শৰীৰ আৰু হৃদয়(ইংৰাজী: Harir Aaru Hriday) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৩০ টা প্ৰবন্ধ আছে। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে ২০১০ চনৰ নৱেম্বৰ মাহত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে ডাঃ জয়ন্তবিশ্ব শৰ্মা আৰু কুন্তলমণি শৰ্মা বৰদলৈলৈ আগবঢ়াইছে।[1]

শৰীৰ আৰু হৃদয়  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী উৎপল বৰা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ নৱেম্বৰ,২০১০
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৯১

বিৱৰণ সম্পাদনা কৰক

'শ্ৰুতলিপি' শীৰ্ষক অধ্যায়ৰ পিছতে কিতাপখনত থকা অন্যান্য প্ৰবন্ধসমূহ হৈছে:- 'শৰীৰ আৰু হৃদয়', 'টলষ্টয় আৰু ঈশ্বৰ', 'লেখক', 'সাংবাদিক', 'কিতাপ', 'কলেজ', 'মাদাৰ টেৰেছা আৰু ঈশ্বৰ', 'মই যদি জানিলোহেঁতেন', 'পিতৃ-মাতৃ', 'জেইমছ্‌ ফ্ৰেজাৰ যিদিনা অন্ধ হৈছিল', 'হেনৰি লুই মেনকন আৰু ঈশ্বৰ', 'বিশ্বাস আৰু অবিশ্বাস', 'জীৱনলৈ মৃত্যুৰ উপহাৰ', 'কিতাপৰ সৈতে কথা-বাৰ্তা', 'মানুহৰ মূৰৰ দাম','যিবোৰ বস্তু আমাৰ জীৱনৰ পৰা চিৰকাললৈ হেৰাই গ'ল', 'দুৰাৰোগ্য ৰোগীসকলৰ কাৰণে এটা কাহিনী', 'এটা প্ৰশ্ন', 'তিনিটা প্ৰশ্ন', 'টেৰেৰাই ট্ৰেণ্ট', 'ৰবিনছন ক্ৰুছো', 'জৰ্জ ফাৰ্নাণ্ডেজ', 'চম্পাৱতী দলে', 'গোলাপ বৰবৰাক মই যেনেকৈ জানিছিলো', 'কেনেকৈ মৰিব লাগে', 'উপনিষদৰ শান্তিবচন', 'কেন উপনিষদৰ ব্ৰহ্মবিদ্যা', 'অথবা তেৱোঁ নাজানে' আৰু 'বৃক্ষৰোপণ'।[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 হোমেন বৰগোহাঞি (জুন,২০১৫). শৰীৰ আৰু হৃদয়. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক সম্পাদনা কৰক