মদন মোহন মালৱীয়

ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনীতিবিদ

মদন মোহন মালৱীয় (ইংৰাজী: Madan Mohan Malaviya; হিন্দী: मदन मोहन मालवीय) (এই শব্দটোৰ বিষয়ে pronunciation (১৮৬১-৪৬) এগৰাকী শিক্ষাবিদ আৰু ভাৰতীয় স্বাধীনতা আন্দোলন আৰু হিন্দু জাতীয়তাবাদৰ উত্থানৰ বাবে বিশিষ্ট ভূমিকা লোৱা এগৰাকী ৰাজনৈতিক নেতা আছিল। তেখেতক সন্মানেৰে পণ্ডিত মদনমোহন মালৱীয়[1] আৰু 'মহামনা' বুলি সম্বোধন কৰা হৈছিল।[2] মালবীয়ক কাশী হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে সৰ্বাধিক স্মৰণ কৰা হয়; যিখন বিশ্ববিদ্যালয় বাৰণসীত ১৯১৬ চনত স্থাপন কৰা হৈছিল। এইখন এচিয়াৰ ভিতৰত সবাতোকৈ ডাঙৰ আৱাসিক বিশ্ববিদ্যালয় আৰু বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়,[3] য’ত কলা, বিজ্ঞান, অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিভাগত ১২০০তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। মালৱীয় ১৯১৯ৰ পৰা ১৯৩৮লৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।[4][5]


মদন মোহন মালৱীয়

১৯৫৭ চনৰ ১৯ ডিচেম্বৰত ড॰ ৰাজেন্দ্ৰ প্ৰসাদে উন্মোচন কৰা মদন মোহন মালৱীয়ৰ প্ৰতিকৃতি
ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ
কাৰ্যকাল
১৯০৯–১০; ১৯১৩, ১৯১৯ and ১৯৩২
ব্যক্তিগত তথ্য
জন্ম ২৫ ডিচেম্বৰ, ১৮৬১
এলাহাবাদ, ভাৰত
মৃত্যু ১২ নৱেম্বৰ, ১৯৪৬ (৮৪ বছৰ)
বাৰাণসী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
শিক্ষানুষ্ঠান এলাহাবাদ বিশ্ববিদ্যালয়
কলিকতা বিশ্ববিদ্যালয়
পেচা শিক্ষাবিদ, সাংবাদিক আৰু স্বাধীনতা কৰ্মী
পুৰস্কাৰ ভাৰত ৰত্ন ২০১৪ (মৰণোত্তৰ)

মালৱীয় ১৯০৯, ১৯১৩, ১৯১৯ আৰু ১৯৩২ত চাৰিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হয়। ১৯৩৪ চনত তেখেতে কংগ্ৰেছ ত্যাগ কৰে। তেখেত হিন্দু মহাসভাৰ এগৰাকী প্ৰাৰম্ভিক কালৰ নেতা আছিল। মালৱীয় ভাৰত স্কাউট আৰু গাইডৰো প্ৰতিষ্ঠাপক আছিল।[6] তেখেতে এখন অতিকৈ প্ৰভাৱশালী ইংৰাজী বাতৰিকাকত দ্য লিডাৰ প্ৰতিষ্ঠা কৰে। এই কাকতখন ১৯০৯ত এলাহাবাদৰ পৰা প্ৰকাশ হৈছিল।[7] তেখেত ১৯২৪ৰ পৰা ১৯৪১লৈ হিন্দুস্তান টাইমচৰো চেয়াৰমেনৰ দায়িত্বত আছিল। তেখেতৰ প্ৰচেষ্টাতে ১৯৩৬ৰ পৰা এই কাকতখনৰ হিন্দী সংস্কৰণ প্ৰকাশ হৈছিল।[7] তেখেতক ১৫৩তম জন্মদিৱসৰ এদিন আগত, ২০১৪ চনৰ ২৪ ডিচেম্বৰ দিনা মৰণোত্তৰভাৱে ভাৰতৰ আটাইতকৈ সন্মানীয় অসমাৰিক বঁটা ভাৰতৰত্নৰে বিভূষিত কৰা হব বুলি ঘোষণা কৰা হয়।[8]

শৈশৱকাল আৰু শিক্ষাজীৱন

সম্পাদনা কৰক

মালৱীয়ই ১৮৬১ৰ ২৫ ডিচেম্বৰত এলাহাবাদত[9] গৌড় ব্ৰাহ্মণ পৰিয়ালত পণ্ডিত বিজ নাথৰ ঔৰষত আৰু মুন্না দেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰে। তেখেতৰ পূৰ্বপুৰুষ সংস্কৃত ভাষা সাহিত্যত থকা পাণ্ডিত্যৰ বাবে জনাজাত আছিল আৰু মূলতঃ এই পৰিয়ালটো মধ্যপ্ৰদেশৰ ‘মালৱা’ৰ পৰা আহিছিল বাবে ‘মালবীয়’ পৰিচিত হৈছিল; যদিও এই পৰিয়ালটোৰ প্ৰকৃত উপাধি আছিল ‘ব্যাস’। মালৱীয় পৰিয়াল বাৰাণসীৰ আগৰৱালা বণিকসকলৰ গৃহ পুৰোহিত আছিল।[10] তেখেতৰ পিতৃৰ সংস্কৃত ধৰ্মশাস্ত্ৰত বিশেষ বুৎপত্তি আছিল আৰু শ্ৰীমৎভাগৱতৰ আবৃত্তি কৰি জীৱিকাৰ আৰ্জিছিল।[10]

মালৱীয়ই দুখন সংস্কৃত পাঠশালাত পৰম্পৰাগত শিক্ষাৰে শিক্ষাজীৱন আৰম্ভ কৰে আৰু পিছলৈ ইংৰাজী বিদ্যালয়ত ভৰ্তি হয়।[11] তেখেতে হৰদেৱৰ ধৰ্ম জ্ঞানোপদেশ পাঠশালাত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি বিধা বৰ্দিনী সভাই পৰিচালনা কৰা বিদ্যালয়লৈ যায়। তাৰপিছত তেখেতে এলাহাবাদ জিলা বিদ্যালয়ত পঢ়িবলৈ লয়। ইয়াতে তেখেতে মকৰন্দ ছদ্মনামেৰে কবিতা লিখিবলৈ লয়, যিবোৰ বিভিন্ন আলোচনীত প্ৰকাশ হৈছিল। তেখেতে বৰ্তমান এলাহাবাদ বিশ্ববিদ্যালয় বুলি জনাজাত মুইৰ চেণ্ট্ৰেল কলেজৰ পৰা মেট্ৰিক উত্তীৰ্ণ হয়। মালৱীয়ৰ পৰিয়ালে যথেষ্ট আৰ্থিক সংকটত ভুগিছিল। হেৰিচন কলেজৰ অধ্যক্ষই এটা বৃত্তি অনুমোদন কৰাত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে বি.এ. সমাপ্ত কৰে। মালৱীয়ই সংস্কৃতত স্নাতকোত্তৰ কৰাৰ মন মেলিছিল যদিও পাৰিবাৰিক অৱস্থাৰ বাবে সম্ভৱ হোৱা নাছিল আৰু তেখেতৰ পিতৃয়ে তেখেতে পাৰিবাৰিক বৃত্তি ভাগৱত আবৃত্তিৰ কাম কৰাটো বিচাৰিছিল। ১৮৮৪ চনত মদন মোহন মালৱীয়ই এলাহাবাদৰ চৰকাৰী হাইস্কুলত সহকাৰী শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে।[11]

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

সেই সময়ৰ পৰাম্পৰা অনুসাৰে মালৱীয়ই ১৮৭৮ত মাত্ৰ ষোলবছৰ বয়সতে মিৰ্জাপুৰৰ কুন্দন দেৱীক বিয়া কৰায়। দম্পত্তীহালে ৫ জন পুত্ৰ আৰু ৫জনী জীয়ৰীক জন্ম দিছিল। মালৱীয়ৰ মালৱা অঞ্চলৰ সৈতে গভীৰ সংযোগ আছিল আৰু ইন্দোৰত ভালেমান সামাজিক কৰ্ম কৰিছিল। তেখেত আছিল ইন্দোৰৰ শ্ৰীগড় বিদ্যা মন্দিৰৰ প্ৰতিষ্ঠাপক সদস্য। তেখেতৰ কনিষ্ঠ পুত্ৰ গোৱিন্দ মালৱীয় (১৯০২-১৯৬১) এজন মুক্তি যুঁজাৰু আৰু ভাৰতীয় সংসদৰ সদস্য আছিল। গোৱিন্দ মালৱীয় কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যও হৈছিল।

ৰাজনৈতিক জীৱন

সম্পাদনা কৰক

১৮৮৬ চনৰ ডিচেম্বৰ মাহত মালৱীয়ই কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত অংশগ্ৰহণ কৰে। দাদাভাই নৌৰজীৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনখনিত তেওঁ কাউন্সিলত প্ৰতিনিধিত্ব কৰাৰ সম্পৰ্কে ভাষণ আগবঢ়ায়। তেওঁৰ ভাষণে অধ্যক্ষ নৌৰজীৰ উপৰিও এলাহাবাদৰ কালাকংকৰ প্ৰদেশৰ শাসনকৰ্তা ৰাজা ৰামপাল সিঙকো অভিভূত কৰে। ৰামপাল সিঙে হিন্দুস্তান নামেৰে এখন হিন্দী সাপ্তাহিক কাকত উলিয়াইছিল আৰু কাকতখন সাপ্তাহিকৰপৰা দৈনিক কৰিবৰ বাবে এজন উপযুক্ত সম্পাদকৰ সন্ধানত আছিল। ১৮৮৭ চনৰ জুলাই মাহত তেওঁ বিদ্যালয়ৰ চাকৰি এৰি ৰাষ্ট্ৰীয় সাপ্তাহিক কাকতখনৰ সম্পাদক হিচাপে যোগদান কৰে। আঢ়ৈ বছৰ কাকতখনৰ লগত কাম কৰি তেওঁ আইন শিক্ষা (LLB) ল'বলৈ এলাহাবাদলৈ যায়। ইয়াতে তেওঁ দ্য ইণ্ডিয়ান ইউনিয়ন নামৰ ইংৰাজী দৈনিক কাকতখনৰ সহ-সম্পাদনাৰ বাবে প্ৰস্তাৱ পায়। আইন শিক্ষা সাং কৰি তেওঁ ১৮৯১ চনত এলাহাবাদ জিলা আদালতত ওকালতি আৰম্ভ কৰে আৰু ১৮৯৩ চনৰ ডিচেম্বৰ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়লৈ যায়।[12][13] ১৯০৯ আৰু ১৯১৮ চনত মালৱীয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ হয়। তেওঁ এজন নৰমপন্থী নেতা আছিল আৰু ১৯১৬ চনৰ লক্ষ্ণৌ চুক্তিৰ অধীনত মুছলমানৰ বাবে বেলেগ electorate ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। মহাত্মা গান্ধীয়ে তেওঁক মহামনা উপাধি প্ৰদান কৰে।

শিক্ষা আৰু সামাজিক কৰ্মত মনোনিবেশ কৰিবলৈ মালৱীয়ই ১৯১১ত সু-প্ৰতিষ্ঠিত আইনৰ জীৱিকা ত্যাগ চিৰকাললৈ ত্যাগ কৰে আৰু ভাৰতীয় পৰম্পৰাৰ সন্ন্যাস ব্ৰত ধাৰণ কৰি সমাজৰ সহায়-সমৰ্থনত জীয়াই থকাৰ পণ লয়। কিন্তু চৌৰী-চৌৰা মোকৰ্দমাত ১৭৭জন স্বাধীনতা সংগ্ৰামীৰ ফাঁচীৰ আদেশ হোৱাত তেখেত আদালতত পদাৰ্পণ কৰি ১৫৬জন আচামীক নিৰ্দোষ সাব্যস্ত কৰে।[14]

তেখেত ১৯১২ত ইম্পেৰিয়েল লেজিচলেটিভ কাউঞ্চিলৰ সদস্য হয়। ১৯১৯ত ই চেণ্ট্ৰেল লেজিচলেটিভ এচেম্বলিলৈ ৰূপান্তৰিত হৈছিল আৰু মালৱীয় ১৯২৬লৈ ইয়াৰ সদস্য হৈ থাকে।[15] তেখেত অসহযোগ আন্দোলনৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল;[16] যদিও তেখেত খিলাফত আন্দোলনৰ প্ৰতি কংগ্ৰেছৰ সমৰ্থন আৰু অংশগ্ৰহণৰ ৰাজনীতিৰ বিৰোধী আছিল।

১৯২৮ চনত মালৱীয়ই লালা লাজপত ৰায়, জৱাহৰলাল নেহৰু আৰু বহুজনৰ সৈতে ব্ৰিটিছে ভাৰতৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ উদ্যেশ্যে গঠন কৰা চাইমন কমিচনৰ বিৰোধিতা কৰে। “ব্ৰিটিছ ক্ৰয় কৰা” প্ৰচাৰে ইংলেণ্ডক ধুৱাই লৈ যোৱাৰ দৰে তেখেতেও ১৯৩২ চনৰ ৩০ মে’ত ভাৰততো “ভাৰতীয় ক্ৰয় কৰা” আন্দোলনত মনোনিবেশ কৰিবলৈ এখন ঘোষণাপত্ৰ জাৰী কৰিলে।[17] তেখেতে ১৯৩০ত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰে। চিভিল ডিচঅবিডিয়েণ্ট মুভমেণ্ট চলি থকা সময়চোৱাত ১৯৩২ চনৰ ২৫ এপ্ৰিলৰ দিনা ৪৫০ জন কংগ্ৰেছ স্বেচ্ছাসেৱকৰ সৈতে চৰকাৰে তেখেতকো গ্ৰেপ্তাৰ কৰে। ইয়াৰ কেইদিনমান আগতে সৰোজিনী নাইডুক গ্ৰেপ্তাৰ হোৱাৰ বাবে তেখেতক সভাপতিৰ আসনত বহুওৱা হৈছিলহে।[18]

সংখ্যালঘুসকলক সুকীয়া নিৰ্বাচন মণ্ডলৰ ব্যৱস্থা যোগে আগবঢ়োৱা সাম্প্ৰদায়িক পুৰস্কাৰৰ প্ৰতিবাদকল্পে মালৱীয়ই মাধৱ শ্ৰীহৰি আনেয়েৰ সৈতে কংগ্ৰেছ ত্যাগ কৰি কংগ্ৰেছ ৰাষ্ট্ৰীয়তাবাদী পাৰ্টি গঠন কৰে। ১৯৩৪ চনত অনুষ্ঠিত হোৱা ভাৰতীয় সাধাৰণ নিৰ্বাচনত মালৱীয়ৰ দলে কেন্দ্ৰীয় সংসদৰ ১২খন আসন দখল কৰে।[19]

সাংবাদিকতা

সম্পাদনা কৰক

মালৱীয়ই ১৮৮৭ত হিন্দী দৈনিক কাকত “হিন্দুস্তান”ৰ সম্পাদকৰ ৰূপত সাংবাদিতাৰ বৃত্তি গ্ৰহণ কৰে। কলঙ্কাৰৰ (প্ৰতাপগড় জিলা) ৰাজা ৰামপাল সিঙে কংগ্ৰেছৰ ২য় অধিবেশনত মালৱীয়ৰ বক্তৃতা আৰু ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱান্বিত হৈ তেওঁক দায়িত্বভাৰ দিছিল।[20]

১৮৮৯ত তেওঁ “ইণ্ডিয়ান ইউনিয়ন”ৰ সম্পাদক হয়। লক্ষ্ণৌৰ “এডভোকেট” কাকতৰ সৈতে “ইণ্ডিয়ান ইউনিয়ন”ক চামিল কৰাৰ পছত মালৱীয়ই তেখেতৰ নিজৰ হিন্দী কাকত “অভ্যুদয়” আৰম্ভ কৰে। ১৯০৭ৰ পৰা ১৯০৯ চনলৈ তেখেতে সম্পাদনা কৰে।[11]

১৮৮৩-৮৪ চনমানত মকৰন্দ ছদ্মনামত তেখেতৰ কিছুমান কবিতা (sawaiyas) “হৰিশ্চন্দ্ৰ পত্ৰিকা” আলোচনীত প্ৰকাশ পায়। আন কিছুমান ধৰ্মীয় আৰু সমকালীন বিষয়ক প্ৰবন্ধ “হিন্দী প্ৰদীপ”ত প্ৰকাশিত হয়।[20]

১৯০৮ত ব্ৰিটিছ চৰকাৰে প্ৰেছ এক্ট আৰু নিউজপেপাৰ এক্ট আনিবলৈ চেষ্টা কৰাত মালৱীয়ই ইয়াৰ বিৰুদ্ধে প্ৰচাৰ আৰম্ভ কৰে আৰু এলাহাবাদত এখন অখিল ভাৰতীয় সন্মিলনৰ আহ্বান কৰে। তেতিয়াই তেখেতে উপলব্ধি কৰিলে যে গোটেই ভাৰত জুৰি সফল প্ৰচাৰ কৰিবলৈ এখন ইংৰাজী কাকতৰ প্ৰয়োজন। সেয়েহে তেখেতে ১৯০৯ত মতিলাল নেহৰুৰ সহযোগত ইংৰাজী দৈনিক কাকত “লিডাৰ” আৰম্ভ কৰিলে। তেখেত কাকতখনৰ ১৯০৯ৰ পৰা ১৯১১লৈ সম্পাদক আৰু ১৯১১ৰ পৰা ১৯১৯লৈ প্ৰেচিডেণ্ট হৈ আছিল।[20]

১৯১০ত তেখেতে হিন্দী কাকত মৰ্যাদা আৰম্ভ কৰে।[20]

১৯২৪ চনত আৰম্ভ হোৱা হিন্দুস্তান টাইমচৰ আৰ্থিক অৱস্থা বেয়ালৈ যোৱাত নিশ্চিত মৃত্যুৰ পৰা কাকতখনক বচাবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা লালা লাজপত ৰায়, এম.আৰ. আয়েঙ্গাৰ, উদ্যোগপতি ঘনশ্যাম দাস বিৰলাৰ সহযোগত মদন মোহন মালৱীয় আগবাঢ়ি আহে।[21] তেখেতে ৫০,০০০ টকাৰ এটা পূঁজি গঠন কৰে। ইয়াৰ অধিকাংশ ধন উদ্যোগপতি ঘনশ্যাম দাস বিৰলাই বহন কৰে। মালৱীয় ১৯২৪ৰ পৰা ১৯৪৬লৈ কাকতখনৰ চেয়াৰমেন হৈ আছিল। তেখেতৰ প্ৰচেষ্টাতে ১৯৩৬ চনত হিন্দুস্তান টাইমচৰ হিন্দী সংস্কৰণ প্ৰকাশ হয়। বৰ্তমান কাকতখনৰ গৰাকী বিৰলা পৰিয়াল

১৯৩৩ত মালৱীয়ই বিশ্ব হিন্দু পৰিষদৰ ধৰ্ম বিষয়ক আলোচনী সনাতন ধৰ্ম আৰম্ভ কৰে।[20]

আইনজীৱিৰ ৰূপত

সম্পাদনা কৰক

১৮৯১ত মালৱীয়ই এলাবাবাদ আইন মহাবিদ্যালয়ৰ পৰা এল.এল.বি ডিগ্ৰী লৈ প্ৰথমে এলাহাবাদ জিলা আদালতত আৰু ১৮৯৩ৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ লয়। ১৯১৩ চনত তেখেতৰ ৫০তম জন্মদিৱসত জাতিৰ সেৱাৰ অৰ্থে আইনৰ বৃত্তি ত্যাগ কৰে।[22]

কাশী হিন্দু বিশ্ববিদ্যালয়

সম্পাদনা কৰক

১৯১১চনৰ এপ্ৰিলত এনী বেছাণ্টে মালৱীয়ক লগ পায় বাৰণসীত এখন উমৈহতীয় হিন্দু বিশ্ববিদ্যালয় স্থাপন কৰাৰ অৰ্থে কাম কৰিবলৈ সিদ্ধান্ত লয়। ভাৰত চৰকাৰৰ পূৰ্বচৰ্ত অনুসৰি ১৮৯৮ চনত বেচান্তে স্থাপন কৰা চেণ্ট্ৰেল হিন্দু কলেজখন নতুন বিশ্ববিদ্যালয়খনৰ এটা অংশ হব বুলি বেচান্ত আৰু কলেজখনৰ অন্যান্য ন্যাসৰক্ষসকলে সন্মতি দিয়ে। তাৰে ফলস্বৰূপে ১৯১৫ চনত সংসদত “বেনাৰচ হিন্দু ইউনিভাৰচিটি বিল” পাচ হয় আৰু ১৯১৬ চনত কাশী হিন্দু বিশ্ববিদ্যালয় (BHU) স্থাপিত হয়।[4][23] ১৯৩৯ চনত তেখেতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য পদৱী ত্যাগ কৰে এই পদত আসীন হয় সৰ্বপল্লী ৰাধাকৃষ্ণণ; যিগৰাকী ব্যক্তি পৰৱৰ্তী কালত ভাৰতৰ ৰাষ্ট্ৰপতি হয়।[24]

সমাজসেৱা

সম্পাদনা কৰক

মালৱীয়ই অস্পৃশ্যতা আঁতৰোৱা আৰু হৰিজন আন্দোলনক পথ-নিৰ্দেশ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৩৩ চনত তেখেতে সভাপতিত্ব কৰা এখন সভাতে “হৰিজন সেৱক সংঘ” গঠন কৰা হৈছিল।[11]

তেখেতে মন্দিৰবোৰত দেখা যোৱা জাতিগত হেঙাৰ আৰু অন্যান্য সামাজিক হেঙাৰ আঁতৰোৱাৰ বাবে কাম কৰিছিল। ১৯৩৯ চনৰ মাৰ্চত হিন্দু দলিত (হৰিজন) নেতা পি.এন. ৰাজভোজে ২০০জন দলিত লোকৰ সৈতে লগলাগি ৰথযাত্ৰাৰ দিনা কালাৰাম মন্দিৰত প্ৰবেশৰ বাবে দাবী জনাইছিল।[25] মালৱীয়ই কালাৰাম মন্দিৰৰ পুৰোহিতসকলৰ উপস্থিতিত গোটখোৱা লোকসকলক দীক্ষা প্ৰদান কৰিছিল আৰু মন্দিৰত মুক্ত প্ৰবেশ কৰিবলৈ সুবিধা দিছিল।[25] তাৰপিছত এই দলিত নেতাসকলে কালাৰাম মন্দিৰৰ ৰথযাত্ৰাতো অংশগ্ৰহণ কৰিছিল।[25].

দলিত অধ্যুষিত অঞ্চলত তেখেতে কৰা সামাজিক কামবোৰৰ বাবে শ্ৰীগৌড় ব্ৰাহ্মণসকলে প্ৰাৰম্ভিক অৱস্থাত তেখেতক বহিষ্কাৰ কৰিছিল যদিও পিছত নিজৰ ভুল বুজি পাই মালৱীয়ক শ্ৰীগৌড় সমাজত স্থান দিছিল। [উদ্ধৃতিৰ প্ৰয়োজন]

যদিও আনুষ্ঠানিকভাবে ব্ৰিটিছ ভাৰতত স্কাউট বাংগালুৰুৰ বিচপ কটনচ্ বয়জ স্কুলত ১৯০৯ চনতে গঠিত হয়, দেশী ভাৰতীয়সকলৰ বাবে স্কাউটিং জাষ্টিচ ভিভিয়ান বোস, মালৱীয়, হৃদয়নাথ কুঞ্জুৰু, গিৰিজা শঙ্কৰ বাজপায়, এনী বেছাণ্ট আৰু জৰ্জ অৰুণ্ডালেই ১৯১৩ চনতহে আৰম্ভ কৰে। মালৱীয়ই স্কাউটিঙৰ দ্বাৰা প্ৰভাৱিত হৈ “সেৱা সমিতি” নামৰ সংগঠন এটাও গঠন কৰে।[26]

উত্তৰাধিকাৰ

সম্পাদনা কৰক
 
কাশী হিন্দু বিশ্বাবিদ্যালয়ৰ প্ৰবেশদ্বাৰৰ সন্মুখত মদন মোহন মালৱীয়ৰ প্ৰতিমূৰ্তি

মালৱীয়াই “সত্যমেৱ জয়তে” শ্লোগানটো জনপ্ৰিয় কৰিছিল।[27] এলাহাবাদ, লক্ষ্ণৌ, দিল্লী, ভূপাল, দূৰ্গ আৰু জয়পুৰৰ মালৱীয় নগৰ তেখেতৰ নামেৰে নামকৰণ কৰা হৈছিল। জব্বলপুৰৰ মূল নগৰাঞ্চলতে অৱস্থিত এটা স্কোৱেৰক (square) মালৱীয় চ’ক নামেৰে জনা যায়।

ভাৰতীয় ডাক বিভাগে মালৱীয়ৰ সন্মানত তেখেতৰ জন্মশতবাৰ্ষিকী উপলক্ষে ১৯৬১ চনত[28] আৰু দেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ২০১১ চনত ডাকটিকেট মুকলি কৰিছিল।[29]

জয়পুৰৰ মালৱীয় নেচনেল ই্ন্সটিটিউত অৱ টেকন’লজী, উত্তৰ প্ৰদেশৰ গোৰখপুৰত অৱস্থিত মদন মোহন মালৱীয় ইউনিভাৰ্চিটি অৱ টেকন’লজী তেখেতৰ নামেৰে নামাঙ্কিত কৰা হৈছে। ইন্দোৰৰ শ্ৰীগৌড় বিদ্যা মন্দিৰে প্ৰতি বছৰৰে ২৫ ডিচেম্বৰত তেখেতৰ জন্মদিনটো “মহামনা দিৱস” ৰূপে উদযাপন কৰে।

তেখেতে হৰিদ্বাৰৰ ‘’হৰ কী পৌৰী’’ত পবিত্ৰ গঙ্গা নদীৰ আৰতি কৰাৰ পৰম্পৰা আৰম্ভ কৰে, যি আৰতি আজিও চলি আছে। এয়া সাধাৰণ জনতাক একত্ৰিত কৰিবলৈ বাল গঙ্গাধৰ তিলকে মহাৰাষ্ট্ৰত আৰম্ভ কৰা গণেশোৎসৱৰ সমতুল্য।

ভাৰতৰ তদানিন্তন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতীয় সংসদৰ কেন্দ্ৰীয় ভৱনত মহামনাৰ পূৰ্ণাৱয়ৱ প্ৰতিকৃতি মুকলি কৰিছিল। ১৯৬১ চনত তেতিয়াৰ ভাৰতৰ উপৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ মুখ্য তোৰণৰ সন্মুখত মালৱীয়ৰ পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল। সংসদ ভৱনৰ মুখ্য তোৰণৰ সন্মুখতো মালৱীয়ৰ এটা আৱক্ষ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে, যিটো ১৯৭১ চনৰ ২৫ ডিচেম্বৰত দিল্লী লেফটেনেণ্ট গৱৰ্ণৰ ডক্টৰ এ.এন. ঝাই উন্মোচন কৰিছিল।[15]

২৫ ডিচেম্বৰ ২০০৮ত মালৱীয়ৰ জন্মদিনৰ দিনা তদানিন্তন ৰাষ্ট্ৰপতি এ.পি.জে. আবুল কালামে দিল্লীৰ ৫৩, দীনদয়াল উপাধ্যায় মাৰ্গত নেচনেল মেমোৰিয়েল অৱ মহামনা মদন মোহন মালৱীয় উন্মোচন কৰে।[30]

২০১১ চনত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ অধ্যক্ষতাত ভাৰত চৰকাৰৰ দ্বাৰা মালৱীয়ৰ দেৰশ বছৰীয়া জন্মজয়ন্তী পালন কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামনাৰ সোঁৱৰণত কাশী হিন্দু বিশ্ববিদ্যালয়ত এটা মালৱীয় অধ্যয়ন কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ উপৰিও বৃত্তি আৰু শৈক্ষিক পুৰস্কাৰ প্ৰৱৰ্তন কৰা হব বুলি ঘোষণা কৰে। UPAৰ অধ্যক্ষা চোনিয়া গান্ধীয়ে মালৱীয়ৰ বিষয়ে এখন জীৱনীগ্ৰন্থ উন্মোচন কৰে।[31].

২৪ ডিচেম্বৰ ২০১৪ৰ দিনা ভাৰত চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী আৰু মৰণোত্তৰ ভাবে মালৱীয়ক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘ভাৰতৰত্ন’ৰে বিভূষিত কৰাৰ ঘোষণা কৰে। [32].

ৰচনাৰাজি

সম্পাদনা কৰক
  • A criticism of Montagu-Chelmsford proposals of Indian constitutional reform. ছপা কৰোঁতা- চি.ৱাই. চিন্তামণি, ১৯১৮
  • Speeches and writings of Pandit Madan Mohan Malaviya. প্ৰকাশক G.A. Natesan, ১৯১৯.
  • Malaviyaji, a brief life sketch of Pandit Madan Mohan Malaviya, লেখক- B. J. Akkad. Pub. Vora, 1948.
  • Malaviyana: a bibliography of Pandit Madan Mohan Malaviya লেখক- Sayaji Rao Gaekwad Library. Ed. Prithvi Nath Kaula. 1962.
  • Role of Pt. Madan Mohan Malaviya in our national life, লেখক- Chandra Prakash Jha. Modern Publications, 1977.
  • Pandit Madan Mohan Malaviya: a socio-political study, লেখক- Sundar Lal Gupta. Pub. Chugh Publications, 1978.
  • Mahāmanā Madan Mohan Malaviya: An Historical Biography, লেখক- Parmanand. Malaviya Adhyayan Sansthan, কাশী হিন্দু বিশ্ববিদ্যালয়, ১৯৮৫।
  • Struggle for Independence: Madan Mohan Malaviya লেখক- ৰাম বক্সী, অনমোল পাব্লিকেচনচ্, ১৯৮৯ ISBN 81-7041-142-4.
  • Madan Mohan Malaviya: the man and his ideology, লেখক- ৰাম বক্সী, অনমোল পাব্লিকেচনচ্, ১৯৯১. ISBN 81-7041-429-6.
  • Madan Mohan Malaviya, লেখক- সীতাৰাম চতুৰ্বেদী, প্ৰকাশন বিভাগ, ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়, ১৯৯৬, ISBN 81-230-0486-9.
  • Visionary of Modern India- Madan Mohan Malaviya, লেখক- এচ.কে.মাইনী,কে. চন্দ্ৰামৌলী আৰু বিশ্বনাথ পাণ্ডে, মহামনা মালৱীয় ন্যাস, ২০০৯

বাহ্যিক সংযোগ

সম্পাদনা কৰক
  1. https://books.google.com/books?id=BX3wIjJ9mvMC&lpg=PA340&dq=Madan%20Mohan%20Malviya&pg=PA340#v=onepage&q=Madan%20Mohan%20Malviya&f=false
  2. "Mahamana's life as exemplary as Mahatma's: BHU V-C". The Times of India. 27 December 2009. Archived from the original on 2012-11-04. https://web.archive.org/web/20121104195634/http://articles.timesofindia.indiatimes.com/2009-12-27/varanasi/28102158_1_bhu-v-c-bhu-alumni-cell-birth-anniversary-celebrations. 
  3. Singh, Binay (13 March 2009). "BHU set to realise future goals". প্ৰকাশক VARANASI: The Times of India. Archived from the original on 14 June 2012. https://web.archive.org/web/20120614053651/http://articles.timesofindia.indiatimes.com/2009-03-13/varanasi/28042346_1_rajiv-gandhi-south-campus-mahamana-madan-mohan-malviya-banaras-hindu-university। আহৰণ কৰা হৈছে: 3 June 2011. 
  4. 4.0 4.1 "History of BHU". Banaras Hindu University website. http://www.bhu.ac.in/history1.htm. 
  5. "University at Buffalo, BHU sign exchange programme". Rediff News. 4 October 2007. http://www.rediff.com/news/2007/oct/04univ.htm. 
  6. Our Leaders (Volume 9 of Remembering Our Leaders). Children's Book Trust. 1989. পৃষ্ঠা. 61. ISBN 81-7011-842-5. http://books.google.co.in/books?id=2NoVNSyopVcC&pg=PA61&lpg=PA61&dq=Madan+Mohan+Malaviya+Scouting&source=bl&ots=4oVY8PFiXf&sig=bzIWnjpIp9KGyErYK9A3C6A_x4I&hl=en&ei=AntIS9WNIYqTkAWe6oD4Ag&sa=X&oi=book_result&ct=result&resnum=1&ved=0CAcQ6AEwADgo#v=onepage&q=&f=false. 
  7. 7.0 7.1 "C. Y. Chintamani (10 April 1880 – 1 July, 1941)". The Tribune. 7 May 2000. http://www.tribuneindia.com/2000/20000507/spectrum/main2.htm#3. 
  8. http://pib.nic.in/newsite/erelease.aspx?relid=114017
  9. Bhattacherje, S. B. (May 1, 2009). Encyclopaedia of Indian Events & Dates. Sterling Publishers Pvt. Ltd. পৃষ্ঠা. 138–139. http://books.google.co.in/books?id=oGVSvXuCsyUC&pg=SL1-PA63&dq=St.+Peter%27s+Church+allahabad&hl=en&sa=X&ei=irMpUu_CN-XsiAfesIHgDg&redir_esc=y#v=onepage&q=Allahabad&f=false। আহৰণ কৰা হৈছে: March 24, 2014. 
  10. 10.0 10.1 Timberg, Thomas A (2014). The Marwaris: From Jagat Seth to the Birlas. Penguin Books. ISBN 9789351187134. http://books.google.co.in/books?id=5cWUAwAAQBAJ&pg=PT37&lpg=PT37&dq=manohar+das+dwarka+das&source=bl&ots=ay4PxNAvhj&sig=IyMTfEa3dyvrwNnG-LbqiKwyR68&hl=en&sa=X&ei=mKppVK7uMcKxuQS-8ICYCg&ved=0CDUQ6AEwBA#v=onepage&q=aggarwal&f=false. 
  11. 11.0 11.1 11.2 11.3 http://www.indianpost.com/viewstamp.php/Alpha/M/MADAN%20MOHAN%20MALAVIYA
  12. Our Leaders (Volume 9 of Remembering Our Leaders): Madan Mohan Malaviya. Children's Book Trust. 1989. পৃষ্ঠা. 53–73. ISBN 81-7011-842-5. http://books.google.co.in/books?id=2NoVNSyopVcC&pg=PA61&lpg=PA61&dq=Madan+Mohan+Malaviya+Scouting&source=bl&ots=4oVY8PFiXf&sig=bzIWnjpIp9KGyErYK9A3C6A_x4I&hl=en&ei=AntIS9WNIYqTkAWe6oD4Ag&sa=X&oi=book_result&ct=result&resnum=1&ved=0CAcQ6AEwADgo#v=onepage&q=&f=false. 
  13. "A brief summary of Indian Warriors". Archived from the original on 2006-08-21. https://web.archive.org/web/20060821181344/http://www.msnspecials.in/independenceday/indian_warriors1.asp। আহৰণ কৰা হৈছে: 2014-12-25. 
  14. "RSS Resolution 2: 150th Birth Anniversary of Mhamana Malviya ji". Vishwa Samvada Kendra. 31 October 2010. Archived from the original on 26 December 2014. https://web.archive.org/web/20141226174534/http://samvada.org/2010/news/150th-birth-anniversary-of-malviya-ji/. 
  15. 15.0 15.1 "Old Secetariat:Important Members of Imperial Legislative Council". Legislative Assembly of Delhi website. http://delhiassembly.nic.in/history_assembly.htm. 
  16. "Gandhi is Urged to Delay Break". New York Times. 11 February 1922. http://query.nytimes.com/gst/abstract.html?res=9E03E0DC1E30EE3ABC4952DFB4668389639EDE. 
  17. ""Buy Indian" Move Gains". The New York Times. 30 May 1932. http://select.nytimes.com/gst/abstract.html?res=FB0915FC385A13738DDDA90B94DD405B828FF1D3. 
  18. "450 Seized at Delhi for Defiance of Ban on Indian Congress". New York Times. 25 April 1932. http://select.nytimes.com/gst/abstract.html?res=FB0813FC3F5A13738DDDAC0A94DC405B828FF1D3. 
  19. Schwartzberg Atlas
  20. 20.0 20.1 20.2 20.3 20.4 "আৰ্কাইভ কপি". Archived from the original on 2014-12-27. https://web.archive.org/web/20141227190207/http://www.mahamana.org/biography-.html। আহৰণ কৰা হৈছে: 2014-12-25. 
  21. TJS George, Lessons in Journalism, 2007, Viva Books, New Delhi.
  22. http://www.bhu.ac.in/mahamana.htm
  23. "BANARAS HINDU UNIVERSITY" (PDF). Indian Academy of Sciences. 26 July 2005. http://www.ias.ac.in/currsci/sep102005/899.pdf। আহৰণ কৰা হৈছে: 2007-04-19. 
  24. Murty, K. Satchidananda; Ashok Vohra (1990). Radhakrishnan: his life and ideas. SUNY Press. পৃষ্ঠা. 90. ISBN 0-7914-0343-2. http://books.google.co.in/books?id=x6FsaptULgAC&pg=PA90&dq=Madan+Mohan+Malaviya&lr=&cd=20#v=onepage&q=Madan%20Mohan%20Malaviya&f=false. 
  25. 25.0 25.1 25.2 Political Mobilization and Identity in Western India, 1934–47 By Shri Krishan
  26. "Honouring the oath: The beginning". The Hindu. 17 August 2007. Archived from the original on 19 August 2007. https://web.archive.org/web/20070819071116/http://www.hindu.com/yw/2007/08/17/stories/2007081750750800.htm. 
  27. "India's Freedom Struggle: Madan Mohan Malaviya" (PDF). Kamat's Potpourri. 22 December 2007. http://www.kamat.com/kalranga/freedom/malaviya.htm। আহৰণ কৰা হৈছে: 2008-03-09. 
  28. Indian stamp bearing Madan Mohan Malaviya's picture
  29. "আৰ্কাইভ কপি". Archived from the original on 2015-09-24. https://web.archive.org/web/20150924034850/http://www.indianstampghar.com/wp-content/uploads/2011/12/scan0240.jpg। আহৰণ কৰা হৈছে: 2014-12-25. 
  30. "Former President Kalam inaugurates BHU founder's memorial". The Indian Express. 26 December 2008. http://www.indianexpress.com/news/former-president-kalam-inaugurates-bhu-found/403094/. 
  31. "brings the Latest & Top Breaking News on Politics, G-20 summit, CHOGM 2011,Vice President's visit to Perth for CHOGM, Cricket, Sports, Business , State,Formula One in INDIA , Regional Language Audio Bulletins , Regional Language scripts & more". News On Air. 2012-08-15. Archived from the original on 2012-06-02. https://web.archive.org/web/20120602005707/http://www.newsonair.com/news.asp?cat=national&id=NN2393। আহৰণ কৰা হৈছে: 2013-04-22. 
  32. "Vajpayee, Malaviya named for Bharat Ratna on eve of birthdays". EconomyLead. 24 December 2014. http://www.economylead.com/govt/vajpayee-malaviya-named-bharat-ratna-eve-birthdays-44186। আহৰণ কৰা হৈছে: 24 December 2014. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক