সাপটগ্ৰাম

অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত এখন চহৰ

সাপটগ্ৰাম হ'ল ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ অন্তৰ্গত এখন চহৰ।

সাপটগ্ৰাম
—  নগৰ  —
সাপটগ্ৰাম is located in Assam
সাপটগ্ৰাম
অসম আৰু ভাৰতত অৱস্থিতি [1]
ভৌগোলিক স্থানাংক: 26°20′N 90°08′E / 26.33°N 90.13°E / 26.33; 90.13স্থানাংক: 26°20′N 90°08′E / 26.33°N 90.13°E / 26.33; 90.13
Country  ভাৰত
State অসম
District ধুবুৰী
উচ্চতা ২৭ মিটাৰ (৮৮.৫৮ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১২,০৪৬ জন
ভাষাসমূহ
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)

অৱস্থান সম্পাদনা কৰক

ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ সোণকোষৰ পাৰত এইখন চহৰ অৱস্থিত। ই সাগৰ পৃষ্ঠৰ পৰা ২৭ (৮৮ ফুট) মিটাৰ উচ্চতাত অৱস্থিত।

জনসংখ্যা সম্পাদনা কৰক

২০০১ চনৰ লোকপিয়ল অনুসৰি সাপটগ্ৰামৰ মুঠ জনসংখ্যা ১২,০৪৬ জন (পুৰুষ ৫১%, মহিলা ৪৯%, নগৰ খনৰ সাক্ষৰতাৰ হাৰ ৭৭% যিটো ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ (৫৯.৫%তকৈ অধিক, পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮২% হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ ৭২%। [2]

এই অঞ্চলৰ ভাষা সম্পাদনা কৰক

চৰকাৰী ভাষা অসমীয়া। আন আন সংযোগী ভাষাসমূহ হ’ল কামতাপুৰী (ৰাজবংশী, গোৱালপাৰীয়া, দেশী) বাংলা, হিন্দী, বিহাৰী, মাড়োৱাৰী, নেপালী আদি।

প্ৰধান ধৰ্ম সম্পাদনা কৰক

হিন্দু, ইছলাম আৰু জৈন ধৰ্ম সাপটগ্ৰাম অঞ্চলৰ প্ৰধান ধৰ্ম।[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰধান জাতি-জনগোষ্টী সম্পাদনা কৰক

কোঁচ-ৰাজবংশী, কলিতা, নাথ, বাঙালী হিন্দু, বিহাৰী, মাৰোৱাৰী, অসমীয়া, বড়ো, নেপালী।[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰধান শিক্ষানুষ্ঠান সম্পাদনা কৰক

  • সাপটগ্ৰাম এমালগেমেটেড একাডেমী
    (স্থাপিত: ১৯৩৯ চন)
  • সাপটগ্ৰাম বেঙ্গলী হাইস্কুল
    (স্থাপিত: ১৯৩৬ চন)
  • সাপটগ্ৰাম মহাবিদ্যালয়
    (স্থাপিত: ১৯৭২ চন)
  • শঙ্কৰদেৱ শিশু নিকেতন, সাপটগ্ৰাম
    (স্থাপিত: ২০০৩ চন)
  • ২২৩৫ নং খুদনামাৰী এল পি স্কুল
    (স্থাপিত: ১৯৭৬ চন)

তথ্যসূত্ৰ সম্পাদনা কৰক