অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ

অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ (ইংৰাজী: Axomiya Chalachitrar San-Pohar) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক আৰু চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ দ্বাৰা লিখিত এখন চলচ্চিত্ৰ সমালোচনাৰ গ্ৰন্থ। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০০১ চনৰ জানুৱাৰী মাহত প্ৰকাশিত হৈছিল। প্ৰথমাৱস্থাত ক'লা-বগা ৰূপত প্ৰকাশ পোৱা কিতাপখন ২০১৪ চনৰ অক্টোবৰত অসমীয়া প্ৰকাশন গোষ্ঠী আঁক-বাকে পুনৰ মুদ্ৰণ কৰে। গ্ৰন্থখনে ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ স্বৰ্ণকমল সন্মান লাভ কৰিছিল।[1][2]

অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ  

গ্ৰন্থখনৰ বেটুপাত
লেখক অপূৰ্ব শৰ্মা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ চলচ্চিত্ৰ সমালোচনা
প্ৰকাশ ২০০১, প্ৰথম প্ৰকাশ (প্ৰকাশক: জ্ঞান পূজাৰী)
অক্টোবৰ ২০১৪, দ্বিতীয় প্ৰকাশ (আঁক-বাক প্ৰকাশন)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১২৬
আই.এচ.বি.এন. ৯৭৮-৯৩-৮২৭২৬-৬০-৯

সমালোচকৰ চমু পৰিচয় সম্পাদনা কৰক

গল্পকাৰ-সমালোচক অপূৰ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৪৩ চনত। তেখেতৰ বাঘে টাপুৰ ৰাতি, এজন কবিৰ মৃত্যু আৰু এজোপা বাৰমহীয়া আম, নাগৰিক আদি উল্লেখযোগ্য গল্প-সংকলন। "বাঘে টাপুৰ ৰাতি" গ্ৰন্থখনৰ বাবে তেখেতে ২০০০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। গল্পৰ সমান্তৰালকৈ অসমীয়া চলচ্চিত্ৰ সমালোচনাৰ ক্ষেত্ৰখনলৈও মূল্যৱান বৰঙনি আগবঢ়োৱা অপূৰ্ব শৰ্মাৰ শেহতীয়া সমালোচনাত্মক গ্ৰন্থ হৈছে -শব্দ প্ৰতিমা সাহিত্য চলচ্চিত্ৰ[3]

কুৰি শতিকাৰ আশীৰ দশকত অসমৰ চলচ্চিত্ৰ সমালোচক উৎপল দত্তই এখন চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ সম্পাদনা কৰিবলৈ ওলাইছিল। তেখেতে অপূৰ্ব শৰ্মাৰ পৰা ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা নিৰ্মিত ছবি সন্ধ্যাৰাগৰ এটি সমালোচনা বিচাৰে। সেইটো সমালোচনাই আছিল অপূৰ্ব শৰ্মাৰ প্ৰথমটো চলচ্চিত্ৰ-সমালোচনা। পৰৱৰ্তী পৰ্যায়ত তেখেতৰ সমালোচনাৰ প্ৰতি অনুৰাগ বৃদ্ধি হয় আৰু মাজে-সময়ে চলচ্চিত্ৰ সম্পৰ্কীয় ৰচনা লিখিবলৈ লয়। ২০০১ চনত অসমৰ কবি জ্ঞান পূজাৰীয়ে তেখেতৰ আটাইবোৰ প্ৰবন্ধ গোটাই গ্ৰন্থ আকাৰে ছপাবলৈ প্ৰস্তাৱ আগবঢ়ায়। জ্ঞান পূজাৰীয়ে কিতাপখনৰ নামটোও ঠিক কৰি দিয়ে। বেটুপাত অংকনত সহযোগ কৰে ৰাজকুমাৰ মজিন্দাৰে। এনেকৈয়ে কিছু দিনৰ পিছত গ্ৰন্থখনৰ প্ৰথমটো ক'লা-বগা সংস্কৰণ প্ৰকাশিত হয়।[4]

গ্ৰন্থৰ চমু পৰিচিতি সম্পাদনা কৰক

গ্ৰন্থখনত অসমীয়া চলচ্চিত্ৰ চমু ইতিহাসৰ লগতে কেইখনমান বিশিষ্ট অসমীয়া চলচ্চিত্ৰৰ সমালোচনা আগবঢ়োৱা হৈছে। তাৰে ভিতৰত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া, পদুম বৰুৱা, জাহ্নু বৰুৱাৰ কেইখনমান ছবি উল্লেখযোগ্য। গ্ৰন্থখনত অসমীয়া চলচ্চিত্ৰ বিষয়ক মুঠ ছটা প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। সেইকেইটা হৈছে:

  • অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ ৰূপৰেখা
  • অসমত চলচ্চিত্ৰ চৰ্চা
  • চিত্ৰনাট্য প্ৰসংগঃঅসমীয়া চলচ্চিত্ৰ
  • চলচ্চিত্ৰ সমালোচনা আৰু অসমৰ প্ৰসংগ
  • অসমীয়া চলচ্চিত্ৰৰ ভৱিষ্যৎ
  • চলচ্চিত্ৰ আৰু বাস্তৱতা[2]

গ্ৰন্থখনত আঠখন ভিন্নধৰ্মী অসমীয়া চলচ্চিত্ৰৰ বিষয়ে আঠটা অধ্যায়ত আলোচনা হৈছে। সেইকেইটা হৈছে:

সন্মান সম্পাদনা কৰক

গ্ৰন্থখনে ২০০২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত শ্ৰেষ্ঠ চলচ্চিত্ৰ গ্ৰন্থৰ বঁটা লাভ কৰে। পুৰস্কাৰ হিচাপে লেখক অপূৰ্ব শৰ্মাই স্বৰ্ণকমলৰ লগতে ৭,৫০০ টকাৰ নগদ ধনৰাশি লাভ কৰে। আনহাতে প্ৰকাশক জ্ঞান পূজাৰীয়ে স্বৰ্ণকমল আৰু ৭,৫০০ টকাৰ নগদ ধনৰাশি লাভ কৰে।[4]

গ্ৰন্থখনৰ প্ৰসংগত বঁটা-প্ৰদান অনুষ্ঠানটোৱে কয় যে– “The award for the best book on cinema for 2001 goes to Asomiya Chalachitrar Chha-Pohar (Assamese) for its panoramic and incisive analysis of Assamese Cinema in the context of National and International scenario.[5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. শান্তনু কৌশিক বৰুৱা. "প্ৰসিদ্ধ ব্যক্তি আৰু পৰিচয়". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৮৫৩. 
  2. 2.0 2.1 2.2 "AXOMIYA CHALACCHITRAR SAN-POHAR". https://www.scientiabooks.in/product/axomiya-chalacchitrar-san-pohar/। আহৰণ কৰা হৈছে: 20 October 2020. 
  3. "APURBA SHARMA অপূৰ্ব শৰ্মা". https://www.scientiabooks.in/product-category/assamese_author/apurba-sharma/। আহৰণ কৰা হৈছে: 20 October 2020. 
  4. 4.0 4.1 অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ. আঁক বাক. ২০১৪, অক্টোবৰ. পৃষ্ঠা. প্ৰচ্ছদ. 
  5. "National Film awards 2002". DIFF. পৃষ্ঠাসমূহ: 126-127. http://dff.nic.in/images/Documents/68_49thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 20 October 2020.