এলাম ইন্দিৰা দেৱী

পদ্মশ্ৰী বঁটা বিজয়ী

এলাম ইন্দিৰা দেৱী (ইংৰাজী: Elam Endira Devi, জন্ম:১ ছেপ্টেম্বৰ ১৯৫৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য প্ৰশিক্ষক। তেওঁ মণিপুৰী নৃত্যৰ লগত জড়িত। তেওঁ লাই হাৰাওবা আৰু মণিপুৰী ৰাসৰ পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে জনাজাত।[1] কলা আৰু সংস্কৃতিত তেওঁৰ অৱদানৰ বাবে ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে।[2]

এলাম ইন্দিৰা দেৱী

ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ২০১৪ চনৰ ৩১ মাৰ্চ তাৰিখে নতুন দিল্লীৰাষ্ট্ৰপতি ভৱনত এলাম ইন্দিৰা দেৱীক পদ্মশ্ৰী প্ৰদান কৰা মুহূৰ্ত
জন্ম ১ ছেপ্টেম্বৰ, ১৯৫৪ (৬৯ বছৰ)
ইম্ফল, মণিপুৰ, ভাৰত
পেচা মণিপুৰী নৃত্যশিল্পী
দাম্পত্যসঙ্গী হাওবম মণিগোপাল সিংহ
পিতৃ-মাতৃ এলাম বিধুমণি সিংহ
এলাম ৰসমণি দেৱী
সন্তান ২জন পুত্ৰ ৩ কন্যা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ২০১৪

জীৱনী সম্পাদনা কৰক

১৯৫৪ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে উত্তৰ-পূব ভাৰতৰ মণিপুৰইম্ফলৰ খাৱাই নাগমপাল চিংজুবং লিৰকাত এলম ইন্দিৰা দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম এলম বিধুমণি সিং আৰু তেওঁৰ মাতৃৰ নাম হৈছে এলম ৰসমণি দেৱী। তেওঁ গুৰু লৌৰেম্বাম অমুইয়ামা সিঙৰ অধীনত আঠ বছৰ বয়সত মণিপুৰী নৃত্য শিকিবলৈ আৰম্ভ কৰিছিল।[3] তেওঁ পিছত আৰ. কে. আক্সানা, মাইচনাম অমুবি সিং,[4] থিংবাইজাম বাবু সিং আৰু থিয়াম তৰুণকুমাৰ সিঙৰ দৰে শিক্ষকসকলৰ অধীনত নৃত্যৰ প্ৰশিক্ষণ লৈছিল। জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমীত যোগদান কৰাৰ আগতে তেওঁ ইম্ফলৰ ডিপ্লোমা পাঠ্যক্ৰমৰ বাবে আৰ. কে. প্ৰিয়গোপাল চানা, য়মচান্বি মাইবি, থাম্বালংগ'উ, এন জি কুমাৰ মাইবি আৰু হ'বাম নগাংবিৰ অধীনত শিকাৰ সুযোগ পাইছিল। ১৯৬৭ চনত তেওঁ নৃত্যচাৰ্য ডিপ্লোমা পাঠ্যক্ৰমত উত্তীৰ্ণ হয়।[3]

তেওঁ ১৯৭৯ চনত তেওঁৰ পাঠ্যক্ৰম অধ্যয়ন বজাই ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু মণিপুৰী সংস্কৃতি আৰু সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ নৃত্যৰ সৈতে অধ্যয়ন অব্যাহত ৰাখিছিল আৰু ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ পৰা যুৱ শিল্পী বৃত্তিৰ সহায়ত ১৯৭৯ চনত ৰাস আৰু ১৯৮৪ চনত লাই হাৰাওবাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।[1][3][5]

১৯৭২ চনত মেইতেই ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ছবি 'মাতাম্‌গী মণিপুৰ'ত তেওঁ নৃত্য প্ৰদৰ্শন কৰিছিল। তেওঁ বহুতো আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক মঞ্চত নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁ বহুতো নাটক আৰু নৃত্য নাটিকাতো অংশগ্ৰহণ কৰিছে।[3][5] তেওঁৰ কিছুমান উল্লেখযোগ্য আন্তৰ্জাতিক প্ৰদৰ্শন হৈছে:

  • ১৯৯০ চনত দুৰদৰ্শনৰ বাবে একক নৃত্য
  • একক নৃত্য - কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৫০তম জন্মবাৰ্ষিকী উপলক্ষে - ২০১১
  • একক নৃত্য - ৯ম ভাগ্যচন্দ্ৰ ৰাষ্ট্ৰীয় ধ্ৰুপদী নৃত্য উৎসৱ - ২০১১
  • একক নৃত্য - ভাৰত-ছোভিয়েট সাংস্কৃতিক বন্ধুত্ব, মস্কো - ১৯৭৮
  • একক নৃত্য - লোক উৎসৱ নতুন দিল্লী - ১৯৮৮
  • পৰম্পৰাগত 'লাই হাৰাওবা' - ভাৰত উৎসৱ, পেৰিছ - ১৯৮৫
  • লাই হাৰাওবা ধ্ৰুপদী নৃত্য - ৰি-ইউনিয়ন দ্বীপ, ফ্ৰান্স-ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ ২০১০[3][5]

ইন্দিৰা দেৱী হওবাম মণিগোপাল সিঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু দম্পতীহালৰ তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যা আছে।

মেইতেই পৰম্পৰাগত নৃত্য প্ৰশিক্ষণ বিদ্যালয় আৰু প্ৰদৰ্শন কেন্দ্ৰ সম্পাদনা কৰক

ইন্দিৰা দেৱীয়ে ১৯৯৩ চনত ইম্ফলত মেইতেই পৰম্পৰাগত নৃত্য প্ৰশিক্ষণ স্কুল আৰু প্ৰদৰ্শন কেন্দ্ৰ[6] স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ এই প্ৰতিষ্ঠানৰ পৰিচালক পদত অধিষ্ঠিত।[7] প্ৰতিষ্ঠানখন শাস্ত্ৰীয়, পৰম্পৰাগত নৃত্য আৰু বেলে নৃত্যৰ শিক্ষণৰ বাবে বিখ্যাত আৰু ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃত।[8]

পদবীসমূহ সম্পাদনা কৰক

এলম ইন্দিৰা দেৱীয়ে বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল। ইয়াৰে ভিতৰত উল্লেখযোগ্যসমূহ হৈছে:[3]

  • সদস্য - পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰ, কলকাতা - ২০০৯-১২
  • জুৰি সদস্য - সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ, ভাৰত চৰকাৰৰ শিক্ষা আৰু সংস্কৃতিৰ এক স্বায়ত্তশাসিত সংস্থা - ১৯৯৬- ২০০৭[9]
  • সদস্য - অডিচন পেনেল - দুৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী - ১৯৯৮-২০০০
  • সদস্য - চৰকাৰী প্ৰতিনিধি - ছোভিয়েট সংঘ লোক উৎসৱ, কলকাতা - ১৯৮৭

২০০৯ চনৰ পৰা তেওঁ ইউনেস্কো ক্লাব এছোচিয়েচন অফ ইণ্ডিয়াৰ আজীৱন সদস্য আৰু ১৯৮৯ চনৰ পৰা আকাশবাণী ইম্ফলত মণিপুৰী নৃত্যৰ বিশেষজ্ঞ ভাষ্যকাৰ হিচাপে দায়িত্ব পালন কৰি আছে। তেওঁ ২০০১ চনৰ পৰা ২০১২ চনলৈ মণিপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক কৰ্মচাৰী মহাবিদ্যালয়ত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অতিথি প্ৰবক্তা হিচাপেও কাম কৰিছিল। আৰু বৰ্তমান জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমী মণিপুৰ, ইম্ফল ১৯৯৬ চনৰ পৰা এজন জ্যেষ্ঠ শিক্ষক হিচাপে কৰ্মৰত।[10]

এলম ইন্দিৰা দেৱীয়ে মণিপুৰী নৃত্য আৰু সংস্কৃতিৰ ওপৰত চাৰিখন গ্ৰন্থ ৰচনা কৰিছে। তদুপৰি তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত বিভিন্ন চেমিনাৰ আৰু সন্মিলনত বক্তৃতা প্ৰদান কৰিছে।[11]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • পদ্মশ্ৰী - ভাৰত চৰকাৰ - ২০১৪
  • উৎকৃষ্টতা বঁটা - বিশ্ব নাট্য দিৱস - ১৯৭০
  • শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা - সৰ্বভাৰতীয় নাট্য মহোৎসৱ - ১৯৭১
  • নৃত্য ৰাণী উপাধি - সাংস্কৃতিক নাটকীয় সংস্থা, মইৰাং - ১৯৮৪[5]
  • জুনিয়ৰ ফেলোশ্বিপ - সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত চৰকাৰ - ১৯৯০-৯২

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 Sunil Kothari (26 November 2011). "Sunil Kothari Column". Narthaki.com. http://www.narthaki.com/info/gtsk/gtsk32.html। আহৰণ কৰা হৈছে: 25 August 2014. 
  2. "Padma Awards Announced". Circular. Press Information Bureau, Government of India. 25 January 2014. http://www.pib.nic.in/newsite/PrintRelease.aspx?relid=102735। আহৰণ কৰা হৈছে: 23 August 2014. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 Daniel Chabungbam (2014). "Elam Indira Devi (Padmashree Awardee in the field of Dance ) A Profile". Web article. E Pao. http://www.e-pao.net/epSubPageExtractor.asp?src=features.Profile_of_Manipuri_Personalities.Elam_Indira_Devi_Padmashree_Awardee_in_the_field_of_Dance_A_Profile। আহৰণ কৰা হৈছে: 23 August 2014. 
  4. "Maisnam Amubi Singh". Oxford University Press. 2011. ISBN 9780195650983. http://www.oxfordreference.com/view/10.1093/acref/9780195650983.001.0001/acref-9780195650983-e-0268। আহৰণ কৰা হৈছে: 24 August 2014. 
  5. 5.0 5.1 5.2 5.3 "Bhagyachandra National Festival of Classical Dance 2011 : Part 2". E Pao. 14 November 2011. http://e-pao.net/epSubPageExtractor.asp?src=manipur.Arts_and_Culture.Article_Dances_Manipur.Bhagyachandra_National_Festival_of_Classical_Dance_2011_Part_2। আহৰণ কৰা হৈছে: 25 August 2014. 
  6. "MTDTSPC Profile". Indi mapped.com. http://www.indiamapped.com/ngo-in-manipur/imphal/meitei-traditional-dance-school-and-teaching-center-20647/। আহৰণ কৰা হৈছে: 25 August 2014. 
  7. "Kangla Online". Kangla Online.com. 11 August 2013. http://kanglaonline.com/2013/08/two-days-workshop-on-culture-for-peace-held/। আহৰণ কৰা হৈছে: 25 August 2014. 
  8. "MTDTSPC". Ministry of Culture. http://indiaculture.nic.in/indiaculture/pdf/Salary_grant_2008-09.pdf। আহৰণ কৰা হৈছে: 25 August 2014. 
  9. "Centre for Cultural Resources and Training". Centre for Cultural Resources and Training. http://ccrtindia.gov.in/। আহৰণ কৰা হৈছে: 25 August 2014. 
  10. "JN Manipur Dance Academy". Kendra Sangeet Natak Akademi. http://sangeetnatak.gov.in/sna/jnmda.htm। আহৰণ কৰা হৈছে: 25 August 2014. 
  11. Mariko Namba Walter, Eva Jane Neumann Fridman (2004). Shamanism: An Encyclopedia of World Beliefs, Practices, and Culture, Volume 1. ANC Clio. পৃষ্ঠা. 1055. ISBN 9781576076453. https://archive.org/details/shamanism00mari/page/1055.