বৰবালি বগুৱা
বৰবালি বগুৱা (ইংৰাজী: Wood Sandpiper, বৈজ্ঞানিক নাম-Tringa glareola) এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি। ই 'wader' গোটৰ অন্তৰ্ভুক্ত।
(বৰবালি বগুৱা) Wood Sandpiper | |
---|---|
মহাৰাষ্ট্ৰত বৰবালি বগুৱা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
উপশ্ৰেণী: | Neornithes |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Scolopacidae |
গণ: | Tringa |
প্ৰজাতি: | T. glareola |
বৈজ্ঞানিক নাম | |
Tringa glareola Linnaeus, 1758 | |
সমাৰ্থক | |
Rhyacophilus glareola (Linnaeus, 1758) |
বিৱৰণ
সম্পাদনা কৰকবৰবালি বগুৱাৰ ঠৌঁট চুটি, ঠেং দীঘল আৰু হালধীয়া আৰু পিঠি অংশ মটিয়া হোৱা দেখা যায়। [2][3]
বিতৰণ
সম্পাদনা কৰকবৰবালি বগুৱাই প্ৰধানত: ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে। ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰে বুলিও জনা যায়। তদুপৰি অক্টোবৰ আৰু মে মাহত ইয়াক বিভিন্ন প্ৰশান্ত মহাসাগৰীয় দ্বীপ সমূ্হতো দেখা পোৱা যায়। [4]
বাসস্থান
সম্পাদনা কৰকবৰবালি বগুৱা এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে প্ৰব্ৰজনকাৰী আৰু স্থানীয় চৰাই হিচাপে বিভিন্ন জলাশয় সমূহত চৰা দেখা পোৱা যায়।
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰকবৰবালি বগুৱাই অগভীৰ পানী বা বোকাত ঠোঁট গুজি খাদ্যবস্তু বিচাৰি খায়। পোক-পতংগ আৰু অন্যান্য সৰু জলজ প্ৰাণীয়েই ইয়াৰ প্ৰধান খাদ্য।
প্ৰজনন
সম্পাদনা কৰকই পানীৰ কাষৰ গছত বা কেতিয়াবা মাটিত বাহ সাজি পোৱালি জগায়। [2] মাৰ্চৰ পৰা মে মাহৰ ভিতৰত ই কণী পাৰে। এবাৰত সাধৰণতে চাৰিটা কণী পাৰে। কণীবোৰ শেঁতা সেউজীয়া বৰণৰ হয়।
স্থিতি তথা সংৰক্ষণ
সম্পাদনা কৰকবৰবালি বগুৱাৰ বহুল বিস্তৃতিৰ প্ৰতি লক্ষ্য ৰাখি আই. ইউ. চি. এন. এ ইয়াক সংকটৰ পৰা মুক্ত (Least Concern) বুলি স্বীকৃতি দিছে। [5]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Tringa glareola". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003025। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ 2.0 2.1 Hayman et al. (1986)
- ↑ Hayman et al. (1986), Pereira & Baker (2005)
- ↑ Hayman et al. (1986), Wiles et al. (2000), VanderWerf (2006), VanderWerf et al. (2006)
- ↑ BLI (2008)
ৱিকিমিডিয়া কমন্সত বৰবালি বগুৱা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
লগতে চাওক
সম্পাদনা কৰক- Hayman, Peter; Marchant, John & Prater, Tony (1986): Shorebirds: an identification guide to the waders of the world. Houghton Mifflin, Boston. ISBN 0-395-60237-8
- Pereira, Sérgio Luiz & Baker, Alan J. (2005): Multiple Gene Evidence for Parallel Evolution and Retention of Ancestral Morphological States in the Shanks (Charadriiformes: Scolopacidae). Condor 107(3): 514–526. DOI:10.1650/0010-5422(2005)107[0514:MGEFPE]2.0.CO; 2 PDF fulltext
- VanderWerf, Eric A. (2006): Observations on the birds of Kwajalein Atoll, including six new species records for the Marshall Islands. Micronesica 38(2): 221–237. PDF fulltext
- VanderWerf, Eric A.; Wiles, Gary J.; Marshall, Ann P. & Knecht, Melia (2006): Observations of migrants and other birds in Palau, April–May 2005, including the first Micronesian record of a Richard's Pipit. Micronesica 39(1): 11–29. PDF fulltext
- Wiles, Gary J.; Worthington, David J.; Beck, Robert E. Jr.; Pratt, H. Douglas; Aguon, Celestino F. & Pyle, Robert L. (2000): Noteworthy Bird Records for Micronesia, with a Summary of Raptor Sightings in the Mariana Islands, 1988–1999. Micronesica 32(2): 257–284. PDF fulltext
- Pizzey, Graham and Knight, Frank: The Field Guide to the Birds of Australia. HarperCollins, Sydney. 2012.