আইজাক নিউটন

পদাৰ্থ বিজ্ঞানী, গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী, প্ৰাকৃতিক দাৰ্শনিক, ৰসায়ন বিজ্ঞনী, ধৰ্মতাত্বিক
(Isaac Newtonৰ পৰা পুনঃনিৰ্দেশিত)


ছাৰ আইজাক নিউটন (২৫ ডিচেম্বৰ ১৬৪২ – ২০ মাৰ্চ ১৭২৬/২৭[টোকা 1]) আছিল এগৰাকী ইংৰাজ বহু বিশাৰদ ( polymath), আৰু তেখেত এগৰাকী গণিতজ্ঞ, পদাৰ্থবিদ, জ্যোতিৰ্বিজ্ঞানী, অপৰসায়নবিদ (alchemist), ধৰ্মতাত্বিক, আৰু লেখক হিচাপে অৱদান আগবঢ়াই গৈছে। তেখেতৰ জীৱদ্দশাত তেওঁক প্ৰকৃতি দাৰ্শনিক (natural philosopher) বুলি অভিহিত কৰা হৈছিল।[8] নিউটন আছিল বৈজ্ঞানিক বিপ্লৱ (Scientific Revolution) আৰু আলোকিত যুগৰ (Age of Enlightenment) এক অন্যতম হোতা।[9] নিউটনৰদ্বাৰা ৰচিত ‘প্ৰিন্সিপিয়া’ ( Philosophiæ Naturalis Principia Mathematica (Mathematical Principles of Natural Philosophy)), ১৬৮৭ চনত প্ৰথম প্ৰকাশিত, নামৰ গ্ৰন্থখনিয়ে পদাৰ্থবিজ্ঞান প্ৰথম একীকৰণ সমাধা কৰিছিল, (মহাকৰ্ষণ আৰু জ্যোতিৰ্বিজ্ঞানৰ একীকৰণ, যাক পদাৰ্থবিজ্ঞানৰ প্ৰথম মহৎ একীকৰণ (first great unification in physics) বোলা হয়), লগতে ধ্ৰূপদী বলবিদ্যা-ৰ প্ৰতিষ্ঠা কৰিছিল।[10][11] নিউটনে আলোকবিজ্ঞান-লৈ মহত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ লগতে জাৰ্মান গণিতজ্ঞ [[গটফ্ৰিড উইলহেল্ম লেইবনিজ্| লেইবনিজ্‌)-ৰ সৈতে কলন গণিত-ৰ প্ৰতিষ্ঠাপনা কৰিছিল। অৱশ্যে নিউটনে কলন গণিতৰ প্ৰয়োগ লেইবনিজ্‌-তকৈ কেইবা বছৰৰ আগতেই কৰিছিল।[12][13] নিউটনে বৈজ্ঞানিক পদ্ধতি (scientific method)-লৈ গুৰত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ লগতে ইয়াৰ সংস্কাৰ সাধন কৰিছিল। আধুনিক বিজ্ঞানৰ অগ্ৰগতিত নিউটনৰ ভূমিকা সৰ্বোতপ্ৰভাৱী বুলি ধৰা হয়।[14][15][16][17][18]

ছাৰ আইজাক নিউটন
Head and shoulders portrait of man in black with shoulder-length grey hair, a large sharp nose, and an abstracted gaze
গডফ্ৰে নেলাৰএ ১৬৮৯ চনত অঁকা আইজাক নিউটনৰ প্ৰতিকৃতি
(৪৬ বছৰ বয়স)
জন্ম ৪ জানুৱাৰী, ১৬৪৩
[পুৰণা পদ্ধতি: ২৫ ডিচেম্বৰ ১৬৪২][টোকা 1]
লিংকনশ্বিয়াৰ (Lincolnshire), ইংলেণ্ড
মৃত্যু ৩১ মাৰ্চ, ১৭২৭ (৮৪ বছৰ)
[পুৰণা পদ্ধতি: ১৭ মাৰ্চ ১৭২৭][টোকা 1]
কেনচিংষ্টন, মিডলচেক্স, ইংলেণ্ড
বাসস্থান ইংলেণ্ড
জাতীয়তা ইংলিছ
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান, গণিত, জ্যোৰ্তি বিজ্ঞান, natural philosophy, alchemy, Christian theology
কৰ্মস্থান কেমব্ৰিজ বিশ্ববিদ্যালয়
ৰয়েল ছছায়টি
ৰয়েল মিণ্ট
শিক্ষানুষ্ঠান ট্ৰিনিটি কলেজ, কেমব্ৰিজ
শৈক্ষিক পৰামৰ্শদাতা আইজাক বেৰ' (ইংৰাজী: Isaac Barrow)[3]
বেঞ্জামিন পুলেইন (ইংৰাজী: Benjamin Pulleyn)[4][5]
উল্লেখযোগ্য বিদ্যাৰ্থী ৰ'জাৰ ক'টছ (ইংৰাজী: Roger Cotes)
ৱিলিয়াম হুইষ্টন (ইংৰাজী: William Whiston)
জনা যায় নিউটনিয়ান মেকানিকছ (ইংৰাজী: Newtonian mechanics)
মহাকৰ্ষণীয় বিশ্বজনীন (ইংৰাজী: Universal gravitation)
Infinitesimal calculus
Optics
Binomial series
Newton's method
Philosophiæ Naturalis Principia Mathematica
প্ৰভাৱ হেনৰি ম'ৰে (ইংৰাজী: Henry More)[6]
প'লিছ ব্ৰেথৰেন (ইংৰাজী: Polish Brethren)[7]
প্ৰভাৱান্বিত কৰিছে জন কেইল (ইংৰাজী: John Keill)
নিক'লাছ ফাটিঅ' ডি ডুইলাৰ (ইংৰাজী: Nicolas Fatio de Duillier)
স্বাক্ষৰ
Is. Newton
টোকা
তেওঁৰ মাতৃৰ নাম আছিল হান্নাহ অ'চকফ্ (Hannah Ayscough)

প্ৰিন্সিপিয়া গ্ৰন্থত নিউটনে গতি-ৰ সূত্ৰ আৰু মহাকৰ্ষণ-ৰ সূত্ৰৰ প্ৰণয়ন কৰে। আপেক্ষিকতাবাদৰ সূত্ৰ-ৰ প্ৰণয়নৰ আগলৈ প্ৰায় চাৰিটা শতিকা জুৰি নিউটনৰ গতি আৰু মহাকৰ্ষণ-ৰ সূত্ৰসমূহ আছিল আটাইতকৈ প্ৰভাৱী বৈজ্ঞানিক দৃষ্টিকোণ। নিউটনে মহাকৰ্ষণৰ গাণিতীক বিশ্লেষণৰদ্বাৰা কেপলাৰৰ গ্ৰহ-ৰ গতিৰ সূত্ৰ, জোৱাৰ-ভাটা, ধূমকেতুৰ গতিপথ, সঠিক বিষুৱ সময় (equinox) গণনা কৰি উলিওৱাৰ লগতে সৌৰজগতৰ সূৰ্য্যকেন্দ্ৰিক ধাৰণাৰ প্ৰতি থকা সন্দেহ নস্যাৎ কৰে।[19] নিউটনে ‘দুই কায়াৰ সমস্যা’ (two body problem) সমাধান কৰে, আনহাতে ‘তিনি কায়াৰ সমস্যা’ (three body problem) প্ৰৱৰ্তন কৰে। [20] নিউটনেই দেখূৱায় যে ভূ-ভাগৰ গতি আৰু গ্ৰহ-নক্ষত্ৰৰ গতি একেই সূত্ৰৰে বন্ধা। পৃথিৱীৰ গোলকৰ স্বৰূপ সুমথিৰা-ৰ দৰে (মাজখিনি ওফোন্দা, oblate spheroid) বুলি নিউটনেই প্ৰথমে ধাৰণা কৰিছিল। ম’পেৰটিয়াছ, লা কণ্ডামিন আৰু অন্যান্য্ই ভূ-গোলকৰ জোখমাখৰ জৰিয়তে নিউটনৰ পৃথিৱীৰ আকাৰ-ৰ ধাৰণাক সঁচা প্ৰমাণিত কৰে, আৰু ইয়াৰদ্বাৰাই ইউৰোপৰ বিজ্ঞানীমহলত প্ৰচলিত ধাৰণাসমূহতকৈ নিউটনৰ বলবিদ্যাৰ শ্ৰেষ্ঠতা নিশ্চিত হয়।

নিউটনেই প্ৰথম প্ৰতিফলন দূৰবীক্ষণ (Newtonian telescope) সাজি উলিয়ায়, লগতে এক পৰিশীলিত বৰ্ণ তত্ব-ৰ (Color theory) ধাৰণাৰ প্ৰৱৰ্তন কৰে। নিউটনৰ বৰ্ণ তত্বৰ ধাৰণাৰ বিকাশ হৈছিল প্ৰিজম-ৰ মাজেৰে বগা ৰং সমূহ দৃশ্যমান বৰ্ণালী-লৈ (visible spectrum) পৃথক হোৱাৰ পৰিঘটনাৰ পৰ্যবেক্ষণৰদ্বাৰা। আলোক সম্বন্ধীয় কৰ্মসমূহ নিউটনে তেখেতৰ সুদূৰ-প্ৰভাৱী অপ্‌টিক্‌চ (Opticks) শীৰ্ষক গ্ৰন্থত লিপিবদ্ধ কৰিছিল। এই গ্ৰন্থৰ প্ৰকাশকাল ১৭০৪ চন। নিউটনে শীতলীকৰণৰ সূত্ৰ (Newton’s law of cooling) উদ্ভাৱন কৰে। এই্ সূত্ৰ তাপ পৰিবহন-ৰ প্ৰথম সূত্ৰ, আৰু তাপ পৰিচলন-ৰ (convective heat transfer) প্ৰথম বিধিসন্মত বুনিয়াদী সূত্ৰ।[21] নিউটনেই প্ৰথমে শব্দৰ গতি-ৰ (speed of sound) তাত্বিক গণনা কৰি উলিয়ায়, আৰু নিউটনীয় তৰল (Newtonian fluid) আৰু কৃষ্ণ বস্তু-ৰ (black body) ধাৰণাৰ প্ৰণয়ন কৰে। তেখেতে বিদ্যুৎ শক্তি (electricity) সম্বন্ধীয় কিছু প্ৰাৰম্ভিক অনুসন্ধানো সম্পন্ন কৰিছিল।[22][23] বিদ্যুৎ শক্তি সম্বন্ধীয় অনুসন্ধান-ৰ বাবে নিউটনে তেখেতৰ ‘অপ্‌টিক্‌চ’ গ্ৰন্থত থকা কিছুমান ধাৰণাৰ প্ৰয়োগ কৰিছিল, যাক ধ্ৰূপদী ক্ষেত্ৰ তত্ব-ৰ প্ৰথম উল্লেখ বুলি অভিহিত কৰিব পাৰি।[24] গণিতজ্ঞ হিচাপে কলন গণিতৰ আৱিষ্কাৰৰ উপৰিও নিউটনে দ্বিপদ প্ৰমেয়-ক সমূহ বাস্তৱ সংখ্যা-লৈ সাধাৰণীকৰণ, শক্তি শ্ৰেণী-ৰ (power series) বিকাশ সাধন, ফলনৰ মূল অনুমানৰ (approximating the roots of a function) নিউটনীয় পদ্ধতি, ত্ৰিঘাতীয় বক্ৰতল-ৰ (cubic plane curve) মুঠ ৭৮-টা শ্ৰেণীৰ ভিতৰত ৭২-টাৰ আৱিষ্কাৰ কৰাৰ লগতে সাংখ্যিক অৱকলন-ৰ (numerical integration) বাবে নিউটন-কোট্‌ছ সূত্ৰ-ৰ (Newton-Cotes Formulas) অৱতাৰণা কৰিছিল।[25] ইয়াৰ উপৰিও নিউটনে ৰিগ্ৰেছন বিশ্লেষণ-ৰ প্ৰাৰম্ভিক পদ্ধতি কিছুমানো বিকাশ কৰিছিল। [26]

