শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি

(শকুন্তলা আৰু শংকৰ জোচেফ আলিৰ পৰা পুনঃনিৰ্দেশিত)

শকুন্তলা আৰু শংকৰ জোচেফ আলি (ইংৰাজী: Sakuntala Aru Sankar Joseph Ali) ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খন নিপ বৰুৱাই পৰিচালনা কৰিছিল। মুল ভূমিকাত আছিল নিপন গোস্বামী আৰু মৃদুলা বৰুৱা[1]

শকুন্তলা আৰু শংকৰ জোচেফ আলি
Sakuntala Sankar Joseph Ali.jpg
পৰিচালক নিপ বৰুৱা
চিত্ৰনাট্য নিপ বৰুৱা
প্ৰযোজক গুঞ্জন প্ৰডাকচন্ছ আৰু শইকীয়া এণ্টাৰপ্ৰাইজ
অভিনয়ত মৃদুলা বৰুৱা
নিপন গোস্বামী
সংগীত পৰিচালক ৰমেন বৰুৱা
মুক্তি
১৯৮৪
দেশ ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশসম্পাদনা কৰক

শকুন্তলাই এক পৰিস্থিতিত পৰি নিজৰ পুত্ৰ সন্তানৰ সৈতে ঘৰ এৰি গুচি আহিবলগীয়া হয়। অট' চালক শংকৰ যোচেফ আলিয়ে শকুন্তলাক ভনী হিচাপে আশ্ৰয় প্ৰদান কৰে। শংকৰ নিজেই যিহেতু এগৰাকী মাউৰা গতিকে শকুন্তলাৰ সমস্যাসমূহ ভালদৰেই উপলব্ধি কৰিছিল। শংকৰে তেওঁৰ সতীৰ্থ অট'চালক সকলৰ সহায়ত শকুন্তলাৰ সন্তানটিক প্ৰতিপাল কৰা আৰম্ভ কৰে।[1]

অভিনয় শিল্পীসকলসম্পাদনা কৰক

সংগীতসম্পাদনা কৰক

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই আৰু গীতৰ কথা আছিল কেশৱ মহন্তৰ।[2][1]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "মই আছো গছৰে আঁৰতে জুৰিৰে পাৰতে"  কেশৱ মহন্তদ্বীপেন বৰুৱা, কবিতা বৰঠাকুৰ  
2. "আজি কি যে মুকলি কি যে আনন্দ"  কেশৱ মহন্তদ্বীপেন বৰুৱা, জয়ন্ত দাস, বিজয় ভৰালী, প্ৰণৱ বৰুৱা  
3. "যায় শকুন্তলা পতিগৃহে যায়, আজি ফুলশয্যা ললে বিদায়"  কেশৱ মহন্তদ্বীপেন বৰুৱা  
4. "মহা মোহ পংকত পৰিলো শংকৰ"  কেশৱ মহন্তদ্বীপেন বৰুৱা, জয়ন্ত দাস, বিজয় ভৰালী, প্ৰণৱ বৰুৱা  
5. "তাৰেনাৰে তাৰেনাৰে ভনীয়ে বনায় খিছিৰি ভাই লগেভাগে বহি খা"  কেশৱ মহন্তদ্বীপেন বৰুৱা, জয়ন্ত দাস, বিজয় ভৰালী, প্ৰণৱ বৰুৱা  
6. "অ’ ঘুমুটি আহ অ’ আহ, কহুৱাৰে ফুল যেন বা দি যা আলফুলীয়া"  কেশৱ মহন্তকবিতা বৰঠাকুৰ  

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Shakuntola Aru Shankar Joseph Ali". Box office Assam. http://www.boxofficeassam.com/movie/shakuntola-aru-shankar-joseph-ali/। আহৰণ কৰা হৈছে: ২৬ এপ্ৰিল ২০২০. 
  2. বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়. 

বাহ্যিক সংযোগসম্পাদনা কৰক