ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প চিকিৎসাবিজ্ঞানৰ অংশ হিচাপে অহা ২৪ এপ্ৰিল তাৰিখ মঙ্গলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মূলতঃ চিকিৎসকসকলৰ উদ্দেশ্যে এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে। অৱশ্যে ইয়াত অংশগ্ৰহণ কৰিবলৈ চিকিৎসক হোৱাটো বাধ্যতামূলক নহয়। অনলাইন সম্পাদনাৰ বিপৰীতে সৃষ্টি কৰা মানবিশিষ্ট লেখা সংগ্ৰহ কৰি পিছত আপল'ড কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।
- কেতিয়া: ২৪ এপ্ৰিল, ২০১২
- সময়: দিনৰ ২:৩০ বজা
- ক'ত: যোৰহাট চিকিৎসা মহাবিদ্যালয় বক্তৃতা গৃহ ১
- অসমীয়া ৱিকিপিডিয়াৰ পৰিচয়
- ৱিকিপিডিয়াৰ প্ৰয়োজনীয়তা, FAQ পুথিৰ বিতৰণ
- অসমীয়া ইউনিক'ড টাইপিং আৰু ৱিকিপিডিয়াত সম্পাদনাৰ বিষয়ে থুলমুলকৈ
- সাধাৰণ নীতিসমূহ
- ৱিকিপ্ৰকল্প চিকিৎসাবিজ্ঞানৰ আভাস
- ৱিকিপিডিয়াৰ প্ৰবন্ধ কেনে হোৱা উচিত
- স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ উল্লেখযোগ্য বিষয়সমূহৰ আলোচনা
- সভাখন নিৰ্ধাৰিত সময়তকৈ আধা ঘণ্টা পলমকৈ প্ৰায় ৩ বজাত আৰম্ভ হয়। কৰ্মশালাত প্ৰায় ১০০ জন ছাত্ৰ-ছাত্ৰী আৰু ১০ জন শিক্ষক উপস্থিত থাকে।
- আৰম্ভণিতে FAQ পুথিখন বিতৰণ কৰা হয়।
- উপস্থিত সকলোকে আদৰণি জনোৱাৰ পিছত যোৰহাট চিকিত্সা মহাবিদ্যালয়ৰ উপ-অধ্যক্ষাই দুআষাৰমান কয়।
- গীতাৰ্থ বৰদলৈয়ে ৱিকিপিডিয়া আৰু অসমীয়া ৱিকিপিডিয়াৰ লগত সকলোকে পৰিচয় কৰাই দিয়ে। তাৰ পিছত সাধাৰণ নীতিসমূহ, ৱিকিপিডিয়াৰ গুৰুত্ব, অসমীয়া ৱিকিপিডিয়াৰ সমস্যা, লিখাৰ লাভালাভ, সম্পাদনৰ নিয়ম আদি ব্যাখ্যা কৰা হয়।
- ৱিকিমিডিয়া ভগ্নী প্ৰকল্পসমূহৰ লগতো সকলোকে পৰিচয় কৰাই দিয়া হয়।
- ইয়াৰ পিছত ৱিকিপিডিয়া চিকিত্সা বিজ্ঞান প্ৰকল্পৰ উদ্দেশ্য আৰু গুৰুত্বৰ কথা কোৱা হয়। চিকিত্সা বিজ্ঞান প্ৰবন্ধৰ ৰচনাশৈলী, অঙ্গসজ্জাৰ বিষয়ে কোৱাৰ পিছত গুৰুত্বপূৰ্ণ প্ৰবন্ধসমূহৰ তালিকা প্ৰদৰ্শন কৰা হয়।
- অনলাইন আৰু অফলাইন প্ৰবন্ধ লিখিবলৈ সকলোকে অনুৰোধ জনোৱা হয়। ইয়াৰ পিছত চমু প্ৰশ্নোত্তৰ শিতানেৰে কৰ্মশালাৰ সামৰণি মৰা হয়।