্মসূত্ৰ (৩০০-১০০ খ্ৰীষ্টপূৰ্ব) এক স্বতন্ত্ৰ পাঠ্য। [17] ইয়াত ১,০৩৮টা সূত্ৰ আছে। [18]
  • যোগ বশিষ্ঠ হৈছে এক সংমিশ্ৰিত মধ্যযুগীয় পাঠ্য যি বেদান্ত আৰু যোগ দৰ্শনক উপস্থাপন কৰিছে। ইয়াক জীৱনৰ প্ৰকৃতি, মানুহৰ দুখ-কষ্ট, স্বাধীন ইচ্ছা, মানৱৰ সৃষ্টিশীল শক্তি আৰু আধ্যাত্মিক মুক্তিৰ বিষয়ে বশিষ্ঠ আৰু ৰামায়ণ খ্যাত ৰাজকুমাৰ ৰামৰ মাজত এক সংবাদৰ ৰূপত লিখা হৈছে। [19][20] যোগ বশিষ্ঠৰ শিক্ষাবোৰ কাহিনী হিচাপে[21] অদ্বৈত বেদান্তত পোৱাৰ দৰে এক দাৰ্শনিক ভেটিৰ সৈতে কাহিনী হিচাপে ৰচনা কৰা হৈছে। [22][23][24] যোগৰ আলোচনাৰ বাবেও এই পাঠ্য উল্লেখযোগ্য।[25][26] যোগ আৰু ভাৰতীয় ধৰ্মৰ বিশেষজ্ঞ ইণ্ডিক অধ্যয়নৰ অধ্যাপক ক্ৰিষ্টোফাৰ চেপলৰ মতে, যোগ বশিষ্ঠ দৰ্শনৰ সাৰাংশৰ বিষয়ে এনেদৰে ক'ব পাৰি, "মানৱ প্ৰচেষ্টাক আত্ম-উন্নতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি আৰু দেৱতাসকলে আৰোপ কৰা বাহ্যিক ভাগ্য ৰ দৰে কোনো বস্তু নাই।" [27]
  • অগ্নি পুৰাণৰ ৰচনাও বশিষ্ঠৰ বাবেই হোৱা বুলি কোৱা হয়।[12]

আখ্যানসমূহসম্পাদনা কৰক

জন্মসম্পাদনা কৰক

ঋকবেদৰ সপ্তম মণ্ডলৰ মতে, দেৱতা মিত্ৰ-বৰুণ আৰু অপ্সৰা উৰ্বশীক তেওঁৰ পিতৃ-মাতৃ বুলি উল্লেখ কৰা হৈছে। কাহিনীটোৰ মতে মিত্ৰ আৰু বৰুণে যজ্ঞ কৰি থাকোঁ‌তে সেই ঠাইত তেওঁলোকে উৰ্বশীক দেখে আৰু যৌন উত্তেজিত হৈ পৰে। তেওঁলোকে নিজৰ বীৰ্য্য কলহ এটাত স্খলিত কৰে আৰু পৰৱৰ্তী সময়ত ইয়াৰ পৰাই বশিষ্ঠৰ জন্ম হয়।[28]

বসিষ্ঠৰ জন্মকাহিনী পৰৱৰ্তী সময়ৰ হিন্দু শাস্ত্ৰত পুনৰ কোৱা হৈছে। পুৰাণসমূহৰ মতে তেওঁ তিনিবাৰ জন্ম লাভ কৰে। প্ৰথমবাৰত তেওঁ আছিল ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি কৰা মানসপুত্ৰ। দক্ষ যজ্ঞ ধ্বংস হোৱাৰ পিছত, বশিষ্ঠক হত্যা কৰা হয় কিন্তু ব্ৰহ্মাই পুনৰ সৃষ্টি কৰে। বশিষ্ঠ ৰজা নিমিৰ ৰাজগুৰু আছিল। অৱশ্যে নিমিয়ে বশিষ্ঠক যজ্ঞলৈ নিমন্ত্ৰণ কৰিবলৈ পাহৰি যায় আৰু খঙত বশিষ্ঠই নিমিক সোনকালে মৃত্যু হ'বলৈ অভিশাপ দিয়ে। নিমিয়েও একেদৰেই প্ৰতি-অভিশাপ দিয়ে। ভয় খাই বশিষ্ঠ তেওঁৰ পিতৃ ব্ৰহ্মাৰ কাষ চাপে। ব্ৰহ্মাই তেওঁক বৰুণ আৰু মিত্ৰৰ পৰা নিৰ্গত হ'বলৈ পৰামৰ্শ দিয়ে। যেতিয়া উৰ্বশীক বৰুণ আৰু মিত্ৰই দেখা পায় বশিষ্ঠ তেওঁলোকৰ পৰা নিৰ্গত হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

টোকাসম্পাদনা কৰক

  1. কাশ্যপৰ বিষয়ে ৯.১১৪.২, অত্ৰিৰ বিষয়ে ৫.৭৮.৪, ভৰদ্বাজৰ বিষয়ে ৬.২৫.৯, বিশ্বামিত্ৰৰ বিষয়ে ১০.১৬৭.৪, গৌতমৰ বিষয়ে ১.৭৮.১, জমদগ্নিৰ বিষয়ে ৩.৬২.১৮ নং শ্লোকত ইত্যাদি[6] মূল সংস্কৃত: प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमः सूरिरुन्मृजे। सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे॥४॥[7]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Motilal Bansaridas Publishers Bhagavat Purana Book 2, Skandha IV Page: 426
  2. Pratap Chandra Roy's Mahabharata Adi Parva Page: 409
  3. James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: N-Z. The Rosen Publishing Group. পৃষ্ঠা. 742. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch. 
  4. 4.0 4.1 Mariasusai Dhavamony (1999). Hindu Spirituality. Gregorian. পৃষ্ঠা. 50 with footnote 63. ISBN 978-88-7652-818-7. https://books.google.com/books?id=58UZWWzqglMC&pg=PA50. 
  5. Stephanie Jamison; Joel Brereton (2014). The Rigveda: 3-Volume Set. Oxford University Press. পৃষ্ঠা. 1681–1684. ISBN 978-0-19-972078-1. https://books.google.com/books?id=fgzVAwAAQBAJ&pg=PA1681. 
  6. Gudrun Bühnemann (1988). Pūjā: A Study in Smārta Ritual. Brill Academic. পৃষ্ঠা. 220. ISBN 978-3-900271-18-3. https://books.google.com/books?id=44bXAAAAMAAJ. 
  7. Rigveda 10.167.4, Wikisource
  8. "according to Rig Veda 7.33:11 he is the son of Maitravarun and Urvashi" Prof. Shrikant Prasoon, Pustak Mahal, 2009, আই.এচ.বি.এন. 8122310729, আই.এচ.বি.এন. 9788122310726. [1]
  9. Rigveda, http://www.sacred-texts.com/hin/rigveda/rv07033.htm, "A form of lustre springing from the lightning wast thou, when Varuṇa and Mitra saw thee;
    Tliy one and only birth was then, Vashiṣṭha, when from thy stock Agastya brought thee hither.
    Born of their love for Urvasi, Vashiṣṭha thou, priest, art son of Varuṇa and Mitra;
    And as a fallen drop, in heavenly fervour, all the Gods laid thee on a lotus-blossom"
     
  10. Maurice Bloomfield (1899). Atharvaveda. K.J. Trübner. পৃষ্ঠা. 31, 111, 126. https://archive.org/details/in.ernet.dli.2015.180555. 
  11. Chapple 1984.
  12. 12.0 12.1 Horace Hayman Wilson (1840). The Vishńu Puráńa: A System of Hindu Mythology and Tradition. Oriental Translation Fund of Great Britain and Ireland. পৃষ্ঠা. xxxvi. https://books.google.com/books?id=satCAAAAcAAJ. 
  13. Horace Hayman Wilson (1840). The Vishńu Puráńa: A System of Hindu Mythology and Tradition. Oriental Translation Fund of Great Britain and Ireland. পৃষ্ঠা. lxix. https://books.google.com/books?id=satCAAAAcAAJ. 
  14. Adheesh A. Sathaye (2015). Crossing the Lines of Caste: Vishvamitra and the Construction of Brahmin Power in Hindu Mythology. Oxford University Press. পৃষ্ঠা. 254–255. ISBN 978-0-19-934111-5. https://books.google.com/books?id=Rrm6BwAAQBAJ&pg=PA254. 
  15. Olivelle 1999, পৃষ্ঠা. xxvi.
  16. Vaśiṣṭha Saṃhitā: Yoga kāṇḍa. Kaivalyadhama S.M.Y.M. samiti. 2005. ISBN 978-81-89485-37-5. https://books.google.com/books?id=JiuePAAACAAJ. 
  17. Lingat 1973, পৃষ্ঠা. 18.
  18. Olivelle 2006.
  19. Chapple 1984, পৃষ্ঠা. xi-xii.
  20. Surendranath Dasgupta. A History of Indian Philosophy. 2. Cambridge University Press. পৃষ্ঠা. 252–253. ISBN 978-0521047791. 
  21. Venkatesananda 1984, পৃষ্ঠা. 51, 77, 87, 121, 147, 180, 188, 306, 315, 354, 410.
  22. Chapple 1984, পৃষ্ঠা. ix-x with footnote 3.
  23. K. N. Aiyer (1975). Laghu-Yoga-Vasishta. Original Author: Abhinanda. Theosophical Publishing House. পৃষ্ঠা. 5. ISBN 978-0835674973. 
  24. Leslie 2003, পৃষ্ঠা. 104.
  25. Cunningham, G. Watts (1948). "How Far to the Land of Yoga? An Experiment in Understanding". The Philosophical Review খণ্ড 57 (6): 573–589. 
  26. F Chenet (1987), Bhāvanā et Créativité de la Conscience, Numen, Vol. 34, Fasc. 1, pages 45-96 (in French)
  27. Chapple 1984, পৃষ্ঠা. x-xi with footnote 4.
  28. Hananya Goodman (2012). Between Jerusalem and Benares: Comparative Studies in Judaism and Hinduism. State University of New York Press. পৃষ্ঠা. 218–219. ISBN 978-1-4384-0437-0. https://books.google.com/books?id=XF_a3cfrcLQC&pg=PA218.