সৰস্বতী পূজা

জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ হয়
(বসন্ত পঞ্চমীৰ পৰা পুনঃনিৰ্দেশিত)


সৰস্বতী পূজা জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘমাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰীপঞ্চমী পূজা বুলিও কয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয়।

সৰস্বতী পূজা
সৰস্বতী পূজা
অন্য নাম শ্ৰীপঞ্চমী, বসন্ত পঞ্চমী
পালন কৰে হিন্দু সম্প্ৰদায়
প্ৰকাৰ সৰস্বতীৰ আৰাধনা
আৰম্ভ হয় মাঘ মাহৰ শুক্লা পঞ্চমী
তাৰিখ জানুৱাৰী/ফেব্ৰুৱাৰী
আচাৰ পূজা, সাংস্কৃতিক অনুষ্ঠান

দিনটীয়াকৈ পতা এই উৎসৱৰ আগবেলা পূজা অথবা নাম প্ৰসঙ্গই প্ৰাধান্য লাভ কৰে। ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰকৈ সাজপাৰ পিন্ধি তাত অংশগ্ৰহণ কৰে। পুষ্পাঞ্জলি নিদিয়ালৈকে সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকল উপবাসে থাকে। পূজা অথবা নাম প্ৰসঙ্গ শেষ হোৱাৰ পাছত মাহ-প্ৰসাদ বিলোৱা হয়। তাৰপাছতে অতিথিসকলক চাহ, লুচি আদিৰে আপ্যায়ন কৰা হয়। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে একেলগে প্ৰীতিভোজন কৰে। ৰাতিলৈ ছাত্ৰ-ছাত্ৰীসকলে নাটক, ভাওনা, বিচিত্ৰানুষ্ঠান, সঙ্গীতানুষ্ঠান আদিৰ ব্যৱস্থা কৰে। ইয়াৰ যোগেদি তেওঁলোকৰ সুকুমাৰ কলা বিকাশৰ সুবিধা হয়। পাছদিনা দেৱী বিসৰ্জনৰ দিন। দেৱীক ধূপধূনাৰে পূজা কৰি তেওঁৰ মূৰ্তি লৈ শোভাযাত্ৰা কৰে আৰু দেৱীৰ নামত বিভিন্ন ধ্বনি, গীত মাতেৰে তেওঁক কোনো জলাশয়ত বিসৰ্জন দি পূজাৰ সামৰণি মাৰে।[1]

উদযাপন সম্পাদনা কৰক

বহুতো পৰিয়ালে এই দিনটো তেওঁলোকৰ নৱজাতক আৰু সৰু ল'ৰা-ছোৱালীৰ সৈতে বহি তেওঁলোকৰ আঙুলিৰে প্ৰথমবাৰলৈ শব্দ লিখিবলৈ উৎসাহিত কৰে আৰু কিছুমানে একেলগে অধ্যয়ন বা সংগীত সাধনা কৰি উদযাপন কৰে। [2][3][4] বসন্ত পঞ্চমীৰ আগদিনা সৰস্বতীৰ মন্দিৰবোৰ বিভিন্ন খাদ্যৰে ভৰি পৰে আৰু পিছদিনা ৰাতিপুৱা পৰম্পৰাগত ভোজত তেওঁৰ উপাশক সকলৰ মাজত এইসমূহ বিতৰণ কৰা হয়।[4] মন্দিৰ আৰু শিক্ষানুষ্ঠানসমূহত সৰস্বতীৰ মূৰ্তিৰ উপাসনা কৰা হয়। [4] দেৱীৰ আশীৰ্বাদ ল'বলৈ বহুতো শিক্ষানুষ্ঠানে ৰাতিপুৱা বিশেষ প্ৰাৰ্থনা বা পূজাৰ ব্যৱস্থা কৰে। কিছুমান সম্প্ৰদায়ত সৰস্বতীৰ প্ৰতি শ্ৰদ্ধা জনাই কাব্যিক আৰু সংগীতৰ সমাৱেশ অনুষ্ঠিত কৰা দেখা যায়।[5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. সৰস্বতী পূজা - অসমীয়া ৰচনা
  2. R. Manohar Lall (1933). Among the Hindus: A Study of Hindu Festivals. Asian Educational Services. পৃষ্ঠা. 27–33. ISBN 978-81-206-1822-0. Archived from the original on 2020-02-03. https://web.archive.org/web/20200203065603/https://knowthefacts1.blogspot.com/2020/01/vasant-panchami-2020.html। আহৰণ কৰা হৈছে: 2022-02-22. 
  3. J. Gordon Melton (2011). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃষ্ঠা. 902–903. ISBN 978-1-59884-206-7. https://books.google.com/books?id=lD_2J7W_2hQC&pg=PA902. 
  4. 4.0 4.1 4.2 Roy, Christian. Traditional Festivals: A Multicultural Encyclopedia. ABC-CLIO. Vol.2. pp. 192-195. 2005. আই.এচ.বি.এন. 9781576070895
  5. Vema, Manish. Fast and Festivals of India. Diamond Pocket Books. p.72. 2000. আই.এচ.বি.এন. 9788171820764

বাহ্যিক সংযোগ সম্পাদনা কৰক

সৰস্বতী পূজাৰ উৎসৱ কেনেকৈ পালন কৰা হয়