চিৰিং ফুকন

এক অসমীয়া উপাধি, আহোম জনগোষ্ঠীৰ উপাধি

চিৰিং ফুকন বা ফু-কন চি-ৰিং (আহোম: 𑜇𑜤 𑜀𑜨𑜃𑜫 𑜏𑜢 𑜍𑜢𑜂𑜫; ইংৰাজী: Chiring Phukan) হৈছে মধ্যযুগীয় অসমআহোম ৰাজ্যৰ এজন বিষয়া। তেওঁ আছিল আহোমসকলৰ পূজা-সেৱাৰ কাৰ্য কৰোঁতা খেলৰ আৰু দেওধাইসকলৰ গৰাকী।[1] তৃতীয় আহোম স্বৰ্গদেৱ চুবিণ্‌ফাই সম্ভ্ৰান্ত আহোমসকলক সাতটা খেল বা ঘৰত (সাতঘৰীয়া আহোম) ভাগ কৰিছিল আৰু চিৰিং ফুকনসকলক চিৰিং খেলত অন্তৰ্ভুক্ত কৰিছিল।[2] আহোম ধৰ্ম অনুযায়ী ৰজাঘৰীয়া সকলোবোৰ আচাৰ-অনুষ্ঠান তথা পূজা-পাতল তেওঁলোকে পৰিচালনা কৰিছিল।

কাৰ্যভাৰসম্পাদনা কৰক

আহোম ৰাজত্বকালত ৰচিত বৰ-অম্ৰৰ মতে চিৰিং ফুকন হৈছে ৰজাঘৰীয়া সকলো নথি আৰু বুৰঞ্জীৰ প্ৰণয়ন আৰু সংৰক্ষণৰ দায়িত্বত থকা মুখ্য বিষয়া।[3] সেই সময়ত বুৰঞ্জীসমূহ লিখাৰ দায়িত্বভাৰ চিৰিং ফুকনৰ ওপৰত ন্যস্ত আছিল। সেই সময়ৰ আহোম ভাষা শিক্ষাৰ ব্যৱস্থাৰ চোৱা-চিতা কৰাটোও বৰচিৰিং বৰুৱাৰ সৈতে চিৰিং ফুকনৰ দায়িত্ব আছিল। কোনো লোকে ৰজাঘৰীয়া বিষয়বাব লাভ কৰিবলৈ হ'লে বুৰঞ্জী বিষয়ক মহলা এটা চিৰিং ফুকনৰ আগত দিব লাগিছিল।[4] ড° লীলা গগৈৰ মতে আহোম সাম্ৰাজ্যত বুৰঞ্জী প্ৰণয়নৰ এক সুকীয়া বিভাগ আছিল আৰু চিৰিং ফুকন আৰু বৰচিৰিং বৰুৱা উভয়ে মিলি এই কাৰ্যৰ তদাৰক কৰিছিল। প্ৰায়োগিক ক্ষেত্ৰত চিৰিং ফুকনে আহোম ভাষাত বুৰঞ্জীসমূহ লিখিছিল।[5] ৰজাসকলৰ দেহাৱসান ঘটিলে মৈদাম দিয়াৰ পিছত আহোম নিয়ম অনুযায়ী মৃতকৰ ক্ৰিয়া-কৰ্ম বাইলুঙ পণ্ডিতৰ লগতে চিৰিঙৰ ঘৰৰ লোকে সম্পাদন কৰিছিল।[6]

পদমৰ্যাদা আৰু ক্ষমতাসম্পাদনা কৰক

সাতঘৰীয়া আহোমৰ অন্য খেলকেইটাৰ দৰে চিৰিং ফুকনসকলে কোনো কৰ-কাটল পৰিশোধ কৰিব নালাগিছিল।[2] বিভিন্ন ৰাজখোৱা, বৰুৱা আৰু আন আন ফুকনসকলৰ সৈতে চিৰিং ফুকনৰ পদমৰ্যাদা সমান আছিল। তেওঁলোকে লোহাৰ ঢেকৰ লগা চাঙ্গি, টুপি, জাপি, পাখি-বিচনী, ৰূপৰ চুলাৰে পানী-জাপি, খেৰ, দীঘলনলীয়া ঘূৰণীয়া আগখৰা বিচনী, ৰূপৰ বেৰি দিয়া লাখুটি, ছালকঠ আৰু উকা বৰজাপি ব্যৱহাৰ কৰিবলৈ অনুমতি লাভ কৰিছিল। সকলো ফুকন আৰু বৰুৱাই পৰ্হি চাঙ্গিও লাভ কৰিছিল।[7]

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. সূৰ্যকুমাৰ ভূঞা (২০০৯). আহোমৰ দিন. প্ৰকাশক গুৱাহাটী: বাণী মন্দিৰ. পৃষ্ঠা. ২৯. ISBN 978-93-81064-87-0. 
  2. 2.0 2.1 "History of North East India (1228-1947)". Rajib Gandhi Univeraity, Arunachal Pradesh. পৃষ্ঠাসমূহ: 56. https://rgu.ac.in/wp-content/uploads/2021/02/Download_629.pdf&ved=2ahUKEwjel-T00ODwAhU0xzgGHXmHD04QFjAOegQIFRAC&usg=AOvVaw2WD9jC-yYrvD58sgjj2yeK। আহৰণ কৰা হৈছে: 24 মে' 2021. 
  3. B. Barua, N.N. Deodhai Phukan (2014). Ahom Lexicons. প্ৰকাশক Guwahati: Department of Historical and Antiquarian Studies in Assam. পৃষ্ঠা. 72. 
  4. ঘনকান্ত বৰুৱা (২০১০). আহোম প্ৰাইমাৰ. প্ৰকাশক গুৱাহাটী: বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ. 
  5. লীলা গগৈ (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ১১০-১৪৬. ISBN 81-7339-079-7. 
  6. হিতেশ্বৰ বৰবৰুৱা (২০১৮). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৮৫৭-৮৫৮. ISBN 978-93-84733-87-2. 
  7. হিতেশ্বৰ বৰবৰুৱা (২০১৮). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৪৩৯. ISBN 978-93-84733-87-2.