অমূল্য বৰুৱা আছিল এগৰাকী অসমীয়া কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁক 'কালান্তৰৰ কবি' বুলি কোৱা হয়।[1] এইজনা কবিয়ে ছাত্ৰাৱস্থাতে অসমীয়া কাব্য জগতলৈ এক বৈশিষ্ট্যপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। গতানুগতিকতাক আঁতৰাই থৈ নতুন বিষয়-বস্তুৰ অৱতাৰণাৰে লিখা অমূল্য বৰুৱাই, কাব্য জগতত এক আলোড়নৰ সৃষ্টি কৰিছিল।[2]

অমূল্য বৰুৱা

২৪ বছৰীয়া অমূল্য বৰুৱাৰ ফটো
জন্ম ৩০ জুন, ১৯২২
যোৰহাট
মৃত্যু ১৮ আগষ্ট, ১৯৪৬ (২৪ বছৰ)
কলিকতা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা কলিকতা বিশ্ববিদ্যালয়

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

অমূল্য বৰুৱাৰ জন্ম হৈছিল ১৯২২ চনৰ ৩০ জুন তাৰিখে যোৰহাটৰ এটা মধ্যবিত্ত পৰিয়ালত।[1][2] দেউতাক প্ৰমোদ বৰুৱা গড়কাপ্টানী বিভাগৰ এজন সাধাৰণ কৰ্মচাৰী আছিল আৰু মাকৰ নাম আছিল, ৰেৱতী বৰুৱা। অমূল্য বৰুৱা পিতৃ-মাতৃৰ ছটা সন্তানৰ ভিতৰত ডাঙৰ আছিল৷ অমূল্য বৰুৱাৰ ভাই-ভনীকেইগৰাকী আছিল, সৰোজ বৰুৱা, লাবণ্য দাস, ৰেণু বৰুৱা, অনিল বৰুৱা আৰু অমল বৰুৱা৷[3] তেওঁ হাইস্কুলীয়া শিক্ষা যোৰহাটতে লাভ কৰিছিল। তেওঁক পঢ়োৱা শিক্ষকৰ ভিতৰত আছিল – ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত, জেহিৰুদ্দিন আহমেদ, লক্ষ্মীনাথ ফুকন, তাৰানাথ বৰপুজাৰী আদি। এইসকলৰ অনুপ্ৰেৰণাতে বন্ধুবৰ্গৰ লগতে সাহিত্য চৰ্চা কৰিবলৈ উৎসাহিত হৈছিল।[1] সহপাঠী হিচাপে পাইছিল, ৰাজেন হাজৰিকা, যতি নাৰায়ণ শৰ্মা,পদুম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, আব্দুছ ছাত্তাৰ, নলীন বৰুৱা, পদ্ম বৰকটকী, ভদ্ৰেশ্বৰ হাজৰিকা আদি পৰৱৰ্তীকালত সমাজৰ বিভিন্ন ক্ষেত্ৰত নাম উজলোৱা ব্যক্তিসকলক৷ [4]

১৯৩৩ চনত যোৰহাট চৰকাৰী হাইস্কুলত অমূল্যক নাম লগাই দিয়ে, কিন্তু, দেউতাক গোলাঘাটলৈ বদলি হোৱাত দেউতাকৰ সৈতে গোলাঘাটলৈ যায় আৰু পঞ্চম শ্ৰেণীত নাম লগায়৷ পুনৰ ১৯৩৭ চনত যোৰহাটলৈ আহি ষষ্ঠ শ্ৰেণীত ভৰ্তি হয়৷[5] ১৯৪১ চনত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজত বিজ্ঞান পঢ়াৰ মানসেৰে ভৰ্তি হয়। পিছত ঘৰুৱা আৰ্থিক অসুবিধাৰ কাৰণে কটন কলেজ বাদ দি যোৰহাটৰ নৱনিৰ্মিত জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ আহি কলা শাখাত নাম লগায়। বি এ পঢ়ি থকা অৱস্থাতে স্বাধীনতা আন্দোলনত উদ্ধুদ্ধ হৈ ব্লেকড্ৰেগন' নামৰ উগ্ৰপন্থী দল এটাত যোগদান কৰিছিল।[1] এই দলটোৱে ইংৰাজ সেনা বাহিনীৰ ছাউনীবোৰত জুই দি ফুৰিছিল। ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ কলিকতাত ইংৰাজী বিষয়ত এম এ আৰু আইন পঢ়িবলৈ লয়। কলিকতাত থাকোঁতে অমূল্য বৰুৱাই ভালেমান বঙালী শিল্পী সাহিত্যিকৰ সংস্পৰ্শলৈ আহে।

সাহিত্যিক জীৱন

সম্পাদনা কৰক

১৯৩৯ চনত অমূল্য বৰুৱাই কলিকতাৰ পৰা প্ৰকাশিত 'আৱাহন' আলোচনীত কবিতা লিখিবলৈ প্ৰেৰণা পাইছিল। দ্বিতীয় মহাসমৰৰ সময়তো তেওঁ আৰু তেওঁৰ সংগীসকলে সাহিত্য-সংস্কৃতি চৰ্চা কৰিবলৈ এৰা নাছিল। তেওঁ সম্পাদক হৈ 'ৰ'দালি সভা' নামৰ আলোচনী এখন উলিয়াই তাত 'যোগসূত্ৰ' নামৰ এটা বিপ্লৱী কবিতা লিখিছিল। 'ৰ’দালি সভা' নামে এখন সাহিত্য চৰ্চাৰ সভা গঠন কৰি তাৰ দায়িত্ব লৈছিল সাহিত্যিক কমলেশ্বৰ চলিহাই। কলেজীয়া ছাত্ৰাৱস্থাত কলেজ আলোচনীৰ ইংৰাজী বিভাগটোৰ সম্পাদনাৰ দায়িত্ব লৈ অমূল্য বৰুৱাই 'Mockery Of Civilisation' নামৰ বিপ্লৱী ভাৱৰ কবিতা এটি লিখে। পিছত বোম্বাইৰ পৰা প্ৰকাশিত 'ত্ৰিবেণী ' (Tribeni) নামৰ ইংৰাজী আলোচনীখনত এই কবিতাটো প্ৰকাশিত হয়।[1]

সেই কালৰ আন আন অসমীয়া কবিৰ দৰে অমূল্য বৰুৱাইও ৰোমাণ্টিক কবিতাৰেই লেখক জীৱনৰ সূত্ৰপাত কৰিছিল। পিছলৈ দ্বিতীয় মহাসমৰৰ বিভীষিকা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ ব্যাপকতা, ৰুছ দেশসমাজবাদ আৰু বিশেষকৈ মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱে তেওঁক বাস্তৱমুখী কৰি প্ৰগতিবাদী কবিতা ৰচনাত ইন্ধন যোগাইছিল। পিছলৈ নিষ্পেষিত, নিপীড়িত মানুহৰ বাবে তেওঁ হাতত কলম তুলি ল'লে। দুৰন্ত মানৱতাবাদী আৰু সমাজ পৰিৱৰ্তনৰ ভাৱেৰে তেখেতে 'জয়ন্তী'ৰ পাতত অসমীয়া কবিতালৈ আধুনিকতাৰ ঢল বোৱাই আনিলে। সৰ্বহাৰাৰ দুখ আৰু মানৱ জীৱনৰ ছবি প্ৰতিফলিত হোৱা কিয়নো, কুকুৰ, বেশ্যা, বিপ্লৱী, আন্ধাৰৰ হাহাকাৰ, মুক্তিগান, ভাৰতীৰ মুক্তিস্বপ্ন, সিহঁত তেতিয়া জীৱ, আজিৰ বিহু আদি প্ৰগতিশীল কবিতাবোৰ তেখেতৰ প্ৰতিভাৰ স্বাক্ষৰ হিচাপে গণ্য কৰা হয়।[1] মৰণোত্তৰভাৱে প্ৰকাশ পোৱা 'অচিনা' তেখেতৰ একমাত্ৰ কবিতা পুথি।[6]

