মহম্মদ পিয়াৰ
মহম্মদ পিয়াৰ (ইংৰাজী: Mahammad Piar; ১৯২৩- ২০০৮) অসমৰ এগৰাকী শিক্ষাবিদ, কবি আৰু ঔপন্যাসিক।[1] কুৰি শতিকাৰ ৫০ জন ঔপন্যাসিকৰ ভিতৰত পিয়াৰক স্থান দিয়া হয়।[2] সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে পিয়াৰে তেওঁৰ প্ৰথমখন কাব্য সংকলন আৰু নৱম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁৰ প্ৰথমখন উপন্যাস ‘প্ৰীতি-উপহাৰ’ লিখি উলিয়াইছিল। পিয়াৰে তেওঁৰ জীৱনকালত তিনিখন কাব্য-সংকলন, আঠখন উপন্যাস, ৰাজনীতি আৰু ধৰ্ম বিষয়ক কেইবাখনো গ্ৰন্থৰ উপৰি অনুবাদ গ্ৰন্থও লিখিছে।[2]তেওঁ এগৰাকী আদৰ্শ শিক্ষক আছিল।[3]
মহম্মদ পিয়াৰ | |
---|---|
জন্ম | ১৫ এপ্ৰিল, ১৯২৩ দফলাটিং চাহবাগিচা, যোৰহাট, অসম |
মৃত্যু | ৫ মে’, ২০০৮ |
পেচা | কবি, ঔপন্যাসিক, শিক্ষক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ধৰণ | সাহিত্য |
দাম্পত্যসংগী | আলিমুন্নিছা পিয়াৰ |
সংক্ষিপ্ত জীৱনী
সম্পাদনা কৰক১৯২৩ চনৰ ১৫ এপ্ৰিল তাৰিখে যোৰহাটৰ দফলাটিং চাহ বাগিচাত মহম্মদ পিয়াৰৰ জন্ম হয়। তেওঁৰ মাতৃৰ নাম জুবেদা খাতুন আৰু দেউতাকৰ নাম মৰহুম পিয়াৰ।[3] পিয়াৰৰ পূৰ্বপুৰুষ আছিল হাজোৰ। সৰুতেই পিতৃ-মাতৃহাৰা হোৱা পিয়াৰৰ পঢ়া-শুনাৰ দায়িত্ব লৈছিল যোৰহাটৰ ৰবীন বৰুৱা নামৰ এগৰাকী সৰবৰহী ব্যক্তিয়ে। পিয়াৰৰ সপ্তম শ্ৰেণীৰ পৰা স্নাতকলৈ পঢ়াৰ সমুদায় খৰছ ৰবীন বৰুৱাই বহন কৰিছিল।[3] পিয়াৰ পঢ়া-শুনাত ভাল আছিল। প্ৰাথমিক স্কুলৰ পৰীক্ষাত শিৱসাগৰ জিলাৰ ভিতৰত প্ৰথম হৈ তেওঁ তিনিটকীয়া ছাত্ৰ-বৃত্তি লাভ কৰিছিল। ১৯৪৬ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হৈ কটন কলেজত ভৰ্তি হয়। ইয়াৰ পৰাই তেওঁ ১৯৪৮ চনত আই এ পাছ কৰে আৰু ১৯৫০ চনত কটন কলেজৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে।[2][1] কটনত পঢ়ি থকা সময়তে, ১৯৪৮ চনত, পিয়াৰ মহাবিদ্যালয়ৰ সাহিত্যালোচনী কটনিয়ানৰ সম্পাদক আছিল।
দ্য আসাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ ‘সাহিত্য প্ৰকাশ’ৰ মেনেজাৰ ৰূপে পিয়াৰৰ কৰ্মজীৱন আৰম্ভ হয়। তাৰ পিছত তেওঁ কংগ্ৰেছ কাকতৰ দায়িত্বভাৰ লয়। ১৯৫৩ চনত তেওঁ সোণাৰাম হাইস্কুলত শিক্ষক ৰূপে যোগদান কৰে আৰু কিছু বছৰৰ পাছতে উপাধ্যক্ষ পদ পায়। এই স্কুলৰ পৰাই তেওঁ ১৯৮৮ চনত অৱসৰ গ্ৰহণ কৰে। ১৯৫২ চনত আলিমুন নিছা পিয়াৰৰ সৈতে মহম্মদ পিয়াৰ বিবাহপাশত আৱদ্ধ হৈছিল। আলিমুন নিছা পিয়াৰো অসমীয়া ভাষাৰ এগৰাকী লেখিকা আৰু বিদুষী মহিলা আছিল। [3] পিয়াৰ দম্পত্তি দুগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ।
সৰুৰেপৰাই লেখা-মেলাৰ প্ৰতি পিয়াৰৰ ধাউতি আছিল। যোৰহাট চৰকাৰী হাইস্কুলত পঢ়ি থকা সময়তে স্কুলৰ বাৰ্ষিক আলোচনী ‘জেউতি’ত তেওঁ ‘কুলি’ নামৰ এটি কবিতা লিখিছিল। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁৰ প্ৰথমখন কবিতা পুথি ‘প্ৰণয়-গীতি’ (১৯৪২) প্ৰকাশ পায়।[3] নৱম/দশম শ্ৰেণীত পঢ়ি থাকোঁতে ‘প্ৰীতি-উপহাৰ’ নাম দি পিয়াৰে জীৱনৰ প্ৰথমখন উপন্যাস লিখি উলিয়াইছিল। উপন্যাসখন ১৯৪৮ চনত প্ৰকাশ হয়।
পিয়াৰে ৰচনা কৰা গ্ৰন্থ কেইখন হ’ল;
|
|
সমালোচনা
সম্পাদনা কৰকমহম্মদ পিয়াৰ অসমীয়া উপন্যাস সাহিত্যৰ জনপ্ৰিয় ধাৰাটোৰ এগৰাকী উল্লেখযোগ্য ঔপন্যাসিক আছিল। যুদ্ধোত্তৰ কালৰ, অৰ্থাৎ ১৯৪৭-৫০ চন মানৰ পৰা অসমীয়া গল্প আৰু উপন্যাস সাহিত্যত এক নৱজাগৰণে দেখা দিছিল। এই জাগৰণ আনোঁতা সকলৰ ভিতৰত প্ৰথমগৰাকীয়ে আছিল মহম্মদ পিয়াৰ। সামাজিক পটভূমিত ৰচিত তেওঁৰ উপন্যাসমূহ আছিল ৰোমণ্টিক কল্পনাধৰ্মী । মানুহৰ সুখ-দুখ, আৱেগ-অনুভূতি, আশা-আকাংক্ষাৰ উপৰিও পিয়াৰৰ উপন্যাসত বৰ্ণিত হৈছিল নৰ-নাৰীৰ বৈচিত্ৰ্য়ময় সম্পৰ্ক ।[2] দেশৰ আৰ্থিক সমস্যা, হিন্দু-মুছলমানৰ মিলা-প্ৰীতিৰ আদৰ্শ, দ্বিতীয় মহাসমৰৰ কুফলত হোৱা মানুহৰ নৈতিক অধঃপতন আদি তেওঁৰ উপন্যাসত ইমান সহজ-সৰলকৈ বৰ্ণিত হৈছিল যে, সাধাৰণ পঢ়ুৱৈয়ে অতি সহজে তেওঁৰ উপন্যাসৰ চৰিত্ৰ সমূহৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰিছিল।[4]মহম্মদ পিয়াৰৰ কবিতাসমূহত সংগ্ৰামী সত্তাৰ প্ৰয়োগ দেখা যায়।[3]
মৃত্যু
সম্পাদনা কৰক২০০৮ চনৰ ৫ মে’ তাৰিখে মহম্মদ পিয়াৰৰ মৃত্যু হয়।[1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 শান্তনু কৌশিক বৰুৱা (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৯০৩. ISBN 978-93-81485-82-8.
- ↑ 2.0 2.1 2.2 2.3 সম্পাদক : শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ২৪৭. ISBN 81-89148-14-1.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 গুণমণি হালৈ (২০১৪). "মহম্মদ পিয়াৰৰ জীৱন আৰু সাহিত্যকৃতি : এটি পৰ্যালোচনা". পি এইচ ডি ডিগ্ৰীৰ গৱেষণা পত্ৰ. https://shodhganga.inflibnet.ac.in/bitstream/10603/95331/6/06_chapter%201.pdf। আহৰণ কৰা হৈছে: ৫ জুলাই, ২০২২.
- ↑ ডক্টৰ হেমন্ত কুমাৰ শৰ্মা. অসমীয়া সাহিত্যত দৃষ্টিপাত.