ৱিকিচ'ৰা:ভাৰত/নিৰ্বাচিত প্ৰবন্ধ
সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন (ইংৰাজী ভাষাত Snakebite) বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে। সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে। তুলনামূলকভাৱে কম সংখ্যক সাপ বিষধাৰী আৰু সেইবোৰ এণ্টাৰ্কটিকাৰ বাহিৰে আন সকলো মহাদেশত পোৱা যায়। পৃথিৱীত সাপৰ প্ৰায় ৩০০০ প্ৰজাতি পোৱা যায় যাৰ প্ৰায় ১৫% মানুহৰ বাবে বিপজ্জনক। সাপে চিকাৰৰ লগতে প্ৰতিৰক্ষাৰ বাবেও দংশন কৰে। যিহেতু সাপ দেখাত বিভিন্ন ৰকমৰ হ'ব পাৰে, সেইবাবে সৰ্পদংশনৰ ক্ষেত্ৰত প্ৰজাতি নিৰ্ণয় কষ্টসাধ্য আৰু ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। (বাকী অংশ পঢ়ক...)
গণেশ পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত। পুৰাণৰ বিৱৰণ অনুসৰি শিৱ আৰু পাৰ্বতীৰ জেষ্ঠ্য পুত্ৰ গণেশ আৰু কণিষ্ঠ পুত্ৰ কাৰ্তিক।
পুৰাণত উল্লেখ কৰা অনুসৰি গণেশ হৰ-পাৰ্বতীৰ পুত্ৰ। তেখেতৰ ৰূপ বিভিন্ন শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰৰ; তথাপিও সকলোতে তেওঁ গজমুণ্ড মনুষ্যাকাৰ দেৱতা। তেখেতৰ বাহন মূষিক বা এন্দুৰ; অথবা কোনো কোনো ঠাইত সিংহ। গণেশক সৰ্ববিঘ্নহন্তা বুলি বিশ্বাস কৰা হয়। তেওঁ সাধাৰণভাবে প্ৰাৰম্ভৰ দেৱতা, বিঘ্নৰ দেৱতা (বিঘ্নেশ বা বিঘ্নেশ্বৰ),গণেশ মূলত: শিল্পকলা, বিজ্ঞানৰ পৃষ্ঠপোষক, মহাবল, মেধা আৰু বুদ্ধিৰ দেৱতা। পূজা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত গণেশৰ পূজা সবাতোকৈ আগত কৰা কৰ্তব্য বুলি বিবেচিত হয়। লিখাৰ সময়তো তেওঁক আখৰৰ পৃষ্ঠপোষকৰূপে আৱাহন কৰাৰ ৰীতি আছে। একাধিক পৌৰাণিক সূত্ৰৰ পৰা তেখেতৰ জন্ম, কীৰ্তিকলাপ আৰু মূৰ্তিতত্ত্বৰ ব্যাখ্যা পোৱা যায়। গণেশৰ অন্যান্য নামসমূহ হ’ল গণপতি, বিনায়ক, মহাগণপতি, বিৰিগণপতি, শক্তিগণপতি, বিদ্যাগণপতি, হৰিদ্ৰাগণপতি, উচ্ছিষ্টগণপতি, লক্ষ্মীবিনায়ক, হেৰম্ব, বক্ৰতুণ্ড, একদন্ত, মহোদৰ, গজানন, লম্বোদৰ, বিকট আৰু বিঘ্নৰাজ। দুৰ্গা (অম্বিকা) আৰু চামুণ্ডা, এই দুজনাই গণেশক পালন কৰিছিল বাবে তেওঁ দ্বৈমাতুৰ নামেও অভিহিত।
পৃথক দেৱতা ৰূপে গণেশৰ উদ্ভৱ খ্ৰীষ্টিয় চতুৰ্থ আৰু পঞ্চম শতাব্দীৰ গুপ্তযুগত হৈছিল। যদিও একাধিক বৈদিক আৰু প্ৰাক-বৈদিক উৎসৰ পৰাও গণেশৰ উল্লেখ পোৱা যায়। তেখেতৰ জনপ্ৰিয়তা দ্ৰুতভাবে বৃদ্ধি পায় আৰু নৱম শতাব্দীত। পাঁচজন প্ৰধান দেৱতাৰ অন্যতম দেৱতা ৰূপে গণ্য কৰা হয়। এই সময়ত গণেশক সৰ্বোচ্চ দেৱতা স্বীকাৰ কৰি গাণপত্য সম্প্ৰদায়ৰ উদ্ভৱ ঘটে। বিতংকৈ পঢ়ক...
সিন্ধু সভ্যতা (ইং: Indus Valley Civilization) হৈছে ব্ৰঞ্জ যুগত (৩৩০০–১৩০০ খ্ৰীষ্টপূৰ্ব; পূৰ্ণতা প্ৰাপ্তি ২৬০০–১৯০০ খ্ৰীষ্টপূৰ্ব, প্ৰাক-হৰপ্পা সংস্কৃতিৰ আৰম্ভণি ৭৫০০ খ্ৰীষ্টপূৰ্ব) ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্ত, বৰ্তমানৰ পাকিস্তান আৰু আফগানিস্তানৰ উত্তৰ-পূবৰ কিছু অংশ সামৰি বিৰাজিত এক সভ্যতা। প্ৰাচীন ইজিপ্ত আৰু মেচ’পটেমিয়াকে ধৰি সিন্ধু সভ্যতা বিশ্বৰ তিনিটা প্ৰাচীনতম সভ্যতাৰ অন্যতম আৰু ১২,৫০,০০০ কিঃমিঃ জুৰি প্ৰসাৰিত এই সভ্যতা আটাইকেইটাৰ ভিতৰতে অধিক বিস্তাৰিত। এই প্ৰাচীন সভ্যতা এচিয়াৰ এক অন্যতম প্ৰধান নদ সিন্ধু আৰু বৰ্তমান শুকাই যোৱা সৰস্বতী নদীৰ পাৰত গঢ় লৈ উঠিছিল। সৰস্বতী নদী আৰু ইয়াৰ উপনৈসমূহ পূৰ্বতে পূব পাকিস্তান আৰু ভাৰতৰ উত্তৰ-পশ্চিম কোণেদি ঘাগৰ-হাকৰা নদীৰ সৈতে প্ৰৱাহিত হৈছিল। সিন্ধু আৰু সৰস্বতী দুয়োখন নদীৰ পাৰতে সিন্ধু সভ্যতা বিস্তাৰিত হোৱাৰ বাবে ইয়াক সিন্ধু-সৰস্বতী সভ্যতা (ইং: Indus-Sarasvati Civilisation) বুলিও অভিহিত কৰা হয়।
চৰম শিখৰ প্ৰাপ্তিৰ সময়ত সিন্ধু সভ্যতাৰ মুঠ জনসংখ্যা সম্ভৱতঃ ৫০ লাখতকৈয়ো বেছি আছিল। সিন্ধু সভ্যতাৰ নিবাসীসকলে হস্তশিল্প আৰু ধাতুবিদ্যাৰ (তাম, ব্ৰঞ্জ, সীহ আৰু টিন) নতুন পদ্ধতিৰ বিকাশ ঘটাইছিল। ইয়াৰোপৰি সিন্ধু নগৰসমূহ গ্ৰাম পৰিকল্পনা, পোৰা ইটাৰে সজা ঘৰ, বিস্তাৰিত নলা, পানী যোগান ব্যৱস্থা আৰু বৃহৎ অট্টালিকাসমূহৰ বাবে জনাজাত।
১৯২০ৰ দশকত চলোৱা খননকাৰ্যত প্ৰথমে হৰপ্পা উদ্ধাৰ হোৱাৰ পিছৰে পৰা এই সভ্যতাক হৰপ্পা সভ্যতা বুলিও অভিহিত কৰা হয়। ব্ৰিটিছ শাসনকালত হৰপ্পা পঞ্জাৱত অন্তৰ্ভুক্ত আছিল। বৰ্তমান ই পাকিস্তানৰ অন্তৰ্ভুক্ত। ১৮৬১ চনতে আৰম্ভ হোৱা কাৰ্যসমুহে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ আৱিষ্কাৰৰ পিছত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰতিষ্ঠাৰ লগতে পূৰ্ণতা লাভ কৰে।] হৰপ্পাৰ থলীসমূহৰ খননকাৰ্য ১৯২০ চনৰ পৰাই চলি আছে। ১৯৯৯ চনত হৰপ্পাত কিছু প্ৰাচীন লিখনি উদ্ধাৰ কৰা হয়। হৰপ্পা সভ্যতাৰ একেডোখৰ ঠাইতে সময়ৰ ভিত্তিত হৰপ্পা সংস্কৃতিৰ তিনিটা ভাগ চিহ্নিত কৰা হয় আৰু ইয়াক ক্ৰমে প্ৰাৰম্ভিক, শেষ আৰু প্ৰাক-হৰপ্পা সংস্কৃতি হিচাপে জনা যায়। হাৰিয়ানাৰ ভিৰানা সম্ভৱতঃ আটাইতকৈ পুৰণি প্ৰাক-হৰপ্পা থলী (৭৫৭০-৬২০০ খ্ৰীষ্টপূৰ্ব)।
চাণক্য (ইং: Chanakya, খ্ৰীষ্টপূৰ্ব ৩৭০-২৮৩) প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু (শিক্ষক), দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা। তেওঁক কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেৰেও অভিহিত কৰা হয়। তেওঁ প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰবিজ্ঞানৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ অৰ্থশাস্ত্ৰৰ ৰচনা কৰিছিল। তেখেতক ভাৰতৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ জনক, আৰু তেওঁৰ কৰ্মৰাজিক ধ্ৰুপদী অৰ্থনীতিৰ পথপ্ৰৱৰ্তক বুলি বিবেচনা কৰা হয়। গুপ্ত ৰাজবংশৰ শাসনৰ শেষ ফালে তেওঁৰ গ্ৰন্থখন হেৰাই যায়। এইখন আকৌ আবিষ্কৃত হয় ১৯১৫ খ্ৰীষ্টাব্দত। তেওঁ প্ৰাচীন তক্ষশীলা বিশ্ববিদ্যালয়ত অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতিৰ অধ্যাপক আছিল। তেওঁ তৰুণ চন্দ্ৰগুপ্তক শিক্ষা প্ৰদান কৰিছিল আৰু মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ উত্থানত তেৱেঁই প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। লিখিতৰূপত পোৱা তথ্য মতে মৌৰ্য সাম্ৰাজ্যই আছিল ভাৰতীয় উপমহাদেশৰ প্ৰথম সৰ্বভাৰতীয় সাম্ৰাজ্য। চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁৰ পুত্ৰ বিন্দুসাৰৰ ৰাজ-উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কিছু সময়লৈ অশোকৰো মাৰ্গদৰ্শক আছিল। প্ৰাচীন ভাৰতৰ ইতিহাসত তেওঁৰ অৰ্থনীতি তত্ত্বই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।(বিতংকৈ পঢ়ক...)
শশী কাপুৰৰ ১৯৩৮ চনৰ ১৮ মাৰ্চত জন্ম হয়। জন্মৰ সময়ত তেখেতৰ নাম আছিল বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ। শশী কাপুৰ ভাৰতৰ চলচ্চিত্ৰ সাম্ৰাজ্য বলিউদৰ বিখ্যাত কাপুৰ পৰিয়ালৰ এগৰাকী সদস্য। তেখেত এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক আৰু দাদা চাহেব বঁটা বিজেতা। তেখেতে হিন্দী ছবিৰ উপৰিও ইংৰাজী ছবিতো অভিনয় কৰিছে। তেখেতে বহুকেইখন চলচ্চিত্ৰৰ পৰিচালক আৰু সহকাৰী পৰিচালক আছিল। ২০১১ চনত কলাত্মক চলচ্চিত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে তেখেতক ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। ২০১৫ চনৰ ৯ মে'ৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে তেখেতক মুম্বাইত ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ২০১৪ চনৰ দাদা চাহেব বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা কাপুৰ পৰিয়ালৰ তেখেত তৃতীয় সদস্য। ইয়াৰ আগতে পৃথ্বীৰাজ কাপুৰ আৰু ৰাজ কাপুৰে এই বঁটা লাভ কৰিছিল। (বিতংকৈ পঢ়ক...)
- সত্য সাই বাবা (জন্মতে সত্য নাৰায়ণ ৰাজু; ২৩ নৱেম্বৰ ১৯২৬ৰ পৰা ২৪ এপ্ৰিল ২০১১) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। তেওঁ দাবী কৰা আৰু অনেক লোকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ (মৃত্যু: ১৯১৮) পুনৰ্জন্ম। ভাৰতীয় আধ্যাত্মিক গুৰু মেহেৰ বাবাৰ মতে তেওঁ এজন তান্ত্ৰিক আৰু তেওঁ চমৎকাৰৰ বাবে তন্ত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁ বিভূতি (পবিত্ৰ ভস্ম) আৰু অন্য সৰু বস্তু যেনে আঙঠি, হাৰ, ঘড়ী আদি প্ৰকট কৰিছিল যিয়ে চমৎকাৰী ৰূপত চিকিৎসা কৰা, পুনৰ জীৱন প্ৰদান কৰা আদিৰ কথা অনেকে কয়। ই যশ আৰু সমালোচনা দুয়োকে আমন্ত্ৰিত কৰিলে। তেওঁৰ ওপৰত যৌন নিৰ্যাতন আৰু নকলৰো অভিযোগ উত্থাপিত হৈছিল, কিন্তু তেওঁ তেনে অভিযোগক ষড়যন্ত্ৰ বুলি কৈ, অভিযোগ অস্বীকাৰ কৰিলে। তেওঁ সদস্যসকলে মানৱ সেৱাৰ দ্বাৰা আধ্যাত্মিক প্ৰগতি লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা সত্য সাই সংস্থাৰ ১২৬খন দেশত ১২০০তকৈ অধিক শাখা আছে। এই সংস্থাৰ মাধ্যমেৰে সত্য সাই বাবাই বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়, ক্লিনিক, খোৱা পানীৰ প্ৰকল্প আদি পৰিচালনা কৰিছিল। আৰু পঢ়ক....
মদন মোহন মালৱীয় (ইংৰাজী: Madan Mohan Malaviya; হিন্দী: मदन मोहन मालवीय) ( pronunciation (সহায়·তথ্য) (১৮৬১-৪৬) এগৰাকী শিক্ষাবিদ আৰু ভাৰতীয় স্বাধীনতা আন্দোলন আৰু হিন্দু জাতীয়তাবাদৰ উত্থানৰ বাবে বিশিষ্ট্য ভূমিকা লোৱা এগৰাকী ৰাজনৈতিক নেতা আছিল। তেখেতক সন্মানেৰে পণ্ডিত মদনমোহন মালৱীয় আৰু 'মহামনা' বুলি সম্বোধন কৰা হৈছিল। মালবীয়ক কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰাৰ বাবে সৰ্বাধিক স্মৰণ কৰা হয়; যিখন বিশ্ববিদ্যালয় বাৰণসীত ১৯১৬ চনত স্থাপন কৰা হৈছিল। এইখন এচিয়াৰ ভিতৰত সবাতোকৈ ডাঙৰ আৱাসিক বিশ্ববিদ্যালয় আৰু বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়, য’ত কলা, বিজ্ঞান, অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিভাগত ১২০০তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। মালৱীয় ১৯১৯ৰ পৰা ১৯৩৮লৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।
মালৱীয় ১৯০৯, ১৯১৩, ১৯১৯ আৰু ১৯৩২ত চাৰিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হয়। ১৯৩৪ চনত তেখেতে কংগ্ৰেছ ত্যাগ কৰে। তেখেত হিন্দু মহাসভাৰ এগৰাকী প্ৰাৰম্ভিক কালৰ নেতা আছিল। মালৱীয় ভাৰত স্কাউট আৰু গাইডৰো প্ৰতিস্থাপক আছিল। তেখেতে এখন অতিকৈ প্ৰভাৱশালী ইংৰাজী বাতৰিকাকত দ্য লিডাৰ প্ৰতিষ্ঠা কৰে। এই কাকতখন ১৯০৯ত এলাহাবাদৰ পৰা প্ৰকাশ হৈছিল। তেখেত ১৯২৪ৰ পৰা ১৯৪১লৈ হিন্দুস্তান টাইমচৰো চেয়াৰমেনৰ দায়িত্বত আছিল। তেখেতৰ প্ৰচেষ্টাতে ১৯৩৬ৰ পৰা এই কাকতখনৰ হিন্দী সংস্কৰণ প্ৰকাশ হৈছিল। তেখেতক ১৫৩তম জন্মদিৱসৰ এদিন আগত, ১৯১৪ৰ ২৪ ডিচেম্বৰ দিনা মৰণোত্তৰভাৱে ভাৰতৰ আটাইতকৈ সন্মানীয় অসমাৰিক বঁটা ভাৰতৰত্নৰে বিভূষিত কৰা হব বুলি ঘোষণা কৰা হয়। বিতংকৈ পঢ়ক...