য়াচিংফা

আহোম দেৱ-দেৱী
(য়া চিং ফাৰ পৰা পুনঃনিৰ্দেশিত)

য়াচিংফা (আহোম: 𑜊𑜡 𑜏𑜢𑜂𑜫 𑜇𑜡,ইংৰাজী: Ya Sing Pha, অন্য উচ্চাৰণ : যাছিংফা) হৈছে তাঈ আহোমসকলৰ বাবে এগৰাকী পূজনীয় পূৰ্বপুৰুষ যাক জ্ঞান, ব্যাকৰণ প্ৰণেতা , শিল্পী আৰু সাহিত্যৰ প্ৰণেতা বুলি ধৰা হয়।[1] তেওঁ উচ্চ সাহিত্যৰ প্ৰণেতা আছিল। তাঈ সাহিত্যৰ বৃদ্ধি আৰু বিকাশত তেখেতৰ যথেষ্ট বৰঙনি আছে বুলি ধৰা হয়।[1] তেখেতে ফা তু চিং ফ্ৰঙ হমক বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি বুলি উল্লেখ কৰিছিল আৰু সেই প্ৰথা অনুসৰিয়ে আজিও ফ্ৰালুং ধৰ্মৰ পন্থী সকলে ফা তু চিং ফ্ৰঙ হমক বিশ্বাস কৰে।[1][2] yasingfa মুং ফীত (বৰ্তমান চীনৰ অন্তৰ্গত) বসবাস কৰিছিল লগতে তেওঁ হীৰাৰ ফুল চুলিত লগাইছিল। [3] য়াচিংফা চেং খাম নামেৰে আহোমসকলৰ প্ৰাচীন পূৰ্বপুৰুষসকলকো বুজোৱা হয় যি আছিল উল্লিখিত ক্ষেত্ৰসমূহত সুনিপুণ।[4][5] মুঙ-ফিৰ শাসক লেংডনেও কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে য়াচিংফাৰ মতামত লৈছিল বুলি আখ্যানসমূহত পোৱা যায়। গোলাপ চন্দ্ৰ বৰুৱাৰ আহোম বুৰঞ্জীত উল্লেখ আছে যে লেংডনে নিজৰ বংশধৰসকলক পৃথিৱীত ৰাজত্ব কৰিবলৈ স্থাপন কৰাৰ আগতে য়াচিংফাৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। সেইমতে য়াচিংফাই এই বিষয়ে লেংডনক সেই সময়ৰ পৰাক্ৰমী ৰজা খেংকখামৰ পৰামৰ্শ ল’বলৈ উপদেশ দিছিল।[4] আহোমসকলৰ সৃষ্টি পুনৰ্নিৰ্মাণ তত্ত্ব লাইতোত লেংডনে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা কৰাৰ আগতে অন্যান্য দেৱ-দেৱীৰ লগতে য়াচিংফাৰ মতামত লোৱাৰ কথা পোৱা যায়।[6]

নাং য়াচিংফা (𑜊𑜡 𑜏𑜢𑜂𑜫 𑜇𑜡)
উপাসনালয়ৰ নাম
চাও চেঙ ৰৌন
জন্ম মুং-ফি (বৰ্তমান চীনৰ য়ুনান প্ৰদেশ)
পেছা সাহিত্যিক, টাই-আহোম ব্যাকৰণ নিৰ্মাণকাৰী
ধৰ্ম আহোম ধৰ্ম

য়া চিং ফাৰ উপদেশ সম্পাদনা কৰক

যেতিয়া আহোমৰ পূৰ্বপুৰুষ খুনলুং আৰু খুনলাইয়ে মৌঙ ফি (বৰ্তমানৰ চীনৰ বাই-য়ু সকল বসবাস কৰা স্থান) এৰি মৌঙ ৰি (বৰ্তমান চীনৰ চিপ-চং-পান-না) নামি আহিছিল তেতিয়া য়া-চিং-ফাই উপদেশ দিছিল - তোমালোকে শাসন কৰিবলৈ গৈ মৌঙ ফিৰ শাসক ফা-নুৰো লেংডনক পাহৰি নাযাবা তোমালোকৰ ৰাজ কাৰেংটো শিঙৰী কাঠেৰে সাজিবা এই কাঠেৰেই কং লৌঙ (বৰঢোল) সাজিবা আভিষেকৰ সময়ত চুম ফা ৰৌঙ চেং মৌঙক ডিঙিত ওলমাই লবা এইদৰে কৈ য়ে চেং ফাই বৰ ৰাজকোঁৱৰ খুনলুঙক চুম ফা ৰৌঙ চেং মৌঙক লেংডনৰ পৰা আনি দিছিল যিটো বংশক্ৰমে চাওলুং চুকাফাই পায় আৰু আনি অসমত স্থাপন কৰে।[7][8]


খ্যেক য়াচিংফা সম্পাদনা কৰক

আহোম ৰজা আৰু সাধাৰণ লোক উভয়ে য়াচিংফাক সন্মান কৰিছিল আৰু আহোম স্বৰ্গদেউসকলে কোনো গুৰুত্বপূৰ্ণ কাৰ্য যেনে যুদ্ধ ঘোষণা, সন্ধি বা সম্ভাৱ্য বিপদৰ সন্মুখীন হোৱাৰ আগতে য়াচিংফাৰ উপাসনা কৰিছিল। আহোম পুৰোহিত অৰ্থাৎ দেওধাই-বাইলুংসকলে বান-চেং কৰোঁতে (ভৱিষ্যকথন) আৰু যুদ্ধ-বিগ্ৰহৰ সময়ত কুকুৰা ঠেঙেৰে মঙ্গল চোৱাৰ আগতে য়াচিংফালৈ এখন শৰাই আগবঢ়াইছিল। বুৰঞ্জীত আহোম ৰজা প্ৰতাপ সিংহ, চক্ৰধ্বজ সিংহ আৰু প্ৰমত্ত সিংহই ক্ষেক য়াচিংফা কৰাৰ বিষয়ে পোৱা যায়। ইয়াৰে পিছৰ ৰজাইকেইজনে দুবাৰকৈ য়াচিংফা পূজা কৰিছিল। স্বৰ্গদেৱ চুহুংমুঙে চুতীয়াসকলৰ সৈতে হোৱা যুদ্ধৰ আগেয়ে য়াচিংফাৰ পূজা কৰি ভৱিষ্যকথনৰ সহায় লৈছিল আৰু যুদ্ধত বিজয়ী হৈছিল। সাধাৰণ লোকসকলে সন্তানৰ শিক্ষাৰম্ভ কৰাৰ সময়ত ক্ষেক য়াচিংফা কৰিছিল।[4] বৰ্তমান কোনো গুৰুত্বপূৰ্ণ ঘটনা বা কাৰ্যৰ সুফল কামনা কৰিও খ্যেক য়াচিংফা কৰা হয়।[9]

পাকঘৰত দক্ষিণ দিশত আঁৰকাপোৰ এখনৰ আঁৰত মাটিৰ এটা ঢিপ সাজি সম্পন্ন কৰা হৈছিল। য়াচিংফাৰ উদ্দেশ্যে কুমলীয়া বাঁহৰ সৰু চাল এখন সাজি কলপাতত থুৰীয়া তামোল, মিঠাতেলৰ সৈতে চাউল আৰু আদা, এখন মাইহাঙত তিনিভাগ ৰহি, তিনিটা কুকুৰাৰ কণী আৰু এগছি মাটিৰ চাকি আগবঢ়োৱা হয়।[4]

ওম্ ফা পূজাত লেংডনৰ লগতে য়াচিংফাকো পূজা আগবঢ়োৱা হয়। আহোমসকলৰ পৰম্পৰাগত বিবাহ পদ্ধতিতো দৰাৰ ঘৰলৈ কইনা গৈ পোৱাৰ পিছত দেৱতা লাংকুৰি, লাৰেং, জান চাই হুং আৰু লেংডনৰ লগতে য়াচিংফাক এখন শৰাইত পাণ তামোল আৰু এগছি বান-ফাইৰে (মাটিৰ চাকি) সেৱা জনোৱা হয়।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 হাজৰিকা, নগেন (অসমীয়া ভাষাত). অবৌৰঞ্জীক. পৃথিৱী প্ৰকাশন,বেলতলা বজাৰ,গুৱাহাটী-২৮. 
  2. (en ভাষাত) চচিয়েল মুভমেণ্ট ইন নৰ্থ-ইষ্ট ইণ্ডিয়া. ইণ্ডাছ পাবলিছিঙ, ১৯৯৮. ১৯৯৮. পৃষ্ঠা. ১৫৬-১৫৯. ISBN 978-8173870835. https://books.google.com/?id=-3FJEfU3swcC. 
  3. (en ভাষাত) বৰুৱা , জি চি , আহোম বুৰঞ্জী. পৃষ্ঠা. ৫. 
  4. 4.0 4.1 4.2 4.3 Sarma Bijoy. "A historical study of the festivals of the ahom community of assam". Shodhganga. https://shodhganga.inflibnet.ac.in/bitstream/10603/153592/8/08_chapter%203.pdf। আহৰণ কৰা হৈছে: 20 March 2022. 
  5. Gogoi, Shrutashwinee. "Tai ahom religion a philosophical study". shodhganga.inflibnet.ac.in. https://shodhganga.inflibnet.ac.in/bitstream/10603/116167/8/08_chapter%203.pdf। আহৰণ কৰা হৈছে: 20 March 2022. 
  6. হিতেশ্বৰ বৰবৰুৱা (২০১৮). আহোমৰ দিন. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৪২৪-৪২৮. ISBN 978-93-84733-87-2. 
  7. হাজৰিকা, নগেন (১৩ জুন ২০০২). "আহোমৰ ধৰ্ম" (অসমীয়া আৰু ইংৰাজী ভাষাত). বিভিন্ন ধৰ্মৰ বুৰঞ্জী. শুন খাম ঙাম প্ৰকাশন , মূলগাভৰু পথ ,হাটীগাঁও গুৱাহাটী. 
  8. গগৈ, শ্ৰুতস্বীনী (২০১১) (en ভাষাত). তাঈ আহোম ৰিলিজীয়ন এ ফিলচফীকেল ষ্টাডি (PhD). pp. ১৯. http://shodhganga.inflibnet.ac.in/handle/10603/116167। আহৰণ কৰা হৈছে: জানুৱাৰী ৩১, ২০১৯. 
  9. "লাভলীনাৰ সফলতা কামনাৰে নাৰায়ণপুৰত য়াচিংফা পূজা". etvbharat.com. 2 August 2021. https://www.etvbharat.com/assamese/assam/state/lakhimpur/tai-ahoms-of-lakhimpur-arranged-traditional-puja-for-lovlinas-success-in-tokyo-olympic/assam20210802221257049। আহৰণ কৰা হৈছে: 20 March 2022. 

উৎস প্ৰসংগ সম্পাদনা কৰক