হৰিপ্ৰসাদ বৰুৱা

অসমৰ এগৰাকী অভিযন্তা, সাহিত্যিক, শিক্ষাবিদ আৰু প্ৰশাসক


হৰিপ্ৰসাদ বৰুৱা (ইংৰাজী: Hari Prasad Baruah) অসমৰ এগৰাকী প্ৰসিদ্ধ অভিযন্তা, সু-সাহিত্যিক, শিক্ষাবিদ তথা প্ৰশাসক। তেখেত স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব আছিল।

হৰিপ্ৰসাদ বৰুৱা
জন্ম ১১ এপ্ৰিল, ১৮৮৯
গোলাঘাট
মৃত্যু ১৩ জানুৱাৰী, ১৯৭৪
ৰাষ্ট্ৰীয়তা  ভাৰত
পেচা অভিযন্তা, সাহিত্যিক, শিক্ষাবিদ, সংগঠক

প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক

হৰিপ্ৰসাদ বৰুৱা জন্ম হয় ১৮৮৯ চনৰ ১১ এপ্ৰিল তাৰিখে গোলাঘাট জিলাৰ খুমটাইত। তেওঁ ১৯০৪ চনত গোলাঘাট বেজবৰুৱা স্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হোৱাৰ পিছত ১৯০৭ চনত কটন মহাবিদ্যালয়ৰ পৰা এফ.এ. পৰীক্ষাত ঊত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ কলিকতালৈ গৈ শিৱপুৰৰ বেংগল চিভিল ইঞ্জিনীয়াৰিং কলেজৰপৰা ১৯১৫ চনত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থানলাভ কৰি বি.ই. পৰীক্ষা পাছ কৰে।

কৰ্মজীৱনসম্পাদনা কৰক

হৰিপ্ৰসাদ বৰুৱাই প্ৰথমে অসম চৰকাৰৰ ইঞ্জিনীয়াৰিং বিভাগত এপ্ৰেণ্টিছ ইঞ্জিনীয়াৰ হিচাপে যোগদান কৰে। ১৯১৬ চনত তেখেতে Imperial and Provincial Service of Engineers ত যোগদান কৰে। এই সেৱাক পাছলৈ ভাৰতীয় অভিযন্তা সেৱা (Indians Service of Engineers, চমুকৈ ISE) বুলি নামকৰণ হয়। এই সন্মান লাভ কৰা মুষ্টিমেয় ভাৰতীয়ৰ ভিতৰত বৰুৱা অন্যতম আৰু অসমীয়াৰ ভিতৰত প্ৰথম। ১৯১৮ চনত সহকাৰী অভিযন্তা আৰু ১৯২৮ চনত কাৰ্যবাহী অভিযন্তালৈ পদোন্নতি হয়। তেখেতে মাৰ্চ, ১৯৩০ৰ পৰা জুন, ১৯৩১ লৈ, পুনৰ ১৯৩৪ চনৰ পৰা গড়কাপ্তানি বিভাগৰ অৱৰ সচিব আৰু সহকাৰী মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে। ভাৰত স্বাধীন হোৱাৰ পাছত তেখেত অসমৰ মুখ্য অভিযন্তা আৰু ৰাজ্যিক গড়কাপ্তানী সচিব হৈছিল।

অৱদানসম্পাদনা কৰক

হৰিপ্ৰসাদ বৰুৱাই অসমৰ বানপানীৰ সমস্যাটোৰ প্ৰতি গভীৰভাৱে মনোনিৱেশ কৰিছিল। তেখেতে জনপ্ৰিয় বিজ্ঞান জেউতি আলোচনীত সেই সম্পৰ্কে এলানি প্ৰবন্ধ লিখিছিল। ডিব্ৰুগড় নগৰৰ গৰাখহনীয়া ৰোধৰ বাবে তেখেতৰ আঁচনি অনুসৰি নিৰ্মাণ কৰা শিলৰ বুৰুজৰ নাম ‘বৰুৱা স্পাৰ’।

ডিব্ৰুগড় জিলাৰ খোৱাঙত বুঢ়ীদিহিং নৈৰ ওপৰত সজা দলংখন তেখেতৰ অভিযন্তা জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ। শিৱসাগৰ নগৰৰ দিখৌ নৈৰ ওপৰতো ১৯২৯-৩৪ চনত তেখেতৰ তত্ত্বাৱধানত এখন লোৰ দলং সাজি উলিওৱা হৈছিল। দলঙৰ বাবে প্ৰয়োজনীয় লো আৰু যন্ত্ৰ ইংলেণ্ডৰ পৰা অনা হৈছিল। দিখৌ নৈৰে জাহাজ আহিলে এই দলংখনৰ মাজ অংশ কপিকলেৰে ওপৰলৈ দাঙি দিয়াৰ ব্যৱস্থা ৰখা হৈছিল। ১৯৩৪ চনত একেদিনাই এই দুয়োখন দলং ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল।

১৯৩৫ চনত তেখেতে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ‘ওপঙা ঠুহা’ নামৰ এবিধ যতন উদ্ভাৱন কৰিছিল। তদুপৰি তেওঁ যুক্তাক্ষৰ নোহোৱাকৈ অসমীয়া টাইপ্-ৰাইটাৰ সাজি উলিয়াইছিল। কিন্তু অসম সাহিত্য সভাই অনুমোদন নজনোৱাত ইয়াৰ ব্যৱসায়িক ভিত্তিত উত্পাদন নহ'ল।

অসমত ইঞ্জিনীয়াৰিং শিক্ষাৰ বিকাশৰ বাবেও হৰিপ্ৰসাদ বৰুৱাই অৱদান আগবঢ়ায়। তেখেতৰ চেষ্টাতেই ১৯৪৮ চনত গুৱাহাটীচান্দমাৰীঅসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰম্ভ হয়। তেখেত অসমৰ প্ৰথম ইঞ্জিনিয়াৰিং কলেজ ‘অসম অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

সাহিত্য চৰ্চাসম্পাদনা কৰক

হৰিপ্ৰসাদ বৰুৱা শিশু-সাহিত্যিক হিচাপেও জনপ্ৰিয় আছিল। তেখেতৰ প্ৰকাশিত পুথিসমূহ হ’ল- মইনা, একপক্ষ, বিৰচতীয়াৰ দেশ আৰু অংক-ধাৰাপাত। অপ্ৰকাশিত পুথি- আদি অন্ত, আগুৱান আৰু এখন চিঠি। ইয়াৰ উপৰিও সাহিত্য আৰু বিজ্ঞান বিষয়ৰ ভালেমান প্ৰবন্ধ বিভিন্ন আলোচনীৰ পাতত সিঁচৰতি হৈ আছে। তেখেত ১৯৫৮ চনত তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ বিজ্ঞান অধিবেশনৰ সভাপতি আছিল আৰু ১৯৬৮-৭০ চনৰ বাবে অসম বিজ্ঞান সমিতিৰ সভাপতি আছিল।

অন্যান্য অৱদানসম্পাদনা কৰক

শ্বিলংৰ মুকুল ক্লাব, অসম ক্লাব, বিজ্ঞান পৰিষদ আদি অনুষ্ঠানৰ লগত হৰিপ্ৰসাদ বৰুৱা জড়িত আছিল। তেখেতৰ চেষ্টাতে ১৯৫৩ চনত শ্বিলংঅসম সাহিত্য সভাৰ দ্বাবিংশ অধিবেশনখন অনুষ্ঠিত হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰতো বৰুৱাৰ যথেষ্ট অৰিহণা আছে। ছিলঙত ‘গণেশ দাস চিকিৎসালয়’ স্থাপনৰ বাবে তেখেতে আগভাগ লৈছিল। তেখেতৰ প্ৰচেষ্টাতে শ্বিলংত ৰে’ডক্ৰছ হস্পিতেল আৰু মাতৃ মংগল কেন্দ্ৰ স্থাপন কৰা হয়। হৰিপ্ৰসাদ বৰুৱাক অসমৰ ৰে’ডক্ৰছ ছ’ছাইটিৰ জন্মদাতা বুলি কোৱা হয়।

মৃত্যুসম্পাদনা কৰক

১৯৭৪ চনৰ ১৩ জানুৱাৰীত হৰিপ্ৰসাদ বৰুৱাৰ মৃত্যু ঘটে।

তথ্যসূত্ৰসম্পাদনা কৰক

  • ক্ষীৰধৰ বৰুৱা (১৯৯৯). অসমীয়া বিজ্ঞানী. প্ৰকাশক পানবজাৰ, গুৱাহাটী: বুক হাইভ্‌. পৃষ্ঠা. ১০-১৬. 
  • "প্ৰান্তিক ১৬-৩১ মাৰ্চ ২০১১ সংখ্যা"-সুৰেণ শইকীয়াৰ প্ৰবন্ধ (পৃঃ ৪৫, ৪৬)