ছাৰ আইজাক নিউটন ট্ৰিনিটী কলেজ, কেমব্ৰিজ-ৰ ফেল’-শিক্ষক আছিল, আৰু ২৬ বছৰ বয়সত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ দ্বিতীয় লুকাছীয় অধ্যাপক (Lucasian Professor) নিৰ্বাচিত হৈছিল। নিউটন এগৰাকী নিষ্ঠাৱান খ্ৰীষ্ট ধৰ্মী আছিল যদিও ৰক্ষণশীল নাছিল, আৰু ব্যক্তিগতভাৱে ত্ৰি-তাত্বিক ঈশ্বৰ-ৰ (Trinity) ধাৰণাক মানি লোৱা নাছিল। সেই কালত কেমব্ৰিজ-ৰ অধ্যাপকসকলে ল’বলগীয়া ‘চাৰ্চ অফ ইংলেণ্ড’-ৰ ‘পৱিত্ৰ আদেশ’ (holy order) ল’বলৈ অস্বীকাৰ কৰিছিল। গাণিতীক বিজ্ঞান-ৰ বাহিৰেও নিউটনে ‘অপৰসায়ন’-ৰ (alchemy) গৱেষণা আৰু ‘বাইবেলৰ সময়-সূচী’ (chronology of the Bible) নিৰ্ধাৰণৰ কামত যথেষ্ট সময় খৰচ কৰিছিল। অপৰসায়ন আৰু বাইবেল-ৰ ওপৰত নিউটনৰ গৱেষণা আৰু লিখনী তেখেতৰ মৃত্যুৰ প্ৰায় তিনিশ বছৰ পাছতহে পোহৰলৈ আহে। ৰাজনৈতিকভাৱে নিউটন ব্ৰিটেইনৰ হুইগ পাৰ্টি-ৰ সৈতে জড়িত আছিল। ১৬৮৯-১৬৯০ আৰু ১৭০১-১৭০২ চনত চমুকৈ মুঠ দুটা বছৰৰ বাবে নিউটন ব্ৰিটেইন-ৰ সাংসদ আছিল। অৱশ্যে তেখেত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ সদস্য হিচাপে সাংসদ হৈছিল। ১৭০৫ চনত নিউটনক ‘ছাৰ’ উপাধি প্ৰদান কৰা হয়। জীৱনৰ শেহৰ তিনিটা দশক নিউটনে লণ্ডন-ত কটাইছিল, আৰু ব্ৰিটেইনৰ ৰাজকীয় টাঁকশাল-ৰ ‘ৱাৰ্ডেন’ (Warden) (১৬৯৬-১৬৯৯) আৰু ‘মাষ্টাৰ’ (Master) (১৬৯৯-১৭২৭) হিচাপে কৰ্মনিৰ্বাহ কৰিছিল। এই পদবীত তেখেতে ব্ৰিটিছ মুদ্ৰাৰ বিশুদ্ধতা আৰু নিৰাপত্তা উন্নত কৰিছিল।[27][28] ১৭০৩ চনৰ পৰা ১৭২৭ চনলৈ তেওঁ ‘ৰয়েল ছ’চাইটি’-ৰ সভাপতি হিচাপেও কৰ্মৰত আছিল।

লগতে চাওক

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Thony, Christie (2015). "Calendrical confusion or just when did Newton die?". The Renaissance Mathematicus. https://thonyc.wordpress.com/2015/03/20/calendrical-confusion-or-just-when-did-newton-die/। আহৰণ কৰা হৈছে: 20 March 2015. 
  2. "UPI Almanac for Friday, Jan. 4, 2019". United Press International. January 4, 2019. Archived from the original on January 5, 2019. https://web.archive.org/web/20190105012355/http://www.upi.com/Top_News/2019/01/04/UPI-Almanac-for-Friday-Jan-4-2019/5471546221584/। আহৰণ কৰা হৈছে: September 4, 2019. "mathematician/astronomer/physicist Isaac Newton in 1643" 
  3. Mordechai Feingold, Barrow, Isaac (1630–1677), Oxford Dictionary of National Biography, Oxford University Press, September 2004; online edn, May 2007; accessed 24 February 2009; explained further in Mordechai Feingold " Newton, Leibniz, and Barrow Too: An Attempt at a Reinterpretation"; Isis, Vol. 84, No. 2 (June, 1993), pp. 310–338
  4. Dictionary of Scientific Biography, Newton, Isaac, n.4
  5. Gjersten, Derek (1986). The Newton Handbook. প্ৰকাশক London: Routledge & Kegan Paul. 
  6. Westfall, Richard S. (1983) [1980]. Never at Rest: A Biography of Isaac Newton. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 530–1. ISBN 978-0-521-27435-7. 
  7. [পৃষ্ঠা নং প্ৰয়োজন]Snobelen, Stephen D. (1999). "Isaac Newton, heretic: the strategies of a Nicodemite" (PDF). British Journal for the History of Science খণ্ড 32 (4): 381–419. doi:10.1017/S0007087499003751. ISSN 0007-0874. Archived from the original on 2013-10-07. https://web.archive.org/web/20131007005450/http://isaac-newton.org/heretic.pdf। আহৰণ কৰা হৈছে: 2012-09-30. 
  8. Alex, Berezow (4 February 2022). "Who was the smartest person in the world?". Big Think. https://bigthink.com/the-past/smartest-person-world-isaac-newton/। আহৰণ কৰা হৈছে: 28 September 2023. 
  9. Matthews, Michael R. (2000) (en ভাষাত). Time for Science Education: How Teaching the History and Philosophy of Pendulum Motion Can Contribute to Science Literacy. প্ৰকাশক New York: Springer Science+Business Media, LLC. পৃষ্ঠা. 181. ISBN 978-0-306-45880-4. https://books.google.com/books?id=JrcqBgAAQBAJ&pg=PA181. 
  10. Rynasiewicz, Robert A. (22 August 2011), "Newton's Views on Space, Time, and Motion", Stanford Encyclopedia of Philosophy (Stanford University), https://plato.stanford.edu/entries/newton-stm/, আহৰণ কৰা হৈছে: 15 November 2024 
  11. Klaus Mainzer (2 December 2013). Symmetries of Nature: A Handbook for Philosophy of Nature and Science. Walter de Gruyter. পৃষ্ঠা. 8. ISBN 978-3-11-088693-1. https://books.google.com/books?id=QekhAAAAQBAJ&pg=PA8. 
  12. Boyer, Carl B. (1970). "The History of the Calculus". The Two-Year College Mathematics Journal খণ্ড 1 (1): 60–86. doi:10.2307/3027118. https://www.jstor.org/stable/3027118. 
  13. Hall 1980, পৃষ্ঠা. 7, 13, 15.
  14. Westfall, Richard S. (1981). "The Career of Isaac Newton: A Scientific Life in the Seventeenth Century". The American Scholar খণ্ড 50 (3): 341–353. ISSN 0003-0937. https://www.jstor.org/stable/41210741. 
  15. Tyson, Peter (15 November 2005). "Newton's Legacy". www.pbs.org. https://www.pbs.org/wgbh/nova/article/newton-legacy/। আহৰণ কৰা হৈছে: 14 November 2024. 
  16. Carpi, Anthony; Egger, Anne E. (2011). The Process of Science (Revised সম্পাদনা). Visionlearning. পৃষ্ঠা. 91–92. ISBN 978-1-257-96132-0. https://archive.org/details/processofscience0000carp/page/n2/mode/1up. 
  17. Iliffe & Smith 2016, পৃষ্ঠা. 1, 4, 12–16.
  18. Snobelen, Stephen D. (24 February 2021), "Isaac Newton", Renaissance and Reformation (Oxford University Press), doi:10.1093/obo/9780195399301-0462, ISBN 978-0-19-539930-1, https://oxfordbibliographies.com/view/document/obo-9780195399301/obo-9780195399301-0462.xml, আহৰণ কৰা হৈছে: 15 November 2024 
  19. More, Louis Trenchard (1934). Isaac Newton, a Biography. Dover Publications. পৃষ্ঠা. 327. https://archive.org/details/isaacnewtonbiogr0000loui/mode/1up. 
  20. Musielak, Zdzislaw; Quarles, Billy (2017) (en ভাষাত). Three Body Dynamics and Its Applications to Exoplanets. Springer International Publishing. পৃষ্ঠা. 3. doi:10.1007/978-3-319-58226-9. ISBN 978-3-319-58225-2. https://books.google.com/books?id=D90tDwAAQBAJ&pg=PA3. 
  21. Cheng, K. C.; Fujii, T. (1998). "Isaac Newton and Heat Transfer". Heat Transfer Engineering খণ্ড 19 (4): 9–21. doi:10.1080/01457639808939932. ISSN 0145-7632. http://www.tandfonline.com/doi/abs/10.1080/01457639808939932. 
  22. The Encyclopaedia Britannica: Or, Dictionary of Arts, Sciences, and General Literature. VIII. Adam and Charles Black. 1855. পৃষ্ঠা. 524. https://books.google.com/books?id=dmNVAAAAcAAJ&pg=PA524. 
  23. Sanford, Fernando (1921). "Some Early Theories Regarding Electrical Forces – The Electric Emanation Theory". The Scientific Monthly খণ্ড 12 (6): 544–550. ISSN 0096-3771. https://www.jstor.org/stable/6312. 
  24. Rowlands, Peter (2017). Newton – Innovation And Controversy. World Scientific Publishing. পৃষ্ঠা. 109. ISBN 9781786344045. https://books.google.com/books?id=u0NBDwAAQBAJ&pg=PA109. 
  25. Iliffe & Smith 2016, পৃষ্ঠা. 382–394, 411.
  26. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :11 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  27. Belenkiy, Ari (1 February 2013). "The Master of the Royal Mint: How Much Money did Isaac Newton Save Britain?". Journal of the Royal Statistical Society Series A: Statistics in Society খণ্ড 176 (2): 481–498. doi:10.1111/j.1467-985X.2012.01037.x. ISSN 0964-1998. https://academic.oup.com/jrsssa/article/176/2/481/7077810. 
  28. Marples, Alice (20 September 2022). "The science of money: Isaac Newton's mastering of the Mint". Notes and Records: The Royal Society Journal of the History of Science খণ্ড 76 (3): 507–525. doi:10.1098/rsnr.2021.0033. ISSN 0035-9149. https://royalsocietypublishing.org/doi/10.1098/rsnr.2021.0033. 
টোকা


বাহ্যিক সংযোগ

সম্পাদনা কৰক
নিউটনৰ লিখনি


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল