লুট্ফা হানুম ছেলিমা বেগম
অসমীয়া কবি
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
লুট্ফা হানুম ছেলিমা বেগম একাধাৰে কবি, সমালোচক, অধ্যাপক। তেওঁৰ বহুকেইখন গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ হোৱাৰ সমান্তৰালভাৱে লগত তেওঁৰ সাহিত্যৰাজি ইংৰাজী, হিন্দী, কন্নড়, নেপালী আদি ভাষালৈকো অনুবাদ হৈছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষা আৰু সাহিত্য উভয় শাখাতে স্নাতকোত্তৰ। গুৱাহাটী বিশ্ববিদ্যলয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা লুট্ফা হানুম ছেলিমা বেগম বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক।[1]
লুট্ফা হানুম ছেলিমা বেগম | |
---|---|
জন্ম | ১৯৬২ নকাৰী, লখিমপুৰ, অসম |
পেচা | অধ্যাপক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | গুৱাহাটী বিশ্ববিদ্যালয় (স্নাতকোত্তৰ, অসমীয়া বিভাগ, ১৯৮৩) |
বিষয় |
|
পিতৃ-মাতৃ | জালালউদ্দিন আহমেদ (পিতৃ) নুৰনাহাৰ বেগম (মাতৃ) |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰকতেখেতৰ জন্ম হয় ১৯৬২ চনত। উত্তৰ লখিমপুৰ চহৰত। পিতৃৰ নাম জালালউদ্দিন আহমেদ, মাতৃৰ নাম নুৰনাহাৰ বেগম।
শিক্ষা
সম্পাদনা কৰক- স্কুলীয়া: চুতীয়াকাৰী নিম্ন বুনিয়াদী বিদ্যালয় (১৯৬৯), নকাৰী হাইস্কুল, উজানবজাৰ ছোৱালী এম-ই স্কুল, লখিমপুৰ বালিকা উচ্চ বিদ্যালয় (১৯৭৬)
- কলেজ: সন্দিকৈ ছোৱালী মহাবিদ্যালয় (প্ৰাক্- বিশ্ববিদ্যালয় আৰু স্নাতক) (১৯৮১)
- স্নাতকোত্তৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰপৰা ভাষা শাখাত (১৯৮৩) আৰু সাহিত্য শাখাত (১৯৮৭) দুবাৰকৈ ডিগ্ৰী লাভ।
- ডক্টৰেট: গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা, ২০১৮
- চৰকাৰী আইন মহাবিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ, ১৯৮৪-১৯৮৬
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ শিক্ষা গ্ৰহণ, ১৯৮৭
বৃত্তি
সম্পাদনা কৰক- চেণ্টিনেল গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত ' সাদিনীয়া প্ৰহৰী' কাকতত সাংবাদিক ৰূপে কৰ্মৰত (১৯৮৬-১৯৮৭)
- ডিফু চৰকাৰী মহাবিদ্যালয় প্ৰবক্তা ৰূপে কৰ্মৰত (১৯৯১-২০০০)
- কটন কলেজত অধ্যাপনা (বৰ্তমানৰ কটন বিশ্ববিদ্যালয়) (২০০০-বৰ্তমানলৈকে)
বঁটা
সম্পাদনা কৰকপ্ৰকাশিত সাহিত্য
সম্পাদনা কৰককাব্যগ্ৰন্থ
সম্পাদনা কৰক- অথন্তৰ ঘটিছে (যুটীয়া ভাৱে), ১৯৮৫
- সেউজীয়া বাট এটা বিচাৰিছে সৰাপাতবোৰে, ১৯৯৩
- হে বিৰ্কমাই, বুকু ফালি চোৱাঁহি মোৰ, ২০০৩
- উৰণীয়া বাগিচাত তৰাৰ চৰাই, ২০০৮
- অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল, ২০১১
- বিষাদ জলতৰংগ (স্বনিৰ্বাচিত কবিতা), ২০১৫