২৮ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২৩ |
২৮ জুন (ইংৰাজী: 28 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৯তম (অধিবৰ্ষত ১৮০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৬টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৯২২ - ছাৰজন হে'নৰী ক্যাৰে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে।
- ১৯২৭ - ছাৰ এ'গবাৰ্ট্ লৌৰী লুক্যাছ হাম্ম'ণ্ডে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।
- ২০১১ - অসম ৰাজ্যত ভয়াবহ ৰূপত পানী বৃদ্ধি হোৱাৰ ফলত যোৰহাটত ৩জন লোকৰ মৃত্যু হয়।
- ২০১১ - জাপানত হোৱা ভূমিকম্পৰ ফলত ১৫,৫০০জন লোকৰ মৃত্যু হয়।
- ২০১২ - সাংসদ চাঞ্চুমা খুংগুৰ বিছমুতীয়াৰীয়ে দাবী কৰে যে কীৰ্ত্তন ঘোষা আৰ নামঘোষা নিষিদ্ধ কৰিব লাগে কিয়নো তাত বড়োসকলক অপমান কৰা শব্দ প্ৰয়োগ কৰা হৈছে। পিছে তেখেতৰ এই দাবী নৰজিল বৰঞ্চ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয়।
- ২০১২ - ব্ৰহ্মপুত্ৰৰ পানী গংগালৈ বোৱাই নিয়াৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত থল বুলি কেন্দ্ৰীয় জলসম্পদ ৰাজ্য মন্ত্ৰী ভিনচেণ্ট পালৰ ঘোষণা আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যত চাৰিওফালে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
- ২০১২ - অসমৰ দৰংগিৰিত নাও দুৰ্ঘটনাত ৫জন লোকৰ প্ৰাণ হানি হয়।
- ২০১২ - গুৱাহাটীত হোৱা প্ৰবল ভূমিস্খলনৰ ফলত ৩জন লোকৰ মৃত্যু হয়।
জন্মসম্পাদনা কৰক
- ১৭১২ - জাঁ জেকছ ৰুছো, চমুকৈ ৰুছো, ফৰাচী বিপ্লৱৰ পিতৃপুৰুষ, চুইজাৰলেণ্ড আৰু ফ্ৰান্সৰ দাৰ্শনিক।
- ১৮৭৩ - এলেক্সিছ কেৰেল, নোবেল বঁটা বিজয়ী চিকিৎসা বিজ্ঞানী।
- ১৯২১ - পি ভি নৰসিংহ ৰাও, আইনজীৱি, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী।
- ১৯৭১ - চনৰ আজিৰ দিনটোত ইলন মাস্কৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- ১৯৭২ - ব্ৰজেন বৰুৱা, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ।
- ১৯৭২ - প্ৰশান্ত চন্দ্ৰ মহালান'বিছ, বিজ্ঞানী, পৰিসংখ্যানবিদ আৰু ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক। (জঃ ২৯/০৬/১৮৯৩)
দিৱসসম্পাদনা কৰক
- ইউক্ৰেইনৰ সংবিধান দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৬ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |