শ্ৰীদেৱী

ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক

শ্ৰীদেৱী কাপুৰ (জন্ম: শ্ৰী আম্মা আয়েংগাৰ আয়াপ্পান;[4][5] ১৩ আগষ্ট ১৯৬৩ – ২৪ ফেব্ৰুৱাৰী ২০১৮)[6][4] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ বলিউড, তেলুগু, তামিল, মালয়ালম আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।[7] তেওঁক বলিউডৰ প্ৰথম গৰাকী মহিলা "চুপাৰষ্টাৰ" হিচাপে অভিভীত কৰা হয়।[8][9] মোহময়ী অভিনেত্ৰী গৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আছিল।[10][11][12][13][14]

শ্ৰীদেৱী কাপুৰ

২০১৩ চনত শ্ৰীদেৱী
জন্ম শ্ৰী আম্মা আয়েংগাৰ আয়াপ্পান
১৩ আগষ্ট ১৯৬৩
শিৱকাশী, তামিলনাডু, ভাৰত
মৃত্যু ২৪ ফেব্ৰুৱাৰী, ২০১৮ (৫৪ বছৰ)
ডুবাই, সংযুক্ত আৰৱ আমিৰাত[1]
মৃত্যুৰ কাৰণ হৃদক্ৰিয়া বন্ধ[2]
বাসগৃহ মুম্বাই
পেচা অভিনেত্ৰী, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৬৭-১৯৯৭, ২০১২-২০১৮
দাম্পত্যসঙ্গী মিথুন চক্ৰৱৰ্তী (বিবাহ: ১৯৮৫, বিচ্ছেদ:১৯৮৮)
বনি কাপুৰ (বিবাহ: ১৯৯৫)
সন্তান ২ (জাহ্নৱী কাপুৰ আৰু খুশি কাপুৰ)
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী (২০১৩)[3]

শ্ৰীদেৱীয়ে মাত্ৰ চাৰি বছৰ বয়সতে এম. এ. থিৰুমুঘামৰ ধৰ্মীয় বোলছবি "থুনাইভান"ত শিশুশিল্পী হিচাপে অভিনয় কৰি অভিনয়ৰ জগত খনলৈ পাতনি মেলিছিল।[15] তাৰ পিছত তেওঁ কেইবাখনো তামিল, তেলুগু, মালয়ালম আৰু কন্নড় বোলছবিত শিশুশিল্পী হিচাপে অভিনয় কৰে। ১৯৭৫ চনৰ জুলি বোলছবিৰ জৰিয়তে তেওঁ হিন্দী ছবিজগতলৈ প্ৰৱেশ কৰে আৰু মাত্ৰ ১৩ বছৰ বয়সত ১৯৭৬ চনৰ তামিল ছবি মুণ্ডৰু মুদিচু ত প্ৰথম মুখ্য অভিনেত্ৰীৰ ভূমিকাত অৱতীৰ্ণ হয়। ইয়াৰ লগে লগে কেইবাখনো জনপ্ৰিয় বোলছবি যেনে, ১৬ ভায়াথিনিলে (১৯৭৭), চিগাপ্পু ৰোজাক্কাল (১৯৭৮), ভাৰুমায়িন নিৰাম ছিভাপ্পু (১৯৮০), মীনদুম কোকিলা (১৯৮১), প্ৰেমাৱিশেষম (১৯৮১), মুনড্ৰাম পিৰাই (১৯৮২), আখাৰী পৰাটাম (১৯৮৮), জাগাডেকা ভীৰুডু অতিলোকা সুন্দৰী (১৯৯০) আৰু কৃষ্ণ কৃষ্ণাম (১৯৯১) আদিৰ জৰিয়তে নিজকে তামিল, তেলুগু, মালয়ালম আৰু কন্নড় ছবিৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।

তেওঁ বলিউডৰ ছলভা চাৱান (১৯৭৮) খনৰ জৰিয়তে মুখ্য ভূমিকাত অভিনয় কৰিবলৈ সুযোগ পায়।[16] তাৰপিছত তেওঁ কেইবাখনো জনপ্ৰিয় ছবি যেনে, হিম্মতৱালা (১৯৮৩), মাৱালী (১৯৮৩), তহফা (১৯৮৪), নয়া কদম (১৯৮৪), মাশ্বক (১৯৮৪), মাষ্টৰজী (১৯৮৫), নাজৰণা (১৯৮৭), মিঃ ইণ্ডিয়া (১৯৮৭), ৱাক্ত কি আৱাজ (১৯৮৮) আৰু চান্দনী (১৯৮৯) আদি ছবিৰ জৰিয়তে নিজকে বলিউডত প্ৰতিষ্ঠা কৰে। কেইবাখনো বাণিজ্যিক চলচ্চিত্ৰ যেনে সাদমা (১৯৮৩), নাগিনা (১৯৮৬), চালবাজ (১৯৮৯), লামহে (১৯৯১), খোদা গাৱাহ (১৯৯২), গুমৰাহ (১৯৯৪), লাডলা (১৯৯৪) আৰু জুডাই (১৯৯৭)-ত কৰা অভিনয়ৰ বাবে বিশেষভাৱে প্ৰশংসিত হৈছিল। তেওঁ পাঁচটা ফিল্মফেয়াৰ বঁটা আৰু দহবাৰ এই বঁটালৈ মনোনয়ন লাভ কৰিছিল।

২০১২ চনত সুদীৰ্ঘ ১৫ বছৰ বিৰতিৰ পিছত ইংলিছ ভিংলিছ বোলছবিৰ জৰিয়তে আকৌ চলচ্চিত্ৰ জগতলৈ পৰ্দাপন কৰে। তেখেতৰ জীবনৰ অন্তিমখন ছবি আছিল ২০১৭ চনত মুক্তি লাভ কৰা বোলছবি মম্|[17] ২০১৩ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[18]

তেওঁ ২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে সংযুক্ত আৰৱ আমিৰাতডুবাইত শেষ নিশ্বাস ত্যাগ কৰে।

বঁটা আৰু স্বীকৃতি সম্পাদনা কৰক

  • ১৯৭১: কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা- শ্ৰেষ্ঠ শিশু অভিনেত্ৰী- পুমবাট্টা
  • ১৯৭৭: ফিল্মফেয়াৰ বঁটা দক্ষিণ (তামিল)- বিশেষ বঁটা- ১৬, ৱায়াথিনিলে
  • ১৯৮১: তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা- শ্ৰেষ্ঠ অভিনেত্ৰী- মুন্দ্ৰম পিৰাই
  • ১৯৮২: ফিল্মফেয়াৰ বঁটা দক্ষিণ (তামিল)- শ্ৰেষ্ঠ অভিনেত্ৰী- মিনদুম ককিলা
  • ১৯৯০: ফিল্মফেয়াৰ বঁটা- শ্ৰেষ্ঠ অভিনেত্ৰী- চালবাজ
  • ১৯৯১: ফিল্মফেয়াৰ বঁটা দক্ষিণ(তেলেগু)- শ্ৰেষ্ঠ অভিনেত্ৰী- ক্ষণ ক্ষণম
  • ১৯৯২: ফিল্মফেয়াৰ বঁটা- শ্ৰেষ্ঠ অভিনেত্ৰী- লমহে
  • ২০১৩: ফিল্মফেয়াৰ বঁটা- বিশেষ বঁটা- নাগিনা
  • ২০১৭: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- শ্ৰেষ্ঠ অভিনেত্ৰী- মম[19]
  • ২০১৯: ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা
  • ২০১৩: পদ্মশ্ৰী[20]
  • ২০২৩: ৬০ বছৰীয়া জন্মদিন উপলক্ষে ১৩ আগষ্ট ২০২৩-ত গুগল-ডুডল প্ৰকাশ[21]

তথ্য উৎস সম্পাদনা কৰক

  1. "Breaking: Sridevi Dies At 54". M.huffingtonpost.in. 2012-09-14. https://m.huffingtonpost.in/amp/2018/02/24/breaking-sridevi-dies-at-55_a_23370162/। আহৰণ কৰা হৈছে: 2018-02-25. [সংযোগবিহীন উৎস]
  2. "Archived copy". Archived from the original on 24 February 2018. https://indianexpress.com/article/entertainment/bollywood/sridevi-dead-5076965/lite/। আহৰণ কৰা হৈছে: 2018-02-24. 
  3. "Sridevi receives Padma Shri award". The Times of India. 6 April 2013. Archived from the original on 11 January 2016. http://timesofindia.indiatimes.com/entertainment/tamil/movies/news/Sridevi-receives-Padma-Shri-award/articleshow/19412606.cms। আহৰণ কৰা হৈছে: 2 October 2015. 
  4. 4.0 4.1 Sridevi Bio – Sridevi News, Wallpapers, Gossip, Movies, Pics : Spice Zee Archived 5 September 2013 at the Wayback Machine
  5. "The Hindu : Talk of the Town". hindu.com. Archived from the original on 10 November 2012. http://www.hindu.com/2000/04/26/stories/0426223j.htm. 
  6. Brahmbhatt, Preetee. "This week in entertainment history". Rediff.com. Archived from the original on 6 May 2009. http://specials.rediff.com/movies/2008/aug/14slide1.htm। আহৰণ কৰা হৈছে: 2009-06-06. 
  7. "Sridevi". Tamilnadu.com. 18 December 2012. Archived from the original on 13 February 2013. https://web.archive.org/web/20130213221647/http://tamilnadu.com/personalities/sridevi.html। আহৰণ কৰা হৈছে: 25 February 2018. 
  8. "Sridevi The First Female Superstar of Bollywood". India Today. August 12, 2015. Archived from the original on 24 January 2018. https://www.indiatoday.in/education-today/gk-current-affairs/story/sridevi-birthday-288076-2015-08-13। আহৰণ কৰা হৈছে: August 13, 2015. 
  9. "Happy Birthday Sridevi Bollywood's First Female Superstar". Hindustan Times. August 12, 2015. Archived from the original on 24 September 2015. https://www.hindustantimes.com/bollywood/happy-birthday-sridevi-bollywood-s-first-female-superstar/story-i8ZAMG6ejEruHoPcf7oxuI.html। আহৰণ কৰা হৈছে: August 13, 2015. 
  10. "100 Years of Cinema: From actors to demigods; the first superstars of cinema". news18.com. March 2, 2013. Archived from the original on 11 January 2018. http://www.news18.com/photogallery/movies/100-years-of-cinema-from-actors-to-demigods-the-first-superstars-of-cinema-896530-15.html। আহৰণ কৰা হৈছে: January 11, 2018. 
  11. "Indian cinema @100: Defining moments you chose". NDTVMovies.com. Archived from the original on 9 March 2014. http://www.ndtv.com/photos/entertainment/indian-cinema-100-defining-moments-you-chose-15069/slide/1. 
  12. CNN-IBN. "100 Years of Indian Cinema: 50 Iconic Heroines". Archived from the original on 16 February 2013. http://ibnlive.in.com/photogallery/12580.html. 
  13. Boxofficeindia.com. "Top Actress". Archived from the original on 27 December 2012. https://web.archive.org/web/20121227120846/http://www.boxofficeindia.com/cpages.php?pageName=top_actress. 
  14. Rediff. "Bollywood's Best Actresses Ever". Archived from the original on 10 March 2012. http://specials.rediff.com/women07/2007/mar/06wslid5.htm. 
  15. "Before All The Galata | Naman Ramachandran". Outlookindia.com. Archived from the original on 23 November 2016. https://web.archive.org/web/20161123034524/http://www.outlookindia.com/magazine/story/before-all-the-galata/282743। আহৰণ কৰা হৈছে: 2013-01-08. 
  16. "Bollywood superstar Sridevi dies at 54" (en-GB ভাষাত). BBC News. 2018-02-24. Archived from the original on 24 February 2018. http://www.bbc.com/news/world-asia-india-43186118. "She debuted as a lead actress in a Bollywood film in 1978, soon becoming one of India's biggest film stars." 
  17. DailyMail. "Sridevi has broken a stereotype". Archived from the original on 25 November 2012. http://www.dailymail.co.uk/indiahome/indianews/article-2216935/She-takes-Sridevis-comeback-English-Vinglish-broken-stereotype-proving-age-factor-heroines-comeback.html. 
  18. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 November 2014. https://www.webcitation.org/6U68ulwpb?url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: July 21, 2015. 
  19. Shiksha, Shruti (25 June 2018). "IIFA Awards 2018: Tumhari Sulu, Sridevi And Irrfan Khan – Complete List Of Winners". NDTV. https://www.ndtv.com/entertainment/iifa-awards-2018-tumhari-sulu-sridevi-and-irrfan-khan-complete-list-of-winners-1872575। আহৰণ কৰা হৈছে: 26 July 2018. 
  20. "Thousands gather to mourn Bollywood's 'first female superstar'". The Daily Telegraph. Telegraph Media Group. 28 February 2018. https://www.telegraph.co.uk/news/2018/02/28/sridevi-funeral-thousands-gather-mourn-bollywoods-first-female/. 
  21. "Sridevi's 60th Birthday" (en ভাষাত). www.google.com. https://www.google.com/doodles/sridevis-60th-birthday। আহৰণ কৰা হৈছে: 2023-08-12. 

বাহ্যিক সংযোগ সম্পাদনা কৰক