আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত ভাষা
আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ব্যৱহৃত ভাষা ইংৰাজী, বিশেষকৈ আমেৰিকী ইংৰাজী। এই ভাষাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনানুষ্ঠানিক ৰাষ্ট্ৰীয় ভাষা বুলিব পাৰি। এই ভাষা বাদে অন্য ভাষাও পিচে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত হয় আৰু অতীতত হৈ আহিছিল। তাৰে কোনো কোনো ভাষা স্থানীয়, কোনো কোনো উপনিবেশ স্থাপনকাৰীয়ে অনা আৰু কোনো আন আন প্ৰব্ৰজনকাৰীয়ে অনা। আন হাতে মিশ্ৰভাষা, দোৱানৰপৰা আদি কৰি চিহ্ন ভাষালকে কেইবাটাও ভাষা যুক্তৰাষ্ট্ৰতে বিকশিত। প্ৰায় ৪৩০ ভাষা এই দেশত কথিত বা আনুষ্ঠানিকভাৱে জনসংখ্যাই কোৱা বুলি মান্য, যাৰ ১৭৬টা আমেৰিকাৰ খিলঞ্জীয়াৰ ভাষা। দেশৰ সীমাৰ ভিতৰত পূৰ্বতে কথিত ৫২টা ভাষা লুপ্ত হ'ল।[3]
আমেৰিকান কমিউনিটি চাৰ্ভে'সম্পাদনা কৰক
আমেৰিকান কমিউনিটি চাৰ্ভে'ৰ বাৰ্ষিক তথ্য ব্যৱহাৰ কৰি ইউ এছ চেঞ্চাচ ব্যুৰ'ৱে নিয়মীয়াকৈ সৰ্বাধিক ব্যৱহৃত ভাষাসমূহৰ তথ্য প্ৰকাশ কৰে। ই ঘৰত আন ভাষা ব্যৱহাৰ কৰা লোকসকলৰ ইংৰাজী কোৱাৰ সামৰ্থ্যও জোখে।[4] ২০১৫ত এই সংস্থাই ৩৫০ৰো অধিক ভাষাৰ ব্যৱহাৰকাৰীৰ তথ্য প্ৰকাশ কৰিলে ২০০৯ৰপৰা ২০১৩ লৈকে,[5][6] কিন্তু সকলো সময়ত এই সংখ্যক ভাষাৰ তথ্য উপলব্ধ নহয়।
ভাষা ব্যৱহাৰকাৰীৰ সংখ্যাসম্পাদনা কৰক
Language Spoken at Home (U.S. Census Bureau, American Community Survey 2016)[7][8] | |
---|---|
List | English only – 229,673,150
Spanish – 40,489,813 Chinese – 3,372,930 Tagalog – 1,701,960 Vietnamese – 1,509,994 Arabic – 1,231,098 French – 1,216,668 Korean – 1,088,788 Russian – 909,374 German – 905,691 Haitian Creole – 856,009 Hindi – 810,877 Portuguese – 767,210 Italian – 576,154 Polish – 539,151 Urdu – 474,481 Japanese – 464,535 Persian – 438,448 Gujarati – 407,520 Telugu – 365,566 Bengali – 324,008 Tai–Kadai – 307,442 Greek – 288,255 Punjabi – 287,491 Tamil – 273,332 Armenian – 237,550 Serbo-Croatian – 236,761 Hebrew – 225,147 Hmong – 224,133 Bantu – 223,334 Khmer – 203,115 Navajo – 163,784 other Indo-European languages – 578,492 other Afro-Asiatic languages – 521,932 other Niger–Congo languages – 515,629 other West Germanic languages – 487,675 other Austronesian languages – 467,718 other Indic languages – 409,631 other languages of Asia – 384,154 other Slavic languages – 338,644 other Dravidian languages – 241,678 other languages of North America – 195,550 other and unspecified languages – 258,257 |
২০১৬ত আমেৰিকাত ৫ বছৰ বয়সৰ ঊৰ্দ্ধৰ লোকৰ দ্বাৰা কথিত ভাষাসমূহৰ তালিকা। বৰ্তমানৰ তথ্য https://factfinder.census.gov/faces/nav/jsf/pages/index.xhtmlত উপলব্ধ :
- কেৱল ইংৰাজী – 229.7 million
- স্পেনীছ – 40.5 million
- চীনা (মাণ্ডাৰিন আৰু কেণ্ট'নিজ মিলাই) – 3.4 million
- টাগালগ (ফিলিপিন' মিলাই) – 1.7 million
- ভিয়েটনামিজ – 1.5 million
- আৰবী – 1.2 million
- ফৰাছী – 1.2 million
- কোৰীয় – 1.1 million
- ৰুছ – 0.91 million
- জাৰ্মান – 0.91 million
- হাইটিয়ান দোৱান – 0.86 million
- হিন্দী – 0.81 million
- পৰ্টুগীজ – 0.77 million
- ইটালীয় – 0.58 million
- প'লিচ – 0.54 million
- উৰ্দু – 0.47 million
- জাপানী – 0.46 million
- পাৰ্চিয়ান (ফাৰ্চী আৰু দাৰী মিলাই) – 0.44 million
- গুজৰাটী – 0.41 million
- তেলেগু – 0.37 million
- বঙালী – 0.32 million
- তাই-কাদাই (থাই আৰু লাও মিলাই) – 0.31 million
- গ্ৰীক – 0.29 million
- পাঞ্জাবী – 0.29 million
- তামিল – 0.27 million
- আৰ্মেনীয় – 0.24 million
- চাৰ্ব'-ক্ৰ'চিয়ান (বস্নিয়ান, ক্ৰ'চিয়ান, মণ্টেনেগ্ৰিন আৰু চাৰ্বিয়ান মিলাই) – 0.24 million
- হিব্ৰিউ – 0.23 million
- মং – 0.22 million
- বাণ্টু (স্বাহিলি মিলাই) – 0.22 million
- খমেৰ – 0.20 million
- নাভাহ' – 0.16 million
এচইএছৰ পদ্ধতিসম্পাদনা কৰক
এচিএছ এক পূৰ্ণ জনগণনা নহয়, এক জৰিপহে। তিনি অংশ থকা প্ৰশ্নৰ উত্তৰৰ ওপৰত ভিত্তি কৰি এক উদ্দেশ্যিত গোটৰপৰা তথ্য গ্ৰহণ কৰা হয়। প্ৰথমে প্ৰশ্ন কৰা হয় "ঘৰত কোনোৱে ইংৰাজীৰ বাহিৰে অন্য ভাষা কয়নে?" তাৰ পাছত ঘৰৰ মুৰব্বীক সেই ভাষাসমূহৰ নাম ক'বলৈ কোৱা হয় আৰু ঘৰৰ কোনশ্ন সদস্যই সেই ভাষা কয়। তাৰ পাছত প্ৰত্যেকজন সদস্যৰ ইংৰাজী কোৱাত নৈপুণ্য সোধা হয়। উল্লেখযোগ্য যে আন ভাষাত নৈপুণ্য সোধা নহয়, সেয়েহে হয়টো ইংৰাজীৰ বাহিৰে অন্য যি ভাষা উল্লেখ কৰা হয়, সেই ভাষা ঘৰৰ কোনো সদস্যই কোনোমতেহে ক'ব পাৰে।[9] তদুপৰি এক ঐতিহাসিক দৃষ্টিভংগীৰে তুলনা কৰা কঠিন কাৰণ যুক্তৰাষ্ট্ৰত ভাষা-জৰিপৰ পদ্ধতি কেইবাবাৰো সলনি হৈছে।
আমেৰিকান চিহ্ন ভাষাৰ প্ৰয়োগৰ কোনো তথ্য এচিএছত গ্ৰহণ কৰা নহয়। সেয়ে এনে তথ্য আন সূত্ৰৰপৰা গ্ৰহণ কৰা হয়। আধুনিক অনুমান অনুযায়ী ১৯৭২ত প্ৰায় ৫০০০০০ আমেৰিকানে আৰু ২০১১ত ১০০০০০ আমেৰিকানে চিহ্ন ভাষা প্ৰয়োগ কৰিছিল।
চিহ্ন ভাষাসম্পাদনা কৰক
প্ৰাকৃতিকভাৱে বিকশিত হোৱাৰ বাবে আমেৰিকান চিহ্ন ভাষাৰ ইংৰাজীৰ সৈতে বিশেষ সাদৃশ্য নাই।.[10] কিছুমান ভাষা প্ৰথমতে বাণিজ্যৰ মিশ্ৰভাষা হিচাপে বিকশিত হৈছিল, পিচে বৰ্তমানে পূৰ্ণ ভাষাৰ ৰূপ লভিলে যিহেতু অনেক শিশুৱে প্ৰথম ভাষা ৰূপে তাকেই শিকিছিল।
আমেৰিকান চিহ্ন ভাষা এক আমেৰিকাতেই বিকশিত হোৱা চিহ্ন ভাষা যাক ১০০০০০ৰপৰা ৫০০০০০ কলা বা শুনিব পৰা লোকে ব্যৱহাৰ কৰে। একাধিক হিচাপেৰে এএছএলক ইংৰাজী আৰু স্পেনীছৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৃতীয় সৰ্বাধিক ব্যৱহৃত ভাষা বুলিব পাৰি[11] পিচেক এনে বিশ্লেষণো কৰা হয় যে তেনে হিচাপে কলা লোকৰ সংখ্যা আৰু এএছএল ব্যৱহাৰকাৰীৰ সংখ্যাক একাকাৰ কৰে। ১৯৭২ৰ এক জৰিপত তেতিয়াৰ এএছএল ব্যৱহাৰকাৰী ৫০০০০০তকৈ অধিক নহয় বুলি এক ফল দাঙি ধৰিছিল। [12]
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ Siebens, J & T Julian. Native North American Languages Spoken at Home in the United States and Puerto Rico: 2006–2010. United States Census Bureau. December 2011.
- ↑ "Census Data Of USA". US Census Bureau. Archived from the original on October 20, 2012. https://www.census.gov/hhes/socdemo/language/data/acs/Table3A.xls। আহৰণ কৰা হৈছে: August 17, 2012.
- ↑ Grimes 2000
- ↑ American Community Survey, Language Spoken at Home by Ability to Speak English for the Population 5 Years and Over(Table B16001)2013-2017 5-year estimates
- ↑ Census Bureau Reports at Least 350 Languages Spoken in U.S. Homes, U.S. Census Bureau, November 3, 2015, https://www.census.gov/newsroom/press-releases/2015/cb15-185.html, r কৰা হৈছে: July 3, 2018
- ↑ At Least 350 Languages Spoken In US Homes: New Report, CNBC, November 4, 2015, https://www.cnbc.com/2015/11/04/at-least-350-languages-spoken-in-us-homes-new-report.html, r কৰা হৈছে: July 3, 2018
- ↑ Table 53. Languages Spoken At Home by Language: 2011, archived from the original on February 5, 2016, https://web.archive.org/web/20160205101044/http://www.census.gov/prod/2013pubs/acs-22.pdf
- ↑ "American FactFinder - Results". Archived from the original on May 19, 2016. http://factfinder.census.gov/faces/tableservices/jsf/pages/productview.xhtml?pid=ACS_10_1YR_B16001&prodType=table.
- ↑ Leeman, Jennifer. 2018. “It’s All about English: The Interplay of Monolingual Ideologies, Language Policies and the U.S. Census Bureau’s Statistics on Multilingualism.” International Journal of the Sociology of Language (252): 21–43.
- ↑ Lewis, M. Paul (2013). "American Sign Language". In Simons, Gary F.; Fennig, Charles D.. Ethnologue: Languages of the World, Seventeenth edition. SIL International. Archived from the original on March 9, 2013. http://www.ethnologue.com/language/ase.
- ↑ Paul Preston (1995), Mother father deaf: living between sound and silence, Harvard University Press, p. 243, ISBN 978-0-674-58748-9, archived from the original on January 2, 2016, https://web.archive.org/web/20160102091443/https://books.google.com/books?id=l-q_qaxGTJUC
- ↑ Mitchell (2006), How Many People Use ASL in the United States? Why Estimates Need Updating, archived from the original on June 4, 2011, https://web.archive.org/web/20110604191021/https://www.ncdhhs.gov/mhddsas/deafservices/ASL_Users.pdf