অমূল্য বৰুৱাৰ বিষয়ে ৺ভবানন্দ দত্তই ’জোৱাৰ’ত প্ৰকাশিত এটি প্ৰবন্ধত লিখিছিল,

"তেওঁ নিজক কবিতাত যিখিনি প্ৰকাশ কৰিছিল, তাতকৈ বহুত বেছি পৰিমাণে তেওঁৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰাণৰ প্ৰাচুৰ্যৰে নিজক ব্যপ্ত কৰিছিল৷ অন্তৰৰ ভিতৰত জাগি ্থকা এটা তীব্ৰ উন্মাদনাই তেওঁক সকলো সময়তে অস্থিৰ কৰি তুলিছিল৷ গল্পই, গানে, কাব্য-চৰ্চাই, সৌন্দৰ্যপিয়াসী কল্পনাৰ বাধাহীন লাবণ্যবিলাসে তেওঁৰ পৰিৱেশক সকলো সময়তে উজলাই ৰাখিছিল৷ সেই অফুৰন্ত প্ৰাণময়তাই জীৱনৰ অভিজ্ঞতাৰ দ্বাৰা সমৃদ্ধ হবৰ সুবিধা পোৱা হ’লে, সেই সৌন্দৰ্য তৃষ্ণাই বাস্তৱৰ ব্যাপক উপলব্ধিৰ ভিতৰেদি প্ৰতিবিম্বিত হৈ সাত বৰণৰ ৰামধেনু হৈ জিলিকি উঠিবৰ সুবিধা পোৱা হ’লে অসমীয়া সাহিত্যাকাশৰ দিগন্ত নতুন ৰহণেৰে বহু বেছি সমুজ্জল হৈ উঠিলহেঁতেন[7]

১৯৪৬ চনৰ ১৮ আগষ্ট তাৰিখে অমূল্য বৰুৱাই কলিকতাৰ ৰাজাবাহাৰৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত, সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ মাত্ৰ ২৪ বছৰ ১ মাহ ১৮ দিন বয়সত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল।[1][2] সেইদিনা ছাত্ৰাৱাসত থকা ছাত্ৰসকলক অসমলৈ অহা ৰেলত উঠাই থৈ আহিবলৈ পুলিচ ভেন আহিছিল, আৰু অমূল্য বৰুৱায়ো সেই ভেনত উঠিছিল। কিন্তু ভেনত উঠাৰ পাছত তেখেতে অনুবাদ কৰিবলৈ আৰম্ভ কৰা জৱাহৰলাল নেহৰু"Glimpses of the World History" কিতাপখন আৰু অনুবাদ কৰা অংশৰ পাণ্ডুলিপিখিনি আনিবলৈ আকৌ ছাত্ৰাৱাসলৈ উভতি যায়। তেতিয়ালৈ দুস্কৃতিকাৰী তেওঁলোকৰ মেছত সোমাইছিলগৈ। আৰু তাতেই অমূল্য বৰুৱাৰ মৃত্যু হয়। কিন্তু তেখেতৰ মৃতদেহ বিচাৰি পোৱা হোৱা নাছিল বাবে পৰিয়ালৰ লোকে বহুদিনলৈ তেখেত ঘূৰি আহিব বুলি আশা ৰাখিছিল।[8]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 পূৰ্ণকান্ত ডেকা (২৯ জুন ২০১৩). "'অচিনা' কবি অমূল্য বৰুৱা". দৈনিক জনমভূমি: পৃষ্ঠা: ৬. 
  2. 2.0 2.1 2.2 প্ৰথম প্ৰকাশ: জেচিয়ান:১৯৭৯-৮০, সম্পাদক: জ্যোতিপ্ৰসাদ বৰদলৈ, উপদেষ্টা: প্ৰকাশ গোস্বামী (১৩ আৰু ১৪ অক্টোবৰ ২০১২). "অমূল্য বৰুৱা: এটি কৰুণ সোঁৱৰণ". অভিজ্ঞান: যোৰহাট মহাবিদ্যালয় (একত্ৰিত) সোণালী জয়ন্তী (১৯৬২-২০১২) স্মাৰক গ্ৰন্থ: ২১১, ২১২. 
  3. কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়, গুণীন হাজৰিকা, পৃ:নং; ২২, চিৰন্তন প্ৰকাশন, ২০২০
  4. কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়, গুণীন হাজৰিকা, পৃ:নং; ৩৬, চিৰন্তন প্ৰকাশন, ২০২০
  5. কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়, গুণীন হাজৰিকা, পৃ:নং; ৩১, চিৰন্তন প্ৰকাশন, ২০২০
  6. [1] Archived 2011-07-21 at the Wayback Machineজনসাধাৰণ ১৮ আগষ্ট ২০১১
  7. অমূল্য বৰুৱা আৰু তৰুণ স্বপ্নাদৰ্শ, প্ৰবুদ্ধ যৌৱন, অক্ষয় কুমাৰ মিশ্ৰ৷ পৃ:নং; ২৭,জয়কৃষ্ণ প্ৰকাশন, ২০০৩
  8. ডা. শংখধৰ বৰুৱা, 'অমূল্য বৰুৱাৰ বিষয়ে দুআষাৰ', আমাৰ অসম, প্ৰথম পৃষ্ঠা, ২৪ আগষ্ট ২০১৪