মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ (গ্ৰন্থ)
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ(ইংৰাজী: Moi Val Hikhyak Hobo Nuarilu) হৈছে অসমীয়া সাহিত্যিক, শিক্ষাবিদ মইনা গোস্বামীয়ে ৰচনা কৰা এখন প্ৰবন্ধ আৰু উপন্যাসৰ সমন্বয়পূৰ্ণ গ্ৰন্থ। পৰম্পৰাগত আসোঁৱাহযুক্ত শিক্ষা ব্যৱস্থাৰ বিকল্প পদ্ধতি এটাৰে কৰা বিদ্যালয় এখনৰ বৰ্ণনা কৰা হৈছে কিতাপখনত।[1][2] প্ৰবন্ধ আৰু উপন্যাস দুয়োবিধৰ ছাঁ থকাৰ বিষয়ে লেখকে 'আত্মকথা' শীৰ্ষক কলমত লিখিছে, "কথাবোৰ লিখি গ'লে এখন ৰচনা হ'ব। ৰচনাখন শেষ কৰি পঢ়িব পৰাকৈ সোৱাদ ল'গা হ'ব জানো? এতেকে অকণমান উপন্যাসৰ কৌশল ল'ব লাগিব।" কিতাপখনৰ প্ৰাক্-কথন লিখিছে ড° পৰমানন্দ মহন্ত আৰু ড° অৰ্পনা মহন্তই।আঁক-বাঁক প্ৰকাশনে ২০১৩ চনৰ জানুৱাৰী মাহত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা কিতাপখনৰ একেটা বছৰৰে ডিচেম্বৰ মাহলৈ দ্বিতীয় সংস্কৰণ প্ৰকাশ হয়। ২০১৭ চনৰ জানুৱাৰী মাহত তৃতীয় সংস্কৰণ প্ৰকাশ পোৱা ৯৬ পৃষ্ঠাৰ কিতাপখনৰ মূল্য ১১০ টকা। তৃতীয় সংস্কৰণত অশ্বিনী কলিতাৰ "'মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ'ৰ পাণ্ডুলিপি পঢ়ি" শিৰোনামেৰে এটি আলোচনা সন্নিৱিষ্ট কৰা হৈছে। "শিক্ষাৰ স'তে জড়িত সহৃদয় সতীৰ্থ, শ্ৰদ্ধেয় অভিভাৱক আৰু হেঁপাহৰ ছাত্ৰ-ছাত্ৰীসকলৰ হাতত" লেখকে কিতাপখন আগবঢ়াইছে।[3]
মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ | |
---|---|
লেখক | মইনা গোস্বামী |
প্ৰচ্ছদ শিল্পী | উপমা বৰদলৈ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বিষয় | শিক্ষামূলক |
প্ৰকাৰ | প্ৰবন্ধ আৰু উপন্যাসৰ সমন্বয় |
প্ৰকাশক | আঁক-বাঁক |
প্ৰকাশ | জানুৱাৰী, ২০১৩ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ৯৬ |
আই.এচ.বি.এন. | 978-93-82726-16-6 |
বিৱৰণ
সম্পাদনা কৰককিতাপখনৰ প্ৰাক্-কথনত ড° পৰমানন্দ মহন্ত আৰু ড° অৰ্পনা মহন্তই লিখিছে, "শিক্ষাৰ প্ৰকৃত উদ্দেশ্য যে শিশুৰ মানৱীয় গুণবোৰ বিকশাই ছাত্ৰ-ছাত্ৰীক 'সামাজিক সম্পদ' হিচাপে গঢ়ি তোলা, এই বিষয়ে শ্ৰীগোস্বামী সজাগ। তেখেতে অনুভৱ কৰে যে, প্ৰতিজন শিক্ষকেই শিক্ষকতাৰ মাজেৰে 'নিজকে পূৰ্ণ মানুহ হোৱাৰ অনুশীলন' কৰিব পাৰে।"[3]
"সত্যকাম , তোলৈ এতিয়া বৰকৈ মনত পৰিছে । বুজা বুলি ভাবিছিলোঁ যদিও তোৰ প্ৰশ্নময় জীৱনটো আচলতে বুজা নাছিলোঁ। ৰোমাণ্টিক জীৱনৰ অযথা প্ৰশ্ন বুলি তোৰ চকু -মুখত বিয়পি থকা প্ৰশ্নবোৰ একাষৰীয়া কৰি মই জীৱনৰ বাট বুলিছিলোঁ। তই সুধিছিলি মোক , নিস্প্ৰাণ কাঠ বা শিল কাটি শিল্পীয়ে একোটা যেন জীৱন্ত মূৰ্তি নিৰ্মান কৰে । তোৰ সন্মুখৰ ছাত্ৰ-ছাত্ৰীসকল টো পুতলা নহয় ,তেওঁলোকৰ চকু-মুখত কিয় আকি দিব নোৱাৰি উচ্চতৰ মানৱীয় আকংক্ষা । তই কৈছিলি সত্যকাম , - " A school can create a hunger for knowledge , A school can create a thirst for changing the society."..." এয়া গ্ৰন্থখনৰ আৰম্ভণিৰ প্ৰথম পৃষ্ঠাৰ চমু অৱলোকন ।[1][3] এই গ্ৰন্থখনৰ আলোক নামৰ শিক্ষকজনে জীৱনৰ পৈণত বয়সত বুজি পালে যে , শিক্ষকতা কেৱল শ্ৰেণীকোঠাৰ পেছাই নহয় ই এক স্ব আৰোপিত দায়িত্বও। মানুহৰ বাসোপযোগী সমাজ গঢ়াৰ বাবে শিক্ষকতা এক জীৱনাদৰ্শ , এক মহৎ জীৱনবোধ।[1]
লেখকৰ চমু পৰিচয়
সম্পাদনা কৰকমইনা গোস্বামী হৈছে অসমৰ এজন বিশিষ্ট চিন্তাবিদ, লেখক আৰু নাট্যকাৰ ।[4] সুলেখক মইনা গোস্বামী দীৰ্ঘদিন ধৰি শিক্ষকতাৰ লগত জড়িত । শিক্ষকতাৰ কালছোৱাত তেখেতে অৰ্জন কৰিছিল বিচিত্ৰ-বৰ্ণিল অভিজ্ঞতা আৰু উপলব্ধি৷ [2]তেওঁ সচেতন সতীৰ্থ আৰু কঠীয়া আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত। কেইবাখনো নাটক, শিশুগ্ৰন্থকে ধৰি তেওঁৰ মুঠ প্ৰকাশিত গ্ৰন্থ চৈধ্যখন। সংস্কৃতি মানুহৰ সংগ্ৰামৰ অস্ত্ৰ, গণবোধ সৃষ্টিৰ অমোঘ মন্ত্ৰ, মোক বন্ধু কৰি লোৱা, সূৰ্য এদিন সকলোৰে বাবে উদয় হ'ব আদি তেওঁৰ কেইখনমান গ্ৰন্থ। [3]
তথ্যৰ উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 জিন্তী বড়া. "মই ভাল শিক্ষক হ'ব নোৱাৰিলো". অসমীয়া সাহিত্যৰ চানেকি. https://www.axomiyahahitiyarsaneki.com/2020/12/blog-post_481.html.
- ↑ 2.0 2.1 ঈশান (৬ জুলাই,২০২১). "মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ". you tube. কথাবৃক্ষ- Books, Movies and Thoughts. https://www.youtube.com/embed/JMT9OX4BDms। আহৰণ কৰা হৈছে: 29 July 2021.
- ↑ 3.0 3.1 3.2 3.3 মইনা গোস্বামী (জানুৱাৰী,২০১৩). মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ. আঁক-বাঁক. ISBN 978-93-82726-16-6.
- ↑ মইনা গোস্বামী. মই ভাল দেউতা হ'ব নোৱাৰিলো. আঁক-বাঁক. ISBN 978-93-90610-18-1.