সাৰাংশ (ইংৰাজী: Harangso) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ২০১১ চনৰ আগষ্ট মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে জন্ম-সূত্ৰে বাঙালী আৰু কৰ্ম-সূত্ৰে অসমৰ বাহিৰত অসমীয়া সাহিত্যৰ প্ৰচাৰত ব্ৰতী বাসুদেৱ দাসৰ কৰকমলত আগবঢ়াইছে।[1]

সাৰাংশ  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী মনজিৎ ৰাজখোৱা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ আগষ্ট,২০১১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২৭০
আই.এচ.বি.এন. 987-81-7665-399-2

বিৱৰণ সম্পাদনা কৰক

কিতাপখনত ১২ টা প্ৰবন্ধ আছে। সেইকেইটা হৈছে,'জীৱ্ন', 'স্মৰণীয় মানুহ','জীৱনৰ পঢ়াশালী', 'স্মৃতি', 'ঈশ্বৰ', 'বাৰ্ধক্য', 'মৃত্যু', 'কিতাপ', 'সুখ-দুখ','সাধনা',' ৰোগ আৰু যন্ত্ৰণা', আৰু 'জীৱন নামৰ কিতাপখনৰ শেষ পৃষ্ঠা'।[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 হোমেন বৰগোহাঞি (নৱেম্বৰ,২০১৩). সাৰাংশ. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক সম্পাদনা কৰক