১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

৩০ আগষ্ট (ইংৰাজী: 30 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪২তম (অধিবৰ্ষত ২৪৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

  • ১৬৫৯ - দাৰা শিকোহক (ঔৰংজেবৰ ভাতৃ) ঔৰংজেবে ৰাজপাটৰ বাবে মৃ্ত্য়ুদণ্ড দিয়ে।
  • ১৭৭৩ - পেচোৱা নাৰায়ণ ৰাওক দদায়েক ৰঘূনাথ ৰাওৱে হত্য়া কৰে।
  • ১৯৬২ - জাপানে NAMC YS-11 নামৰ উৰাজাহাজ খনৰ প্ৰথম পৰীক্ষণ কৰিছিল।
  • ১৯৭৪ - টকিঅ'ৰ মাৰুনাউচিৰ মিটচোপবিছি হেভি ইণ্ডষ্টিজৰ মুখ্য কাৰ্যালয়ত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল। বিস্ফোৰণত ৮জন নিহত আৰু ৩৭৮জন আহত হৈছিল। এই ঘটনাত জড়িত থকাৰ সন্দেহত ১৯৭৫ চনৰ ১৯ মে'ত জাপানৰ কৰ্তৃপক্ষই আঠগৰাকী বাওঁপন্থী সংগ্ৰামীক আটক কৰিছিল।
  • ১৯৮৪ - আমেৰিকাৰ স্পেচ ছাটল ‘‘ডিস্ক’ভাৰি’’ৰ প্ৰথমটো উৰণ সম্পন্ন হৈছিল।
  • ১৯৯০ - লোকসভাত সৰ্বসন্মতিক্ৰমে আকাশবাণী আৰু দূৰদৰ্শনক স্বায়ত্ত্ব শাসন প্ৰদান কৰা ঐতিহাসিক ‘‘প্ৰচাৰ ভাৰতী বিধেয়ক’’খন গৃহীত হয়।
  • ১৯৯৭ - অসমৰ ৰাজ্যপাল লোকনাথ মিশ্ৰৰ অসমৰপৰা প্ৰত্যাগমন ঘটে।
  • ১৩৩৪ - পিটাৰ দা ক্ৰুয়েল, কেষ্টাইল আৰু লিঅ'নৰ স্পেইনিছ ৰজা।
  • ১৭৯৭ - মেৰী ৱলষ্টনেক্ৰফট গডউিন শ্বেলী, ইংৰাজ কবি শ্বেলীৰ পত্নী, তেওঁৰ প্ৰসিদ্ধ ৰচনা ফ্ৰেংকেনষ্টাইন।
  • ১৮৪৪ - ফ্ৰেইড্ৰিক ৰাটজেল, জাৰ্মান ভূগোল বিজ্ঞানী, জীৱন্ত স্থানৰ ধাৰণা আৰু জিঅ'পলিটিক্সৰ বাবে জনাজাত।
  • ১৮৫২ - যাকোবুছ হেনৰী, নেদাৰলেণ্ডৰ প্ৰখ্যাত বিজ্ঞানী, ১৯০১ চনত তেওঁ ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল, তেওঁই নোবেল বঁটা লাভ কৰা প্ৰথম বিজ্ঞানী।
  • ১৮৭০ - মফিজুদ্দিন আহমদ হাজৰিকা, অসমীয়া কবি আৰু সাহিত্যিক। (মৃঃ ২৯ অক্টোবৰ, ১৯৫৮)
  • ১৮৭১ - লৰ্ড আৰ্নেষ্ট ৰাডাৰফোৰ্ড, পৰমাণু বিভাজনৰ অন্যতম পথ প্ৰদশৰ্ক, ১৯০৮ চনত তেওঁ ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰে। (মৃঃ ১৯ অক্টোবৰ, ১৯৩৭)
  • ১৯১২ - নেঞ্চী ৱেক, দ্বিতীয় বিশ্বযুদ্ধৰ ব্ৰিটিছ গুপ্তচৰ আৰু সাংবাদিক।
  • ১৯৩০ - ৱাৰেন বাফেট, আমেৰিকাৰ এজন ধনী ব্যৱসায়ী।
  • ১৯৫৪ - আলেকজেণ্ডাৰ লুকাচেংক', বেলাৰুছৰ প্ৰথম ৰাষ্ট্ৰপতি।
  • ১৯৫৪ - ৰবি শংকৰ প্ৰসাদ, ভাৰতীয় ৰাজনেতা।
  • ১৯৭২ - কেমেৰুণ ডিয়াজ, হলীউডৰ অভিনেত্ৰী।
  • ১৯৮৯ - বিলি জ' চ'ণ্ডাৰ্ছ, ডব্লিউ বি অ'ৰ প্ৰাক্তন মিডলৱেইট চেম্পিয়ন বক্সিং খেলুৱৈ।
  • ১৪৮৩ - লুই একাদশ, ফ্ৰান্সৰ ৰজা।
  • ১৬৫৯ - দাৰা শিকোহ, ঔৰংজেবৰ ভাতৃ।
  • ১৭৫১ - ক্ৰীষ্ট'ফাৰ প'লহেম্, চুইডেনৰ বিজ্ঞানী আৰু উদ্ভাৱক।
  • ১৭৭৩ - নাৰায়ণ ৰাও, দশম মাৰাঠা পেচোৱা।
  • ১৯৪০ - ছাৰ জে জে থমছন, ইংৰাজ পদাৰ্থ বিজ্ঞানী, ইলেক্ট্ৰনৰ আৱিষ্কাৰক।
  • ১৯৮১ - মঃ আলি ৰাজাই, ইৰাণৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত মৃত্যু হৈছিল।
  • ১৯৮১ - মঃ বাহোনৰ, ইৰাণৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত মৃত্যু হৈছিল।
  • ১৯৮৮ - এলবাৰ্ট ফ্ৰে' ৱেচ্ছলিং, চুইজাৰলেণ্ডৰ উদ্ভিদ বিজ্ঞানী।
  • ১৯৯৫ - ফিছাৰ ব্লেক, আমেৰিকাৰ অৰ্থনীতিবিদ।
  • ২০০০ - হিতেশ ডেকা, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ২০০৮ - কৃষ্ণ কুমাৰ বিৰলা, ভাৰতীয় উদ্যোগপতি।
  • নিখোঁজ বা নিৰুদ্দেশ হোৱা সকলৰ আন্তৰ্জাতিক দিৱস।
  • সংবিধান দিৱস (কাজাখাস্তান)।
  • বিজয় দিৱস (তুৰস্ক)।

বাহ্যিক সংযোগ

সম্পাদনা কৰক


তথ্য়সূত্ৰ

সম্পাদনা কৰক