শিৱসাগৰ জিলাৰ ভটীয়াপাৰ আৰু দিখৌ নদীৰ পাৰলৈকে পূবফাললৈ বিস্তৃত পথাৰখনৰ নাম ৰূপহী পথাৰ।[1]

ৰূপহী পথাৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শিৱসাগৰ

ৰূপহী নামৰ উৎপত্তি

সম্পাদনা কৰক

১৬৯৬ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই মেটেকাত ৰাজধানী স্থাপন কৰিছিল। তেওঁ ৰূপহী পথাৰত বিভিন্ন জন্তু,চৰাই-চিৰিকতিৰ যুঁজ,মালযুঁজ আৰু খেল ধেমালিৰ আয়োজন কৰিছিল।[1]গাভৰু নাচ আছিল আহোম শাসনকালত এক উপভোগ্য নাচ। এই নাচ আছিল বছা বছা নাচনীৰ নাচ। ব্যতিক্ৰমী নাচেৰে, অপৰূপ লয়-লাসেৰে নচা এজনী নাচনী আছিল- ৰূপহী। ৰূপহীৰ নাচ আৰু সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰূপহীক তেওঁৰ আলপৈচান ধৰাৰ দায়িত্ব দিছিল। আৰু তাইৰ প্ৰতিভাৰ স্বীকৃতি ৰূপে তাই নচা পথাৰখনৰ নাম দিছিল ৰূপহী পথাৰ[1]

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক
  • ভটিয়াপাৰ আৰু দিখৌ নদীৰ পাৰত পূৱলৈ অৱস্থিত ৰূপহী পথাৰ।
  • ৰূপহী পথাৰৰ এটা অঞ্চলৰ নাম চলা পথাৰ বা কেকাই পথাৰ।[1]
  • চাৰিসীমা
    • ৰূপহী পথাৰৰ উত্তৰে দিখৌ নদী, দক্ষিণে নামদাং, পূৱে মেটেকা পথাৰ আৰু পশ্চিমে ভটিয়াপাৰ।[1]

ৰুদ্ৰসিংহই নিজে আনন্দ উপভোগৰ লগতে জনসাধাৰণৰ হৃদয় জয় কৰিবলৈ ৰূপহী পথাৰত বাঁহ কাঠেৰে এটা ৰংঘৰ নিৰ্মাণ কৰিছিল যিটো তেওঁৰ দ্বিতীয় পুত্ৰ‌ প্ৰমত্ত সিংহই বৰ্তমানৰ দুমহলীয়া ৰংঘৰটো ইটাৰে নিৰ্মাণ কৰে। দুবৰণি আলি আৰু বৰ আলিৰ মাজৰ ৰূপহী পথাৰত থকা এই ৰংঘৰটো এছিয়াৰ সৰ্বপ্ৰথম ক্ৰীড়া উপভোগ ক্ষেত্ৰ।[1]এই ৰংঘৰটোৰ পিছফালে ৰূপহী পথাৰৰ মধ্যস্থলত কেইবা পূৰা মাটি আগুৰি ধোবা পুখুৰী নামৰ এটা পুখুৰী আছিল।[1]

অন্যান্য

সম্পাদনা কৰক

লগতে চাওক

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 শৰৎ হাজৰিকা (২০১৬ খ্ৰীষ্টাব্দ,৫৬৭ শঙ্কৰাব্দ). "ইতিহাসৰ এক সোণালী দলিচাঃৰূপহী পথাৰ". বৈকুণ্ঠ দুতয়: ৩৯৯.