গোছ ৰোৱা বা ভূঁই ৰোৱা অসমৰ বিভিন্ন অঞ্চলত পালন কৰা এক কৃষিভিত্তিক অনুষ্ঠান বা লোক-উৎসৱ। বাৰিষা কালত পথাৰত একোজন কৃষকৰ বছৰটোৰ প্ৰথম ভূঁই ৰোৱাৰ দিনা এই উৎসৱ পালন কৰা হয়। ই প্ৰকৃততে আহাৰ-শাওণ মাহত শালিধানৰ[1] ন-ভূঁই ৰোৱা বা কঠীয়া ৰোৱা কাৰ্যৰ আনুষ্ঠানিক আৰম্ভণি। আহুধান (বাম মাটিত সিঁচি খেতি কৰা আৰু সোনকালে পকা এজাতি ধান)[2] ফাগুন-চ’তত সিঁচি বাৰিষাৰ আৰম্ভতে কটা হয় বাবে এই ক্ষেত্ৰত গোছ ৰোৱা উৎসৱ পালন কৰা নহয়। কামৰূপত ইয়াক গোছা দিয়া নামেৰে জনা যায়।[1] ইয়াক ভূঁইত ‘গজ’ দিয়া উৎসৱ বুলিও কোৱা হয়। এই উৎসৱ পালন কৰিবলৈ সাধাৰণতে ভাল দিন-বাৰ চাই লোৱা হয়। তাৰ পিছত ভাল ৰাশিৰ লোক এজনৰ হতুৱাই পথাৰত প্ৰথমে কঠীয়া ৰোপণ কৰে। ইয়াকে গোছ দিয়া বুলি কোৱা হয়। অসমৰ তিৱাসকলে বীজ ৰোপন কৰা লোকাচাৰ হিচাপে ছংখং বা জংখং পূজা পালন কৰে৷ তেওঁলোকৰ “মুঠি লোৱা’’ নামে বাও আৰু আহু ধানৰ কঠিয়া সিঁচা পৰ্বত এটা অনুষ্ঠান পাতে৷[3]

ভূঁই ৰোৱা উৎসৱ
আৰম্ভ আহাৰ-শাওণ মাহ
অন্তৰ বাৰ্ষিক
ঠাই অসম
অংশগ্ৰহণকাৰী অসমীয়া কৃষক

ৰীতি-নীতি

সম্পাদনা কৰক

অসমীয়া বৰ্ষপঞ্জী অনুসৰি একোটা মাহত গোছ ৰোৱাৰ নিৰ্দিষ্ট কিছু দিন থাকে। সেই অনুসৰিহে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ই অনুষ্ঠানত পথাৰৰ আলিৰ কোণত আগলতি কলপাতত চাকি-ধূপ জ্বলাই আই লখিমীক সেৱা কৰি ক'লাকচু (দুধকচু) আৰু তৰাগছৰ পুলি এটা ৰোৱাৰ লগতে বাঁহৰ আগলি আৰু নিমগছৰ ডাল একোটা গোঁজ মাৰি দিয়া হয়। ইয়াৰ পিছতেই "গুৰুত লগাম, গোসাঁইত লগাম, বাৰ ভকতক খুৱাম" বা "খোজনীয়া-মগনীয়া, অতিথি, চৰাই চিৰিকটিয়ে খাব পৰাকৈ ভঁড়াল উপচি পৰক" বুলি কৈ সেই কোণতে পাঁচ বা সাত গোছা কঠীয়া ৰোৱে।[1] ৰোৱণীয়ে এই লোকাচাৰৰ পিছতেই ভূঁই ৰোৱা কাৰ্য আৰম্ভ কৰে। ক'লাকচু আৰু তৰাগছ ৰোৱাৰ জৰিয়তে ধান কচুৰ দৰে ফেৰ মেলি আৰু তৰাগছৰ দৰে লহপহকৈ বাঢ়িবলৈ কামনা কৰা হয়। বাঁহৰ আগলিটো চৰাই আদি বহি অপকাৰী কীট-পতংগ খাবলৈ বুলি দিয়া হয়। নিমগছৰ ডালেও এনে পতংগ দূৰ কৰিব বুলি আশা কৰা হয়। সেইদিনা ঘৰৰ গৰুহালৰ শিঙত তেল ঘঁহাৰ লগতে ভঁড়ালঘৰত এখনি শৰাই আগবঢ়োৱা হয়। ইয়াৰ লগতে হালোৱা আৰু ৰোৱণীসকলকো জা-জলপানেৰে আপ্যায়িত কৰা হয়। অসমৰ বহু ঠাইত গৃহস্থই সেইদিনা আমিষ আহাৰ গ্ৰহণ নকৰে। উক্ত দিনাখন গৃহস্থৰ ঘৰত কচুৰ ব্যঞ্জন খোৱাটো নিয়ম।[1]

নামনি অসমৰ ৰীতি-নীতি

সম্পাদনা কৰক

কামৰূপ জিলাত গছ দিয়াৰ আগতে কেইটামান নিয়ম পালন কৰা হয়। প্ৰথমতে লোকজনে গা-মূৰ ধুই শুদ্ধ মনে এই কাৰ্য সমাপণ কৰিবলৈ আগবাঢ়ে। তাৰপিছত তেওঁ আই লখিমীলৈ বুলি চাকি-বন্তি জ্বলাই সেৱা জনায়। নিজ হাতেৰে কঠীয়ালতীৰপৰা তিনিমুঠি কঠীয়া তোলে। এই নিয়ম বজালী অঞ্চলত আইতাসকলৰ মাজত আজিও প্ৰচলিত। তোলা কঠীয়াখিনি এটা দোণত ভৰাই লয় আৰু দোণটো মূৰত তুলি ভূঁইতলীলৈ নিয়ে। ভূঁইতলীত পুনৰ এবাৰ সেৱা জনোৱা হয়। পিছত সোঁহাতেৰে কঠীয়াখিনি তুলি বাওঁহাতেৰে এটা ত্ৰিভুজ আকৃতিৰে তিনিমুঠি কঠীয়া ৰুব লাগে। সাধাৰণতে পূব মূৱাকৈ আৰু একে উশাহতে এই কাৰ্য সমাধা কৰিব লাগে। আৰু এনেদৰে তিনিমুঠি একে উশাহতে ৰুৱাকে গছ দিয়া বুলি কোৱা হয়। কথিত আছে যে এনেদৰে গছ দিয়াৰ আগতে পথাৰত কঠীয়া ৰুব নাপায়। তাকে কৰিলে আই লখিমী অসন্তুষ্ট হ’ব বুলি জনমানসত বিশ্বাস আছে। ভূঁইত গছ দিয়াৰ পিছত লোকজনে ঘৰলৈ আহি তুলসী তলত চাকি-বন্তি জ্বলাই শৰাই আগবঢ়ায়, ভঁৰাল আদিতো চাকি জ্বলায়। দুপৰীয়া দুধ কচু আৰু গঞ্ছনা ব্যঞ্জনেৰে আহাৰ গ্ৰহণ কৰাটো নিয়ম। এনেদৰে আহাৰ গ্ৰহণ কৰিলে কঠীয়াবোৰ দুধকচুৰ দৰে শকত আৰু গঞ্ছনাৰ দৰে টান হয় বুলি বিশ্বাস কৰে। কাৰণ গঞ্ছনাৰ দৰে টান হ’লে প্ৰাকৃতিক দুৰ্যোগ আহিলেও ধানৰ গছে এই দুৰ্যোগৰপৰা পৰিত্ৰাণ পাব। আনাহাতে গছ দিয়া লোকজন গছ দি শুব নাপায়। কাৰণ এনে কৰিলে গছবোৰ বাগৰি পৰিব বুলিও বিশ্বাস কৰে। এনেদৰে নিয়ম নীতিৰে কামৰূপত গছ দিয়া বা ভূঁই ৰোৱা উৎসৱ পালন কৰা হয়। নলবাৰী জিলাতো এই উৎসৱ পাালন কৰা হয়। এই উৎসৱৰ লগত অঞ্চলটোত অনেক লোকবিশ্বাস জড়িত হৈ আছে।

আহোমসকলৰ লোকাচাৰ

সম্পাদনা কৰক

আহোম জনগোষ্ঠীৰ লোকসকলে গোছ ৰোৱাৰ দিনা এযোৰ আগলি কলপাত, থোপাথোপে লগা ফলৰ গছৰ গুটি থকা ডাল একোটা, মাটি কঁঠাল, কঁঠাল, মধুৰী, ভীমকল, টেঙা, কচুগছ আৰু তৰাগছ, থুৰীয়া তামোল আৰু এটা শিল পাচি বা খৰাহি এটাত লয়। ঘৰৰ মূল ৰোৱনী বা গৃহস্থজন গৈ পথাৰৰ এচুকত কলপাতত এই নৈৱেদ্যসমূহ সজাই কচু আৰু তৰাগছ দুজোপা ৰোৱে। তেৱেঁই কঠীয়া দুগোছামান ৰুই আই লখিমীক তৰাণি বা কচুৱনিৰ দৰে ঘন আৰু লমালমে লগা ফলৰ দৰে শইচেৰে পথাৰ নদন-বদন হ'বলৈ প্ৰাৰ্থনা জনায়। ইয়াৰ পিছত বাকীবিলাক ৰোৱনীয়ে ভূঁই ৰোৱা কাৰ্য চলাই নিয়ে। পৰম্পৰা অনুযায়ী সেইদিনা বৰা চাউলৰ টোপোলা ভাত, কোমোৰাৰ সতে হাঁহৰ মাংসৰ আঞ্জা আৰু লাওপানী খোৱাৰ নিয়ম।[4]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 ড° নাৰায়ণ দাস. "গোছ ৰোৱা বা ভূঁই ৰোৱা উৎসৱ". as.vikaspedia.in. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/99799b-9f09f19be-9ac9be-9ad9c2981987-9f09f19be-9899ce9b89f1। আহৰণ কৰা হৈছে: 23 February 2022. 
  2. "আহু ধান". xobdo.org. http://xobdo.org/dic/। আহৰণ কৰা হৈছে: 23 February 2022. 
  3. বৰা, ড° ভদ্ৰ কান্ত (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃষ্ঠা. ৭. ISBN 978-81-928310-0-8. 
  4. পদ্মজা বৰুৱা মহন (July 19, 2019). "চহা সমাজ জীৱনৰ গোছ লোৱা পৰম্পৰা". xahitya.org. https://xahitya.org/%E0%A6%9A%E0%A6%B9%E0%A6%BE-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C-%E0%A6%9C%E0%A7%80%E0%A7%B1%E0%A6%A8%E0%A7%B0-%E0%A6%97%E0%A7%8B%E0%A6%9B-%E0%A6%B2%E0%A7%8B%E0%A7%B1%E0%A6%BE-%E0%A6%AA%E0%A7%B0/। আহৰণ কৰা হৈছে: 23 February 2022.