সদস্য কথা-বাৰ্তা অৱদান পৰীক্ষাগাৰ ই পত্ৰ পৰিসংখ্যা মই আৰম্ভ কৰা
প্ৰবন্ধসমূহ

কথা বতৰা আৰ্কাইভ (২০১২)

প্ৰিয় দীপাংকৰ, তুমি যোগ দিয়া 'নিউটনৰ গতি সূত্ৰ' প্ৰৱন্ধটোত "ক্লাচিকেল বলবিদ্যা" শব্দটোক মই "ধ্ৰুপদী বলবিদ্যা" লৈ সলনি কৰি দিলো। তোমাৰ আপত্তি থাকিলে জনাবা। ৱিকিপিডিয়াৰ পদাৰ্থবিজ্ঞান বিভাগটোত মই দুই এটা প্ৰৱন্ধ অনুবাদ কৰি আছো। তুমিও যিহেতু পদাৰ্থবিজ্ঞানৰে ছাত্ৰ সময় সুবিধা উলিয়াই নতুনকৈ যোগ দিয়া বা অনুবাদৰ কাম কৰিবা। প্ৰণৱ

ধন্যবাদ, মইয়ো এবাৰত ভাবিছিলো ধ্ৰুপদী শব্দটো, পাছ্ত নিদিলোগৈ কিবা ভাবি, আৰু কেবাটাও ওলাইছে তেনেকুৱা | DC Assam ❯❯❯ Talk 07:56, 6 জানুৱাৰী 2012 (UTC)

পদাৰ্থবিজ্ঞানৰ শব্দ সম্পাদনা কৰক

ধন্যবাদ দীপাংকৰ। মই ভাবো, frame ৰ বাবে তন্ত্ৰ শব্দটো ব্যৱহাৰ কৰিব পাৰি। inertial frame==জড় তন্ত্ৰ, frame of reference==প্ৰসংগ তন্ত্ৰ। যিহেতু, inertial শব্দটোৰ দ্বাৰা আপেক্ষিকভাৱে স্থিতিশীল তন্ত্ৰৰ কথা বুজোৱা হৈছে, গতিকে নিস্ক্ৰিয়তকৈ জড় বেছি প্ৰযোজ্য় হ'ব। প্ৰণৱ


সৰু কথা এটা কৈছো দেই - frame ৰ বাবে প্রণালী শব্দটো ব্যৱহাৰ হৈ আহিছে। গতিকে frame of reference মানে প্রসংগ প্রণালী বুলি লিখিব পাৰি চাগে। পদার্থবিজ্ঞানৰ দুই এখন কিতাপতো এনেদৰে লিখা থকা মনত পৰে। - স্যামন্ত

মোৰ আলোচনা পৃষ্ঠা চোৱা (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 17:05, 6 জানুৱাৰী 2012 (UTC)

ধন্যবাদ, চালো তেখেতে মোলৈও বাৰ্তা দিছিল, মইয়ো দি দিয়ক বুলি কৈছিলো। পাছ্ত তেখেতৰ লেখাটিৰ পেৰেগ্ৰাফৰ ফৰমেট টো বেয়া হৈ থকাত থিক কৰো বুলি লওঁতে পঢ়াতহে দুয়োটা একে বুলি গম পালো। DC Assam ❯❯❯ Talk 17:19, 6 জানুৱাৰী 2012 (UTC)

মোৰ আচলতে এই থাই সমূহৰ বিষয়ে জ্ঞান নাই| কেতিয়াও যোৱাও নাই, পঢ়াও নাই| গতিকে পাৰা যদি তুমিয়েই অলপ থিক থাক কৰি দিয়াচোন| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 17:28, 6 জানুৱাৰী 2012 (UTC)

মোৰো নাই বাৰু তেনেকৈ মই চেষ্টা কৰিম বাৰু DC Assam ❯❯❯ Talk 17:36, 6 জানুৱাৰী 2012 (UTC)

চোৱাচোন তেন্তে| মোৰ খেলিমেলি লাগিছে| শিৱসাগৰৰ শিৱদৌল আৰু নেঘেৰিটিং দল একেই বুলি কৈছা নহয় জানো? (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 17:45, 6 জানুৱাৰী 2012 (UTC)

নহবও পাৰে নেকি দেৰগাওঁ গোলাঘাটত DC Assam ❯❯❯ Talk 17:51, 6 জানুৱাৰী 2012 (UTC)

নিশ্ছিত হ’লো, বেলেগ বেলেগ দ’ল আনক সুধিলো আপোনাৰ মিছাই কষ্ট দিলো| DC Assam ❯❯❯ Talk 18:08, 6 জানুৱাৰী 2012 (UTC)

ৰ’বা ম‍ই বাইদেউক বাৰ্তা দিছোঁ| কি উত্তৰ দিয়ে চাওঁ, পাৰিলে তুমিও যোগাযোগ কৰাচোন| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 18:05, 6 জানুৱাৰী 2012 (UTC)
অ’ বাইদেৱে মোক বেলেগ বেলেগ বুলিয়েই ক’ল| আৰু এয়া কি কষ্ট হে ডেকা ল’ৰা, ভালহে নজনা কথা এটা জানিলো| মাজে মাজে কষ্ট দিবা, ভালেই পাম| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 18:12, 6 জানুৱাৰী 2012 (UTC)


তোমাৰ ফোন নম্বৰটো মোক দিবা| Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 18:38, 22 জানুৱাৰী 2012 (UTC)

                    • DC Assam ❯❯❯ Talk 18:48, 22 জানুৱাৰী 2012 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1 সম্পাদনা কৰক

  আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 19:45, 22 জানুৱাৰী 2012 (UTC)

বাহঃ আধাআধি কাম তুমি কৰিলাই দেখোন| প্ৰগেমৰ ডিটেলচটো দিম ৰ’বা| আৰু কিবা লাগে নেকি সেইটো চাব লাগিব| ধন্যবাদ| খোলা দিনত এটা কাৰনে ভাল হ’ব বুজিছা, তোমাৰ দৰে আগ্ৰহী আৰু কেইজনমান ওলাই আহিব পাৰে| বন্ধ হ’লে আকৌ বহুতে এলাহ কৰে| Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 11:55, 23 জানুৱাৰী 2012 (UTC)

দীপাংকৰ তুমি অম্লান প্ৰশাসক হ'ব নালাগে বুলি ভোট দিলা যে? Gitartha.bordoloi 09:52, 5 ফেব্ৰুৱাৰী 2012 (UTC)
অম্লানৰ কৰ্মদক্ষতাত মোৰ বিশ্বাস আছে, মই তেওঁৰ কাম দেখিছো, কিন্তু আন কিছুমান খেলিমেলি দেখিছো এইকেদিন আমাৰ মাজত, কাম কৰাৰ আগ্ৰহবোৰ এনে বেমেজালিয়ে কমায় (মোৰেই কমিছে), আমি আমাৰ মাজৰ এনে সমস্যা বোৰ প্ৰথমে আঁতৰোৱা উচিত, নতুন এজন প্ৰশাসক নিয়োগ কৰাতকৈ, অম্লানৰ বিপক্ষে মোৰ এই ভোট নহয়, এইমূহুৰ্তত নতুন প্ৰশাসক হোৱাৰ বিপক্ষেহে | আমি কামবোৰ কৰিবৰ আৰম্ভ কৰিছোঁহে আমাৰ মাজত বিবাদ সোমালেইনে? (মোৰ স্পষ্টীকৰণেই এইয়া) অৱশ্যে এইয়া মোৰ চিন্তাহে|
DC Assam ❯❯❯ Talk 11:22, 5 ফেব্ৰুৱাৰী 2012 (UTC)

"সহায়:অৰ্থকোষ" মোটামুটি সম্পূৰ্ণ কৰিলোঁ। আৰু কিবা শব্দ থাকিলে যোগ কৰিব পাৰা। ৱিকিপিডিয়াৰ পাঠক আৰু নতুন সদস্যৰ বাবে এইখন সহায়ক হ'ব। Gitartha.bordoloi 17:38, 5 ফেব্ৰুৱাৰী 2012 (UTC)

ভাল হৈছে ম‍ই এবাৰ চালো অলপ আগতে | বাকীবোৰ আৰম্ভ নোহোৱা সহায় পৃষ্ঠাও আৰম্ভ কৰিব লাগে| DC Assam ❯❯❯ Talk 17:46, 5 ফেব্ৰুৱাৰী 2012 (UTC)

পুনঃনিৰ্দেশ সম্পাদনা কৰক

ইংৰাজী শিৰোনামাবোৰ পুনঃনিৰ্দেশ কৰি আছা কিয়? লাভ নাইতো। Gitartha.bordoloi 18:07, 7 ফেব্ৰুৱাৰী 2012 (UTC)

ৱিকিপিডিয়া:ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প চাবচোন | DC Assam ❯❯❯ Talk 18:45, 7 ফেব্ৰুৱাৰী 2012 (UTC)

I agree with Gitartha. Just leave an interwiki link to enwiki, and change insert the Assamese article name next to the English article name in the list. চাইপাও 19:53, 7 ফেব্ৰুৱাৰী 2012 (UTC)

Ok then, I won't add those. M doing that because in many cases we don't have proper Assamese words or well known Assamese synonyms for Science Related words, if u add a redirection it will be easy for user to search the desired article, Malayalam and Tamil wikipedia are also following this system. Assamese names of the articles 'll be added to the list.DC Assam ❯❯❯ Talk 20:13, 7 ফেব্ৰুৱাৰী 2012 (UTC)


চিজুক কথাটো সুধিছিলোঁ। তেওঁলোকে মালায়ালম ৱিকিত সকলোবোৰ প্ৰবন্ধৰে ইংৰাজী শিৰোনামাটো মালায়ালম প্ৰবন্ধলৈ পুনঃনিৰ্দেশ কৰি ৰাখে। কাৰণ দুটা: পাঠকে নিৰ্দিষ্ট ভাষাটো লিখিব নাজানি ইংৰাজীতো অনুসন্ধান কৰিব পাৰে। দ্বিতীয়তে লিংক দিয়াৰ সুবিধা: যেনে- http://as.wikipedia.org/wiki/physics । যুক্তি নথকা নহয়। প্ৰস্তাৱ কৰি সকলোৰে মতামত ল'ব লাগিব। তাৰপিছত সিদ্ধান্ত লোৱা যাওক। Gitartha.bordoloi 20:10, 7 ফেব্ৰুৱাৰী 2012 (UTC)

ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প সম্পাদনা কৰক

প্ৰকল্পটো ভাল হৈছে। মোৰ পিছে পদাৰ্থবিজ্ঞানৰ জ্ঞান তেনেকৈ নাই। কম্পিউটাৰ বিজ্ঞানৰ প্ৰকল্প এটাও আৰম্ভ কৰিব লাগিব। --অম্লান বসুমতাৰী     09:15, 8 ফেব্ৰুৱাৰী 2012 (UTC)

পুৰস্কাৰ সম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ ধন্যবাদ হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:35, 14 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ বিষ্ণু দাদা DC Assam ❯❯❯ Talk 15:19, 20 ফেব্ৰুৱাৰী 2012 (UTC)

একত্ৰীকৰণ সম্পাদনা কৰক

একত্ৰীকৰণ প্ৰস্তাবকেইটা আঁতৰাই পেলাব পাৰা। ইংৰাজী ৱিকিপিডিয়াতো সেইকেইটা স্বতন্ত্ৰ প্ৰবন্ধ। Gitartha.bordoloi

  The Working Wikipedian's Barnstar
বন্ধুবৰ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। প্রভাকৰ শৰ্মা নেওগ 15:00, 20 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ প্ৰভাকৰ ছাৰ । DC Assam ❯❯❯ Talk 15:29, 20 ফেব্ৰুৱাৰী 2012 (UTC)

দীপাংকৰ, মই এইখিনি কৰিলো- চাবাচোন৷ Anatomy- আভ্যন্তৰীণ দেহতত্ব বিদ্যা, Biogeography -ভৌগোলিক জীৱবিদ্যা, Biological engineering –জৈৱ-অভিযান্ত্ৰিক বিজ্ঞান, Behavioral neuroscience -আচৰণ স্না্য়ুবিজ্ঞান(?), Biotechnology--জৈৱ-প্ৰযুক্তিবিদ্যা, Conservation biology - সংৰক্ষণ জীৱবিদ্যা, Ecology- বাস্তব্যবিদ্যা বা পৰিস্হিতি বিজ্ঞান, Evolutionary biology – ক্ৰমবিৱৰ্তন বিদ্যা, Genetics –বংশগতি বিদ্যা, Immunology-প্ৰতিৰোধ জীৱবিজ্ঞান, Marine biology-- সাগৰীয় জীৱবিদ্যা, Molecular biology --অণুজীৱ বিদ্যা, Paleontology –প্ৰত্নতত্ব বিদ্যা, Parasitology –পৰজীৱী প্ৰাণীবিজ্ঞান, Physiology- বাহ্যিক দেহতত্ব বিদ্যা, Soil biology-মৃৎ-বিজ্ঞান(?), Theoretical biology-তাত্বিক জীৱবিজ্ঞান, Zoology-প্ৰাণীবিজ্ঞান ৷ জলি বৰা 16:47, 20 ফেব্ৰুৱাৰী 2012 (UTC)

Reply: বেটুপাতৰ সন্ধান বাকচৰ আখৰ সম্পাদনা কৰক

Media wiki-ৰ Inputbox ব্যৱহাৰ কৰি এই সমস্যাটো সম্ভৱতঃ remove কৰিব নোৱাৰি।
See Extension:InputBox. --অম্লান বসুমতাৰী     15:42, 23 ফেব্ৰুৱাৰী 2012 (UTC)

শেষ হ’ল হ’বলা| ইংৰাজীৰ পৰা সাঁচ কপি কৰিলে লগত ইংৰাজী interwiki টোৱো আনি থবা| নহলে পিছত একেটা সাঁচকে দুই তিনিবাৰ প্ৰতিলেপন কৰা হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:49, 16 মাৰ্চ 2012 (UTC)

বাৰু DC Assam ❯❯❯ Talk 14:51, 16 মাৰ্চ 2012 (UTC)

বৰদৈবাম বিলমুখ পক্ষী উদ্যান সম্পাদনা কৰক

দীপাংকৰ, বৰদৈবামৰ লগতে অসমৰ অন্য সংৰক্ষিত বনাঞ্চলসমূহৰ বিষয়েও লিখাৰ পৰিকল্পনা কৰিয়ে আছিলো, কিন্তু যি দেখিছোঁ সেইটো দুদিনমানলৈ পিছ পৰিব। মই এইকেইদিনতে পৰৱৰ্তী দুমাহৰ বাবে ফিল্ড ৱৰ্কৰ কামত যাব লাগিব। ফিল্ড ৱৰ্কৰ site-ত ইন্টাৰনেট দূৰৰে কথা বিদ্যুতৰ সংযোগেই নাই। গতিকে তাৰ পৰা উভতি আহিহে ৱিকিপিডিয়াৰ বাবে সময় দিব পাৰিম বুলি আশা কৰিছোঁ। তুমি যি পাৰা কৰিবাচোন, মই ঘূৰি আহি নিশ্চয় যোগ দিমহি। জলি বৰা (talk) 12:48, 18 মাৰ্চ 2012 (UTC)

মই জনাত বৰদৈবাম বিলমুখত ঢকুৱাখনাৰ মেগামিক্স নামৰ প্ৰকৃতি সংঘই কিছু অধ্যয়ন কৰিছিল৷ গতিকে তেওঁলোকৰ হাতত কিছু তথ্য থাকিব লাগে৷ সংঘৰ সদস্যক সুধিলে পোৱা যাব৷ মই বিচাৰি চাম বাৰু৷ আৰু কিছুমান চৰাইৰ অসমীয়া নাম মোৰ হাতত আছে, যোগ দিম৷ এইবোৰ তথ্য অ'ত ত'ত সিচঁৰিত হৈ আছে- কেতিয়াবা সঁচাই অসুবিধা হয়৷ দুমাহমানৰ আগতে প্ৰান্তিকৰ এটা সংখ্যাত এখন চিঠি পঢ়িছিলো৷ এগৰাকী ব্যক্তিয়ে (নামটো পাহৰিছোঁ) জনাইছিল যে অসমৰ চৰাইসমূহৰ স্থানীয় আৰু বৈজ্ঞানিক নামৰ সৈতে এখন পূৰ্ণাংগ তালিকা (checklist) তৈয়াৰ কৰি উলিয়াইছে, কিন্তু প্ৰকাশৰ মাধ্যম পোৱা নাই ৷ সম্পাদকে প্ৰান্তিকত তেনেকৈ তালিকা প্ৰকাশ কৰা সম্ভৱ নহয় বুলি উত্তৰ দিছিল! এইবোৰ তথ্য পোৱা হ'লে খুউব সুবিধা হ'ল হেঁতেন!জলি বৰা (talk) 04:36, 19 মাৰ্চ 2012 (UTC)

ৱিকিপত্ৰিকা সম্পাদনা কৰক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকাত অসমীয়া ৱিকিসমাজৰ বাতৰি লিখাত সহায় কৰা! — গীতাৰ্থ বৰদলৈ (talk) 18:12, 27 মাৰ্চ 2012 (UTC)

বেলেগ আচৰিত কিবা কৰ্মপদ্ধতি নাই অ'। অসমীয়া ৱিকিপিডিয়া বা ৱিকিসমাজৰ শেহতীয়া খা-খবৰবোৰহে তাত লিখিব লাগে। তাৰ পিছত সেইখিনি ইংৰাজীলৈ অনুবাদ কৰি ৱিকিপত্ৰিকাত সুমুৱাব। শিৰোনামাবোৰ দিয়েই থৈছোঁ। তাত আমাৰ শেহতীয়া সক্ৰিয়তা, প্ৰবন্ধ/সম্পাদনা পৰিসংখ্যা, কৰ্মশালা, ৱিকিচ'ৰ্ছ আদি প্ৰকল্পৰ অৱস্থা আদি আন ভাৰতীয় ৱিকিসমাজবোৰে জানিব পৰাকৈ চমুকৈ লিখিব লাগে। উদাহৰণৰ বাবে http://wiki.wikimedia.in/WikiPatrika/2011-06/Community_News/bn বা http://ne.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE:Wikimedia_India_Newsletter/2011_June চাবা। ৱিকিপিডিয়া বাৰ্তা:ৱিকিপত্ৰিকাতো সমন্বয়ৰক্ষীগৰাকীয়ে ৱিকিপত্ৰিকাৰ বিষয়ে একলম লিখি থৈছে। মই অলপ-চলপ ব্যস্ত, এইকেইদিন ফে'চবুক খোলা নাই। অনুগ্ৰহ কৰি লিংকটো দি ৰাইজক বুজাই দিবাচোন। কিছুমান কাম তুমি অকলেই পাৰিবা। মাত্ৰ কিছুমান তথ্য যেনে- লোহিত অসমীয়া ফ'ণ্ট সংযোগ কৰা তাৰিখ, কী-ব'ৰ্ড সংযোগ কৰা তাৰিখ আদি উলিয়াব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 17:06, 28 মাৰ্চ 2012 (UTC)
বি:দ্ৰ: বেটুপাতৰ তুমি কোৱা সালসলনিখিনি সদস্য:Gitartha.bordoloi/coverত কৰি থৈছিলোঁ। চাই মন্তব্য দিবা।
ভাল হ’ব| কিন্তু বৰ্তমান সেই কামটো গীতাৰ্থ‍ আৰি অম্লানৰ ওপৰতে এৰিছো| ম‍ই পাছতহে চকু দিম| তেওঁলোকে কিবা কিবি পৰীক্ষা নিৰীক্ষা কৰি আছে| কৰি লওক সেইবোৰ আগতে| নে কি কোৱা? বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:56, 28 মাৰ্চ 2012 (UTC)
অম্লানৰ ৯০% আৰু মোৰ ১০% বৰঙণি থকা বেটুপাতৰ নতুন ডিজাইন: সদস্য:Gitartha.bordoloi/cover2— গীতাৰ্থ বৰদলৈ (talk) 08:32, 29 মাৰ্চ 2012 (UTC)


TUSC token e314ce85b06ddcc59b1c156d50f1d83a সম্পাদনা কৰক

I am now owner of a TUSC account!

Dear, Dipankar, You have modified my page DUNIদুনী. But you note that this is not my personnal page. It is under the division "assam's Village"অসম গাওঁ. Please revert it as soon as you can. or contact to my no -9577007097. Thanx সদস্য:Mishra Kumar Sarma

আপোনাৰ দুনী পৃষ্ঠা খন ম‍ই সম্পাদনা কৰা নাই, ম‍ই আপোনাৰ মিশ্র কুমাৰ শর্মা পৃষ্ঠা খনৰ বিষয়েহে কৈছেলো, তাৰোপৰি দুনী পৃষ্ঠা খনত আপুনি ৱিকিৰ নিয়ম বহিৰ্ভূত ভাবে কিছুমান কথা লিখিছিল, সেয়ে সেইখিন সম্পাদনা কৰিব লগা হ’ল, ৱিকিপিডিয়াৰ কোনো এখন পৃষ্ঠাই কেৱল মাত্ৰ সৃষ্টিকৰ্তা জনৰ নহয়, ভুলৰ শুধৰণি আৰু নতুন তথ্য যোগ আন যি কোনো সদস্যই যিকোনো সময়ত কৰিব পাৰে, আপুনি অনুগ্ৰহ কৰি আপুনি ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয় পঢ়ি চাবচোন কিছুমান কথা পৰিষ্কাৰ হ’ব, ৱিকিত লগ পাই থকাৰ আশা থাকিল| DC Assam ❯❯❯ Talk 10:32, 24 জুলাই 2012 (UTC)

Re: File:Translation Barnstar.svg সম্পাদনা কৰক

উপায় মোৰ বোধে এটাই আছে| File:Translation Barnstar as.svg নামেৰে এখন চিত্ৰ প্ৰস্তত কৰা| সাৰাংশত ফাইলটো যে File:Translation Barnstar.svg ৰ অসমীয়া ৰূপান্তৰ সেই কথা উল্লেখ কৰিবা লগতে আচল সৃষ্টিকৰ্তাৰ নামটোৱো| এইখন মুক্ত চিত্ৰৰ ভিতৰতে পৰিব, গতিকে কমন্সটো আপলোড কৰিব পাৰিবা| ইয়াত আপলোড কৰিলেও আপত্তি নাই| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:56, 8 অক্টোবৰ 2012 (UTC)

উত্তৰ: ছবি ডিলিট সম্পাদনা কৰক

ছবি কেইখন বিলোপ কৰিলে কাৰণ সেইকেইখন অ-মুক্ত ছবিহে আছিল| অৰ্থাত্‍ ৱেবছাইটৰ স্ক্ৰীনশ্বট মুক্ত চিত্ৰ নহয়| সেইবোৰ স্থানীয় আপলোড কৰাৰ বিকল্প নাই| কিন্তু ল’গবোৰ ডিলিট কৰা নাই| সেয়া মুক্ত চিত্ৰ| আৰু জানিবলৈ (খণ্ড: Uploading a Non-free Image) এই লিংকটো চাবা | বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:45, 10 অক্টোবৰ 2012 (UTC)

ভাল বাৰু :)


ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:20, 17 নৱেম্বৰ 2012 (UTC)

"DC Assam/Archive 2012"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।