ৰঙাচিলনী (ইংৰাজী: Brahminy Kite, বৈজ্ঞানিক নাম-Haliastur indus) এটা মজলীয়া আকাৰৰ মাংসহাৰী চৰাইৰ প্ৰজাতি৷ ই 'Accipitridae' পৰিয়ালৰ অন্তৰ্ভুক্ত চিলনীৰ প্ৰজাতি৷ এই ৰঙাচিলনী প্ৰধানকৈ ভাৰত উপমহাদেশ, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াত দেখা পোৱা যায়৷

ৰঙাচিলনী (Brahminy Kite)
In Pilbara, Western Australia
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Falconiformes
(or Accipitriformes, q.v.)

পৰিয়াল: Accipitridae
গণ: Haliastur
প্ৰজাতি: H. indus
বৈজ্ঞানিক নাম
Haliastur indus
Boddaert, 1783
 
উৰন্ত অৱস্থাত ৰঙাচিলনীৰ নেজ আৰু দেহৰ বৈশিষ্ট্যপূৰ্ণ ৰং স্পষ্টকৈ দেখা পোৱা যায়

ৰঙাচিলনীৰ দেহৰ বাহ্যিক গঠন বিশেষ বৈশিষ্ট্যপূৰ্ণ৷ ইয়াৰ দেহ মাখন ৰঙৰ, মূৰ আৰু বুকুৰ ৰং বগা তথা ডেউকা ক'লা বৰণৰ হয়৷ পোৱালি ৰঙা চিলনী মটিয়া বৰণৰ হয়৷ ৰঙাচিলনীৰ নেজ ঘুৰণীয়া হয়৷ [2] The two genera are however very close.[3]

ইয়াৰ মাতটো কিইয়েউ (keeyew) ধৰণৰ হয়৷ [2]

 
ৰঙাচিলনী

টেক্স'নমি

সম্পাদনা কৰক

ৰঙাচিলনীৰ বিষয়ে পোনপ্ৰথমবাৰৰ বাবে বৰ্ণনা কৰে ১৭৮৩ চনত ডাচ্চ প্ৰকৃতিবিদ পিটাৰ ব'দ্দাৰ্ট (Pieter Boddaert)এ ৷ ইয়াৰ প্থানকৈ চাৰিবিধ উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়-

 
এটা পোৱালি ৰঙাচিলনী

ৰঙাচিলনী প্ৰধানকৈ শ্ৰীলংকা, নেপাল, ভাৰত, পাকিস্তান, বাংলাদেশ, আৰু দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়া আদিত দেখা পোৱা যায়৷ ই কেতিয়াবা ঋতু অনুযায়ী স্থানীয়ভাৱে প্ৰব্ৰজন কৰাও দেখা যায়৷ [4]

অষ্ট্ৰেলিয়াত এটা ৰঙাচিলনী

দক্ষিণ এছিয়াত ৰঙাচিলনীয়ে সাধাৰণতে ডিচেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰজনন কৰে৷[5] অষ্ট্ৰেলিয়াত ই আগষ্টৰ পৰা অক্টোবৰ মাহত প্ৰজনন কৰা দেখা যায়৷ [6] গছৰ সৰু ডালি, পাত আদিৰে ই গছত বাহ সাজে৷ [6] ই একেঠাইতে বছৰৰ পিছত বছৰ ধৰি বাহ সাজে বুলি জান যায়৷ [7][8]

এবাৰত দুটাকৈ শেঁতা বগা না নীলা-বগা কণী পাৰে৷ মতা-মাইকী উভয়ে বাহ সজা আৰু পোৱালিৰ যত্ন লয়৷ [9]

ৰঙাচিলনী সাধাৰণতে মৃতভক্ষী৷ ই মৰা মাছ, কেকোঁৰা আদি খায়৷ [5]৷ অৱশ্যে ই মাজে সময়ে চিকাৰ কৰি শহা বা বাদুলী আদি জীৱন্ত প্ৰাণী আদিও খোৱা দেখা যায়৷[10] ই কেতিয়াবা অন্য চৰাইৰ পৰা চিকাৰ কাঢ়িও খায়৷[11]

স্থিতি তথা সংৰক্ষণ

সম্পাদনা কৰক

ৰঙাচিলনীক বৰ্ত্তমান আই.ইউ. চি. এনে সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিছে৷[12]

তথ্যসুত্ৰ

সম্পাদনা কৰক
  1. BirdLife International (2012). "Haliastur indus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003358/0। আহৰণ কৰা হৈছে: 5 July 2012. 
  2. 2.0 2.1 Rasmussen, PC & JC Anderton (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 86. 
  3. Wink M, Sauer-Gürth H (2000). "Advances in the molecular systematics of African Raptors". In Chancellor RD, Meyburg B-U. Raptors at Risk. WWGBP/HancockHouse. পৃষ্ঠা. 135–147. http://www.uni-heidelberg.de/institute/fak14/ipmb/phazb/pubwink/2000/29.%202000.pdf. 
  4. Hill,LA (1966). "Heralders of the monsoon". Newsletter for Birdwatchers খণ্ড 6 (8): 6–7. http://www.archive.org/stream/NLBW6#page/n97/mode/1up. 
  5. 5.0 5.1 Whistler, Hugh (1949). Popular Handbook of Indian Birds. Gurney and Jackson. পৃষ্ঠা. 370–371. http://www.archive.org/stream/popularhandbooko033226mbp#page/n421/mode/1up/. 
  6. 6.0 6.1 Beruldsen, G (2003). Australian Birds: Their Nests and Eggs. প্ৰকাশক Kenmore Hills, Qld: self. পৃষ্ঠা. 200. ISBN 0-646-42798-9. 
  7. Balachandran,S; Sakthivel,R (1994). "Site-fidelity to the unusual nesting site of Brahminy Kite Haliastur indus (Boddaert)". J. Bombay Nat. Hist. Soc. খণ্ড 91 (1): 139. 
  8. Morrison, William; Rosalind,Lima; Balachandran,S (1992). "Unusual nesting site of Brahminy Kite Haliastur indus". J. Bombay Nat. Hist. Soc. খণ্ড 89 (1): 117–118. 
  9. Ali, S & S D Ripley (1978). Handbook of the birds of India and Pakistan. 1 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 230–232. 
  10. Manakadan, Ranjit; Natarajan,V (1992). "Brahminy Kite Haliastur indus (Boddaert) preying on bats". J. Bombay Nat. Hist. Soc. খণ্ড 89 (3): 367. 
  11. Kalsi, R S & Rahul Kaul (1992). "Kleptoparasitism by Brahminy Kite on Purple Herons". Newsletter for Birdwatchers খণ্ড 32 (12): 8. http://www.archive.org/stream/NLBW32_12#page/n11/mode/1up. 
  12. van Balen, B. S., I. S. Suwelo, D. S. Hadi, D. Soepomo, R. Marlon, and Mutiarina (1993). "Decline of the Brahminy Kite Haliastur indus on Java". Forktail খণ্ড 8: 83–88. 
  • Hadden, Don (2004). Birds and Bird Lore of Bougainville and the North Solomons. প্ৰকাশক Alderley, Qld: Dove Publications. ISBN 0-9590257-5-8. 

লগতে চাওক

সম্পাদনা কৰক
  • Jayabalan,JA (1995) Breeding ecology of Brahminy Kite Haliastur indus in Cauvery Delta, south India. Ph.D. Dissertation, Bharathidasan University. Mannampandal, Tamil Nadu.
  • Raghunathan,K (1985) Miscellaneous notes: a peculiar feeding habit of Brahminy Kite. Blackbuck. 1(3), 26-28.
  • Jayakumar,S (1987) Feeding ecology of wintering Brahminy Kite (Haliastur indus) near Point Calimere Wildlife Sanctuary. M.Sc. Thesis, Bharathidasan University, Tiruchirapalli.
  • Hicks, R. K. 1992. Brahminy Kite Haliastur indus fishing? Muruk 5:143-144.
  • van Balen, B. S., and W. M. Rombang. 2001. Nocturnal feeding by Brahminy Kites. Australian Bird Watcher 18:126.

বাহ্যিক সংযোগ

সম্পাদনা কৰক