বিশ্বেশ্বৰ হাজৰিকা (ইংৰাজী: Bisweswar Hazarika) হৈছে অসমৰ এগৰাকী সাহিত্যিক, অধ্যাপক আৰু ভাষাতত্ত্ববিদ।[1] অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক ২০১৪ চনত অসম সাহিত্য সভাসাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে। বিশ্বেশ্বৰ হাজৰিকাই অসমৰ প্ৰসিদ্ধ সাহিত্যিক-পণ্ডিত ড॰ বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্ৰন্থ Assamese: Its Formation & Development-খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। অনূদিত গ্ৰন্থখনৰ নাম হৈছে অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্ৰমবিকাশ। তেখেতে ‘অসমীয়া-বড়ো-ৰাভা ত্ৰিভাষিক অভিধান’খনো প্ৰণয়ন কৰিছিল। ইয়াৰ উপৰিও তেখেতে চৰ্যাগীত, শিলালিপি আৰু অসমৰ বুৰঞ্জী সম্পৰ্কেও গুৰুত্বপূৰ্ণ অধ্যয়ন কৰিছে।[2]

বিশ্বেশ্বৰ হাজৰিকা
পেচা সাহিত্যিক, অধ্যাপক, ভাষাতত্ত্ববিদ
উল্লেখনীয় কৰ্মৰাজি অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্ৰমবিকাশ,
চৰ্যাগীতিকোষ,
অসমীয়া-বড়ো-ৰাভা ত্ৰিভাষিক অভিধান
উল্লেখযোগ্য বঁটা সাহিত্যাচাৰ্য

শিক্ষা জীৱন সম্পাদনা কৰক

বিশ্বেশ্বৰ হাজৰিকাই বৰপথাৰ হাইস্কুলৰ পৰা আই.এ. পৰীক্ষাত উত্তীৰ্ণ হৈছিল। মেট্ৰিক পৰীক্ষাত প্ৰথমবাৰ অনুত্তীৰ্ণ হোৱাৰ বাবে দ্বিতীয়বাৰ তেখেতে গোলাঘাট টাউন স্কুলৰ পৰা পৰীক্ষা দিয়ে। প্ৰথমবাৰ তেখেত গণিত বিষয়ত অনুত্তীৰ্ণ হৈছিল। কম্পাৰ্টমেণ্টেল হিচাপে পৰীক্ষা নিদি পুনৰ নতুনকৈ পৰীক্ষা দিলে। প্ৰথমবাৰৰ পৰীক্ষাত তেখেতে অসমীয়াত সৰ্বোচ্চ নম্বৰ পাইছিল। কিন্তু পৰৱৰ্তীবাৰ পূৰ্বৰ দৰে ভাল নম্বৰ নাপালে।[2]

কৰ্মজীৱন সম্পাদনা কৰক

আই.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ বিশ্বেশ্বৰ হাজৰিকাই বৰপথাৰ হাইস্কুলত শিক্ষক হিচাপে যোগদান কৰে। কিন্তু এবছৰমানৰ পিছত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগত মতভেদ হোৱাত সেই পদ ত্যাগ কৰি আৰু গুৱাহাটীলৈ গমন কৰে। সেই সময়তে পাণ্ডুৰ পৰা প্ৰকাশিত হোৱা শান্তিদূত আলোচনীখনৰ তেখেত উপ-সম্পাদক হয়। অৱশ্যে কেইমাহমানৰ পিছতেই আলোচনীখনৰ প্ৰকাশ-প্ৰচলন বন্ধ হয়। তেখেতে ইয়াৰ পিছত নতুন অসমীয়া কাকতত যোগদান কৰিবলৈ চেষ্টা কৰে যদিও পদ খালী নথকাত যোগদান কৰাত বিফল হয়। তেখেত তেতিয়া ঘৰলৈ গুচি আহে। ইয়াৰ কিছুদিন পাছতেই কাকতখনে তেখেতক নিযুক্তি দিয়ে আৰু তেখেত পুনৰ গুৱাহাটীলৈ ৰাওনা হয়। এদিন 'নতুন অসমীয়া'ৰ প্ৰকাশ বন্ধ হৈ যোৱাত তেখেত ঘৰলৈ গুচি আহে। তেনে সময়তে ৰে'লৱেত চাকৰি ওলায় আৰু মালিগাঁওস্থিত পূৰ্ব ক্ষেত্ৰীয় মূল কাৰ্যালয়ত তেখেতে যোগদান কৰিলে। বি. বৰুৱা নৈশ কলেজত ৰাতি শিক্ষাগ্ৰহণ কৰি দিনত তেখেতে ৰে'লৱেত চাকৰি কৰে। তেনেকৈয়ে তেখেতে বি. বৰুৱা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে ৰে'লৰ চাকৰি ত্যাগ কৰি বৰপথাৰলৈ গৈ পুনৰ হাইস্কুলৰ শিক্ষক হিচাপে যোগদান কৰে। ফৰকাটিং হাইস্কুলৰ তেখেতৰ বন্ধু এজনৰ লগত চুক্তিত আবদ্ধ হৈ হাজৰিকাই পৰৱৰ্তী সময়ত স্নাতকোত্তৰ শিক্ষাও গ্ৰহণ কৰে আৰু এদিন সেই পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬৭ চনৰ জুলাই মাহত তেখেতে বি. বৰুৱা কলেজত যোগদান কৰিলে।[2]

সাহিত্য চৰ্চা সম্পাদনা কৰক

বিশ্বেশ্বৰ হাজৰিকাই অসমীয়া ভাষা, অসমীয়া সাহিত্য আৰু অসম দেশক নিজৰ Three loves বুলি ক'ব খোজে। বাতৰি কাকতৰ লেখাসমূহে তেখেতক প্ৰেৰণা যোগাইছিল। তাৰে ভিতৰত অম্বিকাগিৰী ৰায়চৌধুৰীৰ সাহিত্য আছিল অন্যতম।[2]

অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্ৰমবিকাশ সম্পাদনা কৰক

বিশ্বেশ্বৰ হাজৰিকাই ড॰ বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্ৰন্থ Assamese: Its Formation and Development অনুবাদ কৰে। অনূদিত গ্ৰন্থখনৰ নাম হৈছে-অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্ৰমবিকাশ। ১৯৯৬ চনত গ্ৰন্থখন প্ৰকাশিত হয়। বাণীকান্ত কাকতিৰ জন্ম শতবাৰ্ষিকীত বৰপেটা সাহিত্য সভাই গ্ৰন্থখন অনুবাদৰ দায়িত্ব তেখেতক প্ৰদান কৰিছিল।[2]

অসমীয়া সাহিত্যৰ বুৰঞ্জী সম্পাদনা কৰক

আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাই ছটা খণ্ডৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথম খণ্ডটিৰ সম্পাদনাৰ দায়িত্ব দিয়া হৈছিল ড॰ উপেন গোস্বামীক। কিন্তু দৃষ্টিশক্তিৰ দুৰ্বলতাৰ বাবে তেখেতৰ সেই দায়িত্ব বিশ্বেশ্বৰ হাজৰিকাদেৱে লাভ কৰে। ২০০৩ চনত তেখেতৰ সম্পাদনাত অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথমটো খণ্ড প্ৰকাশিত হয়। এইটো খণ্ডত অসম বুৰঞ্জীৰ আৰম্ভণিৰ সময়ৰ পৰা ১৪৭০ চনলৈকে ঘটনাৱলীৰ বিৱৰণ সন্নিৱিষ্ট হৈছে।[2]

অসমীয়া-বড়ো-ৰাভা ত্ৰিভাষিক অভিধান সম্পাদনা কৰক

বি. বৰুৱা কলেজৰ কৰ্মৰত হৈ থাকোঁতে তেখেতে কিছুদিনৰ বাবে বড়ো আৰু ৰাভা ভাষাৰ ক্লাছ লৈছিল। তেতিয়াই তেখেতে অসমীয়া শব্দ কিছুমানৰ ৰূপ দুয়োটা ভাষাতেই প্ৰণালীবদ্ধভাৱে লিখি থৈ গৈছিল। পাছত সেইখনকে ছপা কৰি উলিওৱা হৈছিল। অভিধানখন ২০১৫ চনত প্ৰকাশিত হৈছিল।[2]

চৰ্যাপদৰ চৰ্চা সম্পাদনা কৰক

অসমীয়া ই-আলোচনী সাহিত্য ডট অৰ্গৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশ্বেশ্বৰ হাজৰিকাই চৰ্যাগীতৰ বিষয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। তেখেতে কয় যে:

চৰ্যাগীতবোৰ হৈছে একধৰণৰ বৌদ্ধ ধৰ্মীয় গীত। বৌদ্ধ ধৰ্মটো বুদ্ধদেৱে যেনেকৈ প্ৰচাৰ কৰিছিল তেনে ৰূপত পিছলৈ নাথাকিল। বহুত নতুন বস্তু তাত সোমাই গ’ল। লোক বিশ্বাস, অন্ধবিশ্বাস বা অন্যান্য বস্তু লৈ বৌদ্ধ ধৰ্মটো মূল কথাৰ পৰা আঁতৰত থাকিল। বুদ্ধদেৱে ‘পঞ্চশীল নীতি’ৰ পাঁচটা শিক্ষা দিছিল, শিক্ষা নহয় শীল। শীল মানে স্বভাব। সেই নীতিকেইটা যেতিয়া স্বভাব হৈ যাব তেতিয়াহে প্ৰকৃত বৌদ্ধ ধৰ্মী হ’ব পাৰি। পৰবৰ্তী কালত সেইবোৰ নাথাকিল। পিচলৈ বৌদ্ধ ধৰ্মটো বহুত contaminate হৈ গ’ল। সেই বৌদ্ধ ধৰ্মকে শংকৰদেৱেও পাইছে। বুদ্ধদেৱে বেদ-পন্থাটো বন্ধ কৰিছিল। বেদত পূজা-পাতল নাছিল অৱেশ্যে, আছিল প্ৰাৰ্থনা আৰু যজ্ঞ। পূজা-পাতল খ্ৰীষ্টিয় দ্বিতীয় শতিকা মানতহে আহিছে। চৰ্যা পদত বৌদ্ধ ধৰ্মৰ গূঢ় অৰ্থ সাংকেতিক ৰূপত আছে। এইবোৰৰ ৰচকক সিদ্ধাচাৰ্য বুলি কয়। সেইসময়ৰ সামজিক চিত্ৰও চৰ্যাপদত আছে, গতিকে সাহিত্যিক মূল্যও আছে। ভাষা-সাহিত্যৰ প্ৰথম ৰূপ হিচাবে চৰ্যাপদসমূহ বিশেষ।[2]

শিলালিপিৰ চৰ্চা সম্পাদনা কৰক

বিশ্বেশ্বৰ হাজৰিকাই প্ৰথমে কামাখ্যানামনিৰ শিলালিপিৰ ফটো এখন পাইছিল। সেইখনৰ পাঠটো ইতিমধ্যে উদ্ধাৰ হৈছিল। সেইখন পৰ্যবেক্ষণ কৰিয়েই তেখেতে প্ৰথম আখৰবোৰ পঢ়িব পৰা হৈছিল। তেখেতৰ মতে ভাষাৰ মূল একে বুলি প্ৰমাণ কৰাটো ইমান সহজ নহয়। কাৰণ লিপিবোৰ বিভিন্ন উৎসৰ পৰা আহিছে। ভাৰতৰ ক্ষেত্ৰত শিলালিপিবোৰ সম্ৰাট অশোকে লিখাইছিল বুলি তেখেতে ক'ব খোজে। সেই আটাইবোৰ লিপি ব্ৰাহ্মীলিপিৰ পৰা আহিছিল বুলি প্ৰমাণ কৰিব পাৰি। তেখেতৰ মতে শিলালিপি বা তামৰ ফলিৰ পৰা পাঠোদ্ধাৰ কৰাত মূল বাধাটো আহে আখৰৰ গঢ়টোৰ পৰা। আখৰবোৰ কাটোঁতে সামান্য বেলেগ হ'লেই সিহঁতে বেলেগ ৰূপ লয়। কিছুমান ক্ষয়প্ৰাপ্তও হয়। অসমৰ পুৰণি শিলালিপি হিচাপে তেখেতে আমবাৰী আৰু তাতকৈও পুৰণি খনিকৰ গাঁৱৰ শিলালিপিৰ কথা উল্লেখ কৰে।[2]

বুৰঞ্জী আৰু ৰাজনৈতিক চৰ্চা সম্পাদনা কৰক

বিশ্বেশ্বৰ হাজৰিকাই ভাস্কৰ বৰ্মা আৰু ৰুদ্ৰসিংহক অসম বুৰঞ্জীৰ দুগৰাকী শ্ৰেষ্ঠ ৰজা হিচাপে বিবেচনা কৰে। ইটাৰ ব্যৱহাৰ তেখেতে আহোম যুগৰ আগৰ বুলি ঠাৱৰ কৰিছে। আহোম যুগৰ ইটাবোৰ পুৰণি সময়ৰ ইটাতকৈ বেলেগ। মূৰ্তিসমূহতো এই বৈসাদৃশ্য লক্ষ্য কৰিব পাৰি। তেখেতৰ মতে গোপীনাথ বৰদলৈ অসমৰ শ্ৰেষ্ঠ মুখ্য মন্ত্ৰী। তাৰ পিছতে তেখেতে বিষ্ণুৰাম মেধিক স্থান দিছে।[2]

গ্ৰন্থাৱলী সম্পাদনা কৰক

  • Assamese Language: Origin and development, ১৯৮৫
  • অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ
  • Caitanya’s Impact on the on the Vaisnvism of Assam, ১৯৯৪
  • অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্ৰমবিকাশ (ড॰ বাণীকান্ত কাকতিৰ Assamese: Its Formation and Development শীৰ্ষক গৱেষণা গ্ৰন্থৰ অনুবাদ), ১৯৯৬
  • সম্পাদনা: অসমীয়া সাহিত্যৰ বুৰঞ্জী, ১ম খণ্ড (আৰম্ভণিৰ পৰা ১৪৭০ লৈ), ২০০৩
  • চৰ্যাগীতিকোষ, ২০১২
  • অসমীয়া বড়ো-ৰাভা ত্ৰিভাষিক অভিধান, ২০১৫

[2]

স্বীকৃতি আৰু সন্মান সম্পাদনা কৰক

  • ২০১৪ চনত অসম সাহিত্য সভাই বিশ্বেশ্বৰ হাজৰিকাক সাহিত্যাচাৰ্য উপাধিৰে বিভূষিত কৰে।[2]
  • ২০১৮ চনত বৰপেটা সাহিত্য সভাৰ সভাপতি উদ্ধৱ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এক অনুষ্ঠানত ভাষাতত্ত্ববিদ-বিশ্বেশ্বৰ হাজৰিকা নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ মুকুল চক্ৰৱৰ্তীয়ে গ্ৰন্থখন উন্মোচন কৰিছিল। গ্ৰন্থখন সম্পাদনা কৰিছিল ড॰ ৰাতুল পাঠকে।[1]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক