ভগৱতী চৰণ বৰ্মা

(ভাগৱতী চৰণ বৰ্মাৰ পৰা পুনঃনিৰ্দেশিত)

ভগৱতী চৰণ বৰ্মা (ইংৰাজী: Bhagawati Charan Verma; ৩০ আগষ্ট, ১৯০৩ — ৫ অক্টোবৰ, ১৯৮১) আছিল হিন্দী সাহিত্যৰ এগৰাকী লেখক। তেওঁ হিন্দী ভাষাত বহুকেইখন উপন্যাস ৰচনা কৰিছে। ১৯৩৪ চনত প্ৰকাশিত চিত্ৰলেখা তেওঁৰ অন্যতম কৃতি। এই উপন্যাসখনৰ আধাৰতেই ১৯৪১ আৰু ১৯৬৪ চনত দুখনকৈ হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।[1][2] তেওঁৰ পাঁচটা খণ্ড যুক্ত উপন্যাস ভুলে-বিছৰে চিত্ৰৰ বাবে তেওঁ ১৯৬১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি ১৯৭১ চনত তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণৰে সন্মানিত কৰা হয়।[3] ১৯৭৮ চনত তেওঁ ৰাজ্যসভালৈও মনোনীত হৈছিল।

ভগৱতী চৰণ বৰ্মা
জন্ম ৩০ আগষ্ট, ১৯০৩
শফীপুৰ, ব্ৰিটিছ ভাৰত
মৃত্যু ৫ অক্টোবৰ, ১৯৮১ (৭৮ বছৰ)
নতুন দিল্লী, ভাৰত
পেচা লেখক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা BA, LL.B
মাতৃশিক্ষায়তন এলাহাবাদ বিশ্ববিদ্যালয়
ধৰণ উপন্যাস
উল্লেখযোগ্য বঁটা পদ্মভূষণ
সাহিত্য অকাডেমি বঁটা

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯০৩ চনৰ ৩০ আগষ্ট তাৰিখে উন্নাৱ জিলাৰ (বৰ্তমানৰ উত্তৰ প্ৰদেশত) শফীপুৰ গাঁৱত এটা কায়স্থ পৰিয়ালত ভগৱতী চৰণ বৰ্মাৰ জন্ম হৈছিল।[4][5] তেওঁৰ পিতৃ দেৱী চৰণ বৰ্মা‌ই কানপুৰত ওকালতি কৰিছিল। শফীপুৰ গাঁৱত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পাছত উচ্চ শিক্ষাৰ বাবে ভগৱতী চৰণ বৰ্মাক এলাহাবাদ বিশ্ববিদ্যালয়লৈ পঠিওৱা হৈছিল য'ত তেওঁ সাহিত্য আৰু আইনত স্নাতক ডিগ্ৰী লাভ কৰে।[6]

কৰ্মজীৱন সম্পাদনা কৰক

আনুষ্ঠানিক শিক্ষা সাং কৰি ভগৱতী চৰণ বৰ্মা‌ই কানপুৰত ওকালতি আৰম্ভ কৰে আৰু পাছলৈ হামিৰপুৰত কৰ্মজীৱন অব্যাহত ৰাখে। হামিৰপুৰত থকা সময়ছোৱাতেই তেওঁ চিত্ৰলেখা উপন্যাসখন লিখি উলিয়াই। চিত্ৰলেখাৰ সফলতাৰ বাবে তেওঁ তাৎক্ষণিক খ্যাতি লাভ কৰে আৰু নিজৰ সাহিত্যকৰ্মক অন্য এক মাত্ৰা প্ৰদান কৰি ১৭ খনতকৈ বেছি উপন্যাস লিখি উলিয়ায়।[7] তেওঁ কিছু সময়ৰ বাবে কলিকতা ফিল্ম কৰ্পোৰেশ্যনটো কাম কৰে আৰু তাৰ পাছত বিচাৰ নামৰ এখন সাপ্তাহিক আলোচনী সম্পাদনা কৰিবলৈ লয়। তদুপৰি তেওঁ বোম্বেত (বৰ্তমানৰ মুম্বাই) চিত্ৰনাট্য লিখিবলৈও লৈছিল আৰু পাছলৈ নৱজীৱন নামৰ এখন হিন্দী দৈনিক কাকত সম্পাদনা কৰিবলৈ লয়। তেওঁ লক্ষ্ণৌৰ অল ইণ্ডিয়া ৰেডিঅ'ত এগৰাকী হিন্দী উপদেষ্টা হিচাপেও সেৱা আগবঢ়াইছিল। ১৯৭৮ চনত তেওঁ ৰাজসভালৈ মনোনীত হয়।[8]

সাহিত্যকৃতি সম্পাদনা কৰক

উপন্যাস
  • অপনে খিলোনে
  • পতন
  • তীন বৰ্ষ
  • চিত্ৰলেখা
  • ভুলে-বিছৰে চিত্ৰ
  • টেড়ে-মেড়ে ৰাস্তে
  • চিধী চচ্ছী বাটে
  • সামৰ্থ ঔৰ সীমা
  • ৰেখা
  • ৱহ ফিৰ নহী আঈ
  • সবহি নচাৱত ৰাম গোসাঈ
  • প্ৰশ্ন ঔৰ মৰীচিকা
  • চাণক্য
  • থকে পাঁৱ
  • যুৱৰাজ চুণ্ডা
  • ধুপ্পল
কাহিনী সংগ্ৰহ
  • প্ৰতিনিধি কহানিয়া
  • মেৰী কহানিয়া
  • মোৰ্চাবন্দী তথা সম্পূৰ্ণ কহানিয়া
কবিতা সংগ্ৰহ
  • মেৰী কবিতায়ে
  • সবিনয় ঔৰ এক নাৰাজ কবিতা
নাটক
  • মেৰে নাটক
  • বচীয়ত
স্মৃতিকথা
  • অতীত কে গৰ্ত মে
  • কহি ন জায় কা কহিয়ে
সাহিত্য সমালোচনা
  • সাহিত্য কে সিদ্ধান্ত তথা ৰূপ
সম্পূৰ্ণ ৰচনা
  • ভগৱতী চৰণ বৰ্মা ৰচনাৱলী — ১৪ খণ্ড

মৃত্যু সম্পাদনা কৰক

১৯৮১ চনৰ ৫ অক্টোবৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।[9] মৃত্যুৰ পাছত জন্মভূমি শফীপুৰত এখন উদ্যানৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হয়।[10]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Gulzar; Govind Nihalani; Saibal Chatterjee (2003). Encyclopaedia of Hindi cinema. Popular Prakashan. পৃষ্ঠা. 337. ISBN 81-7991-066-0. https://books.google.com/books?id=8y8vN9A14nkC&q=Sahib+Bibi+Aur+Golam+Bimal+Mitra+%28novel%29&pg=PT361. 
  2. Chitralekha সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
  3. "Archived copy". http://www.cscsarchive.org:8081/mediaarchive/Library.nsf/Library.nsf/(docid)/2DA2B13BD717F0E5652571380039FFD9?OpenDocument%26StartKey%3DBhagwati%26Count%3D10। আহৰণ কৰা হৈছে: 28 September, 2021. [সংযোগবিহীন উৎস]
  4. "Personalities". Unnao.nic.in. http://unnao.nic.in/person.htm। আহৰণ কৰা হৈছে: 28 September, 2021. 
  5. "भगवती चरण वर्मा". Abhivyakti-hindi.org. http://www.abhivyakti-hindi.org/lekhak/b/bcverma.htm। আহৰণ কৰা হৈছে: 28 September, 2021. 
  6. "Bhagwati Charan Verma - Introduction". Gadya Kosh. http://gadyakosh.org/gk/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A5%80%E0%A4%9A%E0%A4%B0%E0%A4%A3_%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE_/_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF. 
  7. Mohan Lal (2006). The Encyclopaedia Of Indian Literature, Vol. 5. Sahitya Akademi. ISBN 81-260-1221-8. https://books.google.com/books?id=KnPoYxrRfc0C&q=Chitralekha+1964+film&pg=PA4500. 
  8. "Bhagwati Charan Verma". India9.com. http://www.india9.com/i9show/Bhagwati-Charan-Verma-25261.htm। আহৰণ কৰা হৈছে: 28 September, 2021. 
  9. "Bhagvati Charan Varmas - Chitralekha saga". https://timesofindia.indiatimes.com/city/lucknow/Bhagvati-Charan-Varmas-Chitralekha-saga-of-paap-and-punya-was-written-as-a-challenge/articleshow/41541108.cms. 
  10. "Bhagwati Charan Verma Park". Wikimap.org. http://wikimapia.org/#lat=26.739232&lon=80.346352&z=18&l=0&m=a&v=2&show=/1507261/। আহৰণ কৰা হৈছে: 28 September, 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক