সম্পাদনাৱিকিচ'ৰা ভাৰত
|
|
|
ভাৰত, দেশৰ চৰকাৰী নাম ভাৰতীয় প্ৰজাতন্ত্ৰ (ইংৰাজী: Republic of India)। এইখন দক্ষিণ এছিয়াত অৱস্থিত এখন ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱসাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মূঠ উপকূলৰ দৈৰ্ঘ্য হ'ল ৭৫১৭ কিলোমিটাৰ (৪৬৭১ মাইল)। এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰ সমূহ হ'ল: পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰুভূটান, পূবেবাংলাদেশ আৰুম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰুইন্দোনেচিয়া ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্য পথ আৰু একাধিক বিশাল সাম্ৰাজ্যৰ পটভূমি ভাৰতীয় উপমহাদেশ ইয়াৰ সুদীৰ্ঘ অৰ্থনৈতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত। পৃথিৱীৰ চাৰি প্ৰধান ধৰ্ম- হিন্দু, বৌদ্ধ ধৰ্ম, জৈনধৰ্ম আৰুশিখধৰ্মৰ উৎপত্তি ভাৰতত। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দত খ্ৰীষ্টান ধৰ্ম, ইহুদি ধৰ্ম, যৰৃখ্ৰীষ্টীয় আৰু ইছলাম ধৰ্ম ভাৰতত প্ৰবেশ কৰে আৰু বিধিতাময় ভাৰতীয় সভ্যতাৰ সৃষ্টি কৰে। অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰবেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত বৃটিছ যুক্তৰাষ্ট্ৰৰ উপনিবেশত পৰিণত হয়। অবশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।
ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত
মদন মোহন মালৱীয় (ইংৰাজী: Madan Mohan Malaviya; হিন্দী: मदन मोहन मालवीय) ( pronunciation (সহায়·তথ্য) (১৮৬১-৪৬) এগৰাকী শিক্ষাবিদ
আৰু ভাৰতীয় স্বাধীনতা আন্দোলন আৰু হিন্দু জাতীয়তাবাদৰ উত্থানৰ বাবে বিশিষ্ট্য ভূমিকা লোৱা এগৰাকী ৰাজনৈতিক নেতা আছিল। তেখেতক সন্মানেৰে পণ্ডিত মদনমোহন মালৱীয় আৰু 'মহামনা' বুলি সম্বোধন কৰা হৈছিল। মালবীয়ক কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰাৰ বাবে সৰ্বাধিক স্মৰণ কৰা হয়; যিখন বিশ্ববিদ্যালয় বাৰণসীত ১৯১৬ চনত স্থাপন কৰা হৈছিল। এইখন এচিয়াৰ ভিতৰত সবাতোকৈ ডাঙৰ আৱাসিক বিশ্ববিদ্যালয় আৰু বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়, য’ত কলা, বিজ্ঞান, অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিভাগত ১২০০তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। মালৱীয় ১৯১৯ৰ পৰা ১৯৩৮লৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।
মালৱীয় ১৯০৯, ১৯১৩, ১৯১৯ আৰু ১৯৩২ত চাৰিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হয়। ১৯৩৪ চনত তেখেতে কংগ্ৰেছ ত্যাগ কৰে। তেখেত হিন্দু মহাসভাৰ এগৰাকী প্ৰাৰম্ভিক কালৰ নেতা আছিল। মালৱীয় ভাৰত স্কাউট আৰু গাইডৰো প্ৰতিস্থাপক আছিল। তেখেতে এখন অতিকৈ প্ৰভাৱশালী ইংৰাজী বাতৰিকাকত দ্য লিডাৰ প্ৰতিষ্ঠা কৰে। এই কাকতখন ১৯০৯ত এলাহাবাদৰ পৰা প্ৰকাশ হৈছিল। তেখেত ১৯২৪ৰ পৰা ১৯৪১লৈ হিন্দুস্তান টাইমচৰো চেয়াৰমেনৰ দায়িত্বত আছিল। তেখেতৰ প্ৰচেষ্টাতে ১৯৩৬ৰ পৰা এই কাকতখনৰ হিন্দী সংস্কৰণ প্ৰকাশ হৈছিল। তেখেতক ১৫৩তম জন্মদিৱসৰ এদিন আগত, ১৯১৪ৰ ২৪ ডিচেম্বৰ দিনা মৰণোত্তৰভাৱে ভাৰতৰ আটাইতকৈ সন্মানীয় অসমাৰিক বঁটা ভাৰতৰত্নৰে বিভূষিত কৰা হব বুলি ঘোষণা কৰা হয়। বিতংকৈ পঢ়ক...
জুন ২০১৫
- ৪ জুনত মণিপুৰৰ এটা সন্ত্ৰাসবাদী আক্ৰমণত ২০ জন সেনা জোৱান নিহত আৰু ১১ জন আহত হয়। এন.এছ.চি.এন.-খাপলাং গোটে এই আক্ৰমণ সংঘটিত কৰিছিল।
মে ২০১৫
ভাৰত হৈছে বিশ্বৰ সকলোতকৈ বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ।
শূণ্য সংখ্যাটো ভাৰতৰ গণিতজ্ঞ তথা জ্যোতিৰ্বিদ আৰ্যভট্টই আবিস্কাৰ কৰিছিল।
বীজগণিত, ত্ৰিকোণমিতি আৰু কলনগণিত ভাৰতত উদ্ভৱ হৈছিল।
'স্থানীয় মান পদ্ধতি' আৰু 'দশমিক পদ্ধতি' প্ৰায় খ্ৰীষ্ট পূৰ্ৱ ১০০ত ভাৰতত বিকাশ হৈছিল।
গুপ্ত সাম্ৰাজ্যৰ সময়ত ভাৰতত দবা খেলৰ উদ্ভৱ হৈছিল।
ভাৰতীয় ৰেলৱেত প্ৰায় এক নিযুতকৈও অধিক কৰ্মচাৰী নিয়োজিত হৈ আছে, ই বিশ্বৰ এটা সৰ্ববৃহৎ নিয়োগ স্থলী।
ভাৰত বিশ্বৰ তৃতীয় বৃহৎ আৰু দ্ৰুত উন্নয়নশীল অৰ্থনীতিৰ দেশ।
ভাৰত সম্পৰ্কীয় বিষয়সমূহ
ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াসমূহ
কেশ্ব পৰিস্কাৰ কৰক
|
|