৫ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
৫ অক্টোবৰ (ইংৰাজী: 5 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৮তম (অধিবৰ্ষত ২৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৭টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৬৪ - ভাৰতৰ কলকাতাৰ বেছিভাগ অঞ্চল ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ দ্বাৰা প্লাবিত আৰু ধ্বংস হৈছিল। এই ঘূৰ্ণীবতাহক ১৮৬৪ চনৰ কলিকতা ঘূৰ্ণীবতাহ বুলি অভিহিত কৰা। এই ধুমুহাৰ ফলত ৬০,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।
- ১৯১০ - পৰ্তুগালৰ এক বিপ্লৱত ৰাজতন্ত্ৰৰ সমাপ্তি ঘটে আৰু গণৰাজ্য ঘোষণা কৰা হয়।
- ১৯৬২ - ইয়ান ফ্লেমিংৰ 'ডক্টৰ ন'' উপন্যাসৰ ওপৰত আধাৰিত জেমছ বণ্ড চলচ্চিত্ৰ শৃংখলাৰ প্ৰথম খন চলচ্চিত্ৰ ব্ৰিটেইনত মুক্তি লাভ কৰে।
- ১৯৮৮ - ব্ৰাজিলৰ সংবিধান সভাই তেওঁলোকৰৰ সংবিধানৰ অনুমোদন জনায়।
- ২০১১ - ভাৰতত বিশ্বৰ আটাইতকৈ সস্তা ২২৫০ টকাৰ টেবলেট পিচি আকাশ মুকলি কৰা হৈছিল।
জন্ম
সম্পাদনা কৰক- ১৫২৪ - ৰাণী দুৰ্গাৱতী, গোণ্ডৰ ৰাণী, ভাৰতৰ ইতিহাসৰ এগৰাকী প্ৰসিদ্ধ বীৰাংগনা।
- ১৮৮২ - ৰবাৰ্ট হাচিংছ গ'ডাৰ্ড, এজন আমেৰিকান অভিযন্তা, অধ্যাপক, পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। তেখেতক পৃথিৱীৰ প্ৰথম তৰল-ইন্ধনযুক্ত ৰকেট সৃষ্টি আৰু নিৰ্মাণকৰাৰ কৃতিত্ব দিয়া হয়। (জঃ আগষ্ট ১০, ১৯৪৫)
- ১৯০৩ - মেৰিয়ন কিং হুবাৰ্ট, আমেৰিকান ভূতাত্ত্বিক আৰু ভূ-পদাৰ্থবিজ্ঞানী। তেওঁ 'হুবাৰ্ট পিক থিয়ৰী'ৰ (Hubbert peak theory) বাবে জনাজাত। (জঃ ১১ অক্টোবৰ, ১৯৮৯)
- ১৯২৩ - কৈলাশপতি মিশ্ৰ, এজন ৰাজনীতিবিদ আৰু গুজৰাটৰ ৰাজ্যপাল আছিল।
- ১৯৫২ - ইমৰান খান, পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী।
- ১৯৬৩ - আদিল হুছেইন, অসমৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা।
- ১৯৭৫ - কেট ৱিনস্লেট, ব্ৰিটিছ অভিনেত্ৰী, টাইটানিক আৰু ৰিভলিউচনৰী ৰোড কথাছবিৰ বাবে বিখ্যাত, ইংলেণ্ডৰ বাৰ্কশায়াৰৰ ৰিডিঙত জন্মগ্ৰহণ কৰিছিল।
মৃত্যু
সম্পাদনা কৰক- ৫৭৮ - জাষ্টিন দ্বিতীয়, বাইজেন্টাইন সম্ৰাট। (জন্মঃ ৫২০)
- ১০৫৬ - হেনৰী তৃতীয়, ৰোমান সম্ৰাট। (জন্মঃ ১০১৬)
- ১২৮৫ - ফিলিপ তৃতীয়, ফ্ৰান্স ৰজা।
- ১৮০৫ - লৰ্ড কৰ্ণৱালিছ, ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ দ্বিতীয় গৱৰ্ণৰ আছিল।
- ২০১১ - ষ্টিভ জবছ, তেওঁ এপ'ল আই এন চিৰ অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া (চিইও) আৰু সহ-প্ৰতিষ্ঠাপক আছিল।
দিৱস
সম্পাদনা কৰক- বিশ্ব শিক্ষক দিৱস।
- বিশ্ব মহাকাশ সপ্তাহৰ দ্বিতীয় দিন।(৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৫ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত Archived 2006-11-09 at the Wayback Machine
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা