স্কন্দমাতা (সংস্কৃত: स्कंदमाता) হৈছে হিন্দু দেৱী পাৰ্বতীৰ পঞ্চম ৰূপ। তেওঁৰ নামটো 'স্কন্দ'ৰ পৰা আহিছে। যুদ্ধদেৱতা কাৰ্তিকৰ ই এক বিকল্প নাম, আৰু মাতা শব্দৰ অৰ্থ মাতৃ।[1][2] নৱদুৰ্গাৰ এগৰাকী হিচাপে নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা অনুষ্ঠিত হয়। দেৱীৰ অৱস্থান বিশুদ্ধ চক্ৰ।

স্কন্দমাতা
মাতৃত্ব আৰু শিশু সকলৰ দেৱী

স্কন্দ (কাৰ্ত্তিক)ৰ মাতৃ
দেৱনাগৰী स्कंदमाता
সম্পৰ্ক দুৰ্গা,পাৰ্বতী,নৱদুৰ্গা, দেৱী
নিবাস কৈলাস
মন্ত্ৰ सिंहासनगता नित्यं पद्माश्रितकरद्वया। शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी॥
অস্ত্ৰ পদুম, কাৰ্ত্তিকক ধৰি থকা দুখন হাত
সঙ্গী শিৱ
সন্তান কাৰ্ত্তিক
আসন/বাহন সিংহ

চিত্ৰায়ন সম্পাদনা কৰক

স্কন্দমাতাৰ হাত চাৰিখন, তিনিচকুৰ গৰাকী দেৱীৰ বাহন সিংহ। [3] তেওঁৰ এখন হাত অভয়মুদ্ৰা ভংগীমাৰে দেখুওৱা হয় আৰু আন এখন হাত নৱজাত পুত্ৰ স্কন্দক কোলাত ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰে। দেৱীৰ বাকী দুখন হাতত সাধাৰণতে পদুমফুল থাকে। দেৱীৰ দেহ পাতল বৰণৰ। দেৱীক প্ৰায়ে পদুমৰ ওপৰত বহি থকা দেখুওৱা হয় বাবে তেওঁক কেতিয়াবা পদ্মাসনী বুলিও কোৱা হয়।

বিশেষত্ব সম্পাদনা কৰক

ভক্ত সকলে বিশ্বাস কৰে যে তেওঁ ভক্তসকলক বিপদৰ পৰা পৰিত্ৰাণ কৰে, শক্তি, সমৃদ্ধি আৰু ঐশ্বৰ্য প্ৰদান কৰে। দেৱীয়ে নিৰক্ষৰ লোকক জ্ঞান প্ৰদান কৰিব পাৰে। নিস্বাৰ্থভাৱে দেৱীৰ প্ৰতি সমৰ্পিত ভক্তই তেওঁৰ জীৱনত সকলো সফলতা আৰু ভাণ্ডাৰ প্ৰাপ্ত কৰে। দেৱীক উপাসনা কৰোঁতে, ভক্তৰ নিজ ইন্দ্ৰিয় আৰু মনৰ ওপৰত পৰম নিয়ন্ত্ৰণ থাকিব লাগে। তেওঁৰ উপাসনা দ্বি আশীৰ্বাদ যুক্ত। যেতিয়া ভক্তই দেৱীক উপাসনা কৰে, দেৱীৰ কোলাত থকা পুত্ৰ স্কন্দ স্বয়ংক্ৰিয়ভাৱে পূজিত হয়।

ভোগ সম্পাদনা কৰক

মন্ত্ৰোচ্চাৰণ কৰি দেৱীক প্ৰসাদ হিচাপে কল আগবঢ়োৱা হয়, পিছত ব্ৰাহ্মণসকলৰ মাজত এই কল বিতৰণ কৰা হয়। দেৱী উপাসনাৰ সময়ত ফল, মিঠাই, ফুল, চাউল আৰু পানী আগবঢ়োৱা হয়। ৰঙা ৰঙৰ ফুল তেওঁৰ প্ৰিয় বুলি বিশ্বাস প্ৰচলিত।[4]

কাৰ্ত্তিকৰে সম্পৰ্ক সম্পাদনা কৰক

সুৰাপদমন আৰু তাৰকাসুৰৰ নেতৃত্বত থকা ৰাক্ষস (অসুৰ)ৰ দ্বাৰা দেৱতাসকলৰ ওপৰত চলোৱা যুদ্ধৰ বাবে ভয় আৰু হতাশাৰ সৈতে যুঁজি থকা দেৱতা সকলে সহায়ৰ বাবে ভগৱান বিষ্ণুৰ কাষ চাপিছিল। কেৱল শিৱ আৰু দেৱী পাৰ্বতীৰ সন্তানেহে ধ্বংসৰ অন্ত পেলাব পাৰিব বুলি আশীৰ্বাদ প্ৰাপ্ত অসুৰৰ বিনাশ এনেয়ে সম্ভৱ নাছিল। তীব্ৰ তপস্যাৰ অন্তত দেৱী চন্দ্ৰঘণ্টা ভগৱান শিৱৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। এইদৰে শিৱ-পাৰ্বতীৰ মিলনৰ ফলত সৃষ্টি হোৱা জ্বলন্ত তেজ কঢ়িয়াই অনাৰ প্ৰয়োজন আছিল আৰু অগ্নি দেৱৰ বাবে এই বীজৰ উৰ্জা অসহনীয় আছিল, সেয়েহে এই তেজ চাৰাভানা হ্ৰদলৈ কঢ়িয়াই নিবলৈ দেৱী গংগাক দায়িত্ব প্ৰদান কৰা হৈছিল।[5][6]

দেৱী পাৰ্বতীয়ে জ্বলন্ত তেজ প্ৰতিপালন কৰিবলৈ জলাশয়ৰ ৰূপ লয়। এই তেজৰ পৰা কাৰ্ত্তিকৰ জন্ম হয়। তেওঁ ডাঙৰ হৈ এজন সুন্দৰ, বুদ্ধিমান আৰু শক্তিশালী যুৱক হিচাপে অসুৰসকলক পৰাস্ত কৰিবলৈ সেনাবাহিনীক সেনাধ্যক্ষ হিচাপে নেতৃত্ব দিয়ে। মা স্কন্দমাতাক এনেদৰে এজন সৰ্বাধিক প্ৰতিভাশালী শিশুৰ মাতৃ হিচাপে পূজা কৰা হয়।

মন্ত্ৰ সম্পাদনা কৰক

ॐ देवी स्कन्दमातायै नम:
ওঁ দেৱী স্কন্দমাতায়ে নমঃ

ধ্যান মন্ত্ৰ:
सिंहासनगता नित्यं पद्माश्रितकरद्वया. शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी
সিংহাসনগত নিত্যম পদ্মশ্ৰীতকাৰদব্য, শুভাদাস্তু সদা দেৱী স্কন্দমাতা যশস্বিনী

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Bhāgīrthaprasāda Tripāṭhī (2000). Shakti, Shiva, and Yoga. Yagyoga Chetana Pītham. পৃষ্ঠা. 60. https://books.google.com/books?id=84vXAAAAMAAJ. 
  2. Shanti Lal Nagar (1998). Indian Gods and Goddesses: Hindu, Jain, and Buddhist Goddesses. B.R. Publishing Corporation. পৃষ্ঠা. 43. ISBN 978-81-7646-497-0. https://books.google.com/books?id=iX7XAAAAMAAJ. 
  3. "9 days, 9 avatars: Goddess Skandamata teaches us to love fiercely". The Times of India. October 7, 2016. https://timesofindia.indiatimes.com/blogs/the-photo-blog/9-days-9-avatars-goddess-skandamata-teaches-us-to-love-fiercely/. 
  4. "স্কন্দমাতাৰ ভোগ". Archived from the original on 13 September 2021. https://web.archive.org/web/20210913085939/https://www.ttkprestige.com/blog/show-all/7316/goddess-skandamata---the-goddess-of-padmasana। আহৰণ কৰা হৈছে: 13 September 2021. 
  5. Fred W. Clothey 1978, পৃষ্ঠা. 51.
  6. Fred W. Clothey 1978, পৃষ্ঠা. 54.