এৰি অহা দিনবোৰ (ইংৰাজী: Eri Aha Dinbor) হৈছে অসমীয়া সাহিত্যিক আৰু কবি নলিনীবালা দেৱীআত্মজীৱনী। ১৯৭৬ চনত তেখেতৰ এই আত্মজীৱনীখন প্ৰকাশিত হৈছিল। আত্মজীৱনীখনত তেখেতে শৈশৱ-কৈশোৰৰ সময়ৰ পৰা আৰম্ভ কৰি জীৱনৰ বিয়লি বেলালৈকে অৰ্জন কৰা অনেক অভিজ্ঞতা-উপলব্ধিৰ বৰ্ণনা কৰিছে।[1]

এৰি অহা দিনবোৰ  
এৰি অহা দিনবোৰ কিতাপখনৰ বেটুপাত
কিতাপখনৰ বেটুপাত
লেখক নলিনীবালা দেৱী
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশক লয়াৰ্ছ বুক ষ্টল
প্ৰকাশ ১৯৭৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৩১৮ (তৃতীয় প্ৰকাশ, ২০১২)
আই.এচ.বি.এন. 81-7331-263-095-5

লেখিকাৰ সংক্ষিপ্ত জীৱনী সম্পাদনা কৰক

নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ মাৰ্চত অসমবৰপেটাত। পিতৃ আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ আছিল হেমন্ত কুমাৰী। তেখেতে ঘৰতেই সংস্কৃত, সাহিত্য, গীত, ছবি অঁকা আদি সকলো শিক্ষা লাভ কৰিছিল। ১৯০৯ চনত মাত্ৰ ১১ বছৰ বয়সতে শিৱসাগৰৰ জীৱেশ্বৰ চাংকাকতিৰ লগত তেওঁৰ বিয়া হৈছিল। কিন্তু মাত্ৰ ১৯ বছৰ বয়সতে (১৯১৭ চনত) তেওঁ অকালতে স্বামীৰ মৃত্যু ঘটে।[2]১৯৭৭ চনৰ ২৪ ডিচেম্বৰত তেখেতৰ দেহাৱসান ঘটে।[2]

নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি আছিল। অসমীয়া কাব্য সাহিত্যত তেখেতক ৰহস্যবাদী কবি বা অতিন্দ্ৰীয়বাদী কবি হিচাপে জনা যায়। সাহিত্য অকাডেমি বঁটা (অলকানন্দ গ্ৰন্থৰ বাবে) লাভ কৰা তেখেত আছিল প্ৰথমগৰাকী অসমীয়া মহিলা। ১৯৫৮ চনত তেখেতে ভাৰত চৰকাৰৰ পৰা সন্মানীয় পদ্মশ্ৰী লাভ কৰে। অসমীয়া সাহিত্যৰ ভঁৰাললৈ তেখেতে গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াই গৈছে।[3]

গ্ৰন্থৰ সংক্ষিপ্ত বিৱৰণ সম্পাদনা কৰক

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক