মাধৱ থান
শ্ৰী শ্ৰী মাধৱ থান অসমৰ এখন ধৰ্মস্থান। ই নগাওঁ জিলাৰ কামপুৰ নগৰৰ পৰা প্ৰায় ১২ কিঃমিঃ দক্ষিণে মাধৱপাৰা পাহাৰৰ ওচৰত লাংপি (কাৰ্বি), চীনা বা বৰাপানী নদীৰ পাৰত অৱস্থিত। কিংবদন্তিমতে এই স্থানত শ্ৰীকৃষ্ণ (মাধব) আৰু অৰ্জুনে এবাৰ জিৰণি লৈছিল।[1] এই থান প্ৰকৃততে চাৰিখন থানৰ সমষ্টি - মাধব থান, বিষ্ণু থান, গণেশ থান আৰু শিৱ থান। কামপুৰ-বৈঠালাংছ' সংযোগী গড়কাপ্তানী পথৰ জৰিয়তে থানলৈ যাতায়াতৰ সুবিধা আছে।
শ্ৰী শ্ৰী মাধৱ থান | |
---|---|
শ্ৰীশ্ৰী মাধব থান | |
ভূ-স্থানাংক | 26°12′N 92°38′E / 26.20°N 92.63°E |
নাম | |
অন্য নাম | শ্ৰীশ্ৰী মাধৱ থান, বিষ্ণু থান ও গণেশ থান |
সংস্কৃত লিপ্যান্তৰ | श्रीश्री माधव थान |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | নগাঁও জিলা |
এলেকা | কামপুৰ |
স্থাপত্য আৰু সংস্কৃতি | |
মুখ্য দেৱ/ দেৱী | মাধৱ, শিৱ আৰু গনেশ |
প্ৰধান উৎসৱ | অশুকষ্টমি মেলা, ৰাস, শংকৰ আৰু মাধৱ দেৱৰ তিথি, জন্মাষ্টমী, দৌলযাত্ৰা |
মন্দিৰৰ সংখ্যা | 8 (চাৰি) |
ইতিহাস
সম্পাদনা কৰকইতিহাস অনুসৰি মহাভাৰতত উল্লেখিত কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত পঞ্চ-পাণ্ডৱে অশ্বমেধ যজ্ঞ পাতি নিজৰ ক্ষমতা প্ৰতিপন্ন কৰিবলৈ যজ্ঞৰ ঘোঁৰা এৰিছিল । সেই যজ্ঞৰ ঘোঁৰা আহি প্ৰমীলা ৰাজ্যত প্ৰৱেশ কৰাত, প্ৰমীলা ৰাজ্যৰ ৰানী প্ৰমীলাই ঘোঁৰা আবদ্ধ কৰিছিল । ফলত অৰ্জুনে ঘোঁৰা এৰিদিবলৈ কোৱাত ৰানী প্ৰমীলা অমান্তি হয় । আৰু কোনো পধ্যেই ঘোঁৰা আনিব নোৱাৰি অৰ্জনে তেওঁৰ সখা মাধৱ(কৃষ্ণ)ৰ পৰামৰ্শ বিচৰাত মাধৱ নিজে আহি প্ৰমীলা ৰাজ্যৰ পূৰ্ব প্ৰন্তত থকা বৰপানী নৈৰ পাৰৰ পাহাৰত বহি দুয়োৰে যুদ্ধৰ মিমাংসা কৰি দি, প্ৰমীলা-অৰ্জুনৰ মিলন ঘটাই যুদ্ধৰ ঘোঁৰা মুকলি কৰিছিল। মাধৱ আহি যি ঠাইত জিৰণি লৈ প্ৰমীলা-অৰ্জুনৰ বিবাদৰ মীমাংসা কৰি দুয়োৰে মিলন ঘটাইছিল সেই ঠায়ে পৰবৰ্তী কালত মাধৱ থান আৰু পাহাৰটো মাধৱ পাহাৰ হল বুলি জনশ্ৰুতি আছে। আন এক কিংবদন্তী মতে সত্য যোগত অগস্ত্য মুনিয়ে দক্ষিণা পথত আৰু সমসাময়িক “বিদেঘ্ মাধৱে” পূৱ ফালে হিন্দুধৰ্ম প্ৰচাৰ কৰিছিল। বিদেঘ্ মাধৱে আহি পূৱদেশৰ চীন বা বৰপানী নদীৰ পাৰত যিটো পাহাৰত আশ্ৰম পাতি আৰ্য্যধৰ্ম প্ৰসাৰত মনোনিবেশ কৰিছিল সেই ঠায়েই পিছলৈ মাধৱ পাৰা নামে জনাজাত হয়।[2]
বৰ্তমান লংকা অঞ্চলটোক ডিমাছা কছাৰি সকলে “ডেমব্ৰা” বা “ডেমেৰা” বুলি কয়। এই ডেমেৰা অঞ্চলত ৰাজত্ব কৰা “বৰাহু বিষ্ণু”ৰ সেৱক মহামানিক্য বা মহামানিফা ৰজাই উত্তৰ-পূব ভাৰতৰ সংযোগী “থলুৱা অসমীয়া ভাষা”ত বাল্মিকীৰ সংস্কৃত “ৰামায়ণ” খন মাধৱ কন্দলীৰ দ্বাৰা অনুবাদ কৰাইছিল। এই মাধৱ পাহাৰৰ নামনিত আশ্ৰম পাতি ৰামায়ণৰ অনুবাদ কৰিছিল বুলিও জনশ্ৰুতি আছে।[3]
পাদটীকা
সম্পাদনা কৰক- ↑ সুবোধ চন্দ্ৰ মজুমদাৰ সম্পাদিত “কাশীদাশী মহাভাৰত” ত প্ৰমীলা ৰাজ্যৰ উল্লেখ আছে (পৃঃ ৯৮১) এই প্ৰমীলা ৰাজ্যই বৰ্তমানৰ মাধৱপাৰাৰ সমীপৱৰ্তী “প্ৰমীলা” অঞ্চল বুলি কিংবদন্তী আছে। ভগৱান মাধৱ (শ্ৰীকৃষ্ণ) আৰু অৰ্জুনে জিৰনি লোৱা ঠাই খিনিতেই পৰবৰ্তী কালত মাধৱ (শ্ৰীকৃষ্ণ) থান গঢ়ি উঠিল বুলি জনশ্ৰুতি আছে।
- ↑ শ্ৰী শ্ৰী মাধৱ থানৰ ইতিবৃত্তৰ পৰা সংগ্ৰহিত।
- ↑ শ্ৰী খগেৰ্শ্বৰ বৰা সম্পাদিত 'প্ৰমীলা' আলোচনীত।