শুকুৰবাৰ ( IPA: [śukrabāra] ; ( শুকুৰবাৰ) হৈছে ভাৰতীয় কেলেণ্ডাৰ অনুসৰি সপ্তাহৰ ষষ্ঠ দিন। বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটোৱেই হ'ল শুক্ৰবাৰ।

ধৰ্মীয় পটভূমি

সম্পাদনা কৰক

হিন্দু ধৰ্ম

সম্পাদনা কৰক

ভৃগু আৰু কাব্যমতা (উছনা)ৰ পুত্ৰ শুক্ৰৰ নামেৰে এই দিনটোৰ নামকৰণ কৰা হৈছে। হিন্দু ধৰ্মত শুক্ৰবাৰ বিশেষভাৱে দেৱীৰ বাবে পালন কৰা হয়, যেনে দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালি বা পাৰ্বতী। শুক্ৰবাৰটো বিবাহিত মহিলাৰ বাবে গুৰুত্বপূৰ্ণ আৰু সেইদিনা তেওঁলোকে দেৱীক পূজা কৰে।

 
মালয়েছিয়াৰ মছজিদত মুছলমান সকলৰ জুমাৰ নামাজ।

ইছলাম ধৰ্ম অনুসৰি, শুক্ৰবাৰে সকলো মুছলমান লোকে মছজিদত গোট খায় আৰু ইমামৰ পিছফালে দলবদ্ধভাৱে জমুআৰ নামাজ আদায় কৰে৷ সেয়ে মুছলমান সংখ্যাগৰিষ্ঠ দেশত এই দিনটো সাধাৰণতে ছুটিৰ দিন।

খ্ৰীষ্টান ধৰ্ম

সম্পাদনা কৰক

খ্ৰীষ্টান ধৰ্মত ইষ্টাৰৰ আগৰ শুক্ৰবাৰক গুড ফ্ৰাইডে হিচাপে পালন কৰা হয়৷ এই দিনটোত যীশুৰ ক্ৰুচবিদ্ধ হোৱাক স্মৰণ কৰা হয়।

ইহুদীসকলৰ মত অনুসৰি সাবাত উদ্‌যাপন আৰম্ভ হয় শুকুৰবাৰে আৰু ই শনিবাৰৰ নিশা হোৱালৈকে চলি থাকে।