বিষ্ণু পুৰাণ (ধাৰাবাহিক)

বিষ্ণু পুৰাণ (ইংৰাজী: Vishnu Puran) হ’ল বি. আৰ. চোপ্ৰাই প্ৰযোজনা কৰা শ্ৰীবিষ্ণুৰ ওপৰত নিৰ্মিত এখন ভাৰতীয় পৌৰাণিক কথাৰ ধাৰাবাহিক। ইয়াক বিষ্ণু পুৰাণৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। ধাৰাবাহিকখন পৌৰাণিক কাহিনী আৰু ধৰ্ম শাস্ত্ৰৰ কথাৰে সমাহাৰ। বিষ্ণুৰ ১০টা অৱতাৰৰ লগতে অন্য কাহিনী যেনে- ধ্ৰুৱ আদিৰ কথাও ইয়াত সামৰি লোৱা হৈছে। ধাৰাবাহিকখন প্ৰথমে ২০০০ চনৰ ২৩ জানুৱাৰী তাৰিখৰ পৰা প্ৰতি দেওবাৰে পুৱা জি টিভি চেনেলৰ যোগেদি সম্প্ৰচাৰ কৰা হৈছিল। পাছলৈ ১২৬টা খণ্ডক একত্ৰিত কৰি ডিভিডি (ডিস্ক) ৰূপত প্ৰকাশ কৰে।[1]

বিষ্ণু পুৰাণ
শৈলী পৌৰাণিক
নিৰ্মাতা ৰবি চোপ্ৰা
লিখক ৰাম গোবিন্দ (screenplay)
হাসান কমল (dialogues)
সতীশ ভাতনগৰ, হাসান কমল, ৰাম গোবিন্দ, চাফিক আনচাৰী
পৰিচালক ৰবি চোপ্ৰা
অভিনয়ত নিতীশ ভৰদ্বাজ (বিষ্ণু), বৈদেহী অমৰুতে (লক্ষ্মী) (অধিক চাওক)
সংগীত পৰিচালক ৰাজ কমল
দেশ ভাৰত
ভাষা হিন্দী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ১২৬
প্ৰযোজনা
প্ৰযোজক বি. আৰ. চোপ্ৰা
চিত্ৰগ্ৰহণকাৰী ধৰম চোপ্ৰা
কেমেৰাৰ ছেটআপ মাল্টি-কেমেৰা
দৈৰ্ঘ্য ২২ মিনিট
ষ্টুডিঅ’ বি. আৰ. ফিল্মছ্‌
সম্প্ৰচাৰ
মূল ছেনেল জি টিভি আৰু দূৰদৰ্শন কেন্দ্ৰ
দৃশ্যৰ ফৰমেট
প্ৰদৰ্শনৰ সময় জানুৱাৰী ২৩, ২০০০ – ৰ পৰা মাৰ্চ ১০, ২০০১ লৈ
কালক্ৰম
সংশ্লিষ্ট ধাৰাবাহিক মহাভাৰত (ধাৰাবাহিক) ১৯৮৮

ইয়াত নিতীশ ভৰদ্বাজে বিষ্ণু আৰু বৈদেহীয়ে দেৱী লক্ষ্মীৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। ইয়াৰ আগতে নিতীশ ভৰদ্বাজে চোপ্ৰাৰ টেলিভিচন ৰূপান্তৰিত মহাকাব্য মহাভাৰতত শ্ৰীবিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ ভূমিকাও পালন কৰিছিল। ধাৰাবাহিকখনৰ সংগীত পৰিচালক হ’ল ৰাজ কমল। যিয়ে মহাভাৰততো কাম কৰিছিল।

মহামাৰী ক’ৰণা ভাইৰাছৰ (Covid-19) পৰিপ্ৰেক্ষিতত তলাবন্ধা (Lockdown) হোৱাৰ সময়ছোৱাত 'ডিডি ভাৰতী' চেনেলত ১৪ মাৰ্চ, ২০২০ -ৰ পৰা প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা এই বিষ্ণু পুৰাণ ধাৰাবাহিকখন দেখুওৱা হৈছিল।[2]

খণ্ডসমূহ সম্পাদনা কৰক

অভিনয়ত সম্পাদনা কৰক

ক্ৰমিক নং প্ৰকৃত নাম অভিনয় অভিনয় অভিনয় অভিনয় অভিনয়
নিতীশ ভৰদ্বাজ বিষ্ণু ৰাম কৃষ্ণ বামন পৰশুৰাম
বৈদেহী অমৰুতে লক্ষ্মী
সুধীৰ ডালবী ব্ৰহ্মা
নিমাই বালি জয় হিৰণ্যকশিপু ৰাৱণ
সমৰ জয় সিং শিৱ
সন্দীপ মোহন ইন্দ্ৰ
বিক্ৰান্ত চতুৰ্বেদী নাৰদ
মহেন্দ্ৰ ঘুলে বিজয় হিৰণ্যাক্ষ কুম্ভকৰ্ণ
জিব্ৰান খান ধ্ৰুৱ
১০ সমীৰ ধৰ্মাধিকাৰী মনু
১১ ঋষভ শুক্লা দশৰথ
১২ ৰীণা কাপুৰ সীতা
১৩ অমিত পাচৰি লক্ষ্মণ
১৪ আয়ুস পাণ্ডে ভৰত
১৫ নৰেন্দ্ৰ ঝা কৰ্ণ
১৬ দীপক জেথী কালকেতু
১৭ কামালিকা গুহা ঠাকুৰতা সুমিত্ৰা

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Vishnu Puran [videorecording : The greatest mythological [tale] ever told / B.R. Films; written by Ram Govind; produced by B.R. Chopra; directed by Ravi Chopra."]. https://franklin.library.upenn.edu/catalog/FRANKLIN_9937760963503681। আহৰণ কৰা হৈছে: 16 may 2020. 
  2. "Vishnu Puran Progaram On DD Bharati From 14th May 2020". https://www.freedish.in/2020/05/vishnu-puran-program-coming-soon-on-dd.html?m=1। আহৰণ কৰা হৈছে: 16 may 2020.