ৱিকিপিডিয়া:সন্মিলন/তৃতীয় শিলচৰ সন্মিলন

শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ (National Institute of Technology, Silchar) অসমীয়া ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ উদ্যোগত ১৭ আগষ্ট, সোমবাৰে তৃতীয়খন শিলচৰ ৱিকিসন্মিলন সফলতাৰে আয়োজন আৰু সম্পন্ন কৰা হয়।

সন্মিলনত সহকাৰী অধ্যাপক প্ৰভাকৰ শৰ্মা নেওগে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ কম্পিউতাৰত অসমীয়া লিখিবলৈ শিকাৰ প্ৰয়োজনীয়তা আৰু অসমীয়া ৱিকিপিডিয়াৰ সম্পাদকৰ সংখ্যা বঢ়োৱাবলৈ ভিন ভিন স্থানত, বিশেষকৈ শিলচৰৰ মেডিকেল কলেজ, অসম বিশ্ববিদ্যালয় আৰু শিলচৰ পলিটেকনিকত ৱিকিসন্মিলন আৰু কৰ্মশালা সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব প্ৰকাশ কৰে আৰু ইয়াৰ বাবে ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থানৰ ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

সহযোগী অধ্যাপক নলিন বিহাৰী দেবচৌধুৰী আৰু ললিত শইকীয়া আৰু সহকাৰী অধ্যাপক সমীৰ বুঢ়াগোঁহায়ে ভাষণ দি অসমীয়া ৱিকিপিডী্য়াৰ অগ্ৰগতিৰ ওপৰত সন্তোষ প্ৰকাশ কৰে আৰু সকলোকে এই প্ৰচেষ্টাক আগুৱাই নিবলৈ কাম কৰিবলৈ অনুৰোধ জনায়। নলিন বিহাৰী দেবচৌধুৰীয়ে কয় যে অসমীয়া ভাষা আৰু জাতিক আগুৱাই নিবলৈ কৰ্মব্যস্ততাৰ মাজতো সামান্য সময় উলিয়াই অসমীয়া ৱিকিপিডিয়াত কাম কৰিবই লাগিব। তেওঁ নিজেও আৰু উদ্যমেৰে যোগদান কৰিব বুলি কথা দিয়ে।

ইয়াৰ পাচতে উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক প্ৰভাকৰ শৰ্মা নেওগ আৰু চাইদুল ইচলামে (ছাত্ৰ) অসমীয়া ৱিকিপিডিয়াৰ সম্যক পৰিচয় দি ৱিকিপিডিয়াত কেনেকৈ অসমীয়াত প্ৰবন্ধ লিখিব পাৰি তাৰ বিষয়ে প্ৰশিক্ষণ দিয়ে। তেওঁলোকে কয় যে প্ৰথম সংকোচ কাতি কৰি ভূলে-শুদ্ধই অৱদান দিয়া আৰম্ভ কৰিলেই সময়ক্ৰমত একোজন পাকৈত ৱিকিপিডিয়ান হ'ব পৰা যায়।

শেষত শিলচৰৰ মেডিকেল কলেজ, অসম বিশ্ববিদ্যালয়, শিলচৰ পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ আৰু ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থানৰ নতুন ছাত্ৰ-ছাত্ৰী সকলৰ লগত যোগাযোগ কৰি অচিৰেই আৰু ৱিকিপিডিয়া সন্মিলন পতাৰ সংকল্পৰে সভাৰ সামৰণি মৰা হয়।