শকাব্দ
শকাব্দ অথবা শালীবাহনাব্দ হ'ল ভাৰতীয় উপমহাদেশত বহুলভাবে প্ৰচলিত প্ৰাচীন সৌৰ অব্দ বা বৰ্ষপঞ্জী। এই অব্দ বংগাব্দৰ ৫১৫ বছৰ আগত আৰু খ্ৰীষ্টাব্দৰ ৭৮ বছৰ পিছত প্ৰচলিত হয়। শকাব্দৰ উৎস লৈ ইতিহাসবিদ সকলৰ মাজত মতানৈক্য আছে। কিন্তু অধিকাংশ ইতিহাসবিদৰ মতানুসাৰে প্ৰাচীন ভাৰতীয় নৃপতি শালীবাহনৰ প্ৰয়াণ দিৱসৰ পৰায়ে শকাব্দৰ সূচনা হয় বুলি গণ্য কৰা হয়। ৰজা শালীবাহনৰ ৰাজত্বকালত এবাৰ বাহিৰাগত শক জাতিয়ে তেওঁৰ ৰাজ্য আক্ৰমণ কৰে। তেতিয়া শালীবাহনে শক সকলক পৰাজিত কৰি 'শকাৰি' উপাধি গ্ৰহণ কৰে। তাৰ পৰায়ে এই বৰ্ষপঞ্জীৰ নাম হয় শকাব্দ।
পতাকা | ত্ৰিৰঙ্গা |
প্ৰতীক | অশোক স্তম্ভ |
সংগীত | জন গণ মন |
স্তোত্ৰ | বন্দে মাতৰম্ |
পশু | বাঘ (ঢেঁকীয়াপতীয়া বাঘ) |
ঐতিহ্যবাহী পশু | ভাৰতীয় হাতী |
পক্ষী | ভাৰতীয় ময়ূৰ |
জলচৰ প্ৰাণী | শিহু |
ফুল | পদুম |
গছ | বট গছ |
ফল | আম |
খেল | হকী |
বৰ্ষপঞ্জী | শকাব্দ |
নদী | গঙ্গা[2] |
শকাব্দ এক প্ৰকাৰৰ সৌৰবৰ্ষ। পূৰ্বতে ইয়াৰ মাহ গণনা দিনাংক খ্ৰীষ্টিয় চতুৰ্থ শতিকাত উদ্ভূত প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থ 'সূৰ্য সিদ্ধান্ত'ৰ আধাৰত সৌৰবৰ্ষ গণনা কৰা হৈছিল।[3]
এক ৰাশিৰ পৰা আন এক ৰাশিত সূৰ্যৰ আপাত গমনৰ (মূলতঃ পৃথিৱীৰ বাৰ্ষিক গতিৰ কাৰণে) ফলত মাহ পৰিৱৰ্তিত হয়।[3] পূব ভাৰতত প্ৰচলিত বংগাব্দ আৰু ভাস্কৰাব্দ বৰ্ষগণনাৰ ক্ষেত্ৰত এতিয়াও এই প্ৰাচীন পদ্ধতিক অনুসৰণ কৰা হয়। শকাব্দত অঞ্চলভেদে বিভিন্ন সময়ত বৰ্ষাৰম্ভ হয়। যেনে উত্তৰ ভাৰতত নতুন বছৰৰ আৰম্ভণি চৈত্ৰ বা চ'ত মাহত হয় কিন্তু পূব ভাৰতত বৈশাখ বা বহাগ মাহত নৱবৰ্ষ আৰম্ভ হয়। ভাৰতীয় ইতিহাসৰ আধুনিক যুগেতেও অন্যান্য অব্দৰ সমান্তৰাল ভাৱে শকাব্দৰ ব্যৱহাৰ বহুলভাবে লক্ষ্য কৰা হয়। অসমত "ভাস্কৰাব্দ" নামৰ এটি বৰ্ষপঞ্জী প্ৰচলিত থাকিলেও শকাব্দয়ে বহুল ভাৱে প্ৰচলিত। সূৰ্য সিদ্ধান্তৰ প্ৰাচীন নিয়ম মানি অসমত ১ বহাগত (বৈশাখ) পালিত নৱবৰ্ষ উৎসৱ "বহাগ বিহু"ৰ পৰায়ে শকাব্দ গণনা কৰা হয়।[4]
ভাৰতীয় ৰাষ্ট্ৰীয় বৰ্ষপঞ্জী
সম্পাদনা কৰক১৯৫০ চনত স্বাধীন ভাৰত এখন গণতন্ত্ৰ হিচাপে পৰিগণিত হোৱাৰ পিছত ভাৰত চৰকাৰে এখন জাতীয় বৰ্ষপঞ্জীৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। ইয়াৰ ফলশ্ৰুতিত ১৯৫৭ চনত (১৮৭৯ শকাব্দ) ভাৰত চৰকাৰে বিজ্ঞানী মেঘনাদ সাহাৰ নেতৃত্বত কমিটি গঠন কৰে। এই কমিটি শকাব্দ সহ ভাৰতত প্ৰচলিত অন্যান্য বৰ্ষপঞ্জী সমূহৰ সংস্কাৰ সাধনত নিযুক্ত হয়। উক্ত কমিটি শকাব্দক ঋতুনিষ্ঠ আৰু সকলোৰে ব্যৱহাৰোপযোগী কৰি তোলাৰ বাবে আন্তৰ্জাতিক স্তৰত প্ৰচলিত গ্ৰেগোৰিয়ান বৰ্ষপঞ্জীৰ লগত সমন্বয় ৰাখি চলাৰ বাবে এই অব্দক সংস্কাৰ কৰাত উদ্যোগী হয়। "সূৰ্যসিদ্ধান্ত"ত উল্লিখিত নিৰয়ণ বৰ্ষ গণনাৰীতি[3] পৰিহাৰ কৰে সংস্কাৰ কমিটিয়ে শকাব্দক সায়ন সৌৰ অব্দত ৰূপান্তৰিত কৰে আৰু বাৰ মাহৰ দৈৰ্ঘ্য স্থিৰ কৰে।[3][5][6] তদুপৰি বাৰ্ষিক গতিৰ লগত সমন্বয়ৰাখি অধিবৰ্ষত চৈত্ৰ বা চ'ত মাহত অতিৰিক্ত এদিন যোগ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই কমিটিৰ ঘোষণা অনুসৰি প্ৰত্যেক বছৰৰ মহাবিষুৱৰ পিছদিনা অৰ্থাৎ গ্ৰেগোৰিয়ান বৰ্ষপঞ্জীৰ ২২ মাৰ্চ তাৰিখে শকাব্দ আৰম্ভ হয় আৰু শকাব্দৰ তাৰিখ অনুসাৰে সেই দিনতো হ'ল ১ চৈত্ৰ বা চ'ত। কেৱল অধিবৰ্ষত ২১ মাৰ্চত বৰ্ষাৰম্ভ হয়। এই সংশোধিত অব্দত বৰ্ষ গণনাৰ বিধি অনুসৰি শকাব্দৰ লগত ৭৮ যোগ কৰি প্ৰাপ্ত যোগফলক ৪ৰ দ্বাৰা ভাগ কৰি যদি ভাগশেষ ০ থাকে তেন্তে সেই বছৰ অধিবৰ্ষ হয় হয়। কিন্তু শকাব্দৰ লগত ৭৮ যোগ কৰাৰ পিছত প্ৰাপ্ত যোগফল যদি ১০০ৰ গুণিতক হয় তেন্তে তাক ৪০০ দ্বাৰা ভাগ কৰাৰ পিছত যদি ভাগশেষ থাকে ০ তেন্তে সেই বছৰ অধিবৰ্ষ হয়।[3][5][6] উক্ত কমিটিৰ সিদ্ধান্তানুসাৰে শকাব্দৰ বাৰ মাহৰ দিনসংখ্যা হ'ল:[3][5][6]
নং | মাহ (সংস্কৃত নাম) | মাহ (অসমীয়া নাম) | দৈৰ্ঘ | গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি মাহৰ আৰম্ভকাল | ক্ৰান্তীয় ৰাশিত (Tropical zodiac) সূৰ্য |
---|---|---|---|---|---|
১ | চৈত্ৰ | চ'ত | ৩০ দিন (অধিবৰ্ষত ৩১ দিন) | ২২ মাৰ্চ (অধিবৰ্ষত ২১ মাৰ্চ) | মেষ |
২ | বৈশাখ | ব'হাগ | ৩১ দিন | ২১ এপ্ৰিল | বৃষ |
৩ | জ্যৈষ্ঠ | জেঠ | ৩১ দিন | ২২ মে' | মিথুন |
৪ | আষাঢ় | আহাৰ | ৩১ দিন | ২২ জুন | কৰ্কট |
৫ | শ্ৰাৱণ | শাওন | ৩১ দিন | ২৩ জুলাই | সিংহ |
৬ | ভাদ্ৰ | ভাদ | ৩১ দিন | ২৩ আগষ্ট | কন্যা |
৭ | আশ্বিন | আহিন | ৩০ দিন | ২৩ ছেপ্টেম্বৰ | তুলা |
৮ | কাৰ্তিক | কাতি | ৩০ দিন | ২৩ অক্টোবৰ | বৃশ্চিক |
৯ | অগ্ৰহায়ণ | আঘোণ | ৩০ দিন | ২২ নৱেম্বৰ | ধনু |
১০ | পৌষ | পুহ | ৩০ দিন | ২২ ডিচেম্বৰ | মকৰ |
১১ | মাঘ | মাঘ | ৩০ দিন | ২১ জানুৱাৰী | কুম্ভ |
১২ | ফাল্গুন | ফাগুন | ৩০ দিন | ২০ ফেব্ৰুৱাৰী | মীন |
১৯৫৭ চনৰ ২২ মাৰ্চ (১ চৈত্ৰ ১৮৭৯ শক) তাৰিখে ভাৰত চৰকাৰে এই সংস্কাৰ প্ৰাপ্ত শকাব্দক ভাৰতৰ ৰাষ্ট্ৰীয় বৰ্ষপঞ্জী হিচাপে গ্ৰহণ কৰা হয় আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সৰ্ব স্তৰতে গ্ৰেগোৰিয়ান অব্দৰ লগত "ভাৰতীয় ৰাষ্ট্ৰীয় বৰ্ষপঞ্জী" ব্যৱহাৰৰ প্ৰচলন কৰে।[7][8][9] কিন্তু সমস্ত প্ৰশাসনিক বিভাগ, আকাশবাণী আৰু দূৰদৰ্শনৰ ঘোষণাত শকাব্দৰ প্ৰচলন হলেও[9] এতিয়াও ১ চৈত্ৰ বা চ'ত (২১/২২ মাৰ্চ), শকাব্দৰ নৱবৰ্ষৰ দিন জাতীয় ছুটিৰ দিন হিচাপে স্বীকৃত হোৱা নাই। ধৰ্মীয় নিৰয়ণ বৰ্ষপঞ্জীৰ বহুল প্ৰচলনৰ কাৰণতেই সম্ভৱত সংস্কাৰকৃত শকাব্দ উপেক্ষিত ৰৈ গৈছে।[3][10]
তথ্য উৎস
সম্পাদনা কৰক- ↑ "National Symbols of India". ENVIS Centre on Hygiene, Sanitation, Sewage Treatment Systems and Technology. http://www.sulabhenvis.nic.in/Database/NationalSymbolsofIndia_226.aspx। আহৰণ কৰা হৈছে: 2022-04-09.
- ↑ জাতীয় নদী গঙ্গা
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 The Indian Calendar, NASA Eclipse Website
- ↑ Bihu- the Lifeline of Assamese Society
- ↑ 5.0 5.1 5.2 পঞ্জিকা সংস্কাৰ কমিটি, ১৯৫২ - ৰিপৰ্ট
- ↑ 6.0 6.1 6.2 Meghnad Saha, a pioneer in Astrophysics
- ↑ "PANCHANG DATA GIVEN ACCORDING TO THE SAKA ERA". Archived from the original on 2012-04-26. https://web.archive.org/web/20120426081935/http://www.packolkata.org/panchang.html। আহৰণ কৰা হৈছে: 2017-03-29.
- ↑ "PRINCIPAL FESTIVALS OF INDIA LISTED ACCORDING TO THE SAKA ERA". Archived from the original on 2011-12-02. https://web.archive.org/web/20111202125544/http://www.packolkata.org/festivals.html। আহৰণ কৰা হৈছে: 2017-03-29.
- ↑ 9.0 9.1 "Government Holiday Calendar". Govt. of India Official website. http://india.gov.in/calendar/calendar.php.
- ↑ ""Hindu" New Year's day and related issues". Archived from the original on 2008-04-24. https://web.archive.org/web/20080424080733/http://www.bjp.org/today/may_0103/may_2_p_19.htm। আহৰণ কৰা হৈছে: 2008-04-24.
বহিঃসংযোগ
সম্পাদনা কৰক- বৰ্ষপঞ্জী আৰু সিহঁতৰ ইতিহাস Archived 2004-04-01 at the Wayback Machine