মোৰ জীৱনত ঈশ্বৰ(ইংৰাজী: Mur Jibonot Iswar) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২৪ টা প্ৰবন্ধ আছে। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে ২০১৮ চনত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে নন্দন প্ৰতিম শৰ্মা বৰদলৈলৈ আগবঢ়াই এনেদৰে লিখিছে,"নন্দন, তুমি মোক উপহাৰ হিচাপে দিয়া এডাল অমূল্য ফাউণ্টেইন কলমৰ স্মৃতিত কৃতজ্ঞতাৰ চিন স্বৰূপে মোৰ এই কিতাপখন তোমাৰ নামত উছৰ্গা কৰিলোঁ"।[1]

মোৰ জীৱনত ঈশ্বৰ  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী সঞ্জীৱ বৰা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ, ২০১৮
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৫১
আই.এচ.বি.এন. 978-93-88458-00-9

বিৱৰণ সম্পাদনা কৰক

লেখক বৰগোহাঞিয়ে মোৰ জীৱনৰ ঈশ্বৰ নামৰ কিতাপখনত সূচীপত্ৰৰ আগতেই সংযোগ কৰিছে 'মোৰ জীৱনৰ ঈশ্বৰ' আৰু 'বেটুপাতৰ ছবি আৰু চিত্ৰকৰৰ পৰিচয়' শীৰ্ষক দুটি প্ৰবন্ধ।ইয়াৰে প্ৰথমটোত কিতাপখন ৰচনাৰ উদ্দেশ্যৰ অন্তৰালত থকা কিছু উত্তৰবিহীন প্ৰশ্নৰ অৱতাৰণা কৰিছে। কিতাপখনত ১৭ টা প্ৰবন্ধৰ লগতে ৭ টা বাছকবনিয়া অধ্যায় অতিৰিক্ত হিচাপে সংযোগ কৰিছে। [1] প্ৰবন্ধকেইটা হৈছে, 'অমৃতময় উপদেশ', 'মোৰ জীৱনত ঈশ্বৰ', 'মোৰ মৃত্যুৰ পিছত মোৰ কি হৈছিল', 'জীৱনৰ অৰ্থ', 'কোনো এটা প্ৰশ্নৰে উত্তৰ নাপালো', 'কিবা যেন নাই নাই', 'জীৱনৰ গতি মন্থৰ কৰক', 'মোৰ প্ৰেৰণাৰ উৎস', 'শৈশৱৰ দুটা স্মৃতি', 'নমৰালৈকে জীয়াই থাকিম', 'মোৰ হৃদয়ৰ আকাশত কেতিয়াও অস্ত নোযোৱা ৰঙা বেলিটো', 'উপহাৰ', 'মই আছিলো এজন ভণ্ড নিৰামিষভোজী', 'মোৰ ভোজন-বিলাস', 'কৰুণ স্মৃতি' আৰু 'মোৰ নিজৰ বিষয়ে এখন ৰচনা'। অতিৰিক্ত শিৰোনামেৰে যোগ দিয়া অধ্যায়কেইটা হৈছে, 'স্বাস্থ্যৰ বিষয়ে', 'ভাগৰৰ বিষয়ে', 'নিমখৰ বিষয়ে', 'কণীৰ বিষয়ে', 'মন', 'সুস্বাস্থ্যৰ কাৰণে নিৰামিষ আহাৰ' আৰু 'উদ্বিগ্নতা- মানুহৰ ডাঙৰ শত্ৰু'।[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 হোমেন বৰগোহাঞি. মোৰ জীৱনত ঈশ্বৰ. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক সম্পাদনা কৰক