ষ্টেৰ‌ইড (steroid) এক জৈৱিকভাৱে সক্ৰিয় জৈৱ যৌগ (organic compound) য'ত এক বিশেষ আণৱিক গাঁথনিৰ চাৰিটা চক্ৰ (ring) থাকে। ষ্টেৰ‌ইডৰ দুটা প্ৰধান জৈৱিক কাম আছে: কোষাৱৰণৰ তৰলতাত সালসলনি কৰা এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে; আৰু সংকেত বহনকাৰী অণু হিচাপে। উদ্ভিদ, প্ৰাণী আৰু ভেঁকুৰত শতাধিক ষ্টেৰ‌ইড পোৱা যায়। সকলো ষ্টেৰ‌ইড কোষতে লেন'ষ্টেৰল বা চাইক্ল'আৰ্টেনল (উদ্ভিদ) ষ্টেৰলৰ পৰা উৎপন্ন হয়।[2]

Complex chemical diagram
২৭টা কাৰ্বন পৰমাণু থকা ক'লেষ্টেন নামৰ ষ্টেৰ‌ইড। ইয়াৰ মূল চক্ৰ প্ৰণালীত (ABCD) ১৭টা কাৰ্বন পৰমাণু থাকে।[1]:1785f

ষ্টেৰ‌ইডৰ মূল গঠনত সাধাৰণতে সোতৰটা কাৰ্বন পৰমাণু চাৰিটা চক্ৰৰে লগ লাগি থাকে: তিনিটা ছজনীয়া চাইক্ল'হেক্সন চক্ৰ (প্ৰথম ছবিখনৰ A, B আৰু C চক্ৰ) আৰু এটা পাঁচজনীয়া চাইক্ল'পেণ্টান চক্ৰ (D চক্ৰ)। এই চাৰিটা চক্ৰত সংযোগী কাৰ্যকৰী গোট আৰু চক্ৰকেইটাৰ জাৰণ অৱস্থাই ষ্টেৰ‌ইডৰ প্ৰকাৰ নিৰ্ণয় কৰে। তিনি নং স্থানত হাইড্ৰক্সী গোট আৰু কলেষ্টেনৰ এটা শৃংখল থাকিলে সেই ষ্টেৰইডক ষ্টেৰল বোলে।[1]:1785f[3] চক্ৰ গঠনৰ সালসলনি কৰি ষ্টেৰ‌ইডৰ অধিক পৰিৱৰ্তন কৰিব পাৰি। B চক্ৰ কাটি ছেক'ষ্টেৰ‌ইড উৎপন্ন কৰিব পাৰি যাৰ এবিধ ভিটামিন D3

ষ্টেৰ‌ইডৰ উদাহৰণ কলেষ্টেৰল নামৰ চৰ্বি, যৌন হৰম'ন ইষ্ট্ৰাডিয়ল আৰু টেষ্ট'ষ্টেৰ'ন[4]:10–19 আৰু প্ৰদাহ-প্ৰতিৰোধী ঔষধ ডেস্কামিথাছ'ন।[5]

Filled-in diagram of a steroid
Space-filling representation
Ball-and-stick diagram of the same steroid
Ball-and-stick representation
5α-dihydroprogesterone (5α-DHP), এবিধ ষ্টেৰ‌ইড। প্ৰায়বোৰ ষ্টেৰইডত থকা চাৰিটা চক্ৰ দেখুওৱা হৈছে (কাৰ্বন পৰমাণু ক'লা ৰঙেৰে, অক্সিজেন ৰঙা আৰু হাইড্ৰ'জেন ধোঁৱাবৰণেৰে)।

বিতৰণ আৰু কাম সম্পাদনা কৰক

সংকোষকেন্দ্ৰীয় জীৱৰ ভিতৰত উদ্ভিদ, জন্তু আৰু ভেঁকুৰত ষ্টেৰইড পোৱা যায়।

ভেঁকুৰৰ ষ্টেৰ‌ইড সম্পাদনা কৰক

ভেঁকুৰৰ কোষাবৰণ অটুট ৰখাত সহায় কৰা আৰ্গ'ষ্টেৰল এবিধ ভেঁকুৰৰ ষ্টেৰ‌ইড। এম্ফ'টেৰিচিন বি-ৰ দৰে এণ্টিফাংগেল ঔষধে এই তথ্যকে ব্যৱহাৰ কৰি ৰোগ সৃষ্টিকাৰী ভেঁকুৰ নাশ কৰে।[6] ভেঁকুৰে নিজৰ আৰ্গ'ষ্টেৰলৰ পৰিমাণৰ সালসলনি কৰি এনে ঔষধৰ বিৰুদ্ধে প্ৰতিৰোধী ক্ষমতা গঢ়ি তুলিব পাৰে।[7] আৰ্গ'ষ্টেৰল মানুহকে ধৰি প্ৰাণীৰ দেহত পোৱা ক'লেষ্টেৰল আৰু উদ্ভিদত পোৱা ফাইট'ষ্টেৰলৰ সমতুল্য।[7] আৰ্গ'ষ্টেৰল উৎপাদনৰ বাবে অক্সিজেনৰ প্ৰয়োজন।[7] ই ভেঁকুৰত পোৱা ভিটামিন ডিৰো উৎস; অতিবেঙুণী ৰশ্মিয়ে আৰগ'ষ্টেৰলক প্ৰ'ভিটামিন D2 লৈ পৰিৱৰ্তিত কৰে।[7] Provitamin D2 spontaneously forms vitamin D2.[7] কিন্তু সকলো ভেঁকুৰে কোষাবৰণত আৰ্গ'ষ্টেৰল ব্যৱহাৰ নকৰে।[7]

প্ৰাণীৰ ষ্টেৰ‌ইড সম্পাদনা কৰক

পতংগৰ দেহত এক্‌ডাইষ্টেৰ‌ইড গোটৰ ষ্টেৰইড পোৱা যায় যি কিছুমান প্ৰজাতিত মোট সলোৱাত সহায় কৰে। মেৰুদণ্ডী প্ৰাণীত ষ্টেৰ‌ইডৰ উদাহৰণ [{ষ্টেৰ‌ইড হৰম'ন]] আৰু ক'লেষ্টেৰল। ক'লেষ্টেৰল কোষাবৰণৰ এক গাঁথনিক উপাদান আৰু লগতে এথেৰ'স্লেৰ'ছিছ কৰা এথেৰ'মাৰ মূল উপাদান। ষ্টেৰ‌ইড হৰম'নসমূহ হ'ল:

  • যৌন হৰম'ন যি যৌনতাৰ পাৰ্থক্য নিৰূপণ কৰে আৰু প্ৰজনন নিয়ন্ত্ৰণ কৰে। এণ্ড্ৰ'জেন, ইষ্ট্ৰ'জেন আৰু প্ৰ'জেষ্ট'জেন মূল যৌন হৰম'ন।
  • কৰ্টিক'ষ্টেৰ‌ইড যেনে গ্লুক'কৰ্টিক‌ইড যি বিপাক আৰু প্ৰতিৰক্ষা তন্ত্ৰৰ বহু দিশ নিয়ন্ত্ৰণ কৰে; আৰু মিনাৰেল'কৰ্টক‌ইড যি তেজৰ আয়তন নিয়ন্ত্ৰণ কৰি ৰক্তচাপৰ সমতা বজাই ৰাখে। বহু কৃত্ৰিম ষ্টেৰ‌ইড ঔষধো কৰ্টিক'ষ্টেৰ‌ইডৰ অন্তৰ্ভুক্ত।
  • প্ৰাকৃতিক আৰু কৃত্ৰিম এনাবলিক ষ্টেৰ‌ইড যি পেশী আৰু হাড়ৰ আয়তন বঢ়ায়। আজিকালি "ষ্টেৰ‌ইড" বুলিলে প্ৰায়েই এনাবলিক ষ্টেৰ‌ইডকে সূচায়।

উদ্ভিদৰ ষ্টেৰ‌ইড সম্পাদনা কৰক

উদ্ভিদৰ ষ্টেৰ‌ইডত ছ'লানেচিয়া (Solanaceae)ত[8]আৰু মেলান্‌থায়াচি (Melanthiaceae)ত পোৱা পোৱা এল্‌কালইড অন্তৰ্ভুক্ত।[9] cardiac glycosides,[10] ফাইট'ষ্টেৰল আৰু ৰাচিন'ষ্টেৰ‌ইড আন উদ্ভিদ ষ্টেৰ‌ইড।

প্ৰ'কোষকেন্দ্ৰীয় সম্পাদনা কৰক

প্ৰ'কোষকেন্দ্ৰীয় জীৱত টেট্ৰাচাইক্লিক এচিড গাঁথনিৰ বাবে জৈৱসংশ্লেষণ পথ বিদ্যমান (যেনে- মাইক'বেক্টেৰিয়াত)[11] – আনহাতে সংকোষকেন্দ্ৰীয় জীৱত ইয়াৰ উপস্থিতি অনুমানহে কৰা হয়।[12]

প্ৰকাৰ সম্পাদনা কৰক

কাম অনুসৰি সম্পাদনা কৰক

ষ্টেৰইড হৰম'নৰ প্ৰকাৰসমূহ হ'ল-

এমিন'ষ্টেৰইড আৰু নিউৰ'ষ্টেৰইড আন আন ষ্টেৰইড হৰম'ন:

ভিটামিন ডি-ৰ তিনিটা ৰূপো ষ্টেৰইডৰ প্ৰকাৰ।

গঠন অনুসৰি সম্পাদনা কৰক

অবিভাজ্য চক্ৰ প্ৰণালী সম্পাদনা কৰক

ৰাসায়নিক গঠন অনুসৰি ষ্টেৰইডক শ্ৰেণীবিভাজন কৰিব পাৰি।[13] ইয়াৰ উদাহৰণ কিছুমান তলত দিয়া হ'ল।

 
ক'লেকেল্‌ছিফেৰ'ল (ডিটামিন ডি), ৯,১০-ছেক'ষ্টেৰইডৰ উদাহৰণ
 
চাইক্ল'পামিন, এক জটিল চি-নৰ-ডি-হ'ম'ষ্টেৰইডৰ উদাহৰণ
শ্ৰেণী উদাহৰণ কাৰ্বন পৰমাণুৰ সংখ্যা
কলেষ্টেন কলেষ্টেৰল ২৭
ক'লেন ক'লিক এচিড ২৪
[প্ৰেগ্‌‌নেন প্ৰ'জেষ্টেৰন ২১
এণ্ড্ৰ'ষ্টেন টেষ্ট'ষ্টেৰন 19
ইষ্ট্ৰেন ইষ্ট্ৰাডিয়ল ১৮

বিভাজিত, সংকোচিত আৰু পৰিবৰ্ধিত চক্ৰ সম্পাদনা কৰক

ছেক'ষ্টেৰইড (লেটিন seco, "কটা") ষ্টেৰইড যৌগৰ এক উপশ্ৰেণী যাক মূল ষ্টেৰইড চক্ৰ (সাধাৰণতে চাৰিটাৰ এটা) কাটি তৈয়াৰ কৰা হয়। এই খণ্ডন হোৱা কাৰ্বন পৰমাণুৰ সংখ্যাৰে শ্ৰেণীটোৰ নাম ৰখা হয়। যেনে ভিটামিন ডি৩ ক'লেকেল্‌ছিফেৰল ষ্টেৰইড বি-চক্ৰৰ C-9 আৰু C-10 কাৰ্বন পৰমাণুৰ খণ্ডনেৰে উৎপাদন হোৱা বাবে ই ৯,১০-ছেক'ষ্টেৰইড উপশ্ৰেণীত পৰে।[14]

নৰষ্টেৰইড (nor-, L. নৰ্মা; ৰসায়নত "নৰ্মেল" মানে কাৰ্বন আঁতৰোৱা)[15] আৰু হ'ম'ষ্টেৰইড (homo-, গ্ৰীক homos; "একে", অৰ্থাৎ কাৰ্বন যোগ) জৈৱসংশ্লেষণৰ খেপত তৈয়াৰ হোৱা ষ্টেৰইডৰ গাথনিক উপশ্ৰেণী।[16]


জৈৱিক গুৰুত্ব সম্পাদনা কৰক

ষ্টেৰইড আৰু ইয়াৰ পৰা উদ্ভূত যৌগসমূহে প্ৰায়েই সংকেত বহণকাৰী হিচাপে কাম কৰে (যেনে ষ্টেৰইড হৰম'ন) আৰু ফছফ'লিপিডৰ লগত ষ্টেৰইড কোষাবৰণৰ উপাদান।[17] কলেষ্টেৰলৰ দৰে ষ্টেৰইডে আৱৰণীৰ তৰলতা হ্ৰাস কৰে।[18] চৰ্বিৰ দৰে ষ্টেৰইডবোৰ শক্তিৰ আধাৰ। কিন্তু সাধাৰণতে শক্তিৰ উৎস হিচাপে ইয়াৰ ব্যৱহাৰ নহয়; স্তন্যপায়ী প্ৰাণীত ই বিপাকৰ পাছত শৰীৰৰ পৰা ওলাই যায়।

প্ৰষ্টেটৰ কৰ্কটকে ধৰি নানা ৰোগত ষ্টেৰইডে গুৰুত্বপূৰ্ণ ভূমিকা লয় য'ত টিউমাৰটোৰ ভিতৰে-বাহিৰে ষ্টেৰইড উৎপাদনে কৰ্কট কোষৰ ক্ষমতা বঢ়াই তোলে।[19]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "Nomenclature of steroids, recommendations 1989". Pure Appl. Chem. খণ্ড 61 (10): 1783–1822. 1989. doi:10.1351/pac198961101783. http://iupac.org/publications/pac/pdf/1989/pdf/6110x1783.pdf.  Also available with the same authors at "IUPAC-IUB Joint Commission on Biochemical Nomenclature (JCBN). The nomenclature of steroids. Recommendations 1989". European Journal of Biochemistry / FEBS খণ্ড 186 (3): 429–58. Dec 1989. doi:10.1111/j.1432-1033.1989.tb15228.x. PMID 2606099. ; Also available online at "The Nomenclature of Steroids". প্ৰকাশক London, GBR: Queen Mary University of London. পৃষ্ঠা: 3S–1.4. http://www.chem.qmul.ac.uk/iupac/steroid/3S01.html। আহৰণ কৰা হৈছে: 10 May 2014. 
  2. "Lanosterol biosynthesis". Recommendations on Biochemical & Organic Nomenclature, Symbols & Terminology. International Union Of Biochemistry And Molecular Biology. http://www.chem.qmul.ac.uk/iubmb/enzyme/reaction/terp/lanost.html। আহৰণ কৰা হৈছে: 2006-11-28. 
  3. Also available in print at Dictionary of Steroids. প্ৰকাশক London, GBR: Chapman and Hall. 1991. পৃষ্ঠা. xxx–lix. ISBN 978-0412270604. https://books.google.com/books?isbn=0412270609। আহৰণ কৰা হৈছে: 20 June 2015. 
  4. Steroid Chemistry at a Glance. প্ৰকাশক Hoboken: Wiley. 2011. ISBN 978-0-470-66084-3. 
  5. "Antiinflammatory action of glucocorticoids--new mechanisms for old drugs". The New England Journal of Medicine খণ্ড 353 (16): 1711–23. Oct 2005. doi:10.1056/NEJMra050541. PMID 16236742. Archived from the original on 2017-08-09. https://web.archive.org/web/20170809044355/https://pedclerk.uchicago.edu/sites/pedclerk.uchicago.edu/files/uploads/Addison%27sGCTx.NEJM_.2005.pdf। আহৰণ কৰা হৈছে: 2019-11-26. 
  6. "Human Fungal Pathogens and Drug Resistance Against Azole Drugs" (English ভাষাত). Drug Resistance in Bacteria, Fungi, Malaria, and Cancer. Springer. 2017-03-21. ISBN 978-3-319-48683-3. 
  7. 7.0 7.1 7.2 7.3 7.4 7.5 Kavanagh, Kevin, ed (8 September 2017) (English ভাষাত). Fungi: Biology and Applications. John Wiley & Sons, Inc.. ISBN 9781119374312. 
  8. "Evolution of secondary metabolites from an ecological and molecular phylogenetic perspective". Phytochemistry খণ্ড 64 (1): 3–19. Sep 2003. doi:10.1016/S0031-9422(03)00300-5. PMID 12946402. 
  9. Wink, Michael; van Wyk, Ben-Erik (2008). Mind-altering and poisonous plants of the world. প্ৰকাশক Portland (Oregon USA) and Salusbury (London England): Timber press inc.. পৃষ্ঠা. 252, 253 and 254. ISBN 978-0-88192-952-2. 
  10. Wink, Michael; van Wyk, Ben-Erik (2008). Mind-altering and poisonous plants of the world. প্ৰকাশক Portland (Oregon USA) and Salusbury (London England): Timber press inc.. পৃষ্ঠা. 324, 325 and 326. ISBN 978-0-88192-952-2. 
  11. "Steroid biosynthesis in prokaryotes: identification of myxobacterial steroids and cloning of the first bacterial 2,3(S)-oxidosqualene cyclase from the myxobacterium Stigmatella aurantiaca". Molecular Microbiology খণ্ড 47 (2): 471–81. Jan 2003. doi:10.1046/j.1365-2958.2003.03309.x. PMID 12519197. 
  12. "Phylogenomics of sterol synthesis: insights into the origin, evolution, and diversity of a key eukaryotic feature". Genome Biology and Evolution খণ্ড 1: 364–81. 2009. doi:10.1093/gbe/evp036. PMID 20333205. 
  13. Zorea, Aharon (2014). Steroids (Health and Medical Issues Today). প্ৰকাশক Westport, CT: Greenwood Press. পৃষ্ঠা. 10–12. ISBN 978-1440802997. 
  14. "Steroids: partial synthesis in medicinal chemistry". Natural Product Reports খণ্ড 27 (6): 887–99. Jun 2010. doi:10.1039/c001262a. PMID 20424788. 
  15. "IUPAC Recommendations: Skeletal Modification in Revised Section F: Natural Products and Related Compounds (IUPAC Recommendations 1999)". International Union of Pure and Applied Chemistry (IUPAC). 1999. http://www.chem.qmul.ac.uk/iupac/sectionF/RF41.html#41. 
  16. Wolfing, János (2007). "Recent developments in the isolation and synthesis of D-homosteroids and related compounds". Arkivoc: 210–230. http://www.arkat-usa.org/get-file/19924/. 
  17. Silverthorn, Dee Unglaub, 1948- (2016). Human physiology : an integrated approach. Johnson, Bruce R., Ober, William C., Ober, Claire E., Silverthorn, Andrew C. (Seventh সম্পাদনা). প্ৰকাশক [San Francisco]. ISBN 9780321981226. OCLC 890107246. 
  18. Life: The Science of Biology (9th সম্পাদনা). প্ৰকাশক San Francisco: Freeman. 2011. পৃষ্ঠা. 105–114. ISBN 978-1-4292-4646-0. 
  19. "Paracrine Sonic Hedgehog Signaling Contributes Significantly to Acquired Steroidogenesis in the Prostate Tumor Microenvironment". Int. J. Cancer খণ্ড 140 (2): 358–369. 2016. doi:10.1002/ijc.30450. PMID 27672740. 

গ্ৰন্থপঞ্জী সম্পাদনা কৰক