ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)


কেন্দ্ৰীয় আলোচনা
প্ৰস্তাৱসমূহ আলোচনা পৌনঃপুনিক প্ৰস্তাৱসমূহ

টোকা: নিষ্ক্ৰিয় আলোচনাসমূহ, শেষ হওক বা নহওক, আৰ্কাইভ ক’ৰা হ’ব
আৰ্কাইভআলোচনাসম্পাদনাইতিহাসপ্ৰদৰ্শন



সংৰক্ষিত পাঠ

সবাতোকৈ পুৰণি
সংৰক্ষণ ১
সংৰক্ষণ ২
সংৰক্ষণ ৩ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)
সংৰক্ষণ ৪ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)
সংৰক্ষণ ৫ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৮)
সংৰক্ষণ ৬ (জানুৱাৰী ২০১৯-ডিচেম্বৰ ২০২১)
সংৰক্ষণ ৭ (জানুৱাৰী ২০২২-ডিচেম্বৰ ২০২২)
সংৰক্ষণ ৮ (জানুৱাৰী ২০২৩-ডিচেম্বৰ ২০২৩)
সংৰক্ষণ ৯ (জানুৱাৰী ২০২৪-ডিচেম্বৰ ২০২৪)

আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এটি ৱিকি কৰ্মশালাৰ আয়োজনৰ প্ৰস্তাৱ সম্পৰ্কে আলোচনাৰ বাবে শেহতীয়া সংৰক্ষণ চাওক।

সম্পাদনা কৰক

নৱবৰ্ষৰ ৱিকি সংকল্প, ২০২৫

সম্পাদনা কৰক

নতুন বছৰৰ আৰম্ভণিতে আমি বহুতেই বছৰটোত আশা কৰা কথা বা কামৰ বিষয়ে সংকল্প ল'বলৈ চেষ্টা কৰোঁ। বছৰৰ প্ৰথম দিনটোতে নিজৰ ওচৰত এনেকৈ প্ৰতিশ্ৰুতিবদ্ধ হ'লে সেই কথাটোৱেই বছৰটোলৈ আমাক অনুপ্ৰেৰণা যোগাই থাকিব পাৰে। সেই আশাৰেই ২০২৫ চনৰ প্ৰাকক্ষণত সকলোকে একোটাকৈ ৱিকি সংকল্প ল'বলৈ আহ্বান জনাব খুজিছোঁ। অনাগত বছৰটোত আপুনি ৱিকিৰ যিকোনো প্ৰকল্পত কেনেধৰণে অৱদান আগবঢ়াব বিচাৰে সেয়া এই প্ৰস্তাৱত মন্তব্য হিচাপে যোগ দিব পাৰে। এই সংকল্পসমূহ যিমান পাৰি স্মাৰ্ট (SMART: নিৰ্দিষ্ট (Specific), জুখিব পৰা (Measurable), কৰিব পৰা (Achievable), ৱিকি সম্পৰ্কীয় (Relevant), আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত (Time-Bound)) হ'লে ভাল।

২০২৫ চনৰ বাবে মোৰ ৱিকি সংকল্প হৈছে-

  1. অসমীয়া ৱিকিমিডিয়া সমাজৰ সমৰ্থন থকালৈকে ২০২৫ চনৰ প্ৰতিমাহে অনলাইন মাহিলী ৱিকিসভা পৰিচালনা কৰি যাম।
  2. বছৰটোত ৱিকিকমন্সত কমেও ৩৬৫খন ফটো সংযোগ কৰিম (আজিৰ তাৰিখত সৰ্বমুঠ:৭৩০)।
  3. ৱিকিৰ সকলো প্ৰকল্প মিলাই বছৰটোত অন্তত: ১০০০টা সম্পাদনা কৰাৰ চেষ্টা কৰিম (আজিৰ তাৰিখত সৰ্বমুঠ: ১১,৮৭৭)।

-Joli Rumi (বাৰ্তা) 14:13, 14 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মোৰ সংকল্প

সম্পাদনা কৰক
  1. প্ৰতিদিনে অসমীয়া ৱিকিমিডিয়াৰ যিকোনো এটা প্ৰকল্প (পাৰিলে একাধিক)ত সম্পাদনা কৰিবলৈ যত্ন কৰিম, আৰু বছৰটোত কমেও এজন ব্যক্তিক ৱিকিমিডিয়াৰ যিকোনো প্ৰকল্পত সম্পাদনা কৰাৰ শিক্ষা দিম। -Pranamikaadhikary (বাৰ্তা) 12:36, 20 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. ১ জানুৱাৰীৰপৰা অসমীয়া ৱিকিউৎসত প্ৰতিদিনে অন্ততঃ ১ পৃষ্ঠা মুদ্ৰণ সংশোধন কৰাৰ ১০০ দিনীয়া সংকল্প লৈছোঁ। - JyotiPN (বাৰ্তা) 06:11, 1 January 2025 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]
  3. ২০২৫ বৰ্ষত ৱিকিপিডিয়াত নতুন প্ৰবন্ধ সৃষ্টিৰ লগতে সম্পাদনা, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সত ফটো আপলোড কৰিবলৈ চেষ্টা কৰিম। Naruna Baruah (বাৰ্তা) 13:53, 1 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. ৱিকিপিডিয়াত বছৰটোত ৩০০ প্ৰবন্ধ সৃষ্টিৰে ব্যক্তিগতভাৱে ১০০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰিবলৈ চেষ্টা কৰিম। -Nayan j Nath (বাৰ্তা) 14:13, 1 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নাৰীবাদ আৰু লোকগাথা ২০২৫ৰ আয়োজন

সম্পাদনা কৰক

প্ৰিয় স্বেচ্ছাসেৱকসকল, প্ৰতি বছৰৰ দৰে এইবাৰো আমি নাৰীবাদ আৰু লোকগাথা সম্পাদনা-মেলা আয়োজন কৰিবলৈ ওলাইছোঁ। নাৰীবাদ আৰু লোকগাথা হৈছে ৱিকিপিডিয়াত সাংস্কৃতিক বৈচিত্ৰ্য আৰু লৈংগিক সমতাৰ বাৰ্ষিক উদ্‌যাপন। এয়া হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি, লোকগাথা আৰু মহিলা বিষয়ক সমল বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাই অৱদানকাৰীসকলক স্থানীয় সাংস্কৃতিক অনুষ্ঠান, লোক-সম্পৰ্কীয় কাৰ্যকলাপ, আৰু মহিলাসকলৰ সততে অৱহেলিত কিন্তু উল্লেখযোগ্য অৱদানসমূহৰ অন্তৰ্ভুক্তিকৰণৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। এই প্ৰতিযোগিতা ৱিকি লাভছ্ লোকগাথা (WLF) অভিযানৰ এক অবিচ্ছেদ্য অংশ। বাকীসমূহ ভাষাৰ দৰে এইবেলিও অসমীয়া ৱিকিপিডিয়াই উক্ত প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২৫-ৰ পৰা ৩১ মাৰ্চ ২০২৫-লৈ চলিব। আশা কৰিছোঁ, আপোনালোকে উক্ত প্ৰতিযোগিতাত অংশ লৈ প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তুলিব।

প্ৰতিযোগিতাৰ বাবে ইতিমধ্যেই এটা প্ৰকল্প-পৃ্ষ্ঠা সাজু কৰা হৈছে। চাবলৈ ইয়াত ক্লিক কৰক। গোলকীয় পৰ্যায়ৰ মূল পৃষ্ঠাৰ বাবে ইয়াত ক্লিক কৰক।

আপোনালোকৰ মতামত জনাব। ধন্যবাদেৰে Ishanjyotibora (বাৰ্তা) 07:04, 6 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  1. সমৰ্থন জনালোঁ। -দিব্য দত্ত  (বাৰ্তা) 09:52, 6 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. সমৰ্থন জনাইছোঁ। -Joli Rumi (বাৰ্তা) 14:05, 6 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. সমৰ্থন জনাইছোঁ। Rumi Borah~aswiki (বাৰ্তা) 14:36, 6 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4.   সমৰ্থনচাণক্য (বাৰ্তা) 20:06, 10 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. সমৰ্থন জনালোঁ। Mridul Kumar Sharmah

ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫

সম্পাদনা কৰক

ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫ ৰ সৈতে সংগতি ৰাখি অসমীয়া ৱিকিপিডিয়াটো এটি এডিট-আ-থন আয়োজন কৰা হৈছে। মূল প্ৰতিযোগিতাত এগৰাকী বা দুগৰাকী আয়োজকৰ উল্লেখ থকালৈ চাই আয়োজকৰ দায়িত্বভাৰ লবলৈ ইচ্ছুক অন্য কোনো এজনক নিজৰ নাম যোগ দিবলৈ আন্তৰিক আহ্বান জনালোঁ। বিচাৰক হিচাপে অভিজ্ঞ ৱিকিপিডিয়ান দিব্য দত্তৰ সৈতে নিজৰ নাম প্ৰস্তাৱ কৰিলোঁ। ইচ্ছুক কোনোৱে মোৰ নামৰ ঠাইত বিচাৰক ৰূপে নিজৰ নাম প্ৰস্তাৱ কৰিলে ভাল পাম। প্ৰতিযোগিতাখন যিহেতু ইতিমধ্যে আৰম্ভ হৈছে, প্ৰস্তাৱ দিয়াৰ আগতে প্ৰতিযোগিতা পৃষ্ঠাটো সজা হ'ল। অভিজ্ঞসকলক প্ৰতিযোগিতা পৃষ্ঠাৰ ভুলখিনি শুধৰাই দিয়াৰ লগতে সকলোকে প্ৰতিযোগিতাত যোগদানৰ বাবে আন্তৰিক আহ্বান জনালোঁ। JyotiPN (বাৰ্তা) 19:16, 25 January 2025 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

মন্তব্য

ৱিকি লাভছ্ ফ'ক্‌ল'ৰ ২০২৫, অসম

সম্পাদনা কৰক

ৱিকি লাভছ্ ফ'ক্‌ল'ৰ হৈছে ৱিকিমিডিয়া প্ৰকল্প (মূলতঃ Wikipedia আৰু Wikimedia Commons)ৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক বৈচিত্ৰ্যক উপভোগ আৰু উদযাপনৰ বাবে আয়োজিত এক আন্তৰ্জাতিক ফটোগ্ৰাফিক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত সকলোৱেই অংশগ্ৰহণ কৰিব পাৰে। ৱিকি লাভছ্ ফ'ক্‌ল'ৰ ইন ইণ্ডিয়াৰ নেতৃত্বত আছে কেৰালা ৱিকিমিডিয়ান ইউজাৰ গ্ৰুপ আৰু ইয়াৰ সমৰ্থনত আছে সাহ্যা ডিজিটেল কনজাৰ্ভেচন ফাউণ্ডেচন আৰু সাহ্যা অপেন হেৰিটেজ ফাউণ্ডেচন। এই আন্তৰ্জাতিক প্ৰতিযোগিতা খনৰে দেশীয় সংস্কৰণৰ ভাগ হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ স্থানীয় ভাষাৰ ৱিকি প্ৰকল্পৰ বাবে ৱিকি লাভছ্ ফ'ক্‌ল'ৰ ২০২৫, অসম আয়োজনৰ বাবে দিহা কৰা হৈছে। যাৱতীয় খা-খৰচৰ বাবে এই প্ৰকল্পৰ হৈ জমা কৰা বাজেটৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেচনে ইতিমধ্যেই অনুমোদন জনাইছে, ইয়াত অসমীয়া ৱিকি পৰিয়ালৰো অংশীদাৰিত্ব আছে। এই প্ৰকল্পৰ বাবে সমন্বয়ক হিচাপে মোৰ লগতে দিব্য দত্তকো অন্তৰ্ভুক্ত কৰা হৈছে। বিচাৰকৰ বাবে পূৰ্বৰ প্ৰতিযোগিতাত সফলতাৰে বিচাৰকৰ দায়িত্ব পালন কৰা ৰংগুণ দত্তক পুনৰাই প্ৰস্তাৱ আগবঢ়োৱাৰ কথা ভাৱিছোঁ, লগতে অসমীয়া ৱিকি পৰিয়ালৰ হৈ জলি ৰুমী বৰাৰ নামটো প্ৰস্তাৱ হিচাপে আগবঢ়াইছোঁ।

  1. Jyoti Chiring (বাৰ্তা) 09:11, 15 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. কুমুদ ঘোষ (বাৰ্তা) 15:08, 15 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. AjayDas (বাৰ্তা) 09:25, 18 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Joli Rumi (বাৰ্তা) 13:51, 21 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. -  অনামিকা  কথা-বতৰা 18:20, 21 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
    Naruna Baruah (বাৰ্তা) 12:03, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Bibhuti Gogoi

( বাৰ্তা)

বিচাৰক হিচাপে মোৰ সলনি গীতাৰ্থ বৰদলৈৰ নামটো প্ৰস্তাৱ কৰিছোঁ। এইক্ষেত্ৰত তেওঁৰ দখল আৰু অৱদান মোতকৈ বহুত বেছি! লগতে সময়ৰ নাটনিৰ কাৰণে অন্যান্য দায়িত্বৰ উপৰি ৱিকি লাভছ্ ফ'ক্‌ল'ৰৰ বিচাৰক হিচাপে সময়মতে কাম আগবঢ়াবলৈ মোৰ অসুবিধা হ'ব। -Joli Rumi (বাৰ্তা) 13:57, 21 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সামাজিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক কাৰ্যসূচী

সম্পাদনা কৰক

সামাজিক/ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক এলানি কাৰ্যসূচীৰ পৰিকল্পনাৰে আৰু ৱিকিমিডিয়ান “প্ৰয়াত চন্দন চিৰিং ফুকনৰ সোঁৱৰণ’’ত অহা ২৭ এপ্ৰিল, ২০২৫ৰ পৰা ২৭ এপ্ৰিল ২০২৬ চনলৈ এক বছৰজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় খৰচ-পাতিৰ বাবে CIS-A2K লৈ আৰ্থিক অনুদানৰ প্ৰস্তাৱ শীঘ্ৰেই দিয়া হ’ব। -Pranamikaadhikary (বাৰ্তা) 08:11, 18 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • সম্ভাব্য স্থান নগাঁও জিলা।
  • ২৭-০৪-২০২৫ ৱিকি সম্পাদক আৰু স্থানীয় লোকৰ মাজত এদিনীয়া সন্মিলন, ৱিকিউৎসৰ চমু কৰ্মশালা।
  • বছৰজোৰা অনলাইন মেণ্টৰশ্বিপ, মেণ্টিসকল ২৭-০৪-২০২৫ৰ অনুষ্ঠানত উপস্থিত থকা হ’ব লাগিব।
  • মেণ্টিৰ তিনিমহীয়া প্ৰত্যাহ্বান। প্ৰতিযোগিতা আদিত অংশ গ্ৰহণ।
  • ২৭-০৪-২০২৬ ত একেই স্থানত সামৰণি অনুষ্ঠান।

অসমীয়া ৱিকি-সমাজৰ সকলো সক্ৰিয় সদস্যৰ মতামত কামনা কৰিলোঁ।

  • কাৰ্যসূচীখন সংলগ্ন কৰি দিয়া হ’ল। কিবা ভুল বা অধিক কিবা সংযোগ কৰিবলগীয়া থাকিলে সন্মানীয় সদস্যসকলে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ।
  1. AjayDas (বাৰ্তা) 09:26, 18 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. কুমুদ ঘোষ (বাৰ্তা) 06:29, 20 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. দিব্য দত্ত  (বাৰ্তা) 14:55, 20 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Joli Rumi (বাৰ্তা) 13:50, 21 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. -  অনামিকা  কথা-বতৰা 18:19, 21 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Rumi Borah~aswiki (বাৰ্তা) 02:08, 22 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. BhuyanBhaskar (বাৰ্তা) 02:44, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. Naruna Baruah (বাৰ্তা) 12:01, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. Dipankar Das (বাৰ্তা) 05:18, 1 March 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সোঁৱৰণ আৰু সংকল্প
(অসমীয়া ৱিকিমিডিয়াৰ বছৰজোৰা প্ৰশিক্ষণ কাৰ্যসূচী)

স্থান: বুক নুক,
(ব্যক্তিগত পুথিভঁৰাল)
স্বত্বাধিকাৰী: বিজিত বৰঠাকুৰ
নগাঁও, অসম

তাৰিখ:
প্ৰথম অধিৱেশন ইং ২৭-০৪-২০২৫
দ্বিতীয় অধিৱেশন ইং ২৭-০৪-২০২৬

আয়োজক:

সহ-আয়োজক:

সমল ব্যক্তি:

কাৰ্যসূচী:
২৭-০৪-২০২৫

পুৱা৯-৩০ বজাত: পুৱাৰ আহাৰ
১০ বজাত: আদৰণি সম্ভাষণ
১০-১০ বজাত: শ্ৰদ্ধাঞ্জলি
১০-২০ বজাত: নিমন্ত্ৰিত স্থানীয় ব্যক্তিলৈ ৱিকি-সমাজৰ প্ৰতীক প্ৰদান।
১০-৩০ বজাত: বুক নুকৰ স্বত্বাধিকাৰীৰ বক্তব্য
১০-৪৫ বজাত: স্থানীয় ব্যক্তিৰ বক্তব্য
১১ বজাৰ পৰা ৱিকিউৎসৰ শিক্ষণ কাৰ্যসূচী
দুপৰীয়া ০১ বজাত আহাৰ বিৰতি
দুপৰীয়া ০২ বজাৰ পৰা ৱিকিপিডিয়াৰ শিক্ষণ কাৰ্যসূচী
বিয়লি ৪ বজাত : চাহ বিৰতি
৪-২০ বজাত : ধন্যবাদ জ্ঞাপন।
৪-৩০ বজাত: কাৰ্যসূচী সমাপ্তি ঘোষণা।

ইয়াৰ পিছৰ দিনবোৰত উপস্থিত প্ৰশিক্ষাৰ্থীসকলক প্ৰয়োজনত অনলাইন মাধ্যমত প্ৰশিক্ষণ দিয়া হ’ব। পৰৱৰ্তী অধিৱেশন অৰ্থাৎ ২৭-০৪-২০২৬ৰ দিনা প্ৰশিক্ষাৰ্থীসকলক নিজৰ কৃতিত্ব দেখুৱাই ভিদিঅ’ প্ৰেজেণ্টেছনৰ সুবিধা দিয়া হ’ব।

উপস্থিতিৰ সংখ্যা (আনুমানিক)

  • ১০ গৰাকী শিক্ষাৰ্থী
  • ১০ গৰাকী ৱিকিমিডিয়ান
  • ১০ গৰাকী স্থানীয় লোক

মুঠ ৩০ গৰাকী

বাজেট: ২৭-০৪-২০২৫ ৰ বাবদ (আনুমানিক)
১) বেনাৰ (দুখন) 500 টকা
২) প্ৰজেক্টৰ 2000 টকা
৩) খাদ্য: 15000 টকা
৪) পানী 1000 টকা
৫) অন্যান্য 1500 টকা
৬) উপহাৰ আৰু মানপত্ৰ (বুক নুকক দিবলগীয়া) 2000 টকা
৭) ৱিকিমিডিয়ানৰ অহাযোৱা 20000 টকা।

মুঠ: 42000 টকা।

ইউজাৰ গ্ৰুপৰ মান্যতা

সম্পাদনা কৰক

প্ৰিয় ৱিকিসতীৰ্থ, আমি ৱিকিমিডিয়াৰ সৈতে সংযোগ সুৰক্ষিত কৰাৰ স্বাৰ্থত ইউজাৰ গ্ৰুপৰ মান্যতা প্ৰাপ্তিৰ বাবে কৰা আৱেদনৰ ভিত্তিত এটা সু-নিৰ্দিষ্ট গোট হিচাপে স্বীকৃতি পাবলৈ মাত্ৰ দুখোজমানহে বাকী। এই পৰিপ্ৰেক্ষিতত এফিলিয়েচন কমিটিৰ সন্মুখত এটা শৃংখলাবদ্ধ গোট হিচাপে আমাৰ ঐক্য প্ৰদৰ্শন কৰাটো অতি গুৰুত্বপূৰ্ণ। এই সপ্তাহত হৈ যোৱা দলীয় সাক্ষাৎকাৰত ৱিকিমিডিয়া এফিলিয়েচনৰ দলটোৱে আমাৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া, প্ৰশাসনিক গাঁথনি, নেতৃত্বৰ দল, সদস্যপদৰ মাপকাঠী আৰু সম্বন্ধিত বিষয় সম্পৰ্কে কিছু প্ৰশ্ন কৰিছে।

ইয়াৰ প্ৰত্যুত্তৰত সদস্য জলি ৰুমী বৰাই নেতৃত্ব নিৰ্বাচনৰ সময়সীমা আৰু প্ৰক্ৰিয়াৰ বাবে তলত দিয়া মাপকাঠীসমূহ প্ৰস্তাৱ কৰিছে-

  • অসমীয়া ৱিকিমিডিয়া সমাজৰ নেতৃত্বৰ দলটো ৰাইজৰ চ'ৰাত সক্ৰিয় সদস্যৰ ভোটিং প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব।
  • নেতৃত্বৰ কাৰ্যকাল দুবছৰ হ'ব, দ্বিতীয় বছৰৰ অন্ত পৰাৰ আগতে ডিচেম্বৰ মাহত নতুন দলৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
  • যিকোনো সক্ৰিয় অসমীয়া ৱিকিমিডিয়ানে নেতৃত্বৰ ভূমিকা ল'বলৈ নিজকে বা সম্প্ৰদায়ৰ আন সদস্যক মনোনীত কৰিব পাৰিব।
  • নেতৃত্বৰ দলটো গঠন কৰাৰ ক্ষেত্ৰত কাৰিকৰী দিশ, সংগঠন, আৰু সমন্বয়ৰ ক্ষেত্ৰত অৰ্হতা আৰু অভিজ্ঞতাৰ লগতে লিংগ সমতাৰ দিশতো গুৰুত্ব দিয়া হ'ব।

বৰ্তমানৰ সক্ৰিয়তা, আগ্ৰহ, দক্ষতা, আৰু জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি আমি (সদস্য:গীতাৰ্থ, জলি আৰু নয়ন) তলত উল্লেখকৰা ধৰণেৰে নেতৃত্বৰ দল এটাও প্ৰস্তাৱ কৰিছো-

Leadership Team


Role Username
Advisory Gitartha (Admin:WP,WS)
Pranamika (Admin:WS)
Jonali
Coordination Joli (Admin:WP)
Nayan (Admin:WP)
Technical Suport Dibya (Admin:WP)
Chanakya (Admin:WQ)
Kuladhar
Animesh
Media Ishan (Admin:WS)
Nayan (Admin:WP)
Rumi

আমি আপোনালোকক এই প্ৰস্তাৱটো পৰ্যালোচনা কৰিবলৈ আৰু আপোনালোকৰ অতিকৈ মূল্যৱান পৰামৰ্শসমূহ মাত্ৰ দুদিনৰ ভিতৰতে জনাবলৈ আহ্বান জনাইছোঁ। এটা শক্তিশালী আৰু বৰ্ণিল প্ৰশাসনিক গাঁথনি গঢ়ি তোলাত আপোনালোকৰ সমৰ্থন অতিকে প্ৰয়োজনীয়।

  1. --দিব্য দত্ত (বাৰ্তা) 19:15, 27 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Joli Rumi (বাৰ্তা) 21:48, 27 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. 01:55, 28 February 2025 (ইউ.টি.চি.)
  4. দিম্পল দাস (বাৰ্তা) 02:12, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Jyoti Chiring (বাৰ্তা) 02:42, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. BhuyanBhaskar (বাৰ্তা) 02:42, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. Bibhuti Gogoi
  8. Pranamikaadhikary (বাৰ্তা) 05:11, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. Rajdweep nlb (বাৰ্তা) 07:23, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. - অনামিকা  কথা-বতৰা 09:23, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. Naruna Baruah (বাৰ্তা) 12:02, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. AjayDas (বাৰ্তা) 12:38, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  13. হানিফ আলী (বাৰ্তা) 15:29, 28 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  14. কুমুদ ঘোষ (বাৰ্তা) 04:28, 1 March 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  15. Dipankar Das (বাৰ্তা) 05:18, 1 March 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া ৱিকিপিডিয়া কৰ্মশালা

সম্পাদনা কৰক

কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত অহা ১৯ মাৰ্চ তাৰিখে অসমীয়া ৱিকিপিডিয়া সম্পৰ্কত এক কৰ্মশালা অনুষ্ঠিত কৰা হ'ব। কৰ্মশালাত কোকৰাঝাৰৰ ৱিকিমিডিয়ান জয়সাগৰ মূৰ্মু আৰু যোৰহাটৰ ৱিকিমিডিয়ান প্ৰাণজ্যোতি নাথওে (সদস্য:JyotiPN) সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিবলৈ সন্মতি জনাইছে। কৰ্মশালা সম্পৰ্কে সকলোকে সম্যক আভাস দিবলৈ ৩ মাৰ্চত অসমীয়া বিভাগত এক প্ৰাক্-কৰ্মশালা অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

মূল কৰ্মশালাৰ সম্ভাব্য খৰছৰ বাবে CIS ৰ সৈতে প্ৰাৰম্ভিক কথা পতা হৈছে। বিতং আলোচনা বাকী আছে। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 18:09, 2 March 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰাক্-কৰ্মশালাৰ কাৰ্যসূচী

সম্পাদনা কৰক

৩ মাৰ্চ দুপৰীয়া ১২ বজাৰ পৰা ১ বজালৈ

  1. অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ পৰিচয়/ৱিকিপিডিয়া কি
  2. ৱিকিপিডিয়া কিয় লাগে
  3. ৱিকিপিডিয়াৰ মূল নীতিসমূহ
  4. সততে উদিত প্ৰশ্নসমূহ
  5. ৱিকিপিডিয়াত একাউণ্ট খোলা (সকলোৱে হাতে-কামে)

কৰ্মশালাৰ কাৰ্যসূচী

সম্পাদনা কৰক

মেটা পৃষ্ঠা চাওক৷

সময় পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ টালৈ।

অংশগ্ৰহণকাৰী

সম্পাদনা কৰক

শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী মিলি আনুমানিক ৩০ গৰাকী।

ৰাইজৰ মতামত

সম্পাদনা কৰক