১৫ ফেব্ৰুৱাৰী
তাৰিখ
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | |||||
২০২২ |
১৫ ফেব্ৰুৱাৰী (ইংৰাজী: 15 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৬তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৯টা দিন (অধিবৰ্ষত ৩২০ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনাসম্পাদনা কৰক
- ১৮৭৯ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত মহিলা আইনজীৱিসকলে প্ৰথম প্ৰৱেশৰ অনুমতি লাভ কৰে।
- ১৯০৩ - মৰিছ মিচটমে নিজৰ দোকানত নিজৰ হাতৰে টেডি বিয়েৰ পুতলা নিৰ্মাণ কৰে আৰু কম সময়ৰ ভিতৰতে পৃথিৱীজুৰি অতি জনপ্ৰিয় হৈ উঠে।
জন্মসম্পাদনা কৰক
- ১৫৬৪ চনত "আধুনিক বিজ্ঞান চৰ্চাৰ পিতৃস্বৰূপ" গেলিলিঅ’ গেলিলিৰ জন্ম (মৃত্যু – ৮ জানুৱাৰী ১৬৪২)। তেওঁ ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল। ১৬০৯ চনত উন্নত ধৰণৰ দূৰবীক্ষণ যন্ত্ৰ নিৰ্মাণ আৰু জ্যোতিৰ্বিদ্যাত এই যন্ত্ৰৰ সাৰ্থক প্ৰয়োগ কৰে। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত তেওঁ বৃহস্পতি গ্ৰহৰ চাৰিটা উপগ্ৰহ আৱিষ্কাৰ কৰে। ১৬১০ চনত তেওঁ শনিৰ বলয় আৱিষ্কাৰ কৰে। উল্লেখযোগ্য যে তেওঁ চন্দ্ৰ কলংকৰো আৱিষ্কাৰ কৰিছিল। সেই সময়ৰ বিশ্বাস আছিল যে সূৰ্য্য পৃথিৱীৰ চাৰিওফালে ঘূৰে কিন্তু গেলিলিও প্ৰথমে তাৰ বিপৰীতে পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ঘূৰে এই কথা ঘোষণা কৰাৰ কাৰণে তেওঁক নাস্তিকতাৰ দোষত মৃত্যুদণ্ড দিয়া হয়।
মৃত্যুসম্পাদনা কৰক
- ১৯৩৬ চনৰ এই দিনটোতে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ মৃত্যু হয়।
- ১৯৪৮ চনত হিন্দী সাহিত্যৰ প্ৰসিদ্ধ কবি সুভদ্ৰা কুমাৰী চৌহানৰ মৃত্যু হয় (জন্ম 16 আগষ্ট ১৯০৪)।
- ১৮৬৯ চনত মিৰ্জা গালিবৰ মৃত্যু (জন্ম ২৭ ডিচেম্বৰ ১৭৯৭)।
- অসমৰ বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ মৃত্যু ।