মুহাম্মদ ইউনুছ
মুহাম্মদ ইউনুছ (জন্ম: ২৮ জুন, ১৯৪০) এজন বাংলাদেশী ন'বেল বঁটা বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ এজন অধ্যাপক। তেওঁ ক্ষুদ্ৰঋণ ধাৰণাৰ প্ৰৱৰ্তক। অধ্যাপক ইউনুছ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা। মুহাম্মদ ইউনুছ আৰু তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত শান্তিৰ ন'বেল বঁটা লাভ কৰে। তেওঁ প্ৰথম বাংলাদেশী হিচাপে এই বঁটা লাভ কৰে। ইউনুছ 'বিশ্ব খাদ্য বঁটা' সহ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে।
মুহাম্মদ ইউনুছ | |
---|---|
ছুইজাৰলেণ্ডৰ ডেভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক ফৰামত মুহাম্মদ ইউনুছ, ২৫ জানুৱাৰী ২০১২ | |
জন্ম | ২৮ জুন, ১৯৪০ (৮৪ বছৰ) চট্টগ্ৰাম, বাংলাদেশ |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
নাগৰিকত্ব | বাংলাদেশ |
শিক্ষানুষ্ঠান | ঢাকা বিশ্ববিদ্যালয় কলোৰাডো বিশ্ববিদ্যালয় ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয় |
পেচা | বেংকাৰ অৰ্থনীতিবিদ |
ধৰ্ম | ইছলাম |
দাম্পত্যসঙ্গী | ভেৰা ফৰোষ্টেনকো (১৯৭০-১৯৭৯) আফৰোজী ইউনুছ (বৰ্তমান) |
সন্তান | ২ |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
স্বাক্ষৰ | |
২০১২ চনত ইউনুছ স্কটলেণ্ডৰ গ্লাছগো কেলেডোনিয়ান বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ নিযুক্ত হয় আৰু ২০১৮ চনলৈকে এই পদত অধিষ্ঠিত হৈ থাকে।[2] ইয়াৰ পূৰ্বে তেওঁ বাংলাদেশৰ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ অধ্যাপক আছিল।[3] বিত্তৰ সৈতে জড়িত কেইবাখনো গ্ৰন্থ তেওঁ প্ৰকাশ কৰিছিল। তেওঁ ক্ষুদ্ৰঋণক সমৰ্থন কৰা গ্ৰামীন আমেৰিকা আৰু গ্ৰামীন ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ব'ৰ্ড সদস্য।[4] ইউনুছে ১৯৯৮ চনৰ পৰা ২০২১ চনলৈকে ৰাষ্ট্ৰসংঘৰ কাৰ্যাৱলীৰ সৈতে সংপৃক্ত ৰাজহুৱা দাতব্য সংস্থা- ‘ইউনাইটে়ড নেচনচ্ ফাউণ্ডেশ্যন’ৰ ব’ৰ্ড অফ ডিৰেক্টৰচতো কাৰ্যনিৰ্বাহ কৰিছিল। ২০২২ চনত তেওঁ গ্ল'বেল ইস্প'ৰ্টছ ফেডাৰেচনৰ সৈতে অংশীদাৰিত্বৰে উন্নয়ন আন্দোলনৰ বাবে ইস্প'ৰ্টছ নিৰ্মাণ কৰে।[5]
২০২৪ চনৰ ৬ আগষ্টত বাংলাদেশৰ সংসদ ভংগ কৰাৰ পিছত ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পিছত ছাত্ৰসকলৰ দাবীত ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ মনোনীত কৰে।[6] ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি গণ্য কৰা শ্ৰম সংহিতা উলংঘাৰ অভিযোগৰ পৰা পিছদিনা আপীলত তেওঁক দোষমুক্ত কৰা হয় আৰু যাৰ বাবে ফ্ৰান্সৰ পৰা দেশলৈ ঘূৰি অহা আৰু চৰকাৰৰ মুৰব্বী হিচাপে নিযুক্ত হোৱাৰ বাট মুকলি হয়।[7] ২০২৪ চনৰ ৮ আগষ্টত তেওঁ বাংলাদেশ গণৰাজ্যৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে এই পদ গ্ৰহণ কৰে।[8][9]
পৰিয়াল আৰু শৈশৱ
সম্পাদনা কৰকমুহাম্মদ ইউনুছ ১৯৪০ চনত চট্টগ্ৰাম জিলাৰ হাটহাজাৰী উপ জিলাৰ বাথুয়া গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁ চট্টগ্ৰাম কলেজিয়েট স্কুল আৰু চট্টগ্ৰাম কলেজ শিক্ষা গ্ৰহণ কৰে। তেওঁৰ পিতাৰ নাম হাজী দুলা মিয়া সদাগৰ আৰু মাতাৰ নাম চুফিয়া খাতুন। তেওঁৰ প্ৰথম বিদ্যালয় মহাজন ফকিৰৰ স্কুল। সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়ত তেওঁ বয়েজ স্কাউটত যোগ দিয়ে আৰু বয়েজ স্কাউটৰ ফালৰ পৰা মাত্ৰ ১৫ বছৰ বয়সত যুক্তৰাষ্ট্ৰ, কানাডাসহ এছিয়া আৰু ইউৰোপৰ বিভিন্ন দেশ ভ্ৰমণ কৰে।
মুহাম্মদ ইউনুছৰ সহধৰ্মিনী আফৰোজী ইউনুছ। ব্যক্তিগত জীৱনত মুহাম্মদ ইউনুছ দুই কন্যাৰ পিতা। মুহাম্মদ ইউনুছৰ ভায়েক মুহাম্মদ ইব্ৰাহিম ঢাকা বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক আৰু সৰু ভায়েক মুহাম্মদ জাহাঙ্গীৰ এজন জনপ্ৰিয় টিভি ব্যক্তিত্ব।
শিক্ষা আৰু প্ৰাথমিক কৰ্মজীৱন
সম্পাদনা কৰকচট্টগ্ৰাম কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুহাম্মদ ইউনুছ মেধা তালিকাত ১৬তম স্থান অধিকৰ কৰে আৰু চট্টগ্ৰাম কলেজত নামভৰ্তি কৰে। তাত তেওঁ সাংস্কৃতিক আৰু ৰাজনৈতিক কাম-কাজত আত্মনিয়োগ কৰে। কলেজত তেওঁ নাটকত অভিনয় কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। তদুপৰি তেওঁ সাহিত্য পত্ৰিকা সম্পাদনা আৰু আজাদী পত্ৰিকাত লেখা মেলা কৰে।
১৯৫৭ চনত মুহাম্মদ ইউনুছ ঢাকা বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ সন্মান শ্ৰেণীত ভৰ্তি হয়। তাৰে পৰা তেওঁ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ব্যুৰ' অফ ইক'নমিক্সত গৱষণা সহকাৰী হিচাপে যোগদান কৰে। ১৯৬২ চনত চট্টগ্ৰাম কলেজত তেওঁ প্ৰবক্তা পদত যোগদান কৰে। ১৯৬৫ চনত ফুলব্ৰাইট স্কলাৰশিপ লৈ তেওঁ যুক্তৰাষ্ট্ৰ যায় আৰু পূৰ্ণ বৃত্তি লৈ ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৯ চনত অৰ্থনীতিত পিএইচডি ডিগ্ৰী লাভ কৰে। ইউনুছ বাংলাদেশ ঘূৰি অহাৰ আগতে ১৯৬৯ চনৰ পৰা ১৯৭২ চনলৈ মিডল টেনেচি ষ্টেট ইউনিভাৰ্চিটিত শিক্ষকতা কৰে। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত মুহাম্মদ ইউনুছ বাংলাদেশৰ পক্ষে বিদেশত জনমত গঢ়ি তোলা আৰু মুক্তিযোদ্ধা সকলক সহায়তা প্ৰদানৰ বাবে সাংগঠনিক কামত নিয়োজিত আছিল। ১৯৭২ চনত দেশলৈ ঘূৰি তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত সহযোগী অধ্যাপক হিচাপে যোগ দিয়ে আৰু বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰে। ১৯৭৫ চনত তেওঁ অধ্যাপক পদত উন্নীত হয় আৰু ১৯৮৯ চনলৈ তেওঁ এই পদত অধিষ্ঠিত থাকে।[10]
১৯৭৪ চনত বাংলাদেশত সংঘটিত দুৰ্ভিক্ষৰ সমযত ইউনুছে দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰে। তেওঁ গম পালে যে স্বল্প পৰিমাণৰ ঋণ দুখীয়া মানুহৰ জীৱন মান উন্নয়নত অত্যন্ত কাৰ্যকৰী হব পাৰে। সেই সময়ত তেওঁ গৱেষণাৰ বাবে গ্ৰামীণ অৰ্থনৈতিক প্ৰকল্প আৰম্ভ কৰে। ১৯৭৪ চনত মুহাম্মদ ইউনুছ তেভাগা খামাৰ প্ততিষ্ঠা কৰে। পিছলৈ বিভিন্ন পেকেজৰ আওঁতাত চৰকাৰে ইয়াক অধিগ্ৰহণ কৰে।
গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা
সম্পাদনা কৰকমুহাম্মদ ইউনুছে ১৯৭৬ চনত গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা কৰে। দৰিদ্ৰ বাংলাদেশী সকলৰ মাজত ঋণ বিতৰণৰ উদ্দেশ্য এই বেংক প্ৰতিষ্ঠা কৰা হয়। তেতিয়াৰে পৰা গ্ৰামীণ বেংকে ৫.৩ মিলিয়ন ঋণগ্ৰহিতাৰ মাজত ৫.১ বিলিয়ন আমেৰিকান ডলাৰ ঋণ প্ৰদান কৰিছে। ঋণৰ টকা ঘূৰাই পোৱা নিশ্চিত কৰাৰ বাবে গ্ৰামীণ বেংকে "সংহতি দল" নামৰ পদ্ধতি ব্যৱহাৰ কৰে। এটি অনানুষ্ঠানিক সৰু দল একত্ৰিত হৈ ঋণৰ বাবে আবেদন কৰে আৰু ইয়াৰ সদস্যবৃন্দ এজনে আনজনৰ জামিনদাৰ হিচাপে থাকে আৰু এজনে আনজনৰ উন্নয়নত সাহায্য কৰে। বেংকৰ পৰিধি বঢ়াৰ লগে লগে দৰিদ্ৰ দূৰীকৰণৰ বাবে অন্যান্য পদ্ধতি প্ৰয়োগ কৰে। ক্ষুদ্ৰঋণৰ লগে লগে যোগ হয় গৃহঋণ, মীনপালন আৰু জলসিঞ্চন ঋণ প্ৰকল্প সহ অন্যান্য বেংকিং ব্যৱস্থা। দুখীয়াৰ অৰ্থনৈতিক উন্নয়নত গ্ৰামীণ বেংকৰ সাফল্য উন্নত বিশ্বৰ দেশসমূহ, যেনে যুক্তৰাষ্ট্ৰ সহ অন্যান্য শিল্পোন্নত দেশসমূহে এই মডেল ব্যৱহাৰ কৰিবলৈ উদ্বুদ্ধ হয়।
ন'বেল বঁটা অৰ্জন
সম্পাদনা কৰকমুহাম্মদ ইউনুছ আৰু তেওঁৰ প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত কল্যাণ অৰ্থনীতিৰ বাবে শান্তিৰ ন'বেল বঁটা লাভ কৰে। তেওঁ প্ৰথম বাংলাদেশী হিচাপে এই বঁটা লাভ কৰে। আন আন বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ উপৰিয়ো তেওঁ প্ৰায় ৪৮টা সন্মানীয় ডক্টৰেট ডিগ্ৰীলাভ কৰিছে।
প্ৰকাশিত গ্ৰন্থ
সম্পাদনা কৰক- Three Farmers of Jobra; অৰ্থনীতি বিভাগ, চট্টগ্ৰাম বিশ্ববিদ্যালয়; (১৯৭৪)
- Planning in Bangladesh: Format, Technique, and Priority, and Other Essays; Rural Studies Project, অৰ্থনীতি বিভাগ, চট্টগ্ৰাম বিশ্ববিদ্যালয়(১৯৭৬)
- Jorimon and Others: Faces of Poverty (co-authors: Saiyada Manajurula Isalama, Arifa Rahman); গ্ৰামীণ বেংক; (১৯৯১)
- Grameen Bank, as I See it; গ্ৰামীণ বেংক; (১৯৯৪)
- Banker to the Poor: Micro-Lending and the Battle Against World Poverty; Public Affairs; (২০০৩) ISBN 978-1-58648-198-8
- Creating a World without Poverty: Social Business and the Future of Capitalism; Public Affairs; (২০০৮) ISBN 978-1-58648-493-4
- Building Social Business: The New Kind of Capitalism that Serves Humanity's Most Pressing Needs [১২৭]; Public Affairs; (২০১০); ISBN 978-1-58648-824-6
তথ্য উৎস
সম্পাদনা কৰক- ↑ "List of Independence Awardees" (bn ভাষাত). Cabinet Division, Government of People's Republic of Bangladesh. http://old.cabinet.gov.bd/view_award.php?year_select=1987&Submit=GO&lang=en। আহৰণ কৰা হৈছে: 29 November 2012.[সংযোগবিহীন উৎস]
- ↑ "Muhammad Yunus takes oath as head of Bangladesh's interim government" (en ভাষাত). Al Jazeera. 2024-08-08. https://www.aljazeera.com/news/2024/8/8/muhammad-yunus-takes-oath-as-head-of-bangladeshs-interim-government। আহৰণ কৰা হৈছে: 2024-08-08.
- ↑ "The Nobel Peace Prize 2006" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/peace/2006/yunus/biographical/। আহৰণ কৰা হৈছে: 9 June 2020.
- ↑ "House and Senate Leaders Announce Gold Medal Ceremony for Professor Muhammad Yunus" Archived 29 August 2018 at the Wayback Machine, Press Release, US Congress
- ↑ "Professor Muhammad Yunus". https://olympics.com/ioc/olympism-in-action/speakers/prof-muhammad-yunus। আহৰণ কৰা হৈছে: 8 August 2024.
- ↑ Majumder, Azad; Mehrotra, Karishma; Gupta, Anant; Ripon, Tanbirul Miraj; Seth, Anika Arora (6 August 2024). "Bangladeshi officials meet student demand to name Nobel laureate as leader". Washington Post. https://www.washingtonpost.com/world/2024/08/06/bangladesh-yunus-government-military-hasina/.
- ↑ "Le Prix Nobel Muhammad Yunus arrive au Bangladesh pour former un gouvernement". Le Monde. 2024-08-08. https://www.lemonde.fr/international/article/2024/08/08/le-prix-nobel-muhammad-yunus-atterrit-au-bangladesh-pour-former-un-gouvernement_6272846_3210.html.
- ↑ প্রতিবেদক, নিজস্ব (6 August 2024). "ড. মুহাম্মদ ইউনূসকে প্রধান উপদেষ্টা করে সরকার গঠনের সিদ্ধান্ত" (bn ভাষাত). Dhaka Post. https://www.dhakapost.com/national/297169। আহৰণ কৰা হৈছে: 6 August 2024.
- ↑ "Nobel Laureate Muhammad Yunus Named Chief Adviser Of Bangladesh Interim Government: Updates". NDTV. https://www.ndtv.com/world-news/bangladesh-unrest-live-updates-nobel-laureate-muhammad-yunus-named-chief-adviser-of-interim-government-6280732। আহৰণ কৰা হৈছে: 7 August 2024.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-01-15. https://web.archive.org/web/20130115085438/http://www.muhammadyunus.org/About-Professor-Yunus/cv-of-professor-muhammad-yunus/। আহৰণ কৰা হৈছে: 2016-11-17.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- গ্ৰামীন বেংক, ড° ইউনুছৰ স্বপ্ন
- ড° ইউনুছৰ জীৱনী - বিশ্ব খাদ্য বঁটা Archived 2007-08-24 at the Wayback Machine
- SAJAforum.org Q&A from around the world with Muhammad Yunus (audio/MP3 42 minutes)
- ড° মুহাম্মদ ইউনুছৰ এটি বক্তব্য