লখিমী (চলচ্চিত্ৰ)

১৯৫৬ৰ অসমীয়া চলচ্চিত্ৰ
(লখিমীৰ পৰা পুনঃনিৰ্দেশিত)

লখিমী (ইংৰাজী: Lakhimi) ১৯৫৬ত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। প্ৰযোজনা লখিমী প্ৰডাকচনৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভবেন দাসৰ।[1] ছবিৰ পৰিচালক ভবেন দাস কামৰূপ জিলাৰ ৰামপুৰ গাঁৱৰ সন্তান আছিল। তেওঁ বহুকেইখন অসমীয়া, বঙালী ছবিৰ সৈতে জড়িত আছিল। 'কানামাছি' নামেৰে বঙালী ছবি এখন পৰিচালনা কৰি তেওঁ বিশেষ খ্যাতি অৰ্জন কৰিছিল।[2]

লখিমী
Screenshot lakhimi 1956 film.jpeg
লখিমী ছবিৰ এটা দৃশ্য
পৰিচালক ভবেন দাস
চিত্ৰনাট্য ভবেন দাস
কাহিনী ভবেন দাস
প্ৰযোজক লখিমী প্ৰডাকচন
অভিনয়ত প্ৰবীন ফুকন
বিমলা বৰুৱা
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
সম্পাদনা গোৱিন্দলাল চেতাৰ্জী
সংগীত পৰিচালক ব্ৰজেন বৰুৱা
মুক্তি
১৯৫৬
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীসম্পাদনা কৰক

মধু মাষ্টৰৰ আদৰৰ বোৱাৰী লখিমীক কেন্দ্ৰ কৰি গাঁৱলীয়া সহজ-সৰল জীৱনৰ হাঁহি-কান্দোনৰ অপৰূপ ছবি বোলছবিখনৰ মাজেৰে ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে।[2] বিয়াৰ পিছতে স্বামীহাৰা হোৱা লখিমীয়ে দেওৰেক মাতৃহীন ভৱনাথ আৰু শহুৰেক মধু মাষ্টৰক মৰম আৰু পৰিচৰ্যাৰে উপচাই দিলে। সেইবাবেই লখিমীৰ প্ৰতি ঈৰ্ষাতুৰ হৈ পৰিল মধু মাষ্টৰৰ দ্বিতীয় পক্ষৰ স্ত্ৰী, অৰ্থাৎ লখিমীৰ মাহীশাহু। মাহীশাহুৱেকে চক্ৰান্ত কৰি লখিমীৰ সৈতে ভৱনাথৰ অবৈধ সম্পৰ্ক আছে বুলি ৰটনা কৰিলে। ঘটনা ইমানলৈ পালে যে তেওঁ মাকৰ ঘৰলৈ গুচি আহিবলগীয়া হ'ল। ভৱনাথ পিছদিনাই বৌৱেকক ঘূৰাই আনিব গ'ল। কিন্তু তেওঁ উভতি নাহিল। আনহাতে ভৱনাথৰ সৰুকালৰে লগৰী বকুলীয়েও মাহীশাহুৱেৰ চক্ৰান্তত ভৱনাথৰ পৰা আঁতৰি আহিল। লখিমী মাকৰ ঘৰতে টান নৰীয়াত পৰিল।[1] অৱশেষত মাহীশাহুৱেকৰ ভুলৰ অনুশোচনা হ'ল আৰু বোৱাৰীয়েকক আদৰি ল'লে। ভৱনাথেও মাতৃসম বৌয়েকক পুনৰ ঘূৰাই পালে।[1]

অভিনয় শিল্পীসম্পাদনা কৰক

সঙ্গীতসম্পাদনা কৰক

লখিমীৰ সঙ্গীত পৰিচালনা কৰিছে ব্ৰজেন বৰুৱাই। গীত লিখিছে কেশৱ মহন্তই।[3]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "বান্ধৈ পাৰ কৈ দে, ইকৰাৰে পজাটি মোৰ মনতে জিলিকে"  কেশৱ মহন্তৰমেন বৰুৱা  

তথ্য উৎসসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৫৮). শশী শিশু প্ৰকাশন, গুৱাহাটী. 
  2. 2.0 2.1 2.2 মঞ্চলেখা, পৃষ্ঠা ৩১৪, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭. 
  3. বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন (পৃঃ ৫৭). বাণী মন্দিৰ, ডিব্ৰুগড